অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জুতি লগা খাদ্য চুকা শাক

জুতি লগা খাদ্য চুকা শাক

চুকা শাক আৰু পালেং শাকৰ কিছু মিল থকা বাবে বহুতে চুকা শাকক ‘টেঙা পালেং’ বুলিও কয়। চুকা শাক সাধাৰণতে মাছৰ লগত ৰন্ধা হয় আৰু এই মাছৰ জোলখন খাবলৈ বৰ তৃপ্তিদায়ক হয়। চুকা শাকৰ এটা বৰ আকৰ্ষণীয় গোন্ধ আছে আৰু এনে সুন্দৰ গোন্ধৰ বাবেই চুকা শাকেৰে ৰন্ধা মাছৰ জোলখন মুখত লাগে। আভোক হ’লে চুকা শাকৰ মাছৰ জোলে পেটলৈ ভাত ঠেলে। মাছ নাথাকিলে দাইলৰ বৰা ভাজি দি ব্যঞ্জনখন অতি সুস্বাদু কৰিব পাৰি। আভোক লগাৰ উপৰি কেতিয়াবা কেতিয়াবা মুখত বমি বমি ভাব আহে। তেতিয়া চুকা শাকৰ ৰসৰ লগত সৈন্ধৱ লৱণ মিহলাই খালে নিমিষতে বমি বমি ভাব নাইকিয়া হয়। দাঁতৰ বিষৰ বাবেও চুকা শাকৰ পাতৰ ৰস বৰ উপকাৰী। ৰসখিনি গৰম কৰি ঠাণ্ডা কৰিব লাগে। তাৰ পাছত সাত-আঠবাৰমান মুখত লৈ কুলি কুলি কৰি পেলাই দিব লাগে। দেখা যায় দাঁতৰ বিষৰ উপশম পাবলৈ ধৰিছে। চুকা শাকৰ পাতৰ ৰস বিশ্লেষণ কৰি গৱেষকে পাইছে যে চুকা শাক ভিটামিন ‘বি’ আৰু ‘চি’ৰ ভঁৰাল। দেহত ভিটামিন ‘বি’ আৰু ‘চি’ৰ অভাৱ হ’লে চুকা শাকৰ ব্যঞ্জন খোৱাটো অতি প্ৰয়োজন। দেহত এই দুই ভিটামিনৰ অভাৱ চুকা শাকৰ জোলে পূৰণ কৰি দেহক শক্তি প্ৰদান কৰিব পাৰে। তদুপৰি ভিটামিন ‘চি’-এ দেহৰ হাড় মজবুত কৰা কাৰ্যত মুখ্য ভূমিকা লয়। চুকা শাক বৰ্ষজীৱী। শীতকালিহে মানুহে খেতি কৰে। আজিকালি পিছে বৰ্ষাকালতো কৃষকে চুকা শাকৰ খেতি কৰি মানুহক খুৱাই আছে। আমি মন কৰিলে চহৰতেই হওক বা গাঁৱতেই হওক নিজৰ ঘৰৰ বাগানত কেইজোপামান চুকা শাক ৰুই চুকা শাকৰ স্বাদ মাজে-সময়ে লৈ থাকিব পাৰো। চুকা শাক ফুল ধৰি ফল হ’লে গছজোপা উভালি ৰ’দত শুকুৱাই পাছত বছৰলৈ থ’ব পাৰি। সৰু সৰু গুটিবোৰ মাটিডৰা ভালদৰে কোৰ মাৰি ছটিয়াই দিলেই চুকা শাক গজি উঠে।

লেখক: ড° পবিত্ৰ কুমাৰ পাটোৱাৰী, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate