মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / টেঙা মাছৰ জোলৰ গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টেঙা মাছৰ জোলৰ গুণ :

টেঙা মাছৰ জোলৰ গুণৰ বিষয়ে লিখা হৈছে ।

 

শাওণ, ভাদ মাহত প্ৰখৰ গৰমত বিভিন্ন টেঙাৰে ৰন্ধা মাছৰ জোলখনৰো আছে বিভিন্ন ৰোগ-নিৰাময়ৰ ঔষধি গুণ। বাৰিষা আমাৰ পথাৰ-সমাৰ, নৈ-বিল সকলোতে মাছ-পুঠি পোৱা যায়। ‘য’তে পানী ততে মাছ’ বুলি কোৱা হয়।

জান-জুৰিত থলুৱা মাছ-পুঠি উভৈনদী হয়। ইপিনে, আমাৰ বাৰী-বস্তিত বিভিন্ন টেঙা ফল আৰু টেঙা শাক পোৱা যায়।

গৰম দিনত খাবলৈ ভাল

টেঙা মাছৰ জোল

বেছিকৈ খোৱাটো ভুল

পেটত হয়গৈ গণ্ডগোল।

গৰম কালত টেঙা মাছৰ আঞ্জাখনৰ কথা সকলোৱে জানে। এই গৰম দিনত ভাতমুঠি ভালদৰে তৃপ্তিৰে খোৱাৰ হাবিয়াস কৰে। শাওণ, ভাদ মাহত প্ৰখৰ গৰমত বিভিন্ন টেঙাৰে ৰন্ধা মাছৰ জোলখনৰো আছে বিভিন্ন ৰোগ নিৰাময়ৰ ঔষধি গুণ।

বাৰিষা আমাৰ পথাৰ-সমাৰ, নৈ-বিল সকলোতে মাছ-পুঠি পোৱা যায়। ‘য’তে পানী ততে মাছ’ বুলি কোৱা হয়। জান-জুৰিত থলুৱা মাছ-পুঠি উভৈনদী হয়। ইপিনে, আমাৰ বাৰী-বস্তিত বিভিন্ন টেঙা ফল আৰু টেঙা শাক পোৱা যায়। আজি কেইখনমান টেঙা মাছৰ জোলৰ ঔষধি গুণৰ কথা আলোচনা কৰিবলৈ লৈছোঁ।

থেকেৰা টেঙা আৰু মাছ দিয়া আঞ্জা:

পকা থেকেৰা টেঙাৰ শুঁঠি গৰৈ বা ভকুৱা মাছেৰে ৰান্ধি খালে বৰ উপকাৰ পোৱা যায়। আইজং চাউলৰ গৰম ভাত আৰু থেকেৰা টেঙাৰ আঞ্জা, কাঁহীৰ কাষত মছমছীয়া পুঠি মাছ ভজা খাবলৈ কি যে জুতি লগা হয়।

*ই পেট ঠাণ্ডা কৰে।

*খোৱাৰ ৰুচি বঢ়ায়।

*হজম শক্তি বৃদ্ধি হয়।

*ভিটামিন চি যথেষ্ট পৰিমাণে পোৱা যায়।

*শ’ল মাছ আৰু থৈকাৰা টেঙা বৰ পুষ্টিকৰ।

টেঙেচী শাক আৰু মাছৰ জোল:

সহজলভ্য টেঙেচী শাকৰ লগত গৰৈ মাছ বা পুঠি মাছৰ আঞ্জাখন বৰ উপকাৰী।

*অভোক দূৰ কৰে আৰু খোৱাৰ ৰুচি বঢ়ায়।

*গ্ৰহণী ৰোগ নিৰাময় কৰে।

*ডায়েবেটিছ ৰোগৰ মহৌষধ।

*পেট কামোৰণি, তেজ গ্ৰহণী, অতিসাৰ ৰোগ নিৰাময় কৰে।

*কুষ্ঠ আৰু অৰ্শ ৰোগৰ বাবে বৰ উপকাৰী।

*অৰুচি হ’লে টেঙেচি শাকৰ অম্বল তৈয়াৰ কৰি খালে ৰুচি বাঢ়ে।

*প্ৰস্ৰাৱৰ ৰোগ নিৰাময় কৰে।

পকা তেঁতেলী আৰু বৰালী মাছ:

আমাৰ ফকৰা যোজনাত আছে-

পকা তেঁতেলী বুঢ়া বৰালি

বিস্তৰ কৰিয়া দিবা জালি

বাঢ়ি থৈয়া দিবা টেঙা জোল

খাইবাৰ বেলা মুণ্ড নোতোল।

বুঢ়া বৰালি আৰু পকা তেঁতেলী টেঙাৰ আঞ্জাখন বৰ জুতি লগা হয়।

*ই ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ ৰোগীৰ মহৌষধ।

*ইয়ে খোৱাৰ ৰুচি বঢ়ায়।

*বৰ পুষ্টিকৰ আৰু বিভিন্ন পেটৰ ৰোগ নিৰাময় কৰিব পাৰে।

ঔটেঙা আৰু মাছৰ আঞ্জা:

গৰম দিনত ঔটেঙা আৰু মাছৰ আঞ্জাখন বৰ উপকাৰী। সেয়েহে কোৱা হয় এইদৰে- আঞ্জাৰ সোৱাদ ঔ মাতৰ সোৱাদ বৌ। ৰৌ মাছৰ লগত ঔটেঙাৰ আঞ্জাখনৰ আছে বহুতো ঔষধি গুন।

*ঔটেঙা বহুমূত্ৰ ৰোগৰ মহৌষধ।

*ই মানুহৰ কোষ্ঠকাঠিন্য দূৰ কৰে।

*শৌচ-প্ৰস্ৰাৱ নিয়মীয়া হয়।

*ই মাৰাত্মক কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

*গ্ৰহণী তেজ, গ্ৰহণী বেমাৰত ঔটেঙাৰ আঞ্জা বৰ উপকাৰী।

*পেট কামোৰণি ৰোগত ঔটেঙা-মাগুৰ মাছৰ জোল খালে ৰোগৰ পৰা উপশম পায়।

অমৰা টেঙা আৰু মাছৰ আঞ্জা:

অমৰা আৰু গৰৈ মাছৰ জোলখনৰ সোৱাদৰ কথা কোনে নাজানে। পকা অমৰা গৰৈ মাছৰ লগত জোল কৰি খাবলৈ বৰ জুতি লগা হয়।

*কোষ্ঠকাঠিন্য দূৰ কৰে।

*শৌচ খোলোচা হয়।

*খোৱাৰ ৰুচি বঢ়ায়।

*গ্ৰহণী আৰু পেটচলা ৰোগৰ মহৌষধ।

নেমু টেঙা আৰু মাছৰ আঞ্জা:

নেমু টেঙাৰ লগত মাছৰ আঞ্জাখন খাবলৈ বৰ জুতি লগা হয়। ডাকৰ বচনতো পোৱা যায়।–

কচ বচ চিতলৰ আদগান

নেমুৰ লগত লোণ দি বুজি পৰিমাণ

তাক খাই পায় তোষ প্ৰচুৰ

আন ব্যঞ্জন কৰিব দূৰ।

নেমু বৰ উপকাৰী। নেমু টেঙা চিতল মাছ বা আঁৰি মাছৰ লগত খালে বৰ সোৱাদ পোৱা যায়।

*ই দেহ-মন ঠাণ্ডা কৰে।

*খোৱাৰ ৰুচি বঢ়ায়।

*ইয়াত ভিটামিন ‘চি’ যথেষ্ট পোৱা যায়।

*গাৰ ছাল নিমজ আৰু সুন্দৰ কৰে।

*ঘা জাতীয় ৰোগ নিৰাময় কৰিব পাৰে।

টেঙা জাতীয় ফলমূল আৰু ইয়াৰ আঞ্জাই মানুহৰ দেহৰ পুষ্টি সাধন কৰে। মাছৰ লগত টেঙাৰ আঞ্জা বৰ উপকাৰী। মাছত অ’মেগা-৩ যথেষ্ট পৰিমাণে পোৱা যায়। মাছত-

*প্ৰ’টিন,

*ফছফৰাছ,

*চৰ্বি আদি স্বাস্থ্য মৌল যথেষ্ট পোৱা যায়।

টেঙা-মাছৰ জোল খাওক আৰু সুস্থ হৈ থাকক।

লেখক: ধনেশ্বৰ হুজুৰী(নিয়মীয়া বাৰ্তা)

3.1
‌ৰুনু দাস Sep 11, 2018 07:45 AM

ভাল লাগিল ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top