অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জায়ফলৰ ঔষধি গুণ:

জায়ফলৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে

 

জায়ফল জাভা, সুমাত্ৰা, মালয়েছিয়া আৰু শ্ৰীলংকাত অধিক পৰিমাণে উৎপন্ন হয়। দক্ষিণ ভাৰতৰ কিছু অঞ্চলত এই বৃক্ষ দেখিবলৈ পোৱা যায়। ইয়াৰ গা-গছ অতি ওখ হয় আৰু পাতবোৰ তললৈ হাউলি পৰা দেখা যায়। দেখিবলৈ অতি ধুনীয়া এই গছৰ পাত মোহাৰি দিলে সুগন্ধি বিয়পি পৰে। ইয়াৰ বাকলিক জাবিত্ৰী বুলি কোৱা হয় আৰু ই ঔষধি গুণসম্পন্ন। জায়ফলৰ বাকলি আঁতৰাই পেলালে ভিতৰৰ ফলটো সৰু, টান আৰু হালধীয়া বৰণৰ বৰণৰ হৈ পৰে। তদুপৰি জায়ফল যিমান ডাঙৰ হয়, সিমানে ভাল বুলি বিবেচনা কৰা হয়। ভাৰতবৰ্ষত নামমাত্ৰ উৎপন্ন হোৱা জায়ফল দেশৰ প্ৰতিখন চহৰ আৰু গাঁৱৰ দোকানত পোৱা যায়। ভাৰতৰ প্ৰায় প্ৰতি ঘৰতে জায়ফল ব্যৱহাৰ হয়। জায়ফল তিতা, অগ্নি উদ্দীপক, অৰুচি ভাব দূৰ কাৰক, মলৰ দুৰ্গন্ধ নাশ কাৰক, কৃমি, কাহ, বমি আৰু হৃদৰোগ নাশক। ইউনানী বিশেষজ্ঞৰ মতে জায়ফল গৰম আৰু শুকান হয়। সেয়ে ই চৰ্দিজাতীয় বেমাৰ নিৰ্মূল কৰাত সহায় কৰে। ইউনানী চিকিৎসকে যৌন ক্ষমতা বৃদ্ধিৰ বাবে জায়ফল ব্যৱহাৰ কৰে। ইয়াৰোপৰি জায়ফলে দুৰ্গন্ধ নাশ কৰে। বিষ, বাত-বিষ নিৰাময় কৰাৰ উপৰি কীটনাশকৰূপে জায়ফল নাড়ী তন্ত্ৰৰ বাবে উপযোগী। অগ্নি উদ্দীপক আৰু হজম শক্তি বৃদ্ধিৰ কাৰক হোৱাৰ ফলত যকৃত সক্ৰিয় কৰে। কৃমি নাশ কৰে আৰু পাচনতন্ত্ৰ শক্তিশালী কৰে। আঠবিধ ৰোগত জায়ফল ব্যৱহাৰ কৰি সুফল পোৱা যায়।

    মূৰৰ বিষ:

চৰ্দি জ্বৰৰ ফলত হোৱা মূৰৰ বিষৰ পৰা সোনকালে আৰোগ্য হ’বলৈ গাখীৰত জায়ফলৰ গুড়ি মিহলাই কপালত লেপি দিলে আৰাম পোৱা যায়।

    শিশুৰ দুৰ্বল হাত:

শিশুৰ সৰু তথা দুৰ্বল হাতৰ চিকিৎসাত জায়ফল ব্যৱহাৰ কৰা হয়। জায়ফল পানীৰ সৈতে পিহি গুড়ি কৰি লওক। এই গুড়ি এচামুচ পানীত মিহলাই শিশুটিক দিনটোত এবাৰকৈ খুৱাই থাকক। এই ঔষধে অব্যৰ্থ হিচাপে কাম কৰে। এই ঔষধ পুৱা-গধূলি দুবাৰকৈ ব্যৱহাৰ কৰিব পাৰে।

    অনিদ্ৰা:

অনিদ্ৰাৰ সমস্যাৰ পৰা নিৰাময় পাবলৈ হ’লে জায়ফল বিশুদ্ধ ঘিউৰ সৈতে মিহলাই পিহি চকুৰ পতাৰ ওপৰত লেপি দিয়ক আৰু চকু মুদি শুই থাকক। আপোনাৰ সোনকালে টোপনি আহিব।

    ছালৰ নিৰ্জীৱতা:

এচামুচ নাৰিকল তেলত দুটোপাল জায়ফলৰ তেল মিহলাই লওক। ই শুকান ছাল অথবা ছালৰ নিৰ্জীৱতা দূৰ কৰাত সহায় কৰে। শৰীৰৰ ছালত লগাই মালিচ কৰিলে ছাল সতেজ আৰু মসৃণ হোৱাৰ লগতে উজ্জ্বলতাও বৃদ্ধি হয়।

    যৌন ক্ষমতা:

পাচন শক্তি আৰু যৌন শক্তি বৃদ্ধিৰ বাবে জায়ফলৰ গুড়ি এক গ্ৰাম মৌৰ সৈতে মিহলাই খালে উপকৃত হ’ব। তদুপৰি ই হৃদৰোগৰ বাবেও উপকাৰী।

    মুখৰ ছাল:

পানীৰ সৈতে জায়ফল খহটা শিলত ঘঁহি ঘঁহি আধা চামুচ লেপ তৈয়াৰ কৰক পিছত ইয়াক পানীত মিহলাই কুলি কৰিলে মুখৰ ভিতৰৰ ঘা ভাল হয় আৰু কন্ঠও শুৱলা হয়।

    পেটৰ বেমাৰ:

বয়ষ্ক মহিলা অথবা পুৰুষে জায়ফলৰ এক গ্ৰাম গুড়ি আধা কাপ পানীৰ সৈতে মিহলাই পুৱা-গধুলি খালে পাতল পায়খানা, পেট ফুলা আৰু পেট-বিষৰ পৰা আৰাম পায়।

    সাৱধানতা:

দ্ৰুত প্ৰবাহকাৰী হোৱাৰ বাবে জায়ফলৰ গুড়ি আধাৰ পৰা এক গ্ৰাম পৰিমাণতহে খাব লাগে। অধিক পৰিমাণে জায়ফল খালে ই স্বাস্থ্যৰ হানি কৰিব পাৰে। লগতে এই ফল খোৱটো নিচাত পৰিণত হ’ব পাৰে। সেয়ে ইয়াৰ প্ৰয়োগ সাৱধানতাৰে কৰিব লাগে।

উৎদ:স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.17857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top