মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / তেতেলিৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তেতেলিৰ উপকাৰিতা :

তেতেলিৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।


তেতেলি ( Tamarind)এবিধ বৰ উপকাৰী ফল। পকা তেতেলি দেখা মাত্ৰেই মুখত টেঙা-মিঠা অনুভৱ হোৱাৰ লগে লগেই নিগৰি আহে জিভাৰ পানী। তেতেলি দাইলত দি, শাকৰ আঞ্জাত দি , জেলী বনাই, চাতনী বনাই, চৰ্বত বনাই, অকনমান নিমখ তেল সানি ভাতৰ লগত খোৱা হয়। তেতেলিৰ পৰা ঔষধ আৰু নানা ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁতে ফ্লেভাৰ হিচাবে ব্যৱহাৰ কৰা হয়। আজৰি সময়ত তেতেলি দুগাগাঁঠিমান চোবাই খাই বৰ ভাল লাগে । আগৰ দিনত অসমীয়া মানুহে প্ৰায়েই তেতেলি খাইছিল কাৰণে গলব্লাডাৰ ষ্টন বেছিকৈ হোৱা নাছিল। আজিকালি খাবলৈ এৰি দিয়া কাৰণে ভাৰতৰ ভিতৰত গলব্লাডাৰ ষ্টন ৰোগী অসমত সৰ্বাধিক। তেতেলিত টাৰটাৰিক এচিভ থাকে আৰু ই আমাক বহুতো ৰোগৰ পৰা ৰক্ষা কৰি ৰাখে ৷

তলত এই বিষয়ে আলোচনা কৰা হ'ল -

(১) তেতেলিয়ে যকৃত সুৰক্ষিত কৰি ৰাখে। যকৃত বা লিভাৰৰ কোষ ধ্বংস হোৱাটো ৰোধ কৰে আৰু যকৃতৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। তেতেলি খালে জণ্ডিচ, হেপাটাইটিচ, হেপাটোমেগেলী, লিভাৰ চিৰচিছ আদি ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়। ভালদৰে বিপাক হলে বিপাক সম্বন্ধীয় ৰোগ বাতৰক্ত বা গাউট, ডায়েবেটিচ, তেজত কলেষ্টেৰল আৰু ইউৰিক এচিড বঢ়া আদি ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়।

(২) তেতেলি নিয়মীয়াকৈ খালে গলব্লাডাৰৰ কাৰ্যক্ষমতা প্ৰায় ২০-২৫ % বাঢ়ি যায় । গলব্লাডাৰ সঘনাই আৰু সঠিক ভাৱে সঙ্কূচিত হয় বাবে পিত্তৰস বা বাইল সম্পূৰ্ণৰূপে গলব্লাডাৰৰ পৰা নিৰ্গত হয় কাৰণে গলব্লাডাৰ ষ্টন সহজে হ'ব নোৱাৰে। পিত্তৰস বা বাইলত ৬০% কলেষ্টেৰল থাকে আৰু ই ক্ষাৰীয়। গলব্লাডাৰ কমকৈ সঙ্কূচিত হলে কলেষ্টেৰল বিশিষ্ট পিত্তৰসৰ গেদ গলব্লাডাৰৰ ভিতৰত সঞ্চিত হৈ ষ্টন গঠন হয়।
এবাৰ গলব্লাডাৰ ষ্টন হলে অস্ত্ৰোপচাৰ কৰি গলব্লাডাৰ উঠাই দিয়া হয়। পিছত পিত্তনলী বা যকৃতৰ ভিতৰত ষ্টন পুণৰ গঠন হয় । কিন্তু ব্যয়বহুল জটিল অস্ত্ৰোপচাৰ সকলোৰে পক্ষে সম্ভৱপৰ নহয়। সেয়েহে বহুতো ৰোগীয়ে ধনৰ অভাৱৰ বাবে অস্ত্ৰোপচাৰ কৰিব নোৱাৰি আধা বয়সতে "স্বৰ্গ যাত্ৰা" কৰা দেখিছোঁ। তাৰোপৰি যকৃতৰ ভিতৰত থকা ষ্টন বা পাথৰৰ ঘহনিৰ পৰা প্ৰায়েই যকৃত বা লিভাৰ কেঞ্চাৰ হৈ স্বৰ্গ যাত্ৰা কৰে।

(৩) তেতেলি খালে হজম শক্তি আৰু বিপাক সঠিক ভাৱে হয়। পাচক ৰস অধিক পৰিমাণে নি:সৰণ হোৱা বাবে সহজেই হজম , সেয়েহে পেটৰ ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়।

(৪) তেতেলি খোৱাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু নিৰোগী জীৱন যাপন কৰিবলৈ সক্ষম হয়।

(৫) তেতেলি খালে তেজৰ বিষাক্ত আৰু বৰ্জিত পদাৰ্থ পেচাবৰ সৈতে বাহিৰ হোৱাৰ ফলত তেজ পৰিষ্কাৰ হয়। সেয়েহে বিভিন্ন চৰ্মৰোগ, এলাৰ্জী আৰু শাৰীৰিক ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

(৬) তেতেলি খালে সিৰা-ধমনীত সঞ্চিত কলেষ্টেৰল কমে,শৰীৰৰ তেজ সঞ্চালন ভালদৰে হয়, শৰীৰৰ কোষসমূহে ভালদৰে পোষণ পোৱাৰ উপৰিও স্বাভাৱিক পৰিমাণে অক্সিজেন পায়।

(৭) তেতেলি খালে শৰীৰৰ অতিৰিক্ত মেদ কমে। শৰীৰৰ মেদ কমাৰ ফলত ডায়েবেটিচ, ফেটিলিভাৰ, হৃদৰোগ, উচ্চ ৰক্তচাপ আদি ৰোগ হোৱাৰ সম্ভাৱনা কম হয়।

তেতেলি খাওক আৰু সুস্থ থাকক। তেতেলি খালে তেজ পানী হয়, শৰীৰ দূৰ্বল হয়, যুৱতী আৰু মহিলাৰ মাহেকীয়া গণ্ডগোল হয় ইত্যাদি সম্পূৰ্ণ অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণা।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top