মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / জীৱনী শক্তি বৃদ্ধিকাৰক খাদ্য আৰু জীৱন শৈলী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱনী শক্তি বৃদ্ধিকাৰক খাদ্য আৰু জীৱন শৈলী :

জীৱনী শক্তি বৃদ্ধিকাৰক খাদ্য আৰু জীৱন শৈলীৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ সমাজৰ প্ৰতিজন লোকে নিজৰ জীৱনী শক্তি বা আয়ুস বৃদ্ধি হোৱাটো বিচাৰে। বিচাৰিলে জনো মানুহৰ জীৱনী শক্তি বঢ়াব পাৰি? ইয়াৰ বাবে অতীৱ প্ৰয়োজন খাদ্য আৰু উন্নত জীৱন শৈলী। খাদ্যই হৈছে মানুহৰ সঞ্জীৱনী শক্তিৰ উৎস। এই খাদ্যই মানুহৰ- দেহ বৰ্দ্ধন, দেহৰ শক্তি দেহৰ ৰোগ প্ৰতিৰোধ আৰু সুস্থ দেহ মনৰ অধিকাৰী কৰিব পাৰে।

খাদ্য বুলি ক’লে খাদ্যত কাৰ্বোহাইড্ৰেট প্ৰোটিন, ভিটামিন, চৰ্বি, পানী আৰু ভিটামিন ‘চি’ জাতীয় উপাদান থাকিব লাগে। প্ৰতিদিনে আমি খোৱা খাদ্য পুষ্টিকাৰক হ’ব লাগিব।

আমাৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰা আৰু শৰীৰ বৰ্ধন কাৰক খাদ্যবোৰ হৈছে -

১)শাক-পাচলি আৰু

২)ফলমূল ইত্যাদি।

আমাৰ জীৱনী শক্তি বৃদ্ধিকাৰক খাদ্যবোৰ হৈছে- সেউজীয়া শাক-পাচলি, পানী, গাখীৰ ইত্যাদি।

আমাৰ দেহৰ পুষ্টি সাধনৰ বাবে খাদ্যত কাৰ্বোহাইড্ৰেট থাকিব লাগে। শৰীৰত শক্তি যোগানৰ বাবে কাৰ্বোহাইড্ৰেট বা শ্বেতসাৰ অতি আৱশ্যক।

লাই-পালেং শাক -

লাই, লফা, পালেং শাক আমাৰ অতি আৱশ্যক। আমাৰ এষাৰ কথা আছে-

লাই লফা খুতুৰা শাক

যিমান পাৰি খাই থাক

মাংসত মাংস বাঢ়ে

ঘিউত বাঢ়ে বল

শাকত বাঢ়ে মল।

শাক খোৱাৰ ফলত কোষ্ঠকাঠিন্য দূৰ হয়। শৌচ নিয়মীয়া হয়। উদ্ভিদজাত প্ৰোটিনযুক্ত আহাৰ হ’ল- চয়াবিন, মাছ, মাংস ইত্যাদি। এইবোৰে শৰীৰলৈ প্ৰোটিন যোগান ধৰে, দেহ-মন সুস্থ-সবল কৰি ৰাখে। যাক পাচলিত ফাইবাৰ, ভিটামিন আৰু মিনাৰেল পোৱা যায়।

গাজৰ -

গাজৰ হৈছে আমাৰ খাদ্যৰ ভিতৰত অন্যতম। গাজৰ খোৱাৰ ফলত কৰ্কট ৰোগ প্ৰতিৰোধ হয়। ই মানুহৰ জীৱনী শক্তি বৃদ্ধি কৰিব পাৰে। মানুহক সুন্দৰ আৰু দেখনীয়াৰ কৰি তোলে। গাজৰ খোৱা লোকৰ বাৰ্ধক্য পলম কৈ আহে।

নাৰিকল -

কপেনহেগেনৰ এক গৱেষণা পত্ৰত প্ৰকাশ যে নাৰিকলত থকা মেডিয়াম চেইন ফেটি এচিদ আৰু স্বাস্থ্যকৰ চৰ্বিয়ে ব্যক্তিৰ ডি এন এক ক্ষতি সাধনৰ পৰা ৰক্ষা কৰে। নাৰিকলে মানুহৰ মস্তিষ্কৰ বাৰ্ধক্য প্ৰতিৰোধ কৰিব পাৰে। ই মানুহৰ জীৱনীশক্তি বৃদ্ধি কৰি সুস্থ কৰি ৰাখিব পাৰে বুলি কোৱা হয়।

নহৰু -

নহৰু এবিধ উৎকৃষ্ট খাদ্য। ই মানুহৰ পানীলগা, ইনফ্লুয়েঞ্জা, কৰ্কট, মেলেৰিয়া, হৃদৰোগ, উচ্চ ৰক্তচাপ ৰোধ কৰিব পাৰে। বিশেষকৈ ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ মহৌষধ। নহৰুৱে মানুহৰ শৰীৰৰ তেজ বৃদ্ধি কৰে, মগজুৰ শক্তি বৃদ্ধি কৰে আৰু চুলিৰ সৌন্দৰ্য বঢ়াই তোলে।

মেথি -

মেথি শাক বৰ ৰুচি কাৰক। বায়ু আৰু জ্বৰৰ বীজাণু নাশক। ৰক্তহীনতা, কৃমি, গ্ৰহণীৰ বাবে মহৌষদফহ। বহুমূত্ৰ ৰোগীয়ে মেথি গুটি বটি ৰাতিপুৱা খালে বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণ হয়।

ধনীয়া -

ধনীয়াই মানুহৰ ৰক্তহীনতা, হৃদৰোগ, ব্ৰংকাইটিছ, অৰ্শ, বমি আদিত বৰ উপকাৰী বুলি কোৱা হয়। পেটৰ অসুখ, অজীৰ্ণ, মূৰ ঘূৰণি আদি বেমাৰৰ বাবেও উপকাৰী।

মানিমুনি -

ধনীয়াই মানুহৰ মগজুত শক্তি বৃদ্ধি কাৰক। পেটৰ বিভিন্ন ৰোগৰ মহৌষধ। গ্ৰহণী, যক্ষ্মা, খজুৱতি, হৃদৰোগ, হাপানি, উচ্চ ৰক্তচাপ আৰু বহুমূত্ৰ ৰোগৰ মহৌষধ বুলি কোৱা হয়।

ভেদাইলতা -

ভেদাইলতা পেটৰ ৰোগ নিৰাময়ৰ মহৌষধ। ই শুক্ৰ বৰ্ধক, বল কাৰক। পেটৰ অসুখ আৰু শাৰীৰিক দুৰ্বলতা নাশ কৰে। ই খনিজ পদাৰ্থ যুক্ত। দেহ মন সুস্থ কৰি ৰাখিব পৰা এবিধ উৎকৃষ্ট খাদ্য।

পদিনা শাক -

পদিনা শাক আমাৰ আহাৰত থকা নিতান্তই প্ৰয়োজন। পদিনা বটি চাটনি কৰি বা পদিনা বটি ইয়াৰে মাংস আঞ্জাও খাব পাৰি। ই মানুহৰ খোৱাৰ ৰুচি বঢ়ায়। হজম শক্তি বৃদ্ধি কৰে। জড়তা, অলসতা ভাৱ দূৰ কৰে। বিশেষকৈ ৰক্তহীনতা, হৃদৰোগ, পিত্ত, স্নায়ৱিক দুৰ্বলতা থকা ৰোগীয়ে পদিনা খাই সুফল লাভ কৰিব পাৰে। পদিনা শক্তিদায়ক আৰু পেট ফুলা ৰোগৰ মহৌষধ।

পানী -

পানীয়ে প্ৰাণীৰ প্ৰাণ। শৈশৱৰ পৰা মানুহে পানী খোৱাৰ অভ্যাস কৰিব লাগে। আমাৰ শৰীৰত ওজনৰ প্ৰায় ৭০ শতাংশই পানী। পানী খোৱাৰ ফলত মানুহৰ দেহটোক জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰে সজীৱ কৰি ৰাখিব পাৰে বুলি কোৱা হয়। যদি আমাৰ অংগ-প্ৰত্যংগ সমূহে আৱশ্যকীয় পানী পাই নাথাকে, তেতিয়া আভ্যন্তৰীণ কাৰ্যসমূহ নিয়ন্ত্ৰিত নহয়। ফলত বিভিন্ন বেমাৰ হ’ব পাৰে। সেই কাৰণে এজন প্ৰাপ্তবয়স্ক লোকে দিনটোত অতি কমেও ৪ লিটাৰ পানী খোৱা উচিত। পানীয়ে আমাৰ শৰীৰৰ শক্তি সঞ্চাৰ কৰে আৰু স্নায়ুবোৰ সক্ৰিয় কৰি তোলে। পানী খোৱাৰ ফলত শৌচ প্ৰস্ৰাৱ নিয়মীয়া হয়, শৰীৰত আম্লিক পৰিৱেশ হ্ৰাস পায় আৰু ৰাসায়নিক বিক্ৰিয়া সফলতাৰে হোৱাত সহায় কৰে। পানীয়ে শৰীৰৰ অভ্যন্তৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখে।

আমলখি -

আমলখি হৈ ভিটামিন ‘চি’ৰ ভৰাল। আমলখিয়ে গাৰ ছাল নিমজ কৰে। যকৃত ৰোগ, মেলেৰিয়া, এলাৰ্জি, কুষ্ঠ, উচ্চ ৰক্তচাপ, কাহ, নিনুনিয়া, ৰক্তহীনতা, চকুৰ ৰোগ নিয়ন্ত্ৰণ ৰাখে। জণ্ডিচ আৰু যক্ষ্মা ৰোগৰ বাবে আমলখি উপকাৰী ঔষধ। ই মানুহৰ আয়ুস বৃদ্ধি কৰে।

দৈ -

আমেৰিকাৰ এখন আলোচনীত প্ৰকাশ পাইছে যে দৈ গাখীৰে মানুহৰ জীৱনী শক্তি বৃদ্ধি কৰে। চল্লিছ বছৰৰ ওপৰৰ মানুহে দৈনিক ২০০ গ্ৰাম খাটি দৈ খালে মানুহৰ আয়ুস বাঢ়ে, সুস্থ সবল হৈ থাকে। দৈত উপকাৰী বেক্টেৰিয়া যথেষ্ট থাকে। ই মানুহৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

গতিকে জৈৱিক কৃষিজাত খাদ্য, শাক-পাচলি, ফলমূল খাওক আৰু জীৱনী শক্তি বৃদ্ধি কৰি জীয়াই থাকক।

বাদাম -

বাদাম জাতীয় ফলবোৰৰ ভিতৰত আখৰুট হৈছে উৎকৃষ্টতম। আখৰুট আৰু বাদাম খালে মানুহৰ আয়ুস বৃদ্ধি হয়। বাদাম আৰু আখৰুটে মানুহৰ কৰ্কট ৰোগ আৰু হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে।

খাদ্যৰ লগতে জীৱনশৈলী সুন্দৰ আৰু শৃংখলাৱদ্ধ হ’ব লাগিব। ইয়াৰ বাবে লাগিব-

*থকা-খোৱা, শোৱা কাৰ্য সময় মতে হোৱা উচিত।

*আহাৰ, নিদ্ৰা, পৰিশ্ৰম আৰু ব্যায়াম সঠিকভাৱে কৰিব লাগে বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈছে।

*বছৰে বছৰে ডাক্তৰৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাব লাগে।

*সোনকালে টোপনিৰ পৰা উঠা আৰু সময় মতে শোৱাৰ অভ্যাস কৰিব লাগে।

*নিশা আহাৰ গ্ৰহণ কৰি দুই ঘন্টাৰ পিছতহে শোৱা উচিত।

*মদ-ভাং নিচাজাতীয় দ্ৰব্য সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগে।

*নিয়মিত ব্যায়াম, যোগ, প্ৰাৰ্থনা কৰা উচিত।

*মানুহ আশাবাদী হ’ব লাগে।

*মনৰ মনিকোঠা ইতিবাচক চিন্তাৰে ভৰাই লোৱা উচিত।

*মনত পৰোপকাৰী ভাৱ ৰাখিব লাগে।

আহাৰ গ্ৰহণ কৰাৰ লগতে জীৱনশৈলী গঢ়ি তুলিব পাৰিলে জীৱনী শক্তি বৃদ্ধি হ’ব আৰু এটা সুন্দৰ জীৱন উদযাপন কৰিব পাৰিব।

লেখক: ধনেশ্বৰ হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.04166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top