মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবে সুফলদায়ক ফুলকবি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবে সুফলদায়ক ফুলকবি

 

শীতকালৰ পাচলিসমুহৰ ভিতৰত অন্যতম হৈছে ফুলকবি।ভাজি নাইবা তৰকাৰী কৰি খোৱা ফুলকবিত প্ৰচুৰ পৰিমাণে ভিটামিন এ,বি,আইৰন,ফছফৰাছ,পটাছিয়াম,কেলচিয়াম আদি উপলব্ধ।এই উপাদানসমুহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ লগতে কৰ্কটসহ বিভিন্ন ৰোগৰ পৰা আমাক সহায় কৰে।একেদৰে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীসকলৰ বাবে ভাল ‘বন্ধু’ফুলকবি।মুত্ৰথলী আৰু মহিলাৰ প্ৰষ্টেট,স্তন আৰু ডিম্বাশয় কৰ্কট প্ৰতিৰোধত ফুলকবিৰ ভুমিকা অপৰিসীম।এইবিধ পাচলিত ছালফোৰাফেন নামৰ এবিধ উপাদান থাকে,যিয়ে কৰ্কট প্ৰতিৰোধত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।এই উপাদানবিধে কৰ্কটৰ ষ্টেম চেলসমুহ ধ্বংস কৰে আৰু বিভিন্ন ধৰণৰ টিউমাৰৰ বৃদ্ধি প্ৰতিহত কৰে।ইয়াৰ উপৰি ফুলকবিত থকা প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট আৰু ছালফাৰ জাতীয় উপাদানে খাদ্য হজম প্ৰক্ৰিয়াত সহায় কৰে।একেদৰে ফুলকবিত থকা আঁহেও খাদ্য হজম কৰাত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।ফুলকবিয়ে হৃদযন্ত্ৰ ভালে ৰখাতো সহায় কৰে।ইয়াত থকা ছালফোৰাফেন নামৰ উপাদানবিধে উচ্চ ৰক্তচাপ হ্ৰাস কৰাৰ লগতে কিডনী ভালে ৰাখে।কেৱল সেয়াই নহয়,ধমনীৰ ভিতৰৰ প্ৰদাহ ৰোধ কৰাতো সহায় কৰে ফুলকবিয়ে ।ফুলকবিত থকা এণ্টি ইনফ্লেমেটৰী নিউট্ৰিয়েণ্টছ নামৰ উপাদানবিধে শৰীৰৰ দহন প্ৰক্ৰিয়া নিয়ন্ত্ৰণত ৰাখে।ফলত কৰ্কটত আক্ৰান্ত হোৱাৰ শংকা বহু পৰিমাণে হ্ৰাস পায়।এই পাচলিবিধত থকা ‘বি কমপেক্স’আৰু ‘ভিটামিন বি’য়ে মস্তিষ্ক সুস্থ কৰি ৰখাত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।

উৎস:নিয়মীয়া বাৰ্তা

2.97435897436
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top