মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ডাবৰ পানীয়ে কৰ্মশক্তি বঢ়ায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডাবৰ পানীয়ে কৰ্মশক্তি বঢ়ায় :

ডাবৰ পানীয়ে কৰ্মশক্তি বঢ়োৱাৰ বিষয়ে লিখা হৈছে ।

 

অস্বস্তিকৰ গৰমত এগিলাছ ডাবৰ পানীয়ে আমাৰ মন-প্ৰাণ উজ্জীৱিত কৰি তোলে। কাৰণ তৃষ্ণা নিবাৰণৰ উপৰি ডাবত আছে বহুখিনি স্বাস্থ্য উপকাৰী উপাদান।

প্ৰতি ১০০ গ্ৰাম ডাবৰ পানীত -

১)জলীয় অংশ ৯৫ গ্ৰাম,

২)খনিজ পদাৰ্থ ০.৩ গ্ৰাম,

৩)আমিষ ২.৩ গ্ৰাম,

৪)শৰ্কৰা ২.৪ গ্ৰাম,

৫)চৰ্বি ০.১ গ্ৰাম,

৬)কেলছিয়াম ১৫ মিলিগ্ৰাম,

৭)ফছফৰাছ- ০.০১  মিলিগ্ৰাম,

৮)আইৰণ- ০.১ মিলিগ্ৰাম,

৯)ভিটামিন বি-২- ০.০২ মিলিগ্ৰাম,

১০)ভিটামিন চি- ৪ মিলিগ্ৰাম আৰু

১১)খাদ্যশক্তি ২৩ কিলো কেলৰি থাকে।

কৰ্মশক্তি বৃদ্ধি কাৰক ডাবৰ পানীয়ে থাইৰয়েড গ্ৰন্থিৰ হ’ৰমন বৃদ্ধি কৰে, যিয়ে আমাৰ কোষক শক্তি যোগান ধৰে। নিয়মিত ডাবৰ পানী সেৱন কৰিলে শৰীৰৰ সঞ্জীৱনী শক্তি ঘূৰাই পায়। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। ডাবৰ পানীয়ে আমাৰ শৰীৰৰ ক্ষতিকাৰক বেক্টেৰিয়াবোৰ ধ্বংস কৰে। তদুপৰি ই ঠাণ্ডা, কাহ আদিৰ পৰাও পৰিত্ৰাণ দিয়ে। আনকি ঠাণ্ডা বতৰতো ই আমাৰ শৰীৰক সুস্থ কৰি ৰাখে। কিডনী ৰোগতো ডাবৰ পানী উপকাৰী। তদুপৰি ডাবৰ পানীয়ে তেজ চলাচলো স্বাভাৱিক কৰি ৰাখে আৰু ৰক্তবাহী নলী চাফা কৰি ৰাখে। হজম শক্তি বঢ়ায়। গেষ্টিকৰ সমস্যা কমাই ৰাখে। যেতিয়াৰে পৰা আপুনি অন্ততঃ সপ্তাহত এদিনলৈ হ’লেও ডাবৰ পানী সেৱন কৰিবলৈ আৰম্ভ কৰিব, তেতিয়াৰে পৰা আপুনি নিজকে অধিক কৰ্মক্ষম আৰু প্ৰাণৱন্ত যেন অনুভৱ কৰিব।

মূৰৰ বিষ মূলতে ক্লান্তি বা চাপৰ বাবে হয়। ডাবৰ পানীয়ে আপোনাৰ ক্লান্তি দূৰ কৰাৰ লগতে মানসিক চাপো কমায়। যিয়ে হঠাতে হোৱা মূৰৰ বিষৰ পৰা সোনকালে মুক্তি দিয়ে। বসন্তৰ দাগ মুখৰ পৰা আঁতৰাবলৈও ডাবৰ পানী ব্যৱহাৰ হয়। প্ৰস্ৰাৱৰ জ্বলা-পোৰা ৰোগতো উপকাৰী ডাবৰ পানী। গ্ল’কজ চেলাইন হিচাপেও ডাবৰ পানী ব্যৱহাৰ হয়।

উৎস: সাদিন

 

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top