অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জিলমিল জিলমিল

আমাৰ অসম অনেক প্ৰাকৃতিক শাক-লতাৰে ভৰপুৰ৷ আমি বহুতে তাৰে অনেক বিধ গ্ৰহণো কৰোঁ৷

চমু বিৱৰণি

আমাৰ অসম অনেক প্ৰাকৃতিক শাক-লতাৰে ভৰপুৰ৷ আমি বহুতে তাৰে অনেক বিধ গ্ৰহণো কৰোঁ৷কিন্তু সেই বিলাক খাদ্যৰ গুণাগুণৰ বিষয়ে আমি ভালদৰে অৱগত হোৱাৰ প্ৰয়োজন আছে৷ সেই উদ্দেশ্যৰে এই লিখনি পাঠকসকললৈ আগবঢ়ালোঁ৷ ঢেঁকীয়াৰ দৰে মোৰ আন এবিধ প্ৰিয় শাক হ'ল জিলমিল শাক ৷ জিলমিলৰ বিষয়ে ৰচনাখন আৰম্ভ কৰাৰ আগতে সাহিত্য ডট অৰ্গৰ ১৪জানুৱাৰী সংখ্যাত প্ৰকাশিত সৌৰভ কুমাৰ বৰুৱাৰ কবিতা এটিৰ স্বাদ পাঠকসকলক দিব খুজিছোঁ :

কাতি মাহটো যায় কি নাযায়/

আমাৰ পথাৰ-বাৰীবোৰ জিলমিল শাকেৰে/

ভৰি যায় ৷/

হাতত খৰাহি লৈ মায়ে জিলমিল বুটলোঁতে/

আমিও বুটলিছিলোঁ মাৰ লগতে/

আমি তেতিয়া সৰু আছিলোঁ,/

শাক খাই বেয়া পোৱা/

শৈশৱৰ সেই দিনবোৰতো/

একমাত্ৰ জিলমিল শাকেই/

আমাৰ প্ৰিয় আছিল/

কিয় নাজানো/

হয়তো নিজে বুটলাৰ বাবেই ৷/

কেতিয়াবা আন কোনোবাইয়ো/

বুটলিব আহিছিল জিলমিল শাক আমাৰ বাৰীত/

সৰু সৰু হাতেৰে জিলমিল বুটলি/

আমি তেওঁলোকক সহায় কৰিছিলোঁ/

হয়তো ই আমাৰ বাবে এটা খেল আছিল ৷/

কাতি মাহটো যায় কি নাযায়/

কোনোবা এবছৰ পথাৰৰ মাটি কাটি/

আমাৰ চোতালখন ওখ কৰিছিল/

সেইবছৰ আমাৰ চোতালতো/

তৰপে তৰপে জিলমিল শাক ৷/

সৰু সৰু জিলমিল শাকৰ মাজত/

দুই এজোপা ডাঙৰ জিলমিল শাকৰ গছ আছিল/

কোনোবাই কৈছিল বৰ জিলমিল/

কোনোবাই কৈছিল বঙালী জিলমিল/

শৈশৱৰ সেই দিনবোৰত/

এটা বস্তুৰ দুটা নামো/

আমাৰ বাবে আচহুৱাই আছিল ৷/

শীতকাল নামিছে/

এতিয়াও হয়তো আমাৰ পথাৰবোৰ/

জিলমিল শাকেৰে ভৰি পৰিছে/

কিন্তু সেই শৈশৱ নাই/

বজাৰৰ পৰা অনা/

পাঁচ টকাৰ মুঠি দুটাত বিচাৰোঁ/

শৈশৱৰ সেই জিলমিল শাক ৷/

আলফুলীয়া এই কবিতাটিয়ে বহু কথাই কৈ গ'ল ৷ এতিয়া এই সৰু সৰু শাকৰ কিছুমান বৰ বৰ গুণৰ কথা মই আপোনালোকক কৈ যাম ৷ মই নিশ্চিত সেইখিনি জনাৰ পিছত জিলমিলৰ প্ৰতি আপোনাৰ আদৰ বাঢ়িব ৷ মোৰ কথা শুনাৰ পিছত আপোনালোকও নিজৰ অনুভৱ আৰু অভিজ্ঞতা ব্যক্ত কৰে যেন ৷

এই বিধ বন শাকৰ অসমীয়াত মতা আৰু দুটা নাম আছে- ঝিলমিল আৰু ভতুৱা শাক ৷ হিন্দীত ইয়াৰ পৰিচয় বথুৱা আৰু চিল ভাজি নামেৰে ৷ ইংৰাজীত লেম্ব'চ কুৱাৰটাৰ্চ(Lamb’s quarters),ফেট হেন(Fat hen),ডাংগউইড(Dungweed),হৱাইট গুচফুট(White Goosefoot) বোলে ৷

ব'টানিকেল নাম হ'ল- চিনোপডিয়াম এলবাম(Chenopodium album) ৷ সমপৰ্য্যায়ৰ আন নাম কেইটা হ'ল- এঞ্চেৰিনা কেণ্ডিকেনচ্‌(Anserina candicans), আৰ্টিপ্লেক্স ভিৰিডিছ(Artiplex viridis) ৷

সংস্কৃতত ৱাস্তুক বোলে ৷

আন ভাৰতীয় ভাষাত জিলমিলক জনা যায় এইদৰে

বেথো শাক আৰু বেথুয়া শাক (বাংলা),

চিলানি ভাজি (গুজৰাটী),

চাক্ৰাৱৰ্তী (কানাড়া),

পাৰিপ্পুচিৰা (মলয়ালম),

মোনশাওবী (মণিপুৰী),

চাকৱত (মাৰাঠী),

বেথে (নেপালী),

বথুৱা শাক (ওৰিয়া),

পাৰুপ্পু-কে-কিৰাই (তামিল),

পাপ্পুকুৰা (তেলেগু) ৷

এই জিলমিল শাকৰ বিভিন্ন প্ৰজাতিৰ সংখ্যা শতাধিক হব ৷
অতি পৌৰাণিক কালৰ পৰা মানুহে জিলমিল শাকৰ খাদ্যগুণ আৰু বনৌষধি চৰিত্ৰৰ সৈতে পৰিচিত আছিল বুলি ঠাৱৰ কৰিব পাৰি ৷ ভাৰতবৰ্ষৰ আয়ুৰ্বেদ চৰ্চাত জিলমিলৰ প্ৰয়োগ আৰু উপকাৰিতাৰ বিস্তৃত বৰ্ণনা পোৱা যায় ৷ পূৰাতত্ব বিভাগৰ কিছুমান খনন কাৰ্য্য চলোৱা ঠাইৰ পৰা উদ্ধাৰ হোৱা ফচিলত জিলমিল গছৰ চিত্ৰ দেখা পোৱা গৈছে ৷ আধুনিক যুগত পোন প্ৰথমবাৰৰ বাবে ১৭৭১চনত স্বিডেনৰ গবেষক বিজ্ঞানী কাৰ্ল লিনায়ুচৰ 'ফিলচফিয়া ব'টানিকা' নামৰ প্ৰৱন্ধত জিলমিল শাকৰ লিখিত বৰ্ণনা পোৱা যায় ৷

জিলমিল হ'ল ঘাইকৈ নিজে নিজে গজি উঠা এবিধ বন শাক ৷ কিন্তু ইয়াৰ গুণ আৰু উপকাৰিতাৰ সৈতে পৰিচিত হোৱাৰ পিছত বিশ্বৰ বিভিন্ন ঠাইত ইয়াৰ খেতিও কৰা হয় ৷ এজোপা গছৰ পৰা ৭৫হেজাৰ বা ততোধিক গুটি ওলায় আৰু গুটিৰ পৰাই নতুন গছ গজে ৷ সাধাৰণতে গ্ৰীষ্ম প্ৰধান অঞ্চলত জিলমিল গছ হয় ৷ মাটিৰ পৰা ই আন উদ্ভিদৰ তুলনাত বেচিকৈ নাইট্ৰজেন আহৰণ কৰে ৷ জিলমিল যি কোনো ৰ'দ পৰা পেলনীয়া ঠাই,পথাৰ আদিত গজি উঠে আৰু খৰতকীয়াকৈ বাঢ়িবলৈ ধৰে ৷ মাটিৰ উৰ্বৰতাৰ ওপৰত নিৰ্ভৰ কৰি ই ১ফুটৰ পৰা ৬ফুটলৈ উচ্চতা আহৰণ কৰে ৷ গছজোপা তলফালে বহল আৰু ওপৰফালে দেখিবলৈ জোঙা ধৰণৰ হয় ৷গছৰ তলৰ পাতবোৰ ডাঙৰ বৰফিৰ নিচিনাৰ আকৃতিৰ আৰু ঘাত ঘাত কটাৰ নিচিনা ৷ ওপৰৰ পাতবোৰৰ আকাৰ সৰু আৰু আকৃতি কিছু পৃথক ৷ পাতবোৰ পানীত নিভিজে ৷ পাতত চিকমিকাই থকা ৰূপালী বালি সদৃশ কিছুমান দানা থাকে, ৰ'দৰ পোহৰত সেইবোৰ চিকমিকাই থাকে। পাতৰ ৰঙ পাতল সেউজীয়া ৷ কিন্তু গা গছৰ আৰু ডালৰ ৰঙ প্ৰায় বেঙুনীয়া বা ৰঙচুৱা বৰণৰ হয় ৷ মে মাহৰ পৰা নভেম্বৰৰ ভিতৰত গছত থোপাথোপিকৈ ফুল ফুলে আৰু তাত গুটি লাগে ৷ গুটিৰ ভৰত গছজোপা দোঁ খাই যায় ৷ সৰু সৰু চেপেটা ঘূৰণীয়া গুটিবোৰ সেউজীয়া-মূগা নহলে ক'লা বৰণৰ হয় ৷ বিশ্লেষণ কৰিলে দেখা যায় ১০০গ্ৰাম শাকৰ তুলনাত ১০০গ্ৰাম ইয়াৰ গুটিৰ খাদ্যমূল্য কেইবাগুণো বেচি ৷
জিলমিল শাক এচিয়া মহাদেশৰ ওপৰিও আফ্ৰিকা মহাদেশ, আমেৰিকা, ইউৰোপৰ কিয়দাংশত আৰু কানাডাত পোৱা যায় ৷ কিছু পলমকৈ অষ্ট্ৰেলিয়ালৈকো ইয়াৰ সঁচ যায় ৷ আফ্ৰিকাৰ বিভিন্ন অঞ্চলত ইয়াক বনৌষধ হিচাবে অতীজৰ পৰা ব্যৱহাৰ কৰি আহিছিল ৷

ইয়াত কি কি লাগতিয়াল তত্ব থাকে ?

জিলমিল শাকত থাকে লৌহ পদাৰ্থ (আইৰণ), কেলচিয়াম, প'টাচিয়াম, মেগনেচিয়াম, ফচফ'ৰাচ, জিংক,কাৰ্বোহাইড্ৰেট,প্ৰ'টিন, ভিটামিন-এ, ভিটামিন-বি গোট, ভিটামিন-চি, কিছু পৰিমানৰ ফেট আৰু যথেষ্ট মাত্ৰাত ফাইবাৰ ৷ ৮বিধ লাগতিয়াল এমাইনো এচিড - ট্ৰিপ্তফেন, ফেনাইলামিন, মেথিঅনিন, থিয়োনিন, থ্ৰিয়োনিন, লিউচিন, আইচ'লিউচিন আৰু ভেলিন ৷ আমাৰৰ শৰীৰৰ বিকাশৰ বাবে আৰু নানান ক্ৰিয়া কলাপ সুচাৰুৰূপে চলাই নিবলৈ এমাইনো এচিড হ'ল অতি লাগতিয়াল তত্ব ৷

জিলমিল শাক কেনেকৈ খায় ?

ইয়াৰ স্বাদৰ কিছু পৰিমানে পালেং শাকৰ সৈতে মিল দেখা যায় ৷ জিলমিল শাকৰ বিশেষ এটা গোন্ধ নাথাকে ৷ অসমীয়া লোকসকলৰ সৰহ সংখ্যকে জিলমিল শাক আলুৰ সৈতে বা আলু নিদিয়াকৈ শুকানে ভাজি খায় ৷ দাইলত মিহলাই খায় ৷ জীয়া মাছৰ সৈতে শাকৰ আঞ্জাও খায় ৷ উত্তৰ ভাৰতত পৰঠা, ৰায়তা, চালাড বনাই খায় ৷ হিমাচল প্ৰদেশত 'চুৰা' আৰু 'ঘান্টি' নামক বিয়েৰ জাতীয় জুলীয়া দ্ৰব্য বনাই সেৱন কৰে ৷ আন আন দেশত ব্ৰেড, কেক ,কাষ্টাৰ্ড আৰু পিজ্জাটো জিলমিল শাক দিয়ে বুলি জনা যায় ৷

উপকাৰিতাৰ সুদীৰ্ঘ তালিকাখন

পাক প্ৰণালীত

এই শাক নিয়মীয়াকৈ খালে ফাইবাৰ থকাৰ সূত্ৰে শৌচ-কচা দূৰ হয় আৰু পাইলচ ৰোগৰ নিৰাময় হয় ৷ জণ্ডিচ সোনকালে আৰোগ্যৰ দিশলৈ আহে ৷

চিকিৎসা

কিডনিৰ পাথৰ

কিডনিৰ পাথৰৰ চিকিৎসা জিলমিলৰ কুমলীয়া পাত পিচি (পানী মিহলাই বা নিমিহলোৱাকৈয়ে) দিনে ১০গ্ৰামকৈ কিছুদিন খালে পাথৰ দ্ৰবিভূত হব ধৰে ৷ নতুন পাথৰ সৃষ্টিত বাধা দিয়ে ৷

এনিমিয়া

নিয়মীয়াকৈ শাক খালে বা ইয়াৰ ৰস খালে এনিমিয়া আতৰ হয় ৷
জিলমিলৰ গুটি সম পৰিমানৰ আদাৰ সৈতে মিহলাই পিচি খালে অনিয়মিত মাহেকীয়াৰ সমস্যা আঁতৰ হয় ৷
প্ৰসৱৰ পিছৰ উপসৰ্গ আঁতৰাবলৈয়ো জিলমিলৰ গুটি,মেঠি গুটি আৰু জনী গুটি মিহলাই পিচি খাবলৈ দিয়া হয় ৷

প্ৰসাবৰ সংক্ৰমণ

প্ৰসাবৰ সংক্ৰমণ আতৰাবলৈ জিলমিলৰ পাতৰ ৰস মিচিৰৰ সৈতে খাব দিলে উপশম ঘটে ৷

আভোক আতৰায়

আভোক আতৰাবলৈ কিছুদিন জিলমিলৰ আঞ্জা দিনে দুবাৰকৈ খালে ভাল ফল পোৱা যায় ৷
জিলমিল শাকৰ ৰস ৩৷ ৪খিলা মহানিম পাতৰ সৈতে খালে তেজ পৰিষ্কাৰ হয় ৷

শৰীৰৰ কোনো ঠাইত আঘাত পাই হোৱা ফুলা কমাবলৈ জিলমিল পাতেৰে তপত সেক দিব লাগে ৷

বাত বিষৰ চিকিৎসাত উপযোগী ৷

কীট-পতংগৰ (যেনে উৰহ) কামোৰা চিকিৎসাত ব্যৱহৃত হয় ৷

জিলমিল শাক হ'ল কৃমিনাশক গুণযুক্ত

এইবিধ শাকৰ গৰ্ভনিৰোধক গুণো আছে৷

দাঁতৰ পায়োৰিয়া,মুখৰ দূৰ্গন্ধ আতৰোৱাত সহায়ক ৷

ভিটামিন

এ যথেষ্ট পৰিমানে থকাৰ বাবে চকুৰদৃষ্টিশক্তিৰ বাবে জিলমিল হ'ল অতি লাগতিয়াল খাদ্য ৷ কুকুৰীকণা অসুখ ভাল কৰে ৷

এন্টি অক্সিডেন্ট তত্ব আৰু ভিটামিন -চি থকাৰ বাবে জিলমিল শাক নিয়মীয়াকৈ গ্ৰহণ কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি) বাঢ়ে ৷

জিলমিল শাকক ইয়াত থকা ভিটামিন, মিনাৰেল আৰু এন্টিঅক্সিডেন্টৰ কাৰণে 'কলিজাৰ টনিক' বুলি গণ্য কৰা হয় ৷

জিলমিল শাকৰ অন্যান্য ব্যৱহাৰ

বিশেষকৈ গুটি পশু-পক্ষীৰ খাদ্য হিচাবে দিয়া হয় ৷
প্ৰাকৃতিক সেউজীয়া ৰঙ আৰু চাবন বনোৱাত ব্যৱহৃত হৈ আহিছে ৷ -বহু খেতিয়কে গোমধান, আলু বা আন শস্যৰ খেতিৰ মাজৰ খালি ঠাইত জিলমিল শাকৰ গছ ৰোপণ কৰে ৷

সতৰ্কতা

-গৰ্ভৱতী মহিলাই জিলমিল নোখোৱাই মংগলজনক ৷ কাৰণ ই গৰ্ভপাতৰ কাৰক হব পাৰে ৷
- জিলমিল শাকত অক্সালেট থাকে, গতিকে অতি বেচিকৈ ইয়াৰ সেৱন কৰিলে শৰীৰৰ কেলচিয়াম কমিব পাৰে ৷ ডায়েৰীয়া আৰু পেটৰ বিষ হব পাৰে ৷
- জিলমিলত চেপোনিন নামৰ চাবন জাতীয় পদাৰ্থ থাকে, কেঁচাকৈ সেয়ে জিলমিল শাক বেচিকৈ নাখাব ৷ সিজালে চেপনিন বিনষ্ট হয় ৷

লেখক: ডা০ ভূপেন শইকীয়া

3.06451612903
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top