মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / তেঁতেলীৰ উপকাৰিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তেঁতেলীৰ উপকাৰিতা

অতীতৰে পৰা মানুহে খোৱা খাদ্যবস্তুবোৰৰ লগত টেঙাজাতীয় ফলমূলো গ্ৰহণ কৰি আহিছে। স্বাস্থ্যৰ বাবে উপকাৰী টেঙা ছেঁইজাতীয় ফল তেঁতেলীও মানুহৰ জনপ্ৰিয়

চমু বিৱৰণ

অতীতৰে পৰা মানুহে খোৱা খাদ্যবস্তুবোৰৰ লগত টেঙাজাতীয় ফলমূলো গ্ৰহণ কৰি আহিছে। স্বাস্থ্যৰ বাবে উপকাৰী টেঙা ছেঁইজাতীয় ফল তেঁতেলীও মানুহৰ জনপ্ৰিয় ফল। তেঁতেলী বহু বৰ্ষজীৱী জোপোহা ওখ গছ। ইয়াৰ বৈজ্ঞানিক নাম টেমেৰিন্দাছ ইণ্ডিকা। ফেবেচি পৰিয়ালৰ একমাত্ৰ টেঙা প্ৰজাতি তেঁতেলী। গ্ৰীষ্মপ্ৰধান দেশ আফ্ৰিকা, দক্ষিণ এছিয়া, উত্তৰ অষ্ট্ৰেলিয়া, ওচেনীয়া, টাইৱান আৰু চীনত প্ৰচুৰভাৱে তেঁতেলী পোৱা যায়। তেঁতেলী গছ টেঙা গুণ থকা আলতীয়া মাটি নতুবা সাগৰৰ উপকূলত বনৰীয়া গছ হিচাপে বেছিকৈ গজা দেখা যায়। বাৰ মিটাৰ উচ্চতাৰ পৰা ওঠৰ মিটাৰ পৰ্যন্ত ওখ হয়। চিৰসেউজীয়া পাতবোৰৰ আকৃতি অণ্ডাকৃতিৰ, সৰু দীঘলীয়া পাতবোৰ ছিৰিলা ছিৰিলি আৰু একান্তৰ পত্ৰবিন্যাস। ফুলবোৰ বহল দুই চেণ্টিমিটাৰতকৈ অধিক হ’ব পাৰে। ফুলৰ ৰং ৰঙা হালধীয়া। পাহি পাঁচটা। ফলৰ চিৰাবোৰ মুগা বৰণৰ টান খোলাৰে আবৃত। গুটিবোৰ মঙহাল তেঁতেলীৰ মাজত এশাৰীকৈ থাকে। কেঁচাতে বৰ টেঙা যদিও পকিলে অলপ মিঠাও লাগে। ভাৰতৰ বিভিন্ন ভাষাত তেঁতেলীৰ নাম ভিন ভিন কৈ জনা যায়। তেঁতেলীৰ টেঙা গুণৰ বাবে আঞ্জা ৰান্ধি মানুহে তেঁতেলীৰ স্বাদ লৈ তৃপ্তি পায়। তেঁতেলীৰ পৰা আচাৰ, পানীয়, আইচক্ৰীম আদি তৈয়াৰ কৰে। পকা তেঁতেলীৰ বাকলি গুচাই নিমখ দি বটলত ভৰাই ৰাখি অবতৰটো তেঁতেলীৰ স্বাদ ল’ব পাৰি।

তেঁতেলী কেইবিধমান ঔষধি গুণ -

  • তেঁতেলীৰ গুটি গুড়ি কৰি ৩/৪ গ্ৰাম মাখন মিহলাই দিনে দুবাৰকৈ কেইদিনমান খালে পেটৰ অসুখ ভাল হয়।
  • পানী লগা হৈ কফ ডিঙিত লাগি থাকিলে তেঁতেলী খালে উপশম হয়।
  • তেঁতেলীৰ ফলৰ ৰস মূৰৰ বিষ হ’লে ভৰণ দিলে বিষ কমে।
  • তেঁতেলীৰ গুটি গুড়া কৰি সৰ্প দংশনত ব্যৱহাৰ কৰিলে বিষ উপশম হয় বুলি কয়।
  • পৰীক্ষাগাৰত প্ৰমাণিত তথ্য মতে ফ্লৰ’ছিছ ৰোগ নিৰাময়ত তেঁতেলীৰ উপকাৰিতা আছে।

তেঁতেলীত উচ্চ মাত্ৰাত টাৰটেৰিক এচিড, ভিটামিন আৰু খনিজ লৱণেৰে ভৰপূৰ হৈ আছে।

১০০ গ্ৰাম কেঁচা তেঁতেলীত পোৱা পুষ্টিকৰ উপাদানসমূহ

কেল’ৰি - ২৩৯

কাৰ্বহাইড্ৰেট – ৬২.৫ গ্ৰা:

ছুগাৰ – ৫৭.৪ গ্ৰা:

ফাইবাৰ – ৫.১ গ্ৰা:

প্ৰ’টিন – ২.৮ গ্ৰা:

কেলচিয়াম – ৭৪ মি:গ্ৰা:

আইৰণ – ২.৮ মি:গ্ৰা:

মেগনেচিয়াম - .৯২ মি:গ্ৰা:

ফছফৰাছ – ১১৩ মি:গ্ৰা:

পটেছিয়াম – ৬২৮ গ্ৰা:

ছডিয়াম – ২.৮ গ্ৰা:

জিংক – ০.১ গ্ৰা:

ভিটামিন চি – ৩.৫ গ্ৰা:

ভিটামিন ই – ০.১ মি:গ্ৰা:

ভিটামিন কে – ২.৮ মি:গ্ৰা:

থিয়ামিন - .৪২৮ মি:গ্ৰা:

ৰাইব’ফ্লেভিন - .১৫২ মি:গ্ৰা:

প্ৰিডক্সিন – ০.০৬৬ মি:গ্ৰা:

নিয়াচিন – ১.৯৩৮ মি:গ্ৰা:

লেখিকা: কবিতা ফুকন

উৎস :অসম বাণী।

2.96875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top