মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / তুলসী আৰু চফ গুটিৰ উপকাৰিতাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তুলসী আৰু চফ গুটিৰ উপকাৰিতাঃ

তুলসী আৰু চফ গুটিৰ বিষয়ে লিখা হৈছে

 

তুলসীৰ ঔষধি গুণঃ

তুলসী গছৰ বৈজ্ঞানিক নাম অচিমাম ছেংকটাম (Ocimum Sanctum) বা অচিমাম টেনুইফ্ল’ৰাম (Ocimum Tenuiflorum)। তুলসীত থকা সুগন্ধি তেল আৰু ৰাসায়নিক দ্ৰব্যবোৰে সুস্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তুলসী হৈছে বীজাণুনাশক, ভেঁকুৰনাশক, সংক্ৰমণ প্ৰতিৰোধক আৰু বিষ নিৰাময়ক। তুলসীত থকা ইউজিনল, মিথাইল ইউজিনল আৰু কেৰি ফাইলিন নামৰ ৰাসায়নিক দ্ৰব্যই পেনক্ৰিয়াচৰ বিটা কোষবোৰে ইনছুলিন নিঃসৰণ কৰা কাৰ্য নিয়মীয়া কৰে আৰু ইনছুলিনৰ স্পৰ্শকাতৰতা বৃদ্ধি হোৱাত সহায় কৰে। এইদৰে তুলসীয়ে ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰে। তুলসীয়ে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে আৰু হৃদপিণ্ডক সুৰক্ষা দিয়ে। গৱেষণাৰ পৰা প্ৰমাণিত হৈছে তুলসীয়ে কৰটিচল নামৰ হৰম’নৰ মাত্ৰা নিয়মীয়া কৰি মানসিক চাপ হ্ৰাস কৰে। তুলসীয়ে তেজ পৰিষ্কাৰ কৰে আৰু ছাল সুন্দৰ কৰে। বেক্টেৰিয়া নাশক আৰু ভেঁকুৰ নাশক গুণ থকাৰ কাৰণে ই ছালৰ সমস্যা দূৰ কৰে। শালমন ওলোৱা, খৰ-খজুৱতি, ছালত দাগ পৰা, চুলিসৰা প্ৰতিৰোধ কৰে। তুলসীৰ কেমফিন নামৰ উপাদান ছালৰ বাবে উপকাৰী। তুলসীৰ সুগন্ধি তেলত থকা ইউজেনল নামৰ উপাদানে ছালৰ বিভিন্ন সমস্যা দূৰ কৰে। তুলসীত থকা মেগনেছিয়ামে ৰক্ত নলীকাবোৰৰ কাৰ্যক্ষমতা অটুট ৰাখে। ৰক্তনলীকাৰ ভিতৰৰ তেজৰ গতি নিয়মীয়া কৰি ৰাখে আৰু ৰক্তনলীকাৰ বেৰত চামনি সৃষ্টি ৰোধ কৰে। এইদৰে এথেৰস্কেলৰছিছ, উচ্চ ৰক্তচাপ আৰু হৃদপিণ্ডৰ অসুখৰ সম্ভাৱনা নোহোৱা কৰে। ই জ্বৰ, শ্বাসতন্ত্ৰ সমস্যা, ব্ৰংকাইটিছ, এজমা, ফ্লু আদি উপশম কৰে। তুলসীত থকা ফাইটোকেমিকেলবোৰ শক্তিশালী এণ্টি-অক্সিডেণ্ট। ইহঁতে কেঞ্চাৰ কোষ মাৰি পেলায় আৰু এই ৰোগ বিয়পি যোৱাত বাধা দিয়ে। ৰেডিয়েশ্বনৰ ফলত সুস্থ কোষবোৰৰ ক্ষতি হয়। তুলসীয়ে এই সুস্থ কোষবোৰক ৰেডিয়েশ্বনৰ কুপ্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখে। তুলসীত থকা গ্লুটাথিয়নে এণ্টি-অক্সিডেণ্ট এনজাইম সক্ৰিয় কৰে আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থই শৰীৰত কৰিব পৰা ক্ষতি ৰোধ কৰে। এণ্টি-অক্সিডেণ্ট এনজাইমে অপকাৰী মুক্ত মূলকবোৰ ধ্বংস কৰে, কোষ আৱৰণ আৰু কোষৰ Organelles বোৰক সুৰক্ষা দিয়ে। তুলসীয়ে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। বৃক্ক পৰিষ্কাৰ কৰে আৰু বৃক্কত পাথৰ হোৱাত বাধা দিয়ে। তুলসীত থকা এচিটিক এচিড আৰু কিছুমান উপাদানে বৃক্কৰ পাথৰ গলি যোৱাত সহায় কৰে। চকুৰ স্বাস্থ্যৰ কাৰণে তুলসী অতি উত্তম। ই চকুৰ চানি পৰা, মেকুলাৰ ক্ষতি, গ্লুকমা প্ৰতিৰোধ কৰে। দৃষ্টিশক্তি উন্নত কৰে। ই দাঁতৰ সুৰক্ষা দিয়ে। দাঁতৰ আলু সবল কৰে। কেভিটি সৃষ্টিত বাধা দিয়ে। দাঁতৰ এনামেলৰ ক্ষতিসাধন কৰা বেক্টেৰিয়াবোৰ ধ্বংস কৰে। এণ্টি-অক্সিডেণ্টত সমৃদ্ধ হোৱা হেতুকে ই ইম্যুন ছীষ্টেম শক্তিশালী কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আমি তুলসীক এক মহৌষধ বুলি ক’ব পাৰোঁ। এই অতুলনীয় উদ্ভিদবিধে শৰীৰৰ প্ৰায় আটাইবোৰ তন্ত্ৰ যেনে- স্নায়ুতন্ত্ৰ, পৌষ্টিক তন্ত্ৰ, হৃদৰক্তবাহিকা তন্ত্ৰ, প্ৰজনন তন্ত্ৰ, মূত্ৰতন্ত্ৰৰ সুৰক্ষা দিয়ে।

৬ গ্ৰাম (১/৪ কাপ) তুলসীয়ে এক কেলৰি শক্তিৰ যোগান দিয়ে আৰু ইয়াত থকা উপাদনৰ পৰিমাণ এনেধৰণৰ-

ছ’ডিয়াম- ০.২ গ্ৰাম

কাৰ্ব’হাইড্ৰেট- ০.২ গ্ৰাম

ভিটামিন ‘কে’- ৩১ শতাংশ

ভিটামিন ‘এ’- ৬ শতাংশ

ভিটামিন ‘চি’- ২ শতাংশ

মেংগানিজ- ৩ শতাংশ

ফলেট- ১ শতাংশ

কেলছিয়াম- ১ শতাংশ

পটাছিয়াম- ১ শতাংশ

মেগনেছিয়াম- ১ শতাংশ

(উৎসঃ আমাৰ অসম, ডাঃ মিৰান্দা দত্ত, ফোনঃ ৯৭০৬০-৯২৩১৯)।

চফ গুটিৰ উপকাৰিতাঃ

 

এবিধ সৰু সাধাৰণ যেন লগা মচলা হ’ল চফ গুটি। অসমীয়াত ইয়াক গুৱামুৰি বুলি কয়। বৈজ্ঞানিক নাম পিমপিনেলা এনিছাম। চফ তৃণজাতীয় উদ্ভিদ। দেহটো লেহুকা আৰু পাতবোৰ বেজীৰ দৰে খিচখিচীয়া। ফুলবোৰ এডাল দীঘল ঠাৰীত থোপা পাতি ওলায়। পিঁয়াজৰ ফুলৰ দৰে সৰু সৰু আকৃতিৰ বগা। চফ গুটি সুগন্ধিযুক্ত বাবে খাদ্যবস্তু তৈয়াৰ কৰোঁতে, আচাৰ বনাওঁতে ইয়াক প্ৰয়োগ কৰি সুফল লাভ কৰিব পাৰে। খাদ্য খোৱাৰ পিছত মুহুদি হিচাপে চফ গুটি ব্যৱহাৰ কৰে। চফ গুটিৰ ঔষধি গুণো অনেক আছে। পাত আৰু শিপা বনৌষধি ঔষধ হিচাপে ব্যৱহাৰ কৰে।

v  চফ গুটি নিয়মীয়াকৈ খালে কোষ্ঠকাঠিন্য দূৰ হয়। ওজনো হ্ৰাস হোৱাত সহায়ক হয়।

v  এজমা বা ব্ৰংকাইটিছ ৰোগীয়ে খালে সুফল পাব পাৰে।

v  পানীলগা, কফ আদি হ’লে মৌৰ লগত খালে উপকাৰ পোৱা যায়।

v  আহাৰ খোৱাৰ পিছত পেটত গেছ অনুভৱ হ’লে চফগুটি খালে তৎক্ষাণাৎ উপশম হয়।

v  মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া কৰাত সহায়ক হয়।

v  পেটৰ বিষ হ্ৰাস কৰাতো সহায়ক হয়।

v  চফ গুটিত এণ্টিছেপ্টিক গুণো আছে বুলি জনা যায়।

v  চফ গুটিত কেলছিয়াম, আইৰন, মেংগানিজ আদি লৱণসমূহ আছে, যি আমাৰ শৰীৰত হাড়, ছাল, চুলি সুস্থ ৰখাত সহায় কৰে।

(উৎসঃ আমাৰ অসম, কবিতা ফুকন, ফোনঃ ৭০৮৬৬-৮৫৮৯৫)।

3.14814814815
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top