মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / তিতা কেৰেলাৰ মিঠা মিঠা গুণাৱলী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তিতা কেৰেলাৰ মিঠা মিঠা গুণাৱলী :

তিতা কেৰেলাৰ মিঠা মিঠা গুণাৱলীৰ বিষয়ে লিখা হৈছে ।

 

প্ৰিয় পাঠকসকল – তিতা কেৰেলাৰ বিষয়ে লিখিবলৈ লৈয়ে মোৰ এটি যোজনা মনত পৰিছে – ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি! কথাটোৰ সত্যতা নুই কৰিব নোৱাৰি৷ আৰু এটা কথা মনলৈ আহিছে৷ আজিৰ পৰা ৮বছৰ মান আগতে সংযুক্ত আৰব আমীৰাটৰ আবু ধাবিৰ অল আহালিয়া হস্পিতালত কামত যোগদান কৰিছোঁ, নিজৰ ৰন্ধা-বঢ়াৰ জা-যোগাৰ আৰম্ভ কৰা নাই৷

দুপৰীয়া মধ্যাহ্ন বিৰতিৰ সময়ত এখন ভাৰতীয় ৰেষ্ট্ৰোৰাত খাবলৈ সোমালোঁ৷ নিৰামিষ বিশেষ কিবা আছে নেকি সোধাত কাষলৈ অহা কৰ্মচাৰীজনে কলে – আজি কেৰেলাৰ স্পেচিয়েল তৰকাৰী আছে৷ মই খাবলৈ বহি দেখিলোঁ কেৰেলা- বিলাহীৰ জুলীয়া ভাজি৷ আদা, নহৰু, পিঁয়াজ আৰু নৰসিংহ পাত দি বনোৱা হৈছিল৷ কেৰেলাৰ মই শুকান চৰ্চৰীয়েই ভাল পাওঁ৷

তথাপিও সেইদিনা মই এক ভিন্ন স্বাদৰ জুতি ললোঁ৷ সেইদিনা পুনৰাই গম পালোঁ দক্ষিণ ভাৰতীয় লোকসকলৰ মানত কেৰেলা এবিধ সম্ভ্ৰান্ত পাচলি৷ বনস্পতিবিদৰ মতে কেৰেলা হ’ল তিঁয়হ, চিৰাল, তৰমুজ, স্কোৱাচ আদি পাচলিৰ সৈতে একেটা পৰিয়ালৰ (Cucurbitaceae family )৷

ইয়াৰ বৈজ্ঞানিক নাম হ’ল – Momordica charamtia৷ বৰ্তমান জনামতে বিশ্বত তিতা কেৰেলাৰ বাৰটাৰো অধিক প্ৰজাতি আছে৷ ভিন্ন ভিন্ন প্ৰজাতিৰ গছৰ আৰু ফলৰ আকৃতি, ৰং ৰূপ আৰু আকাৰৰ কিছু তাৰতময দেখা যায়৷

ভাৰতবৰ্ষত আজিৰ পৰা ৩০০০বছৰ পূৰ্বৰ পৰা আৰু চীন দেশত ১৪শতিকাৰ পৰা আয়ুৰ্বেদিক আৰু পৰম্পৰাগত চিকিৎসাত কেৰেলাৰ ব্যৱহাৰ চলি আহিছে বুলি জনা যায়৷ স্বাস্থ্যবৰ্ধক টনিক, বহুমূত্ৰ, পাকস্থলীৰ বিকাৰৰ চিকিৎসা আৰু পুৰণি কাহৰ ঔষধ হিচাবে ইয়াৰ প্ৰয়োগ চলি আহিছে৷ টাৰ্কি দেশতো প্ৰচীনকালৰ পৰা নানাবিধ ৰোগৰ ঘৰুৱা চিকিৎসাত কেৰেলাৰ প্ৰয়োগ কৰা হয় বুলি জনা গৈছে৷

কেৰেলাৰ প্ৰথম উৎপত্তিস্থল ভাৰতবৰ্ষকে ধৰি দক্ষিণ পূব এচিয়া বুলি জনা যায়৷ চীনদেশলৈ কেৰেলাৰ সঁচ ভাৰতৰ পৰা যায়৷ কিন্তু আজিৰ দিনত চীনদেশৰ কেৰেলা আৰু ভাৰতীয় কেৰেলাৰ মাজত দেখাত কিছু পাৰ্থক্য আছে৷ বৰ্তমান দক্ষিণ পূব এচিয়াৰ বাংলাদেশ, নেপাল, পাকিস্তান, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনাম, ইণ্ডোনেচিয়া, ফিলিপাইনচ আদি দেশৰ উপৰিও দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু কেৰেবিয়ান দীপপুঞ্জত কেৰেলা অনায়াসে উপলব্ধ৷

আন আন ভাষাত কেৰেলা কি কি নামেৰে পৰিচিত?

*ইংৰাজীত Bitter gourd, Bitter melon, Bitter squash, Balsom pear, Horned melon আদি নামেৰে পৰিচিত৷

*তিতে কৰেলা (নেপাল),

*কগুৱা (চীন),

*আমপালায়া (ফিলিপাইনচ),

*কাৰাভিলা (শ্ৰীলংকা),

*খো কোৱা (ভিয়েটনাম),

*মাৰগুজ (মৰিচাচ),

*নিগাউৰি আৰু কিৱানো (জাপান),

*চেইণ্ট কাজেটানচ মেলন (ব্ৰাজিল),

*চিৰাচী (জমেইকা),

*টংগন (পূব আফ্ৰিকা),

*বিটাৰ ৱাইল্ড কুকুম্বাৰ (দক্ষিণ আফ্ৰিকা),

*হৰ্ণ গুৰ্কে (জাৰ্মান),

*মেলানো (ইজৰাইল),

*কিৱানো (ইটালি, ফ্ৰান্স, স্পেইন, পৰ্টুগাল) নামেৰে বিশ্বৰ বিভিন্ন দেশত জনা যায়৷

আকৌ ভাৰতীয় ভাষাত এইদৰে মাতে–

*পাভাক্কা আৰু কাইপাক্কা (মলয়ালম),

*হাগালা আৰু হাগালকাই (কানাড়া),

*পাভাক্কাই আৰু পাকাল (তামিল),

*কাৰাক্কায়ী (তেলেগু),

*উচ্ছে আৰু কৰেল (বাংলা),

*কৰলে (মাৰাঠী),

*কাৰাথেন (মাৰাঠী),

*কৰেলি (উৰ্দু),

*কৰেলা (হিন্দী, পঞ্জাবী, গুজৰাটী আৰু কাশ্মিৰী) ভাষাত৷

গছৰ চমু বৰ্ণনা – কেৰেলা হ’ল এবিধ লতাজাতীয় উদ্ভিদ৷ দীঘলে ১৬ফুট পৰ্য্যন্ত হয়৷ লতাজোপাৰ শিপাই বহলকৈ পোখা মেলি মাটিৰ গভীৰলৈ সোমাই যায়৷ গা গছ কোমল আৰু নোমাল, শাখা প্ৰশাখা মেলি নিজৰ পৰিসৰ বৃদ্ধি কৰে৷ জেং, চাং বা আন তেনে মাধ্যমত ক্ষিপ্ৰ গতিৰে লতাজোপা বাঢ়ে৷ সেউজ বা সামান্য হালধিবুলীয়া পাতৰ আকৃতি ঢালৰ দৰে৷ সাধাৰণতে চেপ্তেম্বৰৰ পৰা নভেম্বৰ মাহত গছত ফুল ধৰে৷ একেজোপা লতাতে মতা আৰু স্ত্ৰী পুষ্প ফুলে৷ দুয়োকোণ জোঙা মূলাৰ আকৃতিৰ ফল বাহিৰত দেখাত কাইঁটীয়া বা খহুলা৷ বৰণ আৰু আকাৰ প্ৰজাতিভেদে কিছু ভিন্ন ভিন্ন হয়৷ ফল গছতে পকিলে হালধীয়া-ৰঙচুৱা বৰণৰ হয় আৰু ইয়াত ফাট মেলে৷ কেৰেলা গুটিৰে ফলৰ মধ্যভাগ ভৰি থাকে৷ গুটি ডাঙৰ আৰু চেপেতা বগা-হালধীয়া বৰণৰ হয়৷ গুটিও ঔষধ বনোৱাত ব্যৱহৃত হয়৷

লতাজোপাৰ কি কি অংশ কি দৰে ব্যৱহাৰ হয়?

কেৰেলাৰ ফল আৰু কোমল পাত ভাজি খায়৷ ইয়াৰ স্বাদ তিতা হলেও স্বাস্থ্যৰ উপকাৰী গুণবোৰ কিমান মিঠা সেয়া পাঠকে এই নিবন্ধৰ মাধ্যমেৰে জানিব পাৰিব৷ তিতা কেৰেলাৰ পিচা ৰস বহুতে পুৱা খালি পেটত বহুমূত্ৰ বা ওজন কমাবলৈ খায়৷ কেৰেলা আৰু আলুক সিদ্ধ কৰি পিঁয়াজ, জলকীয়া মিঠাতেল দি পিতিকি খাব পাৰি৷ কেৰেলাৰ শুকান চৰ্চৰী ভাজিৰ উপৰিও বেচনৰ প্ৰলেপ দি ভাজি খাব পাৰি৷ চীন দেশত কেৰেলাক হাৰ্বেল চাহৰ দৰে বনাই খায়৷ জাপান আৰু চীনত বিয়েৰত স্বাদৰ বাবে তিতা কেৰেলা মিহলোৱা হয়৷ পূব এচিয়াৰ কিছুমান দেশত শুকোৱা কেৰেলাৰ গুড়ি বৰফ মিহলোৱা গাখীৰত পৰিবেশন কৰা হয়৷ ভিয়েটনামত শুকান মাংসৰ সৈতে; শ্ৰীলংকাত নাৰিকলৰ টুকুৰা; ফিলিপাইনচত কণী, বিলাহীৰ সৈতে; ইণ্ডোনেচিয়াত গাহৰিৰ মাংস আৰু পাকিস্তানত গো মাংস মিহলাই কেৰেলাৰ ব্যঞ্জন বনোৱা হয়৷ দক্ষিণ ভাৰতৰ বহু ঠাইত দৈ আৰু আপেল, কল, পকা অমিত আদি মিঠা ফলৰ সৈতে তিতা কেৰেলা একেলগ কৰি চালাডৰূপে পৰিবেশন কৰে৷ তিতা কেৰেলাৰ শিপাও ঔষধি গুণযুক্ত৷

লতাজোপাৰ কি কি অংশ কি দৰে ব্যৱহাৰ হয়?

কেৰেলাৰ ফল আৰু কোমল পাত ভাজি খায়৷ ইয়াৰ স্বাদ তিতা হলেও স্বাস্থ্যৰ উপকাৰী গুণবোৰ কিমান মিঠা সেয়া পাঠকে এই নিবন্ধৰ মাধ্যমেৰে জানিব পাৰিব৷ তিতা কেৰেলাৰ পিচা ৰস বহুতে পুৱা খালি পেটত বহুমূত্ৰ বা ওজন কমাবলৈ খায়৷ কেৰেলা আৰু আলুক সিদ্ধ কৰি পিঁয়াজ, জলকীয়া মিঠাতেল দি পিতিকি খাব পাৰি৷ কেৰেলাৰ শুকান চৰ্চৰী ভাজিৰ উপৰিও বেচনৰ প্ৰলেপ দি ভাজি খাব পাৰি৷ চীন দেশত কেৰেলাক হাৰ্বেল চাহৰ দৰে বনাই খায়৷ জাপান আৰু চীনত বিয়েৰত স্বাদৰ বাবে তিতা কেৰেলা মিহলোৱা হয়৷ পূব এচিয়াৰ কিছুমান দেশত শুকোৱা কেৰেলাৰ গুড়ি বৰফ মিহলোৱা গাখীৰত পৰিবেশন কৰা হয়৷ ভিয়েটনামত শুকান মাংসৰ সৈতে; শ্ৰীলংকাত নাৰিকলৰ টুকুৰা; ফিলিপাইনচত কণী, বিলাহীৰ সৈতে; ইণ্ডোনেচিয়াত গাহৰিৰ মাংস আৰু পাকিস্তানত গো মাংস মিহলাই কেৰেলাৰ ব্যঞ্জন বনোৱা হয়৷ দক্ষিণ ভাৰতৰ বহু ঠাইত দৈ আৰু আপেল, কল, পকা অমিত আদি মিঠা ফলৰ সৈতে তিতা কেৰেলা একেলগ কৰি চালাডৰূপে পৰিবেশন কৰে৷
কবি, গাজৰ বা ওলকচুৰ দৰে তিতা কেৰেলাৰো আচাৰ বনাব পাৰি৷ কেৰেলাৰ আচাৰ বুলোতে আশীৰ দশকত ভীষণ জনপ্ৰিয় হোৱা ইন্দ্ৰ বনিয়াৰ কৌতুক আবৃত্তি ’তিতা কৰেলাৰ মিঠা আচাৰ’ আজিও মোৰ কাণত গুজি আছে৷

কেৰেলাৰ তিতা স্বাদ কমোৱাৰ উপায়: –

১)কেৰেলা সৰু সৰুকৈ কাটি পানীত কমেও আধা ঘণ্টা সময় ভিজাই থব৷ কিছু নিমখো সেই পানীত মিহলাই দিব পাৰে৷ পিছত পানীখিনি পেলাই দিব৷

২)সৰু সৰুকৈ কটা কেৰেলাৰ টুকুৰা ৰ’দত কিছপৰ শুকুৱাই বনালে তিতা স্বাদ হ্ৰাস
পায়৷

৩)বনোৱাৰ আগতে কেৰেলা কিছুপৰ সিদ্ধ কৰি পানীৰ পৰা তুলি লব৷

কি কি লাগতিয়াল তত্ত্ব কেৰেলাত অন্তৰ্নিহিত থাকে?

তিতা কেৰেলা হ’ল এনে এবিধ সেউজ পাচলি য’ত কেলৰি কম অথচ ভিটামিন (বি-১, বি-২, বি-৩, বি-৫, বি-৬, বি-৯, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-কে) আৰু খনিজ (মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, কেলচিয়াম, ফচফৰাচ, আইৰণ, কপাৰ), ফাইটো নিউট্ৰিয়েণ্ট (বিটা-কেৰটিন, আলফা- কেৰটিন আৰু লিউচিন-জিয়াঝেনথিন) ইলেকট্ৰলাইট (প’টেচিয়াম আৰু চ’ডিয়াম) অঘোলনশীল ডায়টেৰী ফাইবাৰ থাকে৷ প্ৰতি ১০০গ্ৰাম কেৰেলাত উৰ্জা থাকে ১৭কিলো কেলৰি, কাৰ্বোহাইড্ৰেট ৩.৭গ্ৰাম, প্ৰটিন ১গ্ৰাম, চৰ্বি ১৭০মিলিগ্ৰাম, ডায়টেৰী ফাইবাৰ ২.৮ গ্ৰাম থাকে৷ পানীৰ পৰিমান হ’ল ৯৪গ্ৰাম৷

গবেষণাগাৰত কি কি তথ্য পোৱা গৈছে?

বিশ্ব স্বাস্থ্য সংস্থা আৰু বিভিন্ন দেশ বিদেশৰ বিশ্ববিদ্যালয়ত বহু বছৰৰ পৰা তিতা কেৰেলাৰ ওপৰত নানান গৱেষণা চলি আহিছে৷ ঘাইকৈ বহুমূত্ৰ আৰু কেঞ্চাৰৰ ওপৰত তিতা কেৰেলাৰ প্ৰভাৱ এই দুটা দিশত বিভিন্ন তত্ত্বগধুৰ প্ৰৱন্ধ অন্ত: ৰাষ্ট্ৰীয় আলোচনীত সময়ে সময়ে প্ৰকাশিত হৈছে৷ আমৰিকাৰ চেণ্ট লুইচ বিশ্ববিদ্যালয়ে বক্ষৰ কৰ্কট ৰোগৰ নিৰাময় আৰু প্ৰতিৰোধত তিতা কেৰেলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি দাবী কৰিছে৷ শেহতীয়াকৈ এই বছৰৰ পৰাই শ্ৰীলংকাৰ পেৰাডেনিয়া বিশ্ববিদ্যালয়ে কেৰেলাৰ গুটিয়ে কেঞ্চাৰ কোষ বিনষ্ট কৰিব সক্ষম বুলি দাবী কৰিছে আৰু কেণ্ডি জেনেৰেল হস্পিতেলত ইয়াৰ প্ৰয়োগ আৰম্ভ কৰিছে৷

Journel of Endopharmacologyৰ জানুৱাৰী ২০১১চনত প্ৰকাশিত তথ্য মতে তিতা কেৰেলা দৈনিক ২গ্ৰাম খালে ১গ্ৰাম মেটফৰ্মিনৰ প্ৰায় সম পৰিমানৰ তেজৰ চুগাৰ নিয়ন্ত্ৰণ হোৱা পৰিলক্ষিত হয়৷ তিতা কেৰেলাত থকা লেক্টিন নামৰ প্ৰটিনে তেজত থকা চুগাৰৰ পৰিমান কমোৱাত ইনচুলিনৰ দৰে কাম কৰে৷

তিতা কেৰেলাৰ সীমাহীন আৰু গুৰুত্বপূৰ্ণ উপযোগিতা: –

১) ডায়েবেটিজ বা বহুমূত্ৰ ৰোগৰ চিকিৎসাত কি দৰে কাম কৰে জানক – তিতা কেৰেলাত থকা পলিপেপ্টাইড-পি নামৰ ফাইটোনিউট্ৰিয়েণ্টে তেজৰ চুগাৰ হ্ৰাস কৰে৷ তিতা কেৰেলাত থকা ’চাৰটিন’ আৰু এবিধ লেক্টিনেও তেজৰ চুগাৰ কমায়৷

(২) তিতা কেৰেলাত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-বি গোটে শৰীৰৰ বাবে বিপদজনক ফ্ৰি-ৰেডিকেল হ্ৰাস কৰে আৰু ফলত দেহত বয়সৰ ছাপ কমকৈ পৰে আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰে৷ কেৰেলাৰ নিয়মীয়া সেৱনে প্ৰষ্টেট, বক্ষ, জৰায়ু আদিৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে৷

(৩) তেজৰ অপকাৰী কলেষ্টৰল কমাই শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷

(৪) তিতা কেৰেলাত থকা MAP-30 নামৰ এণ্টিভাইৰেল প্ৰটিনে এইচ আই ভিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে৷

(৫) চৰ্মৰোগ চ’ৰিয়াচিচ আৰু একজিমাত তিতা কেৰেলা পিচি লগালে উপকৃত হয়৷

(৬) সামান্য জালুকৰ সৈতে তিতা কেৰেলা মিহলাই খোৱালে বমি বন্ধ হয়৷

(৭) ভিটামিন-কে থকা বাবে তেজ গোট মৰা সঠিকভাবে হয় আৰু হাঁড় মজবুট হয়৷

(৮) চুলি অকালতে পকা ৰোধ কৰে৷ তিতা কেৰেলা পিচি মূৰত লগালে উফিৰ বিনাশ হয় আৰু চুলি সৰা বন্ধ হয়৷

(৯) মস্তিস্কৰ ক্ৰিয়াৰ উন্নতি ঘটায়৷ নিদ্ৰা আৰু দৃষ্টি শক্তিৰ উন্নতি কৰে৷

(১০) দূষিত তেজ আতৰাই বাত বিষৰ উপশম ঘটায়৷

(১১) হজমি শক্তি বঢ়ায় আৰু শৌচ খোলোচা কৰে৷

(১২) কৃমি পেলুৰ বিনাশ কৰে৷

(১৩) এলাৰ্জি আৰু সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে৷

(১৪) চকুৰ চৌদিশৰ ক’লা দাগ আতৰোৱাত সহায়ক৷

(১৫) ঘাঁ শুকোৱাত সহায়ক৷

(১৬) ছাল উজ্জ্বল আৰু মিহি কৰে৷

(১৭) প্ৰসাবৰ প্ৰবাহ নিয়মীয়া কৰে৷

(১৮) মদৰ নিচা ভাঙিবলৈ তিতা কেৰেলাৰ ৰস ব্যৱহাৰ কৰিব পাৰি৷

(১৯) মেদবহুলতা কমাবলৈ তিতা কেৰেলা সহায়ক৷

(২০) কিডনিৰ পাথৰ নিষ্কাষনত উপযোগী৷

(২১) অনিয়মীয়া মাহেকীয়া ভাল কৰে৷

(২২) কেইটিমান অধ্য়য়নমতে সপ্তাহত নিয়মিত ২৷ ৩সাজ তিতা কেৰেলা খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ দিশে আগবাঢ়ে৷

(২৩) কেচুমূৰীয়া বা পাইলচ অসুখত তিতা কেৰেলাৰ শিপা পিচি তাৰ প্ৰলেপ লগাব লাগে৷ বাটাৰ মিল্কৰ সৈতে মিহলাই তিতা কেৰালাৰ নাইবা ইয়াৰ পাতৰ ৰস কিছুদিন ৰাতিপুৱা খালেও পাইলচৰ অসুখৰ উপশম ঘটে৷

(২৪) কলেৰা ৰোগৰ প্ৰাথমিক পৰ্য্যায়ত তিতা কেৰেলাৰ কোমল পাত বগা পিঁয়াজৰ সৈতে খোৱালে সুফল পোৱা যায়৷

(২৫) তিতা কেৰেলা পেনক্ৰিয়াজৰ ক্ৰিয়াৰ সহায়ক সিদ্ধ হৈছে – ইয়াৰ ফলত ইনচুলিন ওলোৱাত সহায় হয় আৰু ডায়েবটিজ নিয়ন্ত্ৰণলৈ আহে৷

(২৬) শালমন নিৰ্মূল কৰিবলৈ তিতা কেৰেলা পিচি লগাব লাগে৷

(২৭) তিতা কেৰেলাই লিভাৰৰ টনিকৰ দৰে কাম কৰে৷ আভোক আাতৰায়৷

(২৮) কাণৰ বিষ ৩দিন মান তিতা কেৰেলাৰ ৰস ঢালিলে আৰোগ্য হয়৷

(২৯) তিতা কেৰেলাই সূৰ্য্যৰ ক্ষতিকাৰক আলট্ৰাভায়োলেট ৰশ্মিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে৷ প্ৰখৰ ৰ’দত ছাল দহি গ’লে তিতা কেৰেলা পিচি লগালে শীঘ্ৰে আৰাম পাব৷

(৩০) সৰু আই, মিজলচ আদি ভাইৰেল অসুখত তিতা কেৰেলা লাগতিয়াল আৰুউপযোগী পথ্য৷

(৩১) তিতা কেৰেলাই ইয়াত থকা এণ্টিঅক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্ট আৰু ভিটামিনৰ সহায়ত আমাৰ শৰীৰৰ ইমিউনিটি বঢ়ায় অৰ্থাৎ ৰোগ প্ৰতিৰোধত সহায় কৰে৷

সতৰ্কবাণী

*গৰ্ভৱতী মহিলাই বেচিকৈ খালে গৰ্ভপাত হব পাৰে৷

*আন মানুহৰো জোখতকৈ বেচি খালে ডায়েৰিয়া, জ্বৰ, বমি, পেটৰ বিষ হব পাৰে৷

*ডায়েটিজৰ ৰোগীয়ে চুগাৰ কমোৱা দৰবৰ সৈতে জোখতকৈ বেচি তিতা কেৰেলা খালে হাইপোগ্লাইচেমিয়া হব পাৰে৷

*জন্মগত জি-৬পি ডি ডেফেচিয়েঞ্চি ৰোগ থকা লোকে, লিভাৰৰ গুৰুতৰ ৰোগ থকা লোকে তিতা কেৰেলা নাখাব৷

*কদাচিত হৃদগতি অনিয়মীয়া কৰিব পাৰে বুলি ২০১০চনৰ ’এনেলচ অৱ চৌডি মেডিচিন’ জাৰ্ণেলত প্ৰকাশিত হৈছে৷

*বিষহাৰক ঔষধ (যেনে নেপ্ৰক্সেন, মেলস্কিকাম, ট্ৰমাডল) আৰু ডায়েবেটিজৰ দৰব খাই থকাসকলে তিতা কেৰেলাৰ সেৱন সতৰ্কতাৰে কৰিব৷

*দৈনিক দুটাৰ বেচি তিতা কেৰেলা নোখোৱাটো বাঞ্ছনীয়৷

লেখক: ডাঃ ভূপেন শইকীয়া

ম’বাইল নং: ৯৭৪৩৩৭৩৮৭২

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top