মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / দুগ্ধে বাঢ়ে ছন্দ পাচলিত বাঢ়ে মলঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দুগ্ধে বাঢ়ে ছন্দ পাচলিত বাঢ়ে মলঃ

পাচলিৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে

 

পৰিপুষ্টিৰ বাবে মানে শৰীৰৰ পুষ্টি আৰু তুষ্টিৰ বাবে মানৱ শৰীৰত কিছুমান সন্তুলিত খাদ্যৰ আৱশ্যক হয়। পুষ্টিকৰ খাদ্যৰ অবিহনে মানুহ দুৰ্বল হৈ পৰে। বেছিভাগ মানুহে যথেষ্ট পৰিমাণৰ খাদ্য খাবলৈ নাপায়। অন্যহাতেদি আজি কেইবছৰমানৰ পৰা খাদ্য-সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীটোক কিছুমান পুষ্টিকৰ খাদ্যৰ পৰাও বঞ্চিত কৰিছে। দৈহিক পৰিপুষ্টিৰ বাবে অন্যান্য খাদ্যৰ লগতে পাচলিৰো ভূমিকা যথেষ্ট। বৰ্তমান যৌথ পৰিয়ালবোৰ ভাগ ভাগ হোৱাত খেতিৰ বাবে ঠাইৰ অভাৱ নোহোৱা নহয়। হ’লেও কোমোৰা এজোপা, লাউ এজোপা বা বেঙেনা এজোপা এটুকুৰা ঠাই বিচাৰি গুজি থলে টাটকা পাচলি অকণ খাবলৈ পোৱা যায়। ইয়াৰ বাবে লাগিব কৰাৰ হেঁপাহ। ডাকৰ বচনতে আছে- ‘বাৰীত উৰহী চালত লাউ, সি গিৰিহঁতে সুখে ভাত খাওঁ’। আজি তেনে দুবিধমান পাচলিৰ কথাকে ক’ব খোজা হৈছে-

জাতিলাউঃ

জাতিলাউ এবিধ পুষ্টিকৰ ঔষধি গুণসম্পন্ন পাচলি। ইয়াৰ গছ লতাজাতীয়। কোমোৰাৰ দৰে ইও চাঙত বা ঘৰৰ চালত বগায়। পাত কোমোৰাৰ দৰে হ’লেও অলপ ডাঠ আৰু লেউ-সেউ। লতাবোৰ নলৰ দৰে। ফুলবোৰ বগা। ইংৰাজীত ইয়াক Bottle ground বোলে। বৈজ্ঞানিক নাম Lagenaria siceraria। জাতিলাউ গোলাকাৰ আৰু দীঘল, দুই প্ৰকাৰৰ আছে। গোলবিধক এলাউ বুলিও কয়। সাধাৰণতে লাউ দুই প্ৰকাৰৰ- জাতিলাউ আৰু ৰঙালাউ। ৰঙালাউক মিঠালাউ বুলিও কয়। ই পকিলে ৰঙা হয়। ইয়াৰ ইংৰাজী নাম Pumpkin আৰু বৈজ্ঞানিক নাম Cucurbita moschata। ৰঙালাউক শাস্ত্ৰত ‘অলাবু’ বোলে।

লাউ কেৱল পুষ্টিকাৰকেই নহয়, পিত্ত, কফ আৰু ধাতুবৰ্ধকো। গছজোপাৰ পাত, ফুল, বীজ, নল, শিপা আদি অতি আৱশ্যকীয়। জাতিলাউ ভাজি, আঞ্জা ৰান্ধি বা অন্য প্ৰকাৰেও খাব পাৰি। মাছৰ লগত লাউ, বিলাহী, মচুৰ দাইল দি ভোজত ৰন্ধা আঞ্জাখন বৰ জুতি লগা হয়। ইয়াৰ বাদেও সৰিয়হ দি, খাৰ দি, জালুক দি বা বিলাহী দি ভজা ভাজিখনো খাবলৈ ভাল হয়। দাইলত টুকুৰা-টুকুৰকৈ দিও খাবলৈ ভাল লাগে। কোমল জাতিলাউৰ ভাজিখন নমাবৰ সময়ত কণী ভাঙি দিলে খাই জুতি লাগে। ইয়াৰ পাত বেচনৰ লগত ভাজি খাবলৈ ভাল। তদুপৰি কোমল আগবিলাকো ভাজি খাই ভাল লাগে। বাকলি ভাজিলেও খাই তৃপ্তি পোৱা যায়। বসন্ত ৰোগত জাতিলাউ মোৱা মাছেৰে বহুতে ‘মাননি’ (আই ওলালে আগবঢ়োৱা প্ৰসাদ) দিয়ে।

লাউৰ বহুতো ঔষধি গুণ আছে। লাউ ফুলৰ ৰস চেনিৰ সতে খালে আদৰ্শ (কেঁচুমূৰীয়া) আৰু কোষ্ঠকাঠিন্য ভাল হয়। ধাতু দুৰ্বল হ’লে ৰঙালাউৰ গুটি বা লাউ সৰিয়হ তেলেৰে খালে সুফল পোৱা যায়। পিত্ত, কফ, জ্বৰ, বমি ভাব, বুকু জ্বলা-পোৰা কৰা ৰোগৰ বাবেও ই উপকাৰী। চকুত ছানি পৰিলে লাউ ফুলৰ ৰস উলিয়াই টোপাল হিচাপে চকুত দিব পাৰি। পায়েৰিয়া বা দাঁতৰ বেমাৰত শিপা কিছু সময় মুখত ৰাখি পাছত পেলাই দিলে ৰোগ নিৰাময় হয়। গাত ক’লা বগা দাগ পৰিলে, দাগ পৰা ঠাইত এটুকুৰা লাউ ঘঁহি দিলে দাগ ভাল হয়। শৰীৰৰ অংগৰ গঠন আৰু সুস্থতাৰ বাবে জাতিলাউ বৰ উপকাৰী। তাৰ উপৰি শৌচ খোলোচা হয় আৰু কোষ্ঠকাঠিন্য দূৰ হয়। তেনে দুবিধমান পাচলি-

কোমোৰাঃ

কোমোৰা স্বাস্থ্যৰ বাবে বৰ উপকাৰী আৰু শক্তিবৰ্ধক পাচলি। পৈণত অৱস্থাত কোমোৰা দেখিবলৈ বগা হয়। জালী (পূৰঠ নোহোৱা) কোমোৰা পাতল সেউজীয়া আৰু নোম শুং থকা। বিন্ধিলে খজুৱায়। পূৰঠ হ’লে বাকলি টান হয় আৰু তেতিয়া বাকলিত এটা বগা পাউডাৰৰ দৰে শুকান চামনি পৰে। গুটি চেপেটা, বগা, মঙহহাল অংশত শাৰী পাতি থাকে। সংস্কৃত ভাষাত কোমোৰাক কুষ্মাণ্ড বুলি কয়। ই এবিধ লাউজাতীয় পাচলি। লতাৰ দৰে চাং বা ঘৰৰ চাল, গছ-গছনি আদিত বগাই লাগে। ইয়াৰ পাত বহল ডাঙৰ আৰু শুং থকা। ফুল হালধীয়া বৰণৰ। ফলবোৰ যথেষ্ট ডাঙৰ হয়। প্ৰায় চুঙাৰ আকৃতিৰ। পূৰঠ কোমোৰাত শুং নাথাকে, একেবাৰে মিহি হৈ পৰে। তেতিয়া ফুট ছাই ৰঙৰ চামনিটো ধৰে। চামনিটো আঠাযুক্ত। সেয়ে ইয়াক ‘ৱাক্স গাৰ্ড’ বোলে। এই আঠাৰ বাবে কোমোৰা বছৰলৈকে ভাল হৈ থাকে। ইয়াক সাঁচি ৰাখি শীতকালত খাবলৈ থোৱা হয়। সেইবাবে ইয়াক ‘উইণ্টাৰ মেলন’ বুলিও কোৱা হয়। ঘৰৰ চালত বগোৱা বাবে বহুতে চাল কোমোৰাও বোলে। কোমোৰা পাতৰ চাটনি খাবলৈ বৰ ভাল লাগে। গছ আৰু আকণ্ডও তৰকাৰী কৰি খায়। মাছৰ লগত বিলাহী দি আঞ্জা খাবলৈও ভাল। গেলা কোমোৰাৰ খাৰ খাবও পাৰি। ভাজি খাবলৈও ভাল লাগে। বিশেষকৈ হাঁহৰ মাংসৰ লগত কোমোৰা আহিন-কাতি মাহত প্ৰায় খেদি কুৰি খায়। এই সময়ত হাঁহৰ তেল ধৰে। ইংৰাজীত কোমোৰাক কোৱা হয় Ash gourd বুলি। বৈজ্ঞানিক নাম Beninecasa Hispida। কোমোৰাৰ মঙহহাল অংশ স্বাদহীন। সেয়ে মা-মছলা, টেঙা আদি দিহে সোৱাদ লগা কৰা হয়। অৱশ্যে কোমোৰা বুঢ়া হ’লে টেঙা লাগে। কোমোৰাৰ পৰাই বজাৰত আগ্ৰা পাঠা বুলি মিঠাযুক্ত এবিধ মিষ্টান্ন কিনিবলৈ পোৱা যায়। খাবলৈ বৰ সোৱাদ লগা এই মিষ্টান্ন।

সহজলভ্য এই পাচলি বিধত আছে- আইৰণ, প্ৰ’টিন, কেলচিয়াম, মেগনেছিয়াম আদি উপাদান। তদুপৰি আছে যথেষ্ট পৰিমাণৰ আঁহ, শ্বেতসাৰ, ছ’ডিয়াম আৰু পটাছিয়াম। ইয়াৰ উপৰি ভিটামিন ‘চি’ আছে।

কোমোৰাৰ জন্মস্থান জাভা আৰু জাপান। চীন দেশতো অতি পুৰণি কালৰ পৰা ইয়াৰ খেতি কৰা কথা জনা যায়। অকল অসমতে নহয়, ভাৰতৰ পাহাৰ-ভৈয়াম দুয়োটা অঞ্চলতে ইয়াৰ খেতি হয়। অতীতত ভাৰত, মালয়েছিয়া, চীন, পাপুৱা, নিউগিনিটো কোমোৰাৰ খেতি কৰিছিল। ইতিহাসৰ মতে চীনাসকলে ২০০০ বছৰৰ আগৰ পৰা ইয়াৰ খেতি কৰে।

উল্লেখযোগ্য যে ভাৰতত দুৰ্গাপূজা আদিত কোমোৰা ভগৱানৰ নামত উছৰ্গা কৰাও দেখা যায়। ইয়াৰ উপৰি ভূত-প্ৰেত আঁতৰ হয় বুলিও এটা অন্ধবিশ্বাস আছে। আগৰ মানুহে সেয়ে নতুনকৈ সজা ঘৰ বা গোহালিৰ চালত হেনো কোমোৰা গছ লগায়।

এই ঔষধি গুণসম্পন্ন পাচলিবিধে কাহ, কফ, প্ৰস্ৰাৱৰ দোষ, এজমা, মৃগী, আভ্যন্তৰীণ ৰক্তক্ষৰণ, ঋতুস্ৰাৱৰ বিষ, মধুমেহ, মেদবহুলতা, অম্লতা হ্ৰাস, আন্ত্ৰিক পেলু, দেহ গঠন, গল ব্লাডাৰ, বৃক্কৰ পাত্থৰ, হাঁপানি, কোষ্ঠকাঠিন্য, বিষনাশ কৰাৰ লগতে মানসিক বিকাৰগ্ৰস্ততা আদি ৰোগো নিৰাময় কৰে। মূৰৰ উফি গুচোৱাৰ লগতে কোমোৰাই চুলিৰ সৌন্দৰ্যও বৃদ্ধি কৰে। কোমোৰাৰ গুটি পুষ্টিদায়ক আৰু জীৱকোষ বৰ্ধনত সহায়ক। জণ্ডিচ, জ্বৰ আদিৰ বাবেও উপকাৰী। হৃদপিণ্ডৰ বাবে কোমোৰা টনিক স্বৰূপ। ই শৌচ-প্ৰস্ৰাৱেই পৰিষ্কাৰ নকৰে স্মৃতিবৰ্ধকো। কোমোৰাৰ মাজ অংশ জুয়ে পোৰাত ভৰণ দিলে পোৰণি মৰে। শুকান ছালৰ বাবে ইয়াৰ ৰস উপকাৰী। নিদ্ৰাহীনতা, যক্ষ্মা, দুৰ্বলতা, অৰ্শ আদিৰ বাবে ভাল। কোনো পাচলি খাই বিষক্ৰিয়া হলে বা মদ খাই বিষক্ৰিয়া হ’লে কোমোৰাৰ ৰস খুৱালে উপশম ঘটে। চকল চকলকৈ কোমোৰা চেনিৰ লগত খালে ওজন বৃদ্ধি হয়। গাৰ ঘাম হ’লে বেচনৰ লগত কোমোৰা ৰস মিহলাই ঘঁহিব লাগে। কোষ্ঠকাঠিন্য দূৰ কৰিবলৈ কোমোৰা টুকুৰা কৰি সিজাই তাৰ পানী খালে উপকাৰ পোৱা যায়।

পেটৰ ঘা, এচিডিটি দূৰ কৰিবলৈ কোমোৰা পিহি তাৰ ৰস সম পৰিমাণৰ পানীৰ লগত মিহলাই পুৱা খালী পেটত খালে ৰোগৰ উপশম ঘটে। ই বাৰ্ধক্যৰ চাপ কমায়। ৰদে পোৰা ছালৰ বাবেও কোমোৰা উপকাৰী। চীনাসকলে কোমোৰা প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰে। সদায় খাব পাৰিলে ভাল। নোৱাৰিলেও সপ্তাহত ৫-৬ সাজ কোমোৰা খালে শৰীৰৰ পৰা বহু বেমাৰ দূৰ হয়। কোমোৰাৰ ঔষধি গুণ সম্পৰ্কে ‘চৰক সংহিতা’ আৰু ‘অষ্টাংগ হৃদয়’ সংহিতাত সুন্দৰকৈ আছে। ইয়াৰ গুটি গাখীৰৰ লগত খালে মাতৃদুগ্ধ বৃদ্ধি পায়।

কোমোৰাত কে’বাবিধো এমাইন’ এচিড আৰু খনিজ লৱণ আছে। কোমোৰাই মানৱ দেহৰ কোষসমূহ সুস্থ আৰু সুস্থিৰ কৰি ৰাখে। সৰু-বৰ সকলোৰে বাবে কোমোৰা বৰ উপকাৰী পাচলি। ই দেহলৈ শীতলতা আনে। সেয়ে চীনাসকলে গৰম দিনত হোৱা জ্বৰত শীতলতা আনিবলৈ ইয়াৰ ৰস ব্যৱহাৰ কৰে। এই সহজলভ্য পাচলিবিধ খাই বহুত বেমাৰ আঁতৰাব পাৰি। কোমোৰা বিভিন্ন প্ৰকাৰে খাব পৰা যায়। ইয়াৰ চুপো খায়। দক্ষিণ-পূব এছিয়াত কোমোৰাৰ ৰসৰ পৰা ‘উইণ্টাৰ মেলন চাহ’ বুলি এবিধ পানীয়ও প্ৰস্তুত কৰিছে।

(উৎসঃ অগ্ৰদূত, ৰুণু তামুলী বৰা)।

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top