মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / তিতা কেৰেলাৰ মিঠা অৱদান:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তিতা কেৰেলাৰ মিঠা অৱদান:

তিতা কেৰেলাৰ মিঠা অৱদানৰ বিষয়ে লিখা হৈছে ।

 

তিতা সোৱাদৰ বাবেই নিশ্চয় এইবিধ পাচলিৰ নাম তিতা কেৰেলা। পিছে তিতা হ’লেও আমাৰ শৰীৰৰ বাবে তিতা কেৰেলাৰ অৱদান বহুতো। যাক আমি অস্বীকাৰ কৰিব নোৱাৰো আৰু সেই কাৰণেই দুটকা বেছি দাম দি হ’লেও বেপাৰীৰ পৰা তিতা কেৰেলা কিনি বেগত ভৰাওঁ। তিতা কেৰেলা তিতা হ’লেও এই তিতাৰো যেন কিবা এটা খাই ভাল লগা অনুভৱ আছে, সেই কাৰণে তিতা হ’লেও তিতা কেৰেলা বহুতৰে প্ৰিয়। তিতা কেৰেলাৰ গুনসমূহ হৈছে ই ৰক্ত শোধক। পেটৰ কৃমি-পেলু আদি কীটণুবোৰ নষ্ট কৰাত সাংঘাতিক সহায়ক। শৰীৰৰ বিষাক্ত পদাৰ্থও দূৰ কৰাত ই সহায় কৰে। ইয়াত কেলৰি, প্ৰ’টিন, কেলচিয়াম, আয়ৰণ আদিও উপযুক্তভাৱে আছে। সপ্তাহটোত দুই-তিনি দিন তিতা কেৰেলা খালে আই জাতীয় ৰোগবিধ হোৱাৰ পৰা ৰক্ষা পৰিব পাৰি। ছালৰ বেমাৰ হোৱাৰ পৰাও ৰক্ষা পায়, ছালৰ হাপানী বা শ্বাসজনিত ৰোগ থাকিলে কেৰেলা খালে সহায়ক হয়। বহুমূত্ৰ ৰোগীৰ বাবে ই মহৌষধ। শৰীৰত ঘা-ফোহা, খৰ, ব্ৰণ আদি হোৱাৰ পৰাও ৰক্ষা কৰে। গতিকে তিতা সোৱাদ হ’লেও অৱদানখিনি মিঠা বুলিয়েই ক’ব লাগিব।

লেখিকা: ৰূপা মেধি(অসম বাণী)

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top