অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তিঁয়হ খাওক :

তিঁয়হ খোৱাৰ বিষয়ে লিখা হৈছে ।

‘ঐ কিনো দুপৰৰে ভোক

তিঁয়হো নহ’লি,ছিঁৰালো নহ’লি

কেঁচাই খালোহেঁতেন তোক’-

এই বিহুনামফাঁকি দ্ব্যৰ্থবোধক হ’লেও সহজ অৰ্থত তিঁয়হক যে কেঁচাই খাব পৰাও হয়,তাৰ ইংগিতো পোৱা যায়।হয়,ইয়াক কাটি চাটনি কৰি বা টুকুৰা-টুকুৰ কৰি কেঁচাই চোবাই খোৱাও হয়।অৱশ্যে ইয়াৰ নিজা স্বাদ নথকাত খোৱাৰ সময়ত নিমখ লগাই ল’বলৈ পালে স্বাদযুক্ত হৈ পৰে।ইয়াৰ কেইবাটাও প্ৰজাতি থাকিলেও সামুহিকভাৱে ইংৰাজীত ইয়াক Cucumber আৰু বৈজ্ঞানিক নাম Cucumir sativus  হিচাপে জনা যায়।আমি খোৱা তিঁহহবোৰ লতাজাতীয় একবৰ্ষী উদ্ভিদৰ ফল।ফল আৰু পাচলি,উভয় ৰুপতে খোৱাৰ বাবে উপযোগী।ইয়াৰ পাত বহল,খহটা,নোমাল।পাতৰ ঠাৰি কিছু দীঘল।কিন্তু ফলৰ ঠাৰি চুটি।ইয়াৰ গছ লতাজাতীয় হোৱাৰ হেতুকে বগোৱাৰ বাবে সাধাৰণতে চাং বা জেং বিচাৰে।

অসমত পুৰ্বেৰ পৰা ইয়াৰ বাসিন্দাস কলে মাটিতে বগোৱা এবিধ তিঁয়হৰ খেতি কৰি আহিছে।কেৱল মাটিত লাগি থকাৰ হেতুকে ফলবোৰ যাতে মাটিত থকা জীৱাণুৰ দ্বাৰা নষ্ট নহয় তাৰ বাবে মাটিৰ ওপৰত খেৰ-বন আদি পাৰি দি ইয়াক বগোৱাৰ ব্যৱস্থা কৰি দিয়া হয়।আৰু মাটিৰ ওপৰতে বগোৱাৰ হেতুকে এইবিধ তিঁয়হ মাটি-তিঁয়হ বা জাতি-তিঁয়হ হিচাপে অভিহিত কৰা হয়।কিন্তু মাটিত এইবিধ তিঁয়হ বগবলৈ দিয়াৰ হেতুকে নষ্ট নোহোৱাকৈ ৰখাৰ বাবে বাৰিষাৰ আগে-ভাগে যাতে খেতি শেষ কৰিব পৰা হয় তাৰ উপায় কৰাটো অপৰিহাৰ্য।ইয়াৰ বিপৰীতে অন্যবিধ তিঁয়হ জেং নিৰ্ভৰশীল হোৱাৰ বাবে ইয়াক জেং-তিঁয়হ বুলি কোৱা হয়।এইবিধৰ উৎপাদন অৱশ্যে বৰ্ষা কালতহে বেছি ভাল হয়।এইবিধ তিঁয়হৰ আকাৰো মাটি-তিঁয়হতকৈ ডাঙৰ।ইয়াৰ দৈৰ্ঘ্য ৫০ চে:মি: পৰ্যন্ত হয় বুলি তথ্য পোৱা যায়।তিঁয়হ মুখ্যত: বৰ্ষাকালীন হ’লেও আজিকালি হাইব্ৰিড তিঁয়হৰ খেতি ওলোৱাত আমি বাৰ মাহেই বজাৰত তিঁয়হ পোৱাটো সম্ভৱ হৈ উঠিছে।

তিঁয়হত থকা পুষ্টি উপাদানবোৰলৈ মন কৰিলে দেখা যায় যে ইয়াত প্ৰচুৰ পৰিমাণে প্ৰকৃতিপ্ৰদত্ত বিশুদ্ধ পানী সঞ্চিত হৈ থাকে।এই পানীয়ে গৰমৰ সময়ত পিয়াহ গুচোৱাত সহায় কৰাৰ লগতে দেহাও বাৰুকৈয়ে শাঁত পেলায়।সেয়ে সকলোতেই ই শীতলকাৰক ৰুপে স্বীকৃত হ’ব ধৰিছে।তাতেই সকলো প্ৰকাৰ ৰোগীৰ বাবে খোৱাৰ উপযোগী।এতেকে গৰমৰ দিনত ৰাস্তাৰ কাষৰ লেতেৰা কুঁহিয়াৰ ৰস খাই দেহা সতেজ কৰিবলৈ যোৱাতকৈ কেইটুকুৰামান তিঁয়হ খালে বেছি উপকাৰ পোৱাৰ স্থল থাকে।উপাদানৰ তথ্যই দেখুৱায় যে পুষ্টিৰ দিশত খনিজ লৱণৰ ক্ষেত্ৰত তিঁয়হ অতিকে চহকী।বিশেষকৈ হাড়ৰ গঠনত লগা কেলচিয়াম,মেগনেছিয়ামৰ দৰে উপাদান আৰু তেনেকৈ ৰোগ প্ৰতিৰোধী ক্ষমতাসম্পন্ন উপাদান ছালফাৰ আৰু ক্ল’ৰিনৰ উপস্থিতিও বেছ আশাপ্ৰদ।তেনেকৈ হৃৎপিণ্ডৰ সু-পৰিচালনাত লগা দুবিধ উপাদান পটাছিয়াম আৰু ছডিয়ামৰ পৰিমাণো যথেষ্ট পোৱা যায়।আনফালে প্ৰ’টিন,কাৰ্বহাইড্ৰেট আৰু কেলৰিৰ পৰিমাণ কম হোৱাত ঘাইকৈ মধুমেহ ৰোগীৰ বাবে ই উপযোগী বুলি বিবেচিত।তেনেকৈ প্ৰ’টিন,স্নেহ পদাৰ্থ আৰু শক্তিৰ দিশত নিম্ন মানবিশিষ্ট হোৱাত মেদবহুলতা ভোগা লোকৰ ওজন হ্ৰাসৰ ক্ষেত্ৰত ই উপযোগী আহাৰ হিচাপেও পৰিগণিত হৈ আহিছে।ইয়াক বাতবিষ আৰু ইউৰিক এচিড লাঘৱৰ সহায়ক বুলিও কোৱা হয়।কোনো কীটাণুৱে কামুৰিলে তাৰ বিষখিনি উলিওৱাৰ বাবে তিঁয়হ চকলা-চকলকৈ কাটি কামোৰা ঠাইত প্ৰলেপ দিলে বিষ নাইকিয়া হয়।ই প্ৰস্ৰাৱ নিষ্কাশনত সহায় কৰে।লগতে প্লীহা,পাকস্থলী আৰু বৃহদন্ত্ৰৰ বাবেও উপকাৰী।ই ৰক্ত পৰিশোধকৰ ভুমিকাও পালন কৰিব পাৰে।বৃক্কৰ সক্ৰিয়তাৰ বাবে তিঁয়হ অতি উপযোগী।জনা যায় যে প্ৰতিদিনে একোটাকৈ কুমলীয়া তিঁয়হ বাকলিৰে সৈতে খালে বৃক্কত হোৱা পাথৰ ভাগি প্ৰস্ৰাৱৰ লগত বাহিৰ হৈ যাব পাৰে।ই ছাল মসৃণ কৰাতো সহায় কৰে।ইয়াক পাতলকৈ চকলিয়াই চকুৰ পতাৰ ওপৰত দি ৰাখিলে চকুৰ উজ্জ্বলতা বাঢ়ে।সম্প্ৰতি এইটোও পোহৰলৈ আহিছে যে তিঁয়হত থকা কেৰ’টিনয়ড উপাদানে কৰ্কট ৰোগ প্ৰতিৰোধতো ইতিবাচক ভুমিকা গ্ৰহণ কৰিব পাৰে।

এই সকলোৰে উপৰি ইয়াক সকাম-নিকামত ব্যৱহৃত প্ৰসাদৰ ফলাহাৰ অৰু তেনেকৈ তৰকাৰীৰ পাচলি ৰুপতো ব্যৱহাৰৰ উপযোগী।সেয়েহে তিঁয়হ খোৱাৰ ওপৰত আমি গুৰুত্ব দিয়াৰ যে প্ৰয়োজনীয়তা আছে সেইটো ওলাই পৰে।তাতেই আজিকালি বজাৰত ই সকলো সময়তে উপলব্ধ হোৱাত আমি বছৰৰ সকলো সময়তে ইয়াক খোৱাৰ প্ৰতি যত্নপৰ হোৱা উচিত হ’ব।

খাদ্য হিচাপে তিঁয়হ ভালেখিনি পুষ্টিকৰ। ইয়াৰ এশ গ্ৰামত পোৱা পুষ্টি উপাদানবোৰ এনে-

উপাদান

পৰিমাণ

পানী

৯৬ গ্ৰাম

প্ৰ’টিন

০.৪ গ্ৰাম

কাৰ্বহাইড্ৰেট

২.৫ গ্ৰাম

স্নেহ পদাৰ্থ

০.১ গ্ৰাম

আঁহ

০.৪ গ্ৰাম

কেলচিয়াম

১০ মি.গ্ৰাম

মেগনেছিয়াম

১১ মি.গ্ৰাম

ছডিয়াম

১০.২ মি.গ্ৰাম

কপাৰ

১.০১ মি.গ্ৰাম

ক্ল’ৰিন

১.৫ মি.গ্ৰাম

পটাছিয়াম

৫০ মি.গ্ৰাম

ছালফাৰ

১৭ মি.গ্ৰাম

ভিটামিন –বি১

০.০৩ মি.গ্ৰাম

ভিটামিন- বি২

০.০১ মি.গ্ৰাম

ভিটামিন-বি৩

০.০২ মি.গ্ৰাম

ভিটামিন-চি

৭ মি.গ্ৰাম

শক্তি

১৩ কেলৰি

 

লেখক: অৰ্পণ দত্ত (জি এনআৰ চি স্বাস্থ্য)

2.91304347826
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top