অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডালিম :

ডালিমৰ বিষয়ে লিখা হৈছে ।

 

ইংৰাজী-Pomegranate. হিন্দী-অনাৰ৷ বৈজ্ঞানিক নাম-Punica granatum. ডালিম খোৱাৰ স্বাস্থ্যজনিত লাভ বহুত আছে৷ সেই প্ৰসঙ্গত বেলেগে লিখিম৷ আজি ডালিমৰ বাকলিৰ ঔষধী গুণৰ বিষয়ে কব খুজিছো৷

পেটৰ আল্চাৰ কেবল এসপ্তাহত আৰোগ্য হব পাৰে৷ ডাইৰীয়া আৰু এপেণ্ডিচাইটিচ মাত্ৰ ৫ ঘন্টাত সকাহ৷

আপুনি ইমান দিনে পেলাই থকা পেলনীয়া সামগ্ৰীয়েই উল্লেখ কৰা ৰোগ সমূহৰ পৰা আপোনাক আৰোগ্য কৰিব পাৰে৷ পেটৰ যি কোনো ধৰণৰ সংক্ৰমণ আৰু অন্ত্ৰৰ যি কোনো সমস্যাৰ পৰা আপোনাক আৰোগ্য কৰিব পৰা মহৌষধ হল ডালিমৰ বাকলি৷ এই বিধান পঢ়াৰ পিছত ডালিম খাই বাকলিখিনি পেলাই নিদি শুকুৱাই সংৰক্ষণ কৰি থব৷ নিজৰ বা আন কাৰোবাৰ প্ৰাণ ৰক্ষা পৰিব পাৰে৷
এখন ৰাচিয়ান পত্ৰিকাত এটা লিখনি প্ৰকাশ হৈছিল “The forgotten hippocrates and herb thetapy” য'ত ৰাচিয়ান ঔষধী বিশেষজ্ঞ G.L.Glubok এ ডিচেন্টেৰী/ডাইৰীয়া/পাথৰী আৰু চলমোনেলোচিজ চিকিৎসাৰ এবিধ পেটেন্ট ঔষধৰ বিধান দিছিল যিটো আপোনালোকক কবলৈ ওলাইছো৷

ডালিমৰ শুকান বাকলি আৰু গৰম পানীৰ অনুপাত ১:২০ হব লাগিব৷ গিলাচত ১০-১২ গ্ৰাম ডালিমৰ শুকান বাকলি লৈ ২০০ ml উতলা পানী বাকি আধা ঘন্টাৰ বাবে ঢাকি থওক৷
ডিচেন্ট্ৰী/ডাইৰীয়া/চলমোনেলচিজ/টাইফইড জ্বৰ/বমি/এপেন্ডিচাইটিচৰ তীব্ৰ বিষ আদি ৫ ঘণ্টাত নিৰাময় কৰিবলৈ তলত দিয়া নিয়ম মতে প্ৰয়োগ কৰক৷

*আধা ঘন্টা পিছত গিলাচৰ পৰা আধা গিলাচ পানী (নেচেকাকৈ) খাওক৷ গিলাচ পুনৰ ঢাকি থওক৷ ১০ মিনিটত আৰাম অনুভৱ হলে ই সাধাৰণ ডিচেন্ট্ৰি যিটো আধা গিলাচতে আৰোগ্য হব৷

যদি এইখিনি সময়ত আৰাম নহয় তেনেহলে বুজিব লাগিব আপুনি ডাইৰীয়া/বমি/জ্বৰ/চলমনেলোচিজ আদিৰ চিকাৰ হৈছে৷ এনে অৱস্থাত আপুনি ঘৰত থাকিব৷

আৰু ৩ ঘণ্টাৰ পিছত বাকিখিনি মিশ্ৰণ খাব৷ খোৱাৰ পিছৰ ৩ ঘণ্টাৰ ভিতৰত পৰিণাম অনুভৱ কৰিব পাৰিব৷

*পেটৰ আল্চাৰ/ক্ষুদ্ৰান্ত্ৰৰ, আলচাৰ/কলাইটিছ আৰু অন্ত্ৰৰ Dysbacteriosis এসপ্তাহত ভাল কৰিবলৈ মিশ্ৰণ খোৱাৰ আগদিনা খালি পেটত ১০-১২ গ্ৰাম ডালিমৰ শুকান বাকলি চূৰ্ণ বা ভালদৰে চোবাই খাব৷

ডালিমৰ শুকান বাকলি আধা ঘণ্টা এগিলাচ গৰম পানীত তিয়াই থোৱাৰ পিছত পানী খিনি খোৱাৰ উপযোগী হৈ পৰে৷ ইয়াৰ আধা অৰ্থাৎ ৯০-১০০ ml দিনত ৪ বাৰ(২০-২৫ ml) সমান সময়ৰ ব্যৱধানত খাব৷ প্ৰথম খোৰাক পুৱা খালি পেটত আৰু শেষৰ খোৰাক ৰাতি শোৱাৰ আগত খাব৷ একেলেথাৰিয়ে দৈনিক নাখাই এদিন বাদে এদিন খাব৷ ৭ দিনৰ চিকিৎসাই ৰোগ আৰোগ্য হোৱাৰ বাবে যথেষ্ট কিন্ত আপুনি চিকিৎসা অব্যাহত ৰাখিব বিচাৰিলে এসপ্তাহৰ চিকিৎসা লৈ মাজত এসপ্তাহ বিৰতি দি পুনৰ এসপ্তাহ কৰিব পাৰে৷

*চিকিৎসা চলা অৱস্থাত কোনো ধৰণৰ মাদক আৰু নিচা জাতীয় দ্ৰব্য সেবন নকৰিব৷

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

 

3.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top