মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ডাব নাৰিকলৰ পানী আৰু নাৰিকলঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডাব নাৰিকলৰ পানী আৰু নাৰিকলঃ

 

পৰিপুষ্টিৰ দিশৰ পৰা নাৰিকল অতি বিশুদ্ধ আৰু উত্তম ফল। দেহৰ প্ৰয়োজনীয় আটাইবোৰ খনিজ পদাৰ্থ, যেনে- কেলচিয়াম, পটাছিয়াম, আইৰন আদি আৰু ভিটামিন- ‘এ’, ‘বি’, ‘চি’ নাৰিকলত থাকে। নাৰিকলৰ পানীত আকৌ অধিক মাত্ৰাত ভিটামিন ‘এ’ থাকে আৰু সেই হেতুকে নাৰিকলৰ পানী চকু আৰু ছালৰ বাবে অতি প্ৰয়োজনীয়। ডাব নাৰিকলৰ পানীৰ লগত মিছিৰি মিহলাই খালে চকুৰ বেদনা আৰোগ্য হয়। প্ৰস্ৰাৱৰ জ্বলা-পোৰা, পৰিপাক তন্ত্ৰৰ অসুখ, স্ত্ৰীৰোগ আদিত ডাব নাৰিকলৰ পানী মহৌষধ। গৰ্ভাৱস্থাত মাকৰ স্বাস্থ্য আৰু গৰ্ভজাত শিশুৰ স্বাস্থ্যৰ বাবে ডাব নাৰিকলৰ পানী অতি প্ৰয়োজন। ডাব নাৰিকলৰ পানীয়ে মুখৰ বমি বমি ভাব বন্ধ কৰে।

ডাব নাৰিকলৰ পানীত মূত্ৰ বৃদ্ধিকাৰক গুণ আছে। একেৰাহে বহুদিন ঔষধ সেৱনৰ ফলত হোৱা বিষক্ৰিয়াত ভোগা ৰোগীয়ে ডাব নাৰিকলৰ পানী সঘনাই খাব লাগে আৰু তেতিয়া প্ৰস্ৰাৱৰ জৰিয়তে দেহৰ পৰা সকলো বিষ পদাৰ্থ বাহিৰ হৈ যায়।

প্ৰকৃতিয়ে ফলত ভিতৰত সযত্নে ধৰি ৰখা ডাব নাৰিকলৰ পানী ভেজালবিহীন আৰু বীজাণুহীন। সেয়ে সুস্বাস্থ্যৰ বাবে ই অতি উত্তম ফল। ডাব নাৰিকলৰ পানীয়ে কোষ্ঠকাঠিন্য দূৰ কৰে। পেটৰ অসুখত দেহত পটাছিয়ামৰ পৰিমাণ কমি গ’লে অ’ আৰ এছৰ সলনি ডাব নাৰিকলৰ পানী বেমাৰীক খুৱাব লাগে। কিডনীত পাথৰ হ’লে ডাব নাৰিকলৰ পানী খাব লাগে।

সম্প্ৰতি নাৰিকলৰ ওপৰত যথেষ্ট গৱেষণা চলি আছে। এগৰাকী গৱেষকৰ মতে, নাৰিকলে মহৰ কণী সহজে বিনষ্ট কৰিব পাৰে। মেলেৰিয়া ৰোগৰ বিৰুদ্ধেও যুঁজ দিব পাৰে।

পূৰঠ নাৰিকলৰ পৰা আজিকালি বিবিধ খাদ্য-সম্ভাৰ তৈয়াৰ কৰা হয়। যেনে- নাৰিকল তেল, নাৰিকল চীজ, নাৰিকল মধু, জাম, ছীৰাপ, ক’কোনাট ক্ৰীম ইত্যাদি। মিঠাই আৰু পুডিং তৈয়াৰ কৰাত ক’কোনাট ক্ৰীম ব্যৱহাৰ কৰা হয়।

আমি নাৰিকলৰ তেল মূৰত ঘঁহো। কিন্তু দক্ষিণ ভাৰতত মূৰত ঘঁহাৰ উপৰি সকলো ৰন্ধন কাৰ্যত নাৰিকল তেল ব্যৱহাৰ কৰা হয়।

নাৰিকল খাই কোনে বেয়া পাব ? কিন্তু সাৱধান! নাৰিকল হৃদৰোগীৰ অপথ্য। তদুপৰি উচ্চ ৰক্তচাপৰ বাবে ক্ষতিকাৰক।

(উৎসঃ অসম বাণী)।

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top