মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / টেঙেচি শাকৰ বিষয়ে নজনা অনেক কথাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টেঙেচি শাকৰ বিষয়ে নজনা অনেক কথাঃ

টেঙেচি শাকৰ বিষয়ে নজনা অনেক কথা লিখা হৈছে

টেঙেচি শাক-

টেঙেচি শাকৰ বিষয়ে লিখিবলৈ বহোঁতে পোনতে বিপিন চাওদাঙৰ গীত এটি আওৰাই ল’ব খুজিছোঁ- ‘টেঙাৰে তুলিবি টেঙেচি আগ, বাৰীৰে খুতৰা ঢেঁকীয়া শাক। তৰাপাত কাটি পাতত দিবি চোঁচা মাৰি অনা ডঁৰিকণা মাছ। তাৰে জুতি লগাই খাবি অ’ মইনা, মৰম লগাজনী হ’বি’।

অসমীয়া জনজীৱনত টেঙেচিৰ মহত্ত্ব অতীজৰে পৰা আছিল আৰু আগলৈও থাকিব। টেঙেচি শাক চিনি নোপোৱা অসমীয়া মানুহ খুব কমেই ওলাব। ব’হাগ বিহুত খাবলৈ বুটলা ১০১ বিধ শাকৰ ভিতৰত টেঙেচি অপৰিহাৰ্য। টেঙেচি হ’ল অসমীয়াৰ আঞ্জাত টেঙাৰ বাবে ব্যৱহৃত উপকৰণ। জীয়া মাছৰ টেঙেচি শাকৰ সৈতে ৰন্ধা আঞ্জাৰ জুতি যি এবাৰ লৈছে, তেওঁৰ বাবে সেই সোৱাদ কাহানিবা পাহৰা অসম্ভৱ। সাধাৰণতে বৰ টেঙেচি আৰু সৰু টেঙেচি এই দুবিধ টেঙেচিয়েই আমি চিনি পাওঁ। বৰ টেঙেচিৰ ৰং ডাঠ সেউজীয়া আৰু সৰু টেঙেচিৰ ৰং পাতল সেউজীয়া বৰণৰ। আকৌ টেঙেচিৰ ফুল হালধীয়া, বেঙুনীয়া, বগা, ৰঙা নাইবা গুলপীয়া আমাৰ চকুত পৰে। এই টেঙেচিৰ উপকাৰিতা কি, খাবলৈ কি সতৰ্কতা অৱলম্বন কৰিব লাগে ইত্যাদি কথাৰ আলোচনা এই লেখাৰ মাধ্যমেৰে কৰিবলৈ ওলাইছোঁ।

কি নাম দি মাতিম তোমাক ?-

টেঙেচি শাকৰ অসমীয়াত মতা নাম হ’ল- টেঙ্গেচি, চেঙেৰী, চাঙৰী, চেঙেৰা, চাঙৈ টেঙা। ইংৰাজীত ইয়াৰ পৰিচয় এইকেইটা নামেৰে- Common wood sorrel, Three-leaved grass, Fairy Bells, Sour Trefoil, Stickwort আদি। Shamrock হ’ল আয়াৰলেণ্ড দেশৰ ৰাষ্ট্ৰীয় বনস্পতি বা পুষ্প। টেঙেচিৰ তিনিপহীয়া পাত হ’ল সেই দেশে আদৰি লোৱা প্ৰতীক চিহ্ন। ইয়াৰ বটানিকেল বা বৈজ্ঞানিক নামকেইটা হ’ল- Oxalis aceosella, Oxalis corniculata, Rumex acetosella আদি। Oxalis acetosella শব্দৰ উৎপত্তি গ্ৰীক ভাষাৰ পৰা হোৱা, যাৰ অৰ্থ হ’ল ভিনেগাৰৰ দৰে টেঙা। আমাৰ পৃথিৱীত উপলব্ধ আঢ়ৈ লাখ উদ্ভিদৰ ভিতৰত কমেও ৮০ হাজাৰ বিধ উদ্ভিদ হ’ল ঔষধি গুণযুক্ত। প্ৰকৃতিত উপলব্ধ এই বনৌষধিসমূহৰ ওপৰত আমাৰ দেশত অতীজৰে পৰা (কমেও ৫০০০ বছৰ পূৰ্বৰ পৰাই) অধ্যয়ন আৰু প্ৰয়োগ চলি আহিছে। এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ এই বিদ্যা হস্তান্তৰ হৈ আহি আজিৰ পৰ্যায় পাইছেহি। টেঙেচিৰ বিষয়ে তথ্যৰ অনুসন্ধান কৰোঁতে অনেক বিস্ময়কৰ কথাৰ সৈতে মই অৱগত হলোঁ। তাৰ কিয়দংশ মই তলত উল্লেখ কৰিলোঁ-

(১) বেক্টেৰিয়া নাশক- টেঙেচিৰ পাত আৰু গুটিৰ প্ৰয়োগে ‘ই-কলাই’ আৰু বেছিলাছ ছাবটিলিছ বিনষ্ট কৰা দেখা গৈছে। বাহ্যিক প্ৰয়োগত ছালত ষ্টেফাইল’কক্কাছ অ’ৰিয়াছ বেক্টেৰিয়া প্ৰতিৰোধক।

(২) ভেঁকুৰ বিনাশক- এছপাৰগিলাছ নাইগাৰ ফাংগাছ বিনষ্ট কৰা দেখা গৈছে।

(৩) এণ্টিঅক্সিডেণ্ট আৰু টিউমাৰ প্ৰতিৰোধক- লেবৰেটৰীৰ প্ৰাণী উদৰৰ ভিতৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰা দেখা গৈছে।

(৪) হৃদৰোগত উপযোগী- তেজৰ চৰ্বি কমোৱা গুণৰ বাবে টেঙেচিয়ে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে।

(৫) পাক প্ৰণালীৰ উপকাৰিতা- পাকস্থলীৰ আলচাৰ নিৰাময়ত সহায়ক। এমিবা, জিয়াৰডিয়া বিনাশক।

(৬) লিভাৰৰ ক্ৰিয়া সুচাৰুৰূপে চলাত সহায়ক- চিলিমেৰিন জাতীয় দৰবৰ দৰে লিভাৰৰ বৰ্ধিত SGOT, SGPTৰ পৰিমাণ কমোৱাত সহায়ক।

(৭) মৃগীৰোগীৰ ফিটৰ তীব্ৰতা হ্ৰাস কৰাৰ প্ৰমাণ পোৱা গৈছে।

(৮) চিন্তা কমোৱাত ই ডায়েজেপাম ঔষধৰ দৰে কাম কৰে।

(৯) সকলো ধৰণৰ সংক্ৰমণ কমোৱাত ফলপ্ৰসূ।

(১০) খাদ্যগুণ- টেঙেচিত থকা প্ৰ’টিন, কাৰ্বোহাইড্ৰেট, লৌহ পদাৰ্থ, কেলচিয়াম, এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন ‘চি’ আদি তত্ত্বই এনিমিয়া, বদহজমী, অৰুচি আদি আঁতৰ কৰাত সহায়ক সিদ্ধ হৈছে।

(১১) এণ্টিডায়েবেটিক গুণ- মধুমেহত ব্যৱহাৰ হোৱা গ্লায়বেনাক্লেমাইড সদৃশ্য ক্ৰিয়া কৰে।

(১২) গৰ্ভনিৰোধক- মাইকী এন্দুৰত প্ৰয়োগ কৰি ইয়াৰ গৰ্ভনিৰোধক গুণৰ প্ৰমাণ পোৱা গৈছে।

(১৩) বিষহাৰক গুণ- ধতুৰা পইজনিং, বৃশ্চিক দংশন আদিৰ চিকিৎসাত সুফল পোৱা গৈছে।

এতিয়া গছৰ বিষয়ে কিছু বৰ্ণনা দিওঁ

টেঙেচি হ’ল মাটিত বগাই যোৱা তৃণজাতীয় উদ্ভিদ। এজোপা এফুটলৈকে দীঘল শাকৰ আয়ুস এবছৰৰ পৰা দুবছৰ। ই সাধাৰণতে জেকা বালিচহীয়া মাটিত সহজে হয়। বহু লোকে টেঙেচি শাক টাবতো ৰোপণ কৰে। টেঙেচি এজোপাৰ মিহি পাতল লতাৰ সৰু সৰু গাঁঠিৰ পৰা শিপা ওলায়। তিনিখিলা পাতৰ তলফালে পাতল বেঙুনীয়া আভা এটি থাকে। প্ৰতিখিলা পাত কলিজা আকৃতিৰ। ফুলৰ ৰং প্ৰজাতিভেদে ভিন্ন ভিন্ন হয়। ফুলৰ মৌ চুহিবলৈ কীট-পতংগ আকৃষ্ট হয়। ফুল এপ্ৰিলৰ পৰা জুনলৈকে ফুলি থাকে। এটা সময়ত ইয়াত কেপচুলৰ আকৃতিৰ ফল লাগে। পূৰঠ হ’লে ফলৰ বিস্ফোৰণ হয়। কেপচুলৰ ইলাষ্টিক জাতীয় গুণৰ বাবে টেঙেচিৰ গুটিবোৰ কিছু দূৰলৈকে সিঁচৰিত হয়।

প্ৰাপ্তিস্থান- এছিয়াৰ ভাৰত, নেপাল, বাংলাদেশ, শ্ৰীলংকা, ফিলিপাইনছ, চীন, জাপান, ইণ্ডোনেছিয়া, ইউৰোপৰ ইংলেণ্ড, ফিনলেণ্ড, আয়াৰলেণ্ড, বেলজিয়াম, ফ্ৰান্স, স্পেইন, ৰাছিয়া, ডেনমাৰ্ক, নৰৱে, আমেৰিকাৰ য়ু এছ এ, কানাডা, কলম্বিয়া।

টেঙেচিৰ কি ৰাসায়নিক তত্ত্বৰ বিষয়ে আমি জনা উচিত ?

আন বহুতো শাক আৰু ফল (যেনে- পালেং, বিলাহী, সৰিয়হ, বন্ধাকবি, ৰঙালাউ, আম, ষ্ট্ৰবেৰী) আদিত প্ৰাকৃতিকভাৱে অক্সালিক এচিড থাকে। কিন্তু টেঙেচি শাকত সেই পৰিমাণ আনৰ তুলনাত কিছু বেছি। সিদ্ধ কৰিলে অক্সালিক এচিডৰ চোক হ্ৰাস পায়। কম পৰিমাণত মাজে মাজে টেঙেচি খোৱা স্বাস্থ্যৰ বাবে নিৰাপদ। কিন্তু বাত বিষ, তেজত ইউৰিক এচিড বেছি থকা লোক, উচ্চ ৰক্তচাপ আৰু কিডনীৰ পাথৰ থকা লোকে টেঙেচি বাৰণ কৰিব। কিয়নো অক্সালিক এচিডে তেজত থকা কেলচিয়ামৰ লগত যৌগ হৈ দেহত কেলচিয়ামৰ পৰিমাণ হ্ৰাস কৰিব পাৰে।

এতিয়া টেঙেচিৰ ব্যৱহাৰিক প্ৰয়োগৰ বিষয়ে জনাই নিবন্ধ সামৰিম। পাঠকে নিজৰ অভিজ্ঞতা মোক অৱগত কৰালে এনে আলোচনাৰ দ্বাৰা ৰাইজ উপকৃত হ’ব।

(১) টেঙেচিৰ ৰস জ্বৰ কমাবলৈ ব্যৱহৃত হয়।

(২) ভিটামিন ‘চি’ৰ অভাৱত হোৱা স্কাৰ্ভি ৰোগ টেঙেচিয়ে প্ৰতিৰোধ কৰে।

(৩) প্ৰস্ৰাৱ খোলোচা হোৱাত টেঙেচি সহায়ক। গতিকে প্ৰস্ৰাৱৰ সংক্ৰমণৰ চিকিৎসাত প্ৰয়োগ হয়।

(৪) মুখৰ ভিতৰৰ যিকোনো ঘাঁ টেঙেচি পানীৰে কুলিকুলি কৰিলে নিৰাময় হয়।

(৫) টেঙেচি পাতত দি খালে স্মৃতিশক্তি বাঢ়ে।

(৬) বেচু বা খৰ হোৱা ঠাইত টেঙেচি পিচি লগালে আৰোগ্য হয়।

(৭) টেঙেচিৰ ৰস চিকাই কামোৰা ঠাইত লগাই চিকিৎসা কৰা হয়।

(৮) মদৰ নিচা ভাঙিবলৈ টেঙেচিৰ ৰস খুৱাব লাগে।

(৯) নিদ্ৰাহীনতা আৰু স্নায়ৱিক দুৰ্বলতাত টেঙেচি ফলপ্ৰসূ ঔষধ।

(১০) গ্ৰহণী আৰু পেটৰ বিষ নিৰাময় কৰে।

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ ভূপেন শইকীয়া, ঠিকনাঃ ডোহা, কাটাৰ, ম’বাইল-ৱাটছএপ নং- +৯৭৪৩৩৭৩৮৭২২)

3.16216216216
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top