মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ডায়েবেটিছ আৰু খাদ্যৰ দ্বাৰা ইয়াৰ নিয়ন্ত্ৰণ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিছ আৰু খাদ্যৰ দ্বাৰা ইয়াৰ নিয়ন্ত্ৰণ:

ডায়েবেটিছ আৰু খাদ্যৰ দ্বাৰা ইয়াৰ নিয়ন্ত্ৰণৰ বিষয়ে লিখা হৈছে

 

ডায়েবেটিছ ৰোগ কি?

 

মানুহৰ শৰীৰৰ কোষবিলাক চলি থাকিবলৈ আৰু প্ৰতক্ষভাৱে কাম কৰিবলৈ গ্লুকজ অৰ্থাৎ চেনীৰ প্ৰয়োজন।এই গ্লুকজ আমি গ্ৰহণ কৰা খাদ্যৰ পৰা শৰীৰে আহৰণ কৰে।তেজত থকা গ্লুকজখিনি ব্যৱহাৰ কৰিবলৈ ইনচুলিন নামৰ হৰম’ন বিধৰ প্ৰয়োজন এই ইনচুলিন নিৰ্গত হয় পেনক্ৰিয়াচ(অগ্নাশয়) নামৰ এবিধ গ্ৰন্থিৰ পৰা।এই পেনক্ৰিয়াচৰ মূৰৰ পিনে থকা Islet of langer hans ৰ ‘বিটাচেল’ বিলাকে ইনচুলিন নি:সৰণ কৰে।এই ইনচুলিনে গ্লুকজক পৰিৱৰ্তিত কৰি শক্তিলৈ ৰূপান্তৰিত কৰে,যাৰ ফলত জীৱকোষ বিলাক কৰ্মক্ষম আৰু সতেজ হয়।

কেনেবাকৈ যদি এই বিটা চেল বিলাক ধ্বংস হয় বা ৰুগ্ন হয়,তেতিয়া এই বিলাকে ইনচুলিন নি:সৰণ কৰাৰ শক্তি হেৰুৱাই ফলত তেজত ইনচুলিনৰ পৰিমাণ কমি যায় আৰু গ্লুকজবোৰ ব্যৱহাৰ নোহোৱাকৈ থাকি যায়।তেতিয়া তেজত গ্লুকজৰ পৰিমাণ বৃদ্ধি পায় আৰু প্ৰসাৱৰ লগত অতিৰিক্ত গ্লুকজবোৰ ওলাই যায়।গ্লুকজৰ লগত দেহৰ পানীভাগো বেছিকৈ ওলাই যায়।সেইবাবে তেজত গ্লুকজ বেছি হোৱা লোকৰ সঘনাই পিয়াহ লাগে সঘনাই প্ৰসাৱ কৰিব লাগে।এই অৱস্থাটোকে ডায়েবেটিছ বা মধুমেহ বেমাৰ বুলি কোৱা হয়।

ডায়েবেটিছ ৰোগীৰ আহাৰ:

 

আহাৰে ডায়েবেটিছ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।ডায়েবেটিছ ৰোগীৰ আহাৰৰ মূল উদ্দেশ্য হ’ল শৰীৰৰ উচিত ওজন সঠিকভাৱে ৰক্ষা কৰা,শৰীৰৰ প্ৰয়োজনীয় পুষ্টি যোগান ধৰা আৰু তেজৰ গ্লুকজৰ পৰিমাণ নিয়ন্ত্ৰিত কৰা।

ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ লগতে নিজৰো ভালদৰে যত্ন ল’ব পাৰিব।যদিহে আপুনি জানে-

  • কি কি খাব লাগে কি খাব নালাগে।
  • কিমান পৰিমাণত খাব লাগে আৰু কেতিয়া খাব লাগে।

যদিহে খাদ্য সঠিককৈ নিৰ্বাচন কৰিব পাৰে তেনেহ’লে-

  • সদায় সবল অনুভৱ কৰি থকিব।
  • ওজন কমাই ৰখাত সহায় কৰিব।
  • হ্ৰদৰোগ,ষ্টোক আৰু ডায়েবেটিছৰ পৰা হ’ব পৰা সম্ভৱপৰ সমস্যাবোৰ দূৰ কৰাত সহায় কৰিব।

তেজত গ্লুকজৰ পৰিমাণ কেনেদৰে নিয়ন্ত্ৰন কৰি ৰাখিব-

  • সঠিক খাদ্য গ্ৰহণ কৰিব।
  • শাৰীৰিক ভাৱে সক্ৰিয় হৈ থাকক।
  • ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰি যদি প্ৰয়োজন হয় তেনেহ’লে ঔষধ গ্ৰহণ কৰক।
  • নিয়মীয়া ভাৱে তেজৰ পৰীক্ষা কৰাওক।

 

এইবোৰ খাদ্য নাখাব

মধ্যমীয়াকৈ গ্ৰহণ কৰক

পাৰ্য্যমানে গ্ৰহন কৰক

চেনী,মৌ,মিঠাই,শুকান ফল,কেক,চকলেট,তেলত বেছিকৈ ভজা খাদ্য,বাদাম,কল,সুৰা ইত্যাদি।

চাউল,আটা,মাহ,কণীৰ বগা অংশ,কুকুৰাৰ মাংস,তেল ইত্যাদি।

সেউজীয়া শাক-পাচলি,ফল-মূল,চালাড,চৰ্বি নথকা গাখীৰ,চেনী নিদিয়া চাহ ইত্যাদি।

 

ডায়েবেটিছ ৰোগীয়ে তলত উল্লেখ কৰা কথাখিনি গুৰুত্ব সহকাৰে মানি চলা উচিত:

 

  • দৈনিক বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰক,অনাহাৰত নেথাকিব আৰু অত্যাধিক খাদ্য গ্ৰহণ নকৰিব।
  • সদায় নিদিষ্ট সময়তহে খাদ্য গ্ৰহণ কৰিব।
  • তিনিটা মূল আহাৰ আৰু তাৰ মাজে মাজে তিনিটা পাতলীয়া আহাৰ গ্ৰহণ কৰক।
  • সদায় সম পৰিমাণত আহাৰ খাব।
  • খৰধৰকৈ নাখাব।আহাৰখিনি গিলাৰ আগতে ভালদৰে চোৱাইহে গিলিব।
  • ঔষধ সদায় একে সময়তে গ্ৰহণ কৰক।
  • ডায়েবেটিছ ৰোগীয়ে দৈনিক আধা ঘন্টামান শাৰীৰিক ব্যায়াম কৰা উচিত।সদায় একে সময়তে ব্যায়াম কৰিব পাৰিলে ভাল।
  • নিয়মিয়াকৈ ব্লাড চুগাৰ পৰীক্ষা কৰক।

ভৰি ফুলা বা ভৰিত হোৱা ঘা,ৰঙা-পৰা দাগ আদিৰ প্ৰতি দৃষ্টি ৰাখক।

  • নিয়মিত ভাৱে ওজন জোখাওক।
  • বৃক্ক,যকৃৎ,হ্ৰদযন্ত্ৰ আদিৰ ক্ৰিয়া সমূহ ভালদৰে চলিছেনে আৰু দেহত ‘কিটনৰ’ৰ মাত্ৰা সঠিক ভাৱে আছেনে নাই সেইটো জানিবলৈ পৰীক্ষা কৰাওক।

 

উৎস: খাদ্য আৰু পৰিপুষ্ট বিভাগ,অসম কৃষি বিশ্ববিদ্যালয়

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top