মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / টেঙেচি শাকৰ উপকাৰিতাৰ বিষয়ে কিছু কথা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টেঙেচি শাকৰ উপকাৰিতাৰ বিষয়ে কিছু কথা :

টেঙেচি শাকৰ উপকাৰিতাৰ বিষয়ে কিছু কথা লিখা হৈছে ।

 

১)টেঙেচিৰ ৰস জ্বৰ কমাবলৈ ব্যৱহৃতহয় ৷

২)ভিটামিন-চিৰ অভাৱত হোৱা স্কাৰ্ভি ৰোগ টেঙচিয়ে প্ৰতিৰোধ কৰে ৷

৩)প্ৰসাব খোলোচা হোৱাত টেঙচি সহায়ক ৷ গতিকে প্ৰসাবৰ সংক্ৰমণৰ চিকিৎসাত প্ৰয়োগ হয় ৷

৪)মুখৰ ভিতৰৰ যি কোনো ঘাঁ টেঙচি পানীৰে কুলকলি কৰিলে নিৰাময় হয় ৷

৫)টেঙেচি পাতত দি খালে স্মৃতি শক্তি বাঢ়ে ৷

৬)বেচু বা খৰ হোৱা ঠাইত টেঙেচি পিচি লগালে আৰোগ্য হয় ৷

৭)টেঙেচিৰ ৰস চিকাই কামোৰা ঠাইত লগাই চিকিৎসা কৰা হয় ৷

৮)মদৰ নিচা ভাঙিবলৈ টেঙেচিৰ ৰস খোৱাব লাগে ৷

৯)নিদ্ৰাহীনতা আৰু স্নায়বিক দূৰ্বলতাত টেঙেচি ফলপ্ৰসু ঔষধ ৷

১০)গ্ৰহণী আৰু পেটৰ বিষ নিৰাময় কৰে ৷

১১)কাপোৰত লগা ভেঁকুৰৰ দাগ টেঙেচি ঘঁহিলে আতৰ হয় ৷ কাঁহ-পিতল বা আন ধাতুৰ বাচন টেঙেচিৰে ঘঁহি ধুলে চিকচিকিয়া হয় ৷

১২)হৃদৰোগত_উপযোগী - তেজৰ চৰ্বি কমোৱা গুণৰ বাবে টেঙেচিয়ে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷

১৩)পাক_প্ৰণালীৰ_উপকাৰিতা- পাকস্থলীৰ আলচাৰ নিৰাময়ত সহায়ক৷এমিবা, জিয়াৰডিয়া বিনাশক৷

১৪)লিভাৰৰ ক্ৰিয়া সুচাৰুৰূপে চলাত সহায়ক৷ চিলিমেৰিন জাতীয় দৰবৰ দৰে লিভাৰৰ বৰ্ধিত SGOT, SGPTৰ পৰিমান কমোৱাত সহায়ক ৷

লেখক: ডাঃ ভূপেন শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

3.21052631579
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top