মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / জলকীয়া কি, ক'ত আৰু কিয় বিখ্যাত ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জলকীয়া কি, ক'ত আৰু কিয় বিখ্যাত ?

জলকীয়া কি, ক'ত আৰু কিয় বিখ্যাত ?, সেই বিষয়ে লিখা হৈছে ।

শিৰোনামাটো দেখাত বা শুনাত অলপ আচহুৱা যেন লাগিব পাৰে৷ কিন্তু শিৰোনামাৰ আলমেৰে সোধা প্ৰশ্নৰ উত্তৰ পাঠকসকলে এই নিবন্ধত পাব৷ বহুতৰে অন্নৰ কাঁহীত জলকীয়া নহলে পেটলৈ এমুঠি ভাতো নাযায়৷ আকৌ কেঁচা চালাড, চাটনি নাইবা সৰু সৰুকৈ কুটি লোৱা মাটি কঠাল, টেঙা আম বা ৰবাৰ টেঙাৰ লগত জলকীয়া নহলে মুঠেই জুতি নাহে৷ পাকঘৰত আলু, পিয়াঁজ, আদা, নহৰুৰ সৈতে জলকীয়া নহলে ৰান্ধনিৰ নচলেই৷ আকৌ বহুতে অশুভ শক্তিক খেদিবলৈ ঘৰত, যান-বাহনত, দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত জলকীয়াৰ মালা আঁৰি দিয়ে৷ আজিকালি জলকীয়াৰ পাউদাৰ বা স্প্ৰে মহিলাসকলক দুষ্টলোকৰ পৰা হাত সৰাৰ আত্মৰক্ষাৰ উপায় হিচাবে ৰাখিবলৈ পৰামৰ্শ দিয়া হয়৷ জলকীয়া ভক্ষণ কৰি আৰু চকুত সানি অসমৰে এগৰাকী মহিলাই নানান ৰেকৰ্ড গঢ়িছে আৰু বিশ্ব দৰবাৰত ইয়াৰ বাবেই স্বীকৃতি লাভ কৰিছে।

বুৰঞ্জীয়ে জলকীয়াৰ বিষয়ে কি কয় ?

চুইডেনৰ Hakon Hjelmqvist নামৰ এজন পৌৰাণিক বনস্পতি বিজ্ঞানীয়ে ১৯৯৫চনত এটা প্ৰৱন্ধ লিখি জনায় যে খৃষ্টপূৰ্ব ৩০০বছৰৰো আগতেই ৰোমানসকলে জলকীয়াৰ সৈতে পৰিচিত আছিল৷
কিন্তু ইয়াৰ আগলৈকে বিশ্বই জানিছিল কলম্বচে কেৰিবিয়ান দ্বীপপুঞ্জৰ ৱেষ্ট ইণ্ডিজ পৰা জলকীয়াৰ সঁচ ইউৰোপলৈ ১৪৯৩চনত কঢ়িয়াই আনে৷ ইউৰোপৰ পৰা পৰ্টুগীজসকলে ভাৰত, ফিলিপাইন, জাপান, কোৰিয়া আৰু এচিয়াৰ বিভিন্ন দেশলৈ জলকীয়াৰ সঁচ কঢ়িয়াই নিয়ে৷

বিশ্বত সৰ্বাধিক জলকীয়া উৎপাদনকাৰী দেশৰ নাম: ২০১৪ চনত প্ৰকাশিত সমীক্ষামতে বিশ্বত ৩২ নিযুত টন কেঁচা জলকীয়াৰ আৰু প্ৰায় ৪ নিযুত টন শুকান জলকীয়াৰ উৎপাদন হয়৷ ইয়াৰে ৫০শতাংশ উৎপাদিত হয় চীন দেশত৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ভাৰত, ট্ৰিনিডাড আদি হ'ল আন অধিক জলকীয়া উৎপাদনকাৰী দেশ৷

নামাৱলী: ; -
জলকীয়াৰ বৈজ্ঞানিক নাম হ'ল– Capsicum যাৰ ৫টা প্ৰজাতিৰ (Species) নাম হ'ল : Capsicum annuum, Capsicum frutescens, Capsicum chineense, Capsicum pubescens, Capsicum baccatum৷ আকৌ বিশ্বত কমেও দুশ বিধ বেলেগ বেলেগ ধৰণৰ জলকীয়াৰ উপস্থিতিৰ কথা কৃষি বিজ্ঞানী সকলে ব্যক্ত কৰিছে৷ ই আলু, বিলাহী, বেঙেনাৰ সৈতে একে Solanaceae বা Nightshade family বংশৰ ৷

অসমীয়াত জলকীয়া এনে কেইটামান নাম বেলেগ বেলেগ নামেৰে পৰিচিত :: ভজলুক, লংকা,মৰিচ, ভোজনঠেলা, ভূঁই জালুক, মেম জলকীয়া আদি ৷ আন আন ভাষাত জলকীয়াক মতা নাম হ'ল –

নাগামিজ- মেৰচা,

বড়ো - বানজল্লো,

কাৰ্বি - বিৰিক,

মিচিং - মূৰ্ চি,

খাচি - চমকেন,

মণিপুৰী -মক্ সী,

টিৱা-চালু ৷

আন আন ভাৰতীয় ভাষাত ইয়াৰ পৰিচয় হ'ল –

হিন্দী, মাৰাঠী, উৰ্দু আৰু পঞ্জাবী - মিৰচি ,

বাংলা- মৰিচ আৰু লংকা,

গুজৰাটী-মৰচা,

তামিল- ৱৰা আৰু পচাই মিলাগাই,

মলয়ালম- পাচমুলাগো,

ওৰিয়া- লিলা মৰচা,

কোংকনি- তানৰিনি মিৰচাং,

কানাড়া- হাচি মেনা চিনাকাই৷

ইংৰাজীত Chili, Chilli,Chilly, Chile, Chilli Pepper আদি৷

আন বিদেশী ভাষাত এইদৰে পৰিচিত : চীনা- লা জিয়াঅ' আৰু হাচিয়াম চিয়াঅ'৷ ইণ্ডোনেচিয়া - চাবে চবৰং৷ মালেয়চিয়া- লাডা কেৰাৱিট৷ জাৰ্মান, ফ্ৰান্স, চেক, ডেনিছ, হাংগেৰি, পোলিচ আৰু জাপানী - চিলি, পৰ্টুগীজ- পিমেন্টা৷ স্পেনিচ -চিলে৷ ৰাচিয়ান- পিৰেট চিলি৷
জলকীয়াত থকা উপাদানসমূহ কি কি ? ১০০ গ্ৰাম কেঁচা জলকীয়াত থাকে শক্তি ৪০কেলৰি৷ কাৰ্বোহাইড্ৰেট ৮-৮গ্ৰাম, প্ৰটিন ১-৯গ্ৰাম,ফেট ৪০০মিলিগ্ৰাম, ডায়েটেৰি ফাইবাৰ ১-৫গ্ৰাম৷ ভিটামিন-এ, ভিটামিন-বি৬, ভিটামিন-এ, ভিটামিন-ই, ভিটামিন-চি, বিটা কেৰটিন, আলফা কেৰটিন, লুটেন, ঝেনথচিন৷ খনিজ -আইৰণ ৮%,মেগনেচিয়াম ৬%,প'টেচিয়াম ৭%৷ পানীৰ পৰিমাণ ৮৮গ্ৰাম৷ জলকীয়াত থাকে কেপাচাইচিন (Capasaicin – 8 methyl N vanillyl 6 nonenamide) নামৰ এক অতি লাগতিয়াল ৰাসায়নিক তত্ব ৷ জলকীয়াৰ জলা গুণটো এই কেপাচাইচিনৰ বাবেই হয়৷ ১০০ গ্ৰাম জলকীয়াত ১ গ্ৰামৰ পৰা ৬গ্ৰাম পৰ্য্যন্ত কেপাচাইচিন থাকে৷
আমি জলকীয়া খালে কেপাচাইচিনে মুখৰ ভিতৰত থকা বিষ অনুভৱ কৰা কেন্দ্ৰসমূহৰ(ৰিচেপ্তৰ) মাধ্যমেৰে মস্তিষ্কৰ ব্ৰেইনষ্টেম আৰু থেলামাচৰ লগত সংযোগ স্থাপন কৰে আৰু আমি জলকীয়াৰ গৰম পূৰণি প্ৰদান কৰা স্বাদক অনুভৱ কৰোঁ৷ High Performance Liquid Chromatography (HPLC)ৰ মাধ্যমেৰে বেলেগ বেলেগ জলকীয়াত থকাকেপাচাইচিনৰ শক্তিৰ পৰীক্ষা কৰা হয়৷ ইয়াৰ ইউনিটক Scoville Heat Unit (SHU) বুলে৷ অতিপাত চোকা আমেৰিকাৰ 'কেৰলিনা ৰিপাৰ'ৰ SHU হ'ল ২-২ নিযুত৷ ইয়াৰ বিপৰীতে ভোট জলকীয়াৰ SHU হ'ল ১-৫৮ নিযুত৷

জলকীয়া কি কি ধৰণে খাবলৈ প্ৰস্তুত কৰা হয় ?

২০১৭বৰ্ষৰ আৰম্ভণিতেই এখন মেডিকেল চেমিনাৰৰ বাবে স্পেইনৰ বাৰ্চিলোনালৈ গৈছিলোঁ৷ তাত থকা কেউদিনেই দুয়োবেলাৰ আহাৰ বেলেগ বেলেগ ৰেষ্ট্ৰ'ৰাত কৰিছিলোঁ৷ সকলো ৰেষ্ট্ৰ'ৰাত এবিধ খাদ্য উমৈহতীয়া আছিল, সেইবিধ আছিল প্লেটত ভৰাই নিমখ-তেলত ভজা সেউজীয়া দীঘল দীঘল জলকীয়া৷

জলকীয়া কেঁচাই,ভাজি, পিচি বা শুকান গুৰি কৰি চচ,আচাৰ আদি কৰি নাইবা গৰম মছলাৰ দৰে ব্যৱহাৰ কৰা হয়৷ দেশে দেশে জলকীয়াক খাদ্যৰ বাবে ভিন্ন ভিন্ন ধৰণেৰে প্ৰস্তুত কৰে৷ জলকীয়াৰ পাতো খাবলৈ ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বিপৰীতে একে বংশৰ বিলাহীৰ পাত বিষাক্ত, খাব নোৱাৰি৷ ফিলিপাইনত Dahon ng sili নামেৰে জলকীয়াৰ পাতৰ চিকেন চুপ এক জনপ্ৰিয় খাদ্য৷ Kimchi হ'ল কোৰিয়াত বনোৱা জলকীয়া পাতৰ চুপজাতীয় খাদ্য৷ জাপানত Tsukudani নামেৰে জলকীয়াৰ সেউজীয়া পাত ৰান্ধে৷ ভূটানত Ema datsi নামেৰে নানাবিধ জলকীয়াৰ ব্যঞ্জন ৰন্ধা হয়৷ ইটালিত জলকীয়া-বিলাহীৰ চচ Arrabbiata নামেৰে বিখ্যাত৷ হাংগেৰিত চিকেনৰ লগত শুকান জলকীয়া Paprika নামেৰে জনাজাত৷

চীনত Kung pao chicken, মেক্সিকোত Mole poblano, থাইলেণ্ডত Nam phrik, ইণ্ডোনেচিয়াত Sambal tersi হ'ল জলকীয়াৰে প্ৰস্তুত কৰা বিখ্যাত খাদ্য৷ এনেদৰে আৰু বহুতো দীঘল তালিকা আছে৷

জলকীয়াৰ বহুমুখী উপকাৰিতাৰ তালিকা :

*ৰক্তক্ষৰণ ৰোধ কৰাত সহায়ক৷

*হৃদৰোগ হ্ৰাস কৰে - ক'লেষ্টৰেল আৰু উচ্চ ৰক্তচাপ কমোৱাৰ দ্বাৰা৷

*বিষহাৰক - এন্টিইনফ্লেমেটৰী গুণযুক্ত।

*পাচনতন্ত্ৰত সহায়ক৷ ভোক বঢ়ায়৷

*ওজন হ্ৰাস কৰাত সহায়ক৷ চৰ্বি গলোৱাত সহায় কৰে৷

*কৰ্কট ৰোগ প্ৰতিৰোধক৷

*ইমিউনিটি বঢ়ায়৷

*তেজৰ চুগাৰ নিয়ন্ত্ৰণত সহায়ক৷

*মনোদশা স্থিৰ ৰখাত সহায়ক - জলকীয়াই এণ্ডৰফিন নিৰ্গত কৰাৰ ফলত৷

*চৰ্মৰ উজ্বলতা বঢ়ায় আৰু মুখমণ্ডলত বয়সৰ চাপ পৰিব নিদিয়ে৷

*ঘাঁ সোনকালে শুকায় ভিটামিন-চিৰ বাবে৷

*ভিটামিন-চিৰ বাবেই দাঁত মজবুট হয়৷

*আৰ্থাইটিচ জাতীয় হাঁড়ৰ বিষ কমায়৷

*চকুৰ ৰশ্মি বঢ়ায়৷

আন আন উপকাৰিতা:

*ফুলৰ বাগিচাত শুৱনি কৰিব পৰা বহুতো নানাৰঙী,নানান আকৃতিৰ জলকীয়া আছে৷

*শুকান গোবৰৰ পিঠাৰ সৈতে শুকান জলকীয়া জলালে তাৰ তীব্ৰ গোন্ধ হাতীয়ে সহ্য কৰিব নোৱাৰে৷ হাতীৰ ঘ্ৰাণশক্তি বৰ প্ৰবল৷ বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা সুৰক্ষা পাবলৈ এনে ফলপ্ৰসু ব্যৱস্থা লব পাৰি৷

জলকীয়াৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতা:

*অতি মাত্ৰাত সেৱন কৰিলে এচিডিটি, ডায়েৰিয়া হব পাৰে৷

*পাইলচ ৰোগৰ বাবে জলকীয়া হানিকাৰক৷

লেখক: ডাঃ ভূপেন শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন: নম্বৰ ০৯৭৪৩৩৭৩৮৭২২

 

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top