মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / দৈ ৰ বিষয়ে জানো আহক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দৈ ৰ বিষয়ে জানো আহক :

দৈ ৰ বিষয়ে জানো আহক, ৰ বিষয়ে লিখা হৈছে ।

 

দৈ মাত্ৰ এবিধ সুস্বাদু খাদ্যই নহয়, স্বাস্থ্যকৰ আহাৰ । খাদ্যতালিকাত দুগ্ধজাত এই উপাদানবিধ নিয়মিত খালে আমি বহুতো স্বাস্থ্যগত সুবিধা পাওঁ ।

আয়ুৰ্বেদ শাস্ত্ৰ মতে দৈ এবিধ ৰুচিকাৰক, শুক্ৰবৰ্ধক, অগ্নিদীপক অৰ্থাৎ মন্দাগ্নি নিবাৰক তথা বাতৰোগ প্ৰশমক পুষ্টিকৰ খাদ্য পদাৰ্থ। এৱা গাখীৰৰ তুলনাত দৈ অধিক পুষ্টিকাৰক আৰু সহজে হজম হোৱা প্ৰকৃতিৰ উপকাৰী খাদ্য পদাৰ্থ। ইয়াৰ নিয়মিত সেৱনে দেহৰ ৰোগ প্ৰতিৰোধী শক্তি বঢ়াই তোলে। ই পাকস্থলীৰ উষ্ণতা প্ৰশমিত কৰি পেটৰ ভিতৰত সৃষ্টি হোৱা হানিকাৰক জীৱাণুবোৰ নাশ কৰে আৰু পেটৰ যথেষ্ট উপকাৰ সাধন কৰে। দৈৰ নিয়মিত সেৱনে বৃদ্ধাৱস্থাৰ গতি লেহেম কৰাই নহয়, ই কেঞ্চাৰৰ নিচিনা দূৰাৰোগ্য ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো এটা ইতিবাচক ভূমিকা গ্ৰহণ কৰে । দৈত থকা উপকাৰী বেক্টেৰিয়া বোৰে বৃহদান্ত্ৰৰ বেৰত এক বিশেষ আৱৰণৰ সৃষ্টি কৰি কিছুমান ক্ষতিকাৰক বীজাণুৰ পৰা দেহক বচাই ৰাখে। বয়সিয়াল লোকৰ বাবে দৈ বিশেষভাৱে উপকাৰী।

দৈ ৰ ঔষধি গুণ -

* দৈত প্ৰচুৰ পৰিমানে কেলছিয়াম আৰু ভিটামিন ডি থাকে । এই দুইটা উপাদানেই হাড়ৰ বাবে অত্যন্ত প্রয়োজনীয়। নিয়মিত দৈ খালে হাড় মজবুত হয়।

*দৈত কেলছিয়াম আৰু লেক্টিক এচিড বেচিলাচ প্ৰচুৰ মাত্ৰাত পোৱা যায়।
নিয়মিত ৰূপত ইয়াক সেৱন কৰিলে গাৰ ছালৰ কোমলতা বৃদ্ধি পায় ।দৈ ৰ লেক্টিক এচিডে ছাল পৰিষ্কাৰ কৰে আৰু মৃত কোষ চাফা কৰে।

*দৈৰ লগত জালুক (মিহিকৈ পিহি) মিহলাই চুলি ধুলে চুলি ঘন, কোমল আৰু অধিক ক’লা হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত পোৱা যায়।

*দৈ ত অন্যান্য উপাদানৰ লগতে প্ৰচুৰ ভিটামিন থাকে । বিশেষকৈ উল্লেখযোগ্য মাত্রাত ভিটামিন বি৫, জিংক, পটাছিয়াম, ফছফৰাছ , আয়োডিন আৰু ৰাইবফ্লোভিন যিয়ে শৰীৰৰ তেজৰ শ্বেতৰক্তকণিকা বঢ়াই দিয়ে আৰু বীজাণু সংক্রমণৰ বিৰুদ্ধে যুদ্ধ কৰে।

*দৈ ত থকা পটাছিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰা সহায় কৰে।

* দৈৰ নিয়মিত সেৱনে কেঞ্চাৰ ৰোগৰ আশংকা কিছু পৰিমাণে কমাই ৰাখে।

* পাকস্থলীৰ নানাধৰণৰ সমস্যা দূৰ কৰিবলৈ দৈ ৰ ভূমিকা উল্লেখনীয় । বিশেষকৈ লেকটোজৰ প্রতি সংবেদনশীলতা, কোষ্টকাঠিন্য, ডায়েৰিয়া , বৃহদান্ত্ৰৰ কেঞ্চাৰ আৰু অন্ত্রৰ সমস্যা দূৰ কৰাত কার্যকৰী হয় দৈ।

*বৃদ্ধাৱস্থাত প্ৰতিদিনে কমেও ১৫০ মিলিগ্ৰামকৈ দৈ সেৱন কৰিলে দেহৰ ‘এণ্টিবডী’ অৰ্থাৎ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বৃদ্ধি ঘটে।

* দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালৰ ৰোগ খৰ আদিত লগালে সোনকালে খৰ খজুৱতি নাশ হয়।

* কলৰে সৈতে দৈ খালে মুখৰ ভিতৰত ছাল যোৱা আদিত সুফল পোৱা যায় আৰু সোনকালে মুখৰ ভিতৰত ছাল যোৱা ৰোগ নিৰাময় হয়।

*দৈ অতিসাৰ আৰু শোথ ৰোগত যথেষ্ট উপকাৰী।

* ২৫০ মিলিগ্ৰামমান দৈৰ লগত মিঠা আমৰ চৰবত তৈয়াৰ কৰি খালে চেহেৰা তেজাল আৰু দীপ্তমান হৈ পৰে বুলি আয়ুৰ্বেদ শাস্ত্ৰত পোৱা যায়।

* টেঙা দৈৰে মূৰ (চুলি) ধুলে মূৰৰ উফি নাশ হয়।

* নিয়ন্ত্রিত মাত্রাত দৈ খালে শৰীৰৰ ওজন কমে। এইক্ষেত্ৰত জনা যায় যে , খোৱাৰ লগত দৈ খালে তাক হজম কৰিবলৈ শৰীৰৰ চর্বি ব্যবহাৰ কৰিবলৈ উৎসাহিত করে। ফলত শৰীৰৰ চর্বি কমে আৰু দেহৰ ওজন কমাত সহায় কৰে।

দৈ কেতিয়া খাব নালাগে -

* জ্বৰ হোৱা অৱস্থাত দৈ খাব নালাগে।

*মূৰৰ বিষ, ৰক্তপিত্ত, এলাৰ্জী, চৰ্দি, চাইনাচাইটিছ আদি ৰোগত ভোগা ব্যক্তিয়ে দৈ খাব নালাগে।

* চেনিৰে সৈতে দৈ খাব নালাগে। চেনিৰে সৈতে দৈ সেৱন কৰিলে উপকাৰিতাৰ মাত্ৰা হ্ৰাস পায়। দৈ সেয়ে সদায় নিমখৰ সৈতে সেৱন কৰা উচিত।

* ৰক্ত সম্পৰ্কীয় ৰোগত ভোগা ব্যক্তিয়ে সাধাৰণতে ৰাতিৰ ভাগত দৈ খাব নালাগে।

দৈনন্দিন খাদ্য তালিকাত দৈৰ নিয়মীয়া অন্তৰ্ভুক্তিৰে নিঃসন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো।

লেখক – মনোজ কুমাৰ গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.7
মনোজ নাথ Jul 03, 2019 01:32 PM

দৈ শব্দৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ বিষয়ে জানিব বিচাৰো৷

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top