মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / দেহৰ বাবে মেগনেছিয়ামৰ আৱশ্যকতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দেহৰ বাবে মেগনেছিয়ামৰ আৱশ্যকতা :

দেহৰ বাবে মেগনেছিয়ামৰ আৱশ্যকতাৰ বিষয়ে লিখা হৈছে ।

 

দেহৰ বাবে দৰকাৰী খনিজ পদাৰ্থ কেলচিয়াম, পটাচিয়াম, ছ’ডিয়াম, ফচফৰাচ, লৌহ পদাৰ্থ, জিংক, কপাৰ আদিৰ দৰে মেগনেচিয়ামো এবিধ অত্যাৱশ্যকীয় খনিজ দ্ৰব্য, হাড়ৰ গঠন আৰু শক্তিশালীকৰণৰ ক্ষেত্ৰত যাৰ ভূমিকা সৰ্বাধিক । দেহৰ সমস্ত হাড় কেলচিয়ামৰ দ্বাৰা গঠিত হ’লেও, ইয়াৰ শক্তিৰ ক্ষেত্ৰত কিন্তু মেগনেচিয়ামৰ ভূমিকাহে বিশেষ গুৰুত্বপূৰ্ণ । কেলচিয়ামেৰে গঠিত হাড় শক্তিশালী হয় একমাত্ৰ মেগনেচিয়ামৰ প্ৰভাৱতহে । সেয়ে দেহৰ ধৰণীস্বৰুপ হাড়বোৰ শক্তিমন্ত কৰি ৰখাৰ বাবে আমাৰ আহাৰত যথোচিত মাত্ৰাত মেগনেচিয়াম থাকিব লাগে । অকল হাড়েই নহয় দেহৰ স্নায়ুৰ ওপৰতো এইবিধ পদাৰ্থৰ প্ৰভাৱ অপৰিসীম । ইয়াৰ অভাৱ দীৰ্ঘদিনীয়া হ’লে দেহৰ পেশী টনাটনি কৰিব পাৰে, হাত কঁপিব পাৰে, নাড়ীৰ স্পন্দন অনিয়মীয়া হ’ব পাৰে, টোপনিত ব্যাঘাত হ’ব পাৰে, লগতে ই মস্তিষ্কৰো ক্ষতি সাধিব পাৰে । ইয়াৰ অভাৱত মানুহ অৱসাদতো ভুগিব পাৰে । ইয়াৰ যথোচিত মাত্ৰাই হৃদৰোগ, ধমনীৰ ৰোগ আদি প্ৰতিহত কৰিব পাৰে ।

বহুবিধ উদ্ভিদজাত খাদ্য শস্যত মেগনেচিয়াম পোৱা যায় যদিও তাৰ পৰিমাণ নিৰ্ভৰ কৰে শস্যৰ মাটিডৰাৰ গুণা-গুণৰ ওপৰতহে । ৰাসায়নিক সাৰসৰ্বস্ব মাটিৰ শইচত ইয়াৰ অভাৱ ঘটে । আনহাতে যিবোৰ শাক-পাচলিত এই উপাদানবিধ থাকে, সেইবোৰ শাক-পাচলিত এই উপাদানবিধ থাকে, সেইবোৰ শাক-পাচলি বেচিকৈ মোহাৰি ধূলে বা সিজাই পানী পেলাই দিলে এই অত্যাৱশ্যকীয় পদাৰ্থখিনিও আঁতৰি যাব পাৰে । দেহৰ প্ৰতিটো কোষৰ বাবেই এই মেগনেচিয়াম অত্যাৱশ্যকীয় । পাচন প্ৰক্ৰিয়াতো ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ । খাদ্যৰ হজম  নোহোৱা বৰ্জিত পদাৰ্থসমূহৰ নিষ্কাশণত ই বিশেষভাৱে অৰিহণা যোগায় । সাধাৰণতে দেহত কেলচিয়ামৰ আধা ভাগ মেগনেচিয়াম থাকিব লাগে । অৰ্থাৎ মেগনেচিয়ামৰ দুগুণ কেলচিয়াম দেহত থাকিব লাগে । দেহত এই দুয়োটা উপাদানৰে ওত:প্ৰোত সম্বন্ধ আছে । এটাক এৰি আনটো প্ৰায় অস্তিত্বহীন বুলিব পাৰি । শৰীৰত দুয়োবিধৰে সঠিক সন্তুলন একেবাৰে অত্যাৱশ্যকীয় ।

বাদামজাতীয় ফল, চয়াবিন, সেউজীয়া শাক-পাচলি, বিলাহী, গাখীৰ, কল, নেমু, খেজুৰ আদি মেগনেচিয়ামৰ উৎকৃষ্ট উৎস । প্ৰকৃতিয়ে মেগনেচিয়াম সমৃদ্ধ খাদ্য পদাৰ্থবোৰৰ মাজত বিশেষভাৱে কেলচিয়ামেৰেও সমৃদ্ধ কৰিছে ।

লেখক :- ভূৱনেশ্বৰ ডেকা

উৎস :- জি এনআৰচি স্বাস্থ্য

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top