অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দৈৰ উপকাৰিতা

দৈৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

দৈ বা দৈ-গাখীৰৰ লগত অসমীয়াৰ সম্পৰ্ক অতি গাঢ় আৰু চিনাকি পুৰণিকলীয়া । ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসমীয়াসকল অতি আগৰণুৱা আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত অতি সিদ্ধহস্ত । দেশৰ অন্য প্ৰান্ততো ইয়াৰ প্ৰচলন যথেষ্ট হ’লেও অসমৰ দৰে ব্যৱহাৰিক ক্ষেত্ৰত তেনে বিস্তৃত নহয় । বাকী ৰাজ্যত ইয়াক সাধাৰণতে কিছু খাদ্য প্ৰস্তুতি আৰু ভাতৰ লগত খোৱাৰ বিপৰীতে অসমত একেধৰণৰ ব্যৱহাৰৰ উপৰি বিধে বিধে জা-জলপানৰ লগত জুতি লগাই খোৱাত অতি পাৰ্গত অসমীয়াসকল । প্ৰকৃততে অসমীয়াৰ নিজস্বতা থকা জলপান, যেনে-বৰা চাউল, কোমল চাউল, ভজা চাউল, দোৱাই ভজা চাউল, চিৰা, মুড়ী, সান্দহগুড়ি, পিঠাগুড়ি আদিৰ লগত দৈ মিলাই খালে যি তৃপ্তি পোৱা যায় সেই তৃপ্তি অনন্য । আৰু ব্যৱহাৰৰ পিছত হাত ধুলে এঠা এৰাব নোখোজা চুঙা-টেকেলিৰ দৈও হয়তো অসমতহে পোৱা যায় ।

অৱশ্যে এনে দৈ আজিকালি দুষ্প্ৰাপ্য সামগ্ৰীৰ দৰে হৈ পৰা দেখা গৈছে । তাৰ কাৰণ হৈছে, ম’হৰ অভাৱত ম’হৰ দৈৰ অভাৱ অৱধাৰিত হোৱাৰ উপৰি ম’হৰ গাখীৰৰ ভেজালকৰণ কৰিবলৈ লোৱাত এঠা দৈৰ প্ৰাপ্তিও দুষ্প্ৰাপ্য হ’ব ধৰিছে । তথাপি অৱশ্যে অধিক মূল্যৰ বিনিময়ত এনে দৈ অদ্যাপি বজাৰত অতি কম পৰিমানে হ’লেও পোৱাটো সম্ভৱপৰ হৈ আছে । উল্লেখ্য, সম্প্ৰতি অসমীয়া খাদ্যতো ৰুপান্তৰকৰণৰ কিছু প্ৰভাৱ পৰিবলৈ লোৱাত দৈৰ ব্যৱহাৰিক পৰিসৰো কিছু সীমিত হৈ পৰিছে । সেয়া হ’লেও কিন্তু বিহু বা সকাম-নিকামত দৈৰ প্ৰয়োজনীয়তাক উলাই কৰিব পৰা হোৱাগৈ নাই । আজিও দৈ পঞ্চামৃতৰ এক উপকৰণ ৰুপে প্ৰচলিত হৈ আছে ।

এইটো সৰ্বজনবিদিত যে দৈ হৈছে গাখীৰৰ এবিধ উৎপন্ন দ্ৰব্য । সেয়ে প্ৰকৃতিত ইয়াক মুক্তাৱস্থাত পোৱা নাযায় । মানুহে ইচ্ছা কৰিলে গাখীৰৰ পৰা প্ৰস্তুত কৰি ল’ব পাৰে । গাখীৰ বোলোতে সাধাৰণতে গৰু, ছাগলী, ম’হ, ভেড়া, উট, মেঠোন, য়াক আদি পোহনীয়া জন্তুৰ পৰাই সাধাৰণতে দৈ প্ৰস্তুত কৰা হয় । প্ৰকৃততে বেক্টেৰিয়াবিশেষৰ সান্নিধ্যত গাখীৰত ঘটা ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই দৈৰ সৃষ্টি হয় । সেয়েহে আমাৰ প্ৰকৃতিপ্ৰদত্ত উপকাৰী বেক্টেৰিয়া, যেনে- ষ্টেপ্ট’ককাছ লেক্টিছ, ষ্টেপ্ট’ককাছ থাৰ্মফিলাছ আৰু ষ্টেপ্ট’ককাছ বুলগেৰিকাছ আদিক এৱাঁ গাখীৰৰ লগত সংযোগ ঘটাব পাৰিলেই আমাৰ অজানিতে গাখীৰ দৈত পৰিণত হৈ উঠিব ।  প্ৰকৃততে বেক্টেৰিয়াই বিপাকীয় কাৰ্যৰ জৰিয়তে গাখীৰৰ কিন্নন ঘটাই দৈত পৰিণত কৰে । সেইবাবেই দৈ প্ৰস্তুতিৰ সময়ত অকণমান পুৰণা দৈ (য’ত বেক্টেৰিয়া সংযোজিত হৈ থাকে) মিহলাই ভালকৈ লৰাই দিয়া উচিত । দৈ প্ৰস্তুতি দ্ৰুততৰ হ’বৰ বাবে অৱশ্যে বায়ুমণ্ডলৰ উষ্ণতা ৩৫-৪০° চে:ৰ আৱশ্যক হয় । সেয়ে ঠাণ্ডাকালিতকৈ গৰমকালি সোনকালে গাখীৰৰ পৰা দৈ পোৱা সম্ভৱ । মন কৰিবলগীয়া যে গাখীৰত লেক্টজ নামৰ এবিধ কাৰ্বোহাইড্ৰেট থাকে আৰু বেক্টেৰিয়াই বিপাকীয় কাৰ্যৰ জৰিয়তে লেক্টজক লেক্টিক এচিড CH3CH(OH)COOH লৈ পৰিৱৰ্তন কৰে ।  ফলত সময় বাঢ়ি যোৱাৰ লগে লগে দৈত সেই এচিডৰো পৰিমাণ বৃদ্ধি পাব ধৰে । পৰিণতিত দিন বঢ়াৰ লগে লগে দৈৰ টেঙা গুণো বৃদ্ধি পাবলৈ ধৰাত পুৰণা দৈ আমি বেছিকৈ টেঙা পাওঁ ।

গাখীৰৰ দৰে দৈও পুষ্টিদায়ক খাদ্য । যিহেতুকে দৈৰ প্ৰস্তুতিৰ বাবে গাখীৰত কোনো নতুন উপাদানৰ সংযোজন ঘটোৱা নহয়, গতিকে গাখীৰৰ উপাদানবোৰ দৈতো থকাটো স্বাভাৱিক । কেৱল বেক্টেৰিয়াই ঘটোৱা বিপাকীয় কাৰ্যৰ ফলত গাখীৰত থকা উপাদানসমূহৰ আনুপাতিক মানৰ সামান্য তাৰতম্য ঘটিব পাৰে । দৈত থকা উপাদানসমূহৰ পৰিমাণ গাখীৰৰ মান, প্ৰাণীবিধৰ প্ৰজাতি তথা খাদ্যৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰশীল । তথাপি সাধাৰণতে দৈত পাব পৰা মূল উপাদানসমূহৰ পৰিমাণ হৈছে (প্ৰতি ১০০ গ্ৰামত) পানী ৮৯ গ্ৰাম, শক্তি ৬০ কেলৰি, প্ৰ’টিন ৩.১ গ্ৰাম, চৰ্বি ৪ গ্ৰাম, কাৰ্বোহাইড্ৰেট (লেক্টজ) ৩ গ্ৰাম, কেলচিয়াম ১৫০ মি: গ্ৰাম, আইৰন ০.২ মি: গ্ৰাম, ভিটামিন-এ ৩৪ মি: গ্ৰাম, বি১ ০.০৫ মি: গ্ৰাম আৰু বি২ ০.১৬ মি: গ্ৰাম । গতিকে এনে তথ্যই প্ৰতিপন্ন কৰে যে দৈ এবিধ উপাদেয় আহাৰ । ইয়াৰ স্বাদো যথেষ্ট তৃপ্তিদায়ক । বিশেষকৈ ম’হৰ গাখীৰত থকা চৰ্বিৰ পৰিমাণ অধিক হোৱাৰ হেতুকে ম’হৰ দৈৰ স্বাদো উত্তম হয় ।

জনা যায় যে বেক্টেৰিয়াৰ জৰিয়তে সাধিত ৰাসায়নিক পৰিৱৰ্তনৰ হেতুকে দৈত এফালে লেক্টজৰ পৰিমাণ কম হয় আৰু আনফালে কেলচিয়াম-ফছফৰাছৰ আনুপাতিক হাৰ বৃদ্ধি পায় । তদুপৰি বেক্টেৰিয়াৰ বিপাকীয় কাৰ্যৰ ফলত দৈত দুবিধ ভিটামিন-বি১ আৰু বি২ ৰ পৰিমাণ গাখীৰতকৈ বেছি পোৱা যায় । এই দুবিধ ভিটামিনে স্নায়ুতন্ত্ৰৰ গঠন আৰু শৰীৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । আনহাতেদি দৈত যি লেক্টিক এচিডৰ উৎপত্তি ঘটে সি আমাৰ ক্ষুদ্ৰান্ত্ৰত গেলেক্টজ আৰু গ্লুক’জ নামৰ শক্তি উৎপাদানকাৰী উপাদানৰ সৃষ্টিত সহায় কৰে । লগতে গ্ৰহণী, টাইফয়েড বা ডায়েৰীয়া আদি ৰোগৰ বাবে ক্ষুদ্ৰান্তত থকা শ্লেষ্মা আৱৰণৰ যি ক্ষতি হয় তাৰো স্বাভাৱিককৰণত ই সহায় কৰে । সেইদৰে এণ্টিবায়’টিক ঔষধ সেৱনৰ ফলত ৰোগীৰ ক্ষুদ্ৰান্তত থকা উপকাৰী বেক্টেৰিয়াৰ যি ক্ষতি হয় সেই ক্ষতি পূৰনতো দৈয়ে সহায় কৰে । প্ৰাপ্ত তথ্য মতে পৰীক্ষাৰ দ্বাৰা বোলে প্ৰমাণিত হৈছে যে দৈ সৰল, কোমল আৰু সহজেই হজম কৰিব পৰা এবিধ পুষ্টিকাৰক খাদ্য । সেয়ে দুৰ্বল হজম শক্তি থকা লোক, ৰোগী আৰু শিশুৰ বাবে ই  অতি উপযোগী বুলি কোৱা হৈছে । লক্ষণীয় যে দৈয়ে মানুহৰ পৰমায়ু বৃদ্ধিতো ইতিবাচক প্ৰভাৱ পেলায় বুলি শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে । তেনেকৈ দৈয়ে হৃদৰোগ প্ৰতিৰোধতো সহায় কৰে বুলি পোহৰলৈ আহিছে । অৱশ্যে সেই দৈ সৰকঢ়া গাখীৰৰ পৰা তৈয়াৰী, অৰ্থাৎ সৰমুক্ত গাখীৰৰ পৰা প্ৰস্তুত হ’ব লাগিব । বহু সময়ত আকৌ অভিযোগ শুনিবলৈ পোৱা যায় যে দৈয়ে পেটত গেছ বা এচিডৰ সৃষ্টি কৰে । কিন্তু বিশেষজ্ঞসকলে এনে অভিযোগৰ সত্যতা নাই বুলি অভিমত ব্যক্ত কৰিছে । কাৰণ হিচাপে কোৱা হৈছে যে দৈয়ে এচিড সৃষ্টিৰ পৰিৱৰ্তে অন্য খাদ্যৰ হজম সহজসাধ্য কৰি তুলি গেছ-এচিড সৃষ্টিৰ পৰিৱেশ নোহোৱাহে কৰে । অৱশ্যে দৈ অতিপাত টেঙা হ’লে এচিড উৎপন্ন হোৱাৰ সম্ভাৱনা থাকিব পাৰে ।

গতিকে দৈৰ উল্লিখিত দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি বছৰৰ সকলো সময়তে আমি ইয়াক খোৱাৰ প্ৰতি যত্নপৰ হোৱাৰ প্ৰয়োজন আছে ।

লেখক :- অৰ্পণ দত্ত

উৎস :- জি এনআৰচি স্বাস্থ্য

কিয় কাক কেতিয়া আৰু কেনেকৈ টি টি বেজী লোৱা আৱশ্যক -

টি. টি. বেজী দিয়া হয় ধনুষ্টংকাৰ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে, ঠিক যেনেকৈ পলিঅ’ ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে পলিঅ’ ভেকছিন দিয়া হয় । পাৰ্থক্য হৈছে সমাজত পলিঅ’ ৰোগৰ বা আন সংক্ৰামক ৰোগৰ যিমান সফল টিকাকৰণ কৰা হয়, প্ৰ্তিজন ব্যক্তিয়ে ইয়াৰ সুফল লাভ কৰে, অৰ্থাৎ সমাজৰ প্ৰতিজন ব্যক্তিৰে সেই ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়; কিন্তু ধনুষ্টংকাৰ ৰোগৰ সমাজৰ এজনক বাদ দি যদি প্ৰতিজনকে সফল টিকাকৰণ কৰা হয়, তথাপিও সেই এজন ব্যক্তিৰে ধনুষ্টংকাৰ হোৱাৰ সম্ভৱনা আগতকৈ কোনোগুণে নকমে । ইয়াৰ কাৰণ হৈছে যে ধনুষ্টংকাৰৰ বীজানু ইজনৰ পৰা সিজনলৈ নহয়, পোনপটীয়াকৈ পৰিবেশৰ পৰাই ব্যক্তি এজনক সংক্ৰমিত কৰিব পাৰে । আনকি, ব্যক্তিজনৰ নিজৰ ভিতৰৰ পৰাই এই বীজানুয়ে তাক সংক্ৰমিত কৰিব পাৰে । হয়, ব্যক্তি এজনৰ খাদ্যন্ত্ৰতে বা কাণতো ধনুষ্টংকাৰৰ বীজাণু বছৰ বছৰ ধৰি বাহৰ পাতি থাকিব পাৰে; আৰু কেতিয়াবা সুযোগ পালেই তেজত সোমাই আক্ৰমণ কৰি দিব পাৰে । অনুজীৱটোৱে তেজত সোমাই এধৰণৰ বিহ উৎপন্ন কৰে যাৰ প্ৰভাৱত আমাৰ শৰীৰৰ মাংসপেশীবোৰ টান হয় আৰু ঘনাই ঘণাই প্ৰচণ্ড বেদনাৰ সৈতে পেশীবোৰ বৰ বেয়াকৈ টানি ধৰিবলৈ ধৰে – বিশেষকৈ পাৰিৰ, মুখ মণ্ডলৰ, ডিঙিৰ, পিঠিৰ, ভৰিৰ আৰু পেটৰ পেশীবোৰ । এই ৰোগৰ ৰোগী সকলৰ মৃত্যুৰ হাৰ বহুত বেছি, এনেকি নৱজাতকৰ এই ৰোগ হ’লে পৰিলেখ মতে শতকৰা ৯০ জনৰে মৃত্যু হয় । ২০১১ চনৰ সমীক্ষা মতে ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত অসমতে ধনুষ্টংকাৰৰ সংক্ৰমণ সৰ্বাধিক আছিল ।এই মাৰাত্মক ৰোগবিধৰে প্ৰতিৰোধৰ উদ্দেশ্যে ১৯২৭  চনত টি টি ভেকছিনৰ আৱিষ্কাৰ । টি টি –ৰ সম্পুৰ্ণ নাম হৈছে টিটনাছ টক্স’ইড । ই দৰাচলতে টিটেনাছ বীজানুৰ নিৰ্বিষকৃত বিহ, যিয়ে আমাৰ শৰীৰত বিষক্ৰিয়াতো কৰিব নোৱাৰে কিন্তু টিটেনাছৰ বিষক নষ্ট কৰিব পৰা প্ৰতিবিহ উৎপন্ন কৰিবৰ বাবে শৰীৰক উদ্ধুদ্ব কৰিব পাৰে ।গতিকে, পৰৱৰ্তী সময়ত টিটেনাছ বীজণু আমাৰ তেজত সোমাই বিহ এৰিলেও শৰীৰত ইতিমধ্যে মজুত থকা প্ৰতিবিহে তৎক্ষণাৎ বিহখিনি বেয়া কৰি দিব পাৰে ।
কাক আৰু কেতিয়া এই টি টি বেজীৰ প্ৰয়োজন, সেয়া বুজিবলৈ কাৰ তেজত কি কি উপায়ে টিটেনাছ বীজাণু সোমাব পাৰে সেইটো জনা আৱশ্যক। এই ক্ষেত্ৰত টিটেনাছক ৫ টা ভাগত ভগোৱা হ’ল -
১) আঘাতজনিত :-

বেজীয়ে খুচা, কটা, ছাল যোৱা, চোকা অস্ত্ৰৰে হনা, পোৰা (যিকোনো ধৰণৰ), পোকে কামোৰা, মানুহে বা আন জন্তুয়ে কামোৰা, দাত উঠা, নিজ দাতেৰে জিভা- ওঠ আদি কটা, কাণত কিবা সোমাই আঘাত পোৱা, ছালৰ বাহিৰ ওলাই যোৱাকৈ হাড় ভগা ইত্যাদি যিমান আঘাত আছে সকলো মাধ্যমেই টিটেনাছৰ বীজানু আমাৰ দেহত সোমাই বিপত্তি ঘটাব পাৰে । সৰ্বসাধাৰণৰ ভুল ধাৰণা আছে যে অকল মামৰে ধৰা গজাল বা বেজীয়ে খুচিলেহে বা কটা ঘাত গোৱৰ লাগিলেহে ধনুষ্টংকাৰ হ’ব । হয়, জন্তুৰ মলমূত্ৰত, মাটি, ধূলি আদিত ধনুষ্টংকাৰৰ বীজানুৰ প্ৰাচুৰ্য্য অধিক; কিন্তু, যিকোনো বস্তুৰে পৃষ্ঠত, আনকি, বতাহতো এই বীজানুৰ ৰেণু উৰি ফুৰিব পাৰে ।
২) প্ৰসুতিৰ টিটেনাছ :-

গৰ্ভত গৰ্ভজাতৰ মৃত্যু, গৰ্ভ নষ্ট হোৱা বা কৰা (এবোৰ্শ্বন), D&C (wash কৰা আমি যাক কও), আনকি, ঔষধ খাই গৰ্ভপাত কৰাৰ পাছতো টিটেনাছৰ বীজানু তেজত সোমোৱাৰ সম্ভৱনা স্বাভাৱিক প্ৰসৱতকৈয়ো বেছি । কাৰণ, গৰ্ভপাত হোৱা গৰ্ভাশয় এই বীজানু বংশবিস্তাৰ কৰা উপযুক্ত ঠাই । সাধাৰণ লোক বাদেই বহু চিকিৎসকেই ঔষধৰ দ্বাৰা গৰ্ভপাত কৰোৱাৰ আগত এই তথ্যটো আওকান কৰো ।
৩) অন্যান্য ৰোগজনিত :-

কাণ-পচা ৰোগ, অন্ত্ৰৰ যিকোনো ঘা ( যেনে, টাইফয়েড, গেষ্ট্ৰিক বা ডোওডেনাল আলচাৰ, কলাইটিছ ইত্যাদি), চকুৰ সংক্ৰমণ, কিছুমান চৰ্মৰোগ, ছালৰ ঘা-পচৰা, শুকান ঘা (গেংগ্ৰিণ) ফোড়া ইত্যাদি
৪) চিকিৎসাজনিত :-

যিকোনো সৰু-ডাঙৰ অস্ৰোপচাৰ, অগ্নিকৰ্ম বা তুষাৰ কৰ্ম (বিশেষ শল্য চিকিৎসা) বেজী দিয়া, কিছুমান বায়োপছি, আনকি – এণ্ডোস্ক’পি কৰাওতেও সামান্য আঘাতপ্ৰাপ্ত হৈ এই বীজানুৰ বাবে তেজৰ দুৱাৰ উন্মুক্ত হ’ব পাৰে ।
৫) নৱজাতকৰ টিটেনাছ :-

নৱজাতকৰ এই ৰোগৰ সচৰাচৰ কাৰণ হৈছে জন্মৰ সময়ত নাভিনাড় কাটোতে আৰু বান্ধোতে অপৰিশ্ছ্ন্নতা- অপৰিষ্কাৰ অস্ৰৰে নাড় কটা, নাড়ত বেণ্ডেজ লগোৱা আদি । এটা সময়ত আৰু আজিও কোনো কোনো ঠাইত মানুহে হেনো নাড়ত গোৱৰ আদি বান্ধি দিয়ে । আমি ইতিমধ্যে পালো যে পশুৰ বিষ্ঠাত প্ৰচুৰ পৰিমাণে টিটোনাছ বীজাণুবিধ থাকিব পাৰে ।
৬) অজ্ঞাতৱশত আৰু অন্যান্য  অজ্ঞাত সৰু-সুৰা কটাছিঙা (আনুবীক্ষনিকো হ’ব পাৰে)ৰ জৰিয়তেও এই বীজাণু শৰীৰত সোমাব পাৰে । আমাৰ পেটতো যিহেতু এই বীজাণু থাকে, পেটৰ পৰাই টিটেনাছৰ বিহবিধ তেজত শোষণ হৈ আমাৰ ধনুষ্টংকাৰ ৰোগ হ’ব পাৰে । আনকি কিছুসংখ্যক বিশেষজ্ঞয় মতপোষণ কৰে যে উশাহতো টিটেনাছ বীজানুৰ ৰেণু সোমাই হাওফাওত বৃদ্ধি হৈ বিহ উতপন্ন কৰিব পাৰে আৰু সেই বিহ আমাৰ তেজত শোষিত হ’ব পাৰে ।
মুঠতে বুজা গ’ল যে এনেকুৱা এটি পৰিস্থিতি আৰু ক্ষণ নাই যেতিয়া আমাৰ শৰীৰত টিটেনাছৰ বিহ সোমোৱাৰ সম্ভাৱণা নাই । গতিকে, বুদ্ধিমানৰ কাম হ’ব এয়ে যে আমি জন্মৰ পৰা মৃত্যুলৈকে ধনুষ্টংকাৰৰ টিকাকৰণ কৰা থাকিব লাগে আৰু ইয়াৰ বাবে এবাৰ সম্পূৰ্ণ টিকাকৰণ কৰি লোৱাৰ পাছত নিৰ্ধাৰিত সময়ে সময়ে টি টি বুষ্টাৰ ডোজ লৈ থাকিব লাগে । কিন্তু, আমি অকল আঘাতপ্ৰাপ্ত হোৱাৰ পাছত টি টি বেজী লৈয়ে নিৰ্ভয় হৈ ফুৰিছো । যিয়েই নহওঁক, ধনুষ্টংকাৰৰ পৰা প্ৰতিৰক্ষাস্বৰূপে নিম্ন ধৰণে টীকাকৰণ কৰোৱা হয়--

১) সম্পূৰ্ণ টীকাকৰণ –
ক) জন্মৰ পাছতে ধনুষ্টংকাৰ ৰোগৰ সম্পূৰ্ণ টীকাকৰণ কৰিবলৈ দেৰ মাহ, আঢ়ৈ মাহ, চাৰে তিনি মাহ, দেৰ বছৰ আৰু পাচ-ছ বছৰত ডিটিপি নামক এবিধ ভেকছিন দিয়া হয় য’ত টিটেনাছৰ ওপৰিও ডিফথেৰিয়া আৰু পাৰটুচিচ নামৰ দুটা বেমাৰৰ ভেকছিনো থাকে ।
খ) জন্মৰ সময়ত সম্পূৰ্ণ টীকাকৰণ কৰা নাথাকিলে, দেৰ-দুই মাহৰ অন্তৰত দুটা টি টি বেজী আৰু তাৰ এবছৰ পাছত আৰু এটা টি টি বেজী দি সম্পূৰ্ণ টীকাকৰণ কৰা হয় ।

২) বুষ্টাৰ ডোজ – এবাৰ সম্পূৰ্ণ টীকাকৰণ হোৱাৰ পাছত ৫ বছৰ পাছে পাছে এটাকৈ টি টি বেজী লৈ থাকিলে সদায় শৰীৰটো ধণুষ্টংকাৰৰ পৰা নিৰাপদ থাকে ।

৩) যিহেতুকে আমাৰ দেশত প্ৰায় সকলোৰে ক্ষেত্ৰত টি টি টিকাকৰণৰ স্থিতি সন্দেহজনক, সেই হেতুকে চিকিতসকসকলে প্ৰতিবাৰে কটা-ছিঙা বা পোৰা আঘাতত, বা সৰুৰ পৰা ডাঙৰ অস্ৰোপচাৰত কমপক্ষেও এটা টি টি বেজী দি লয় । দৰাচলতে নিয়মটো হৈছে, সম্পূৰ্ণ টীকাকৰণ কৰা নাথাকিলে সম্পূৰ্ণ কোৰ্চটোৱেই কৰাব লাগে ।

৪) গৰ্ভৱতী মাতৃ আৰু নৱজাতকৰ ধনুষ্টংকাৰ প্ৰতিৰোধ কৰিবলৈ ১৯৮৩ চনৰ পৰাই ভাৰতত গৰ্ভৱতীক প্ৰতিটো গৰ্ভৰ সময়তে দুটাকৈ টি টি বেজী দিয়াৰ নিয়ম ।৩ বছৰৰ ভিতৰত পৰৱৰ্তীবাৰ গৰ্ভধাৰণ কৰিলে অৱশ্যে এইবাৰ এটা বেজী ললেই হয় । দৰাচলতে নিয়মটো হৈছে- টীকাকৰণ কৰা নথকা মাতৃক দুটা ডোজ আৰু টিকাকৰণ কৰা থকা মাতৃক এটা ডোজেই যথেষ্ট । টি টি বেজীৰ ওপৰিও প্ৰসৱৰ সময়ত কিছুমান সাৱধাণতা অৱলম্বন কৰাৰ জৰিয়তেও ধণুষ্টংকাৰৰ সম্ভৱনা হ্ৰাস কৰিব পাৰি, যেনে- গৃহ-প্ৰসৱ হ্ৰাস কৰা, গৃহ-প্ৰসৱ হ’লেও ধাই (প্ৰসৱ কৰাওতা)-ক প্ৰশিক্ষণ দিয়া, প্ৰসৱৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জাম (জীৱাণুমুক্ত) যোগান ধৰা, বিশেষকৈ তিনি ধৰণৰ পৰিচ্ছিন্নতাৰ প্ৰতি মন দিয়া – পৰিষ্কাৰ হাত, পৰিষ্কাৰ বিছনা আৰু পৰিষ্কাৰ নাভি-নাড় যত্ন (কাটিবলৈ বীজানু মুক্ত ব্লেড আৰু বান্ধিবলৈ বিজাণুমুক্ত সুতা ব্যৱহাৰ কৰা, আৰু কোনোধৰণৰ বেণ্ডেজ ব্যৱহাৰ নকৰা) ।

৫) আঘাতপ্ৰাপ্তিত টীকাকৰণৰ স্থিতি হিচাপে আৰু ক্ষতস্থানৰ ধৰণ হিচাপে কেনেকৈ ধনুষ্টংকাৰ প্ৰতিষেধক লোৱাৰ প্ৰয়োজন, সেয়া পষ্ট সন্নিবিষ্ট ছবিটোত দেখুৱা হৈছে -

৬) প্ৰতিবাৰ কটাছিঙাতে যে আমি টি টি বেজী লও, সেয়া ঠিক নহয় । ঘনে ঘনে বুষ্টাৰ ডোজ লোৱাত hyper-immunization (অতি-অনাক্ৰম্যণতা) আৰু পাৰ্শক্ৰিয়াৰ আশংকা থাকে ।

৭) নিস্ক্ৰিয় অনাক্ৰম্যকৰণ : ধণুষ্টংকাৰৰ বীজাণু তেজত সোমোৱাৰ পৰা ৰোগটো প্ৰকাশ পাওতে স্বাভাৱিকতে ৬-১০ দিন সময় লাগে যদিও কেতিয়াবা এদিনতে তেজত এই ৰোগৰ বিহ বিয়পি পৰি ৰোগ প্ৰকাশ পাব পাৰে । তেনে স্থলত সম্পূৰ্ণ টীকাকৰণ কৰা নথকা ব্যক্তিক ধণুষ্টংকাৰৰ পৰা ৰক্ষা কৰিবলৈ ততাতৈয়াকৈ প্ৰতিবিহৰ প্ৰয়োজন । পোনপটীয়াকৈ প্ৰতিবিহ যোগান ধৰি ব্যক্তিজনক অনাক্ৰম্য কৰা পদ্ধতিক নিস্ক্ৰিয় অনাক্ৰম্যকৰণ বোলা হয়, য’ত দুই ধৰণৰ প্ৰতিবিহ দিয়া যাব পাৰে –

ক) হিউম্যান টিটেনাছ হাইপাৰ-ইম্যুনুগ্লবুলিন (TIG)
খ) এণ্টি-টিটেনাছ ছেৰা (ATS) ।

ব্যক্তিবিশেষে এইবোৰৰ পৰিমাণ ভিন্ন হয় আৰু দুয়োবিধ প্ৰতিবিহে শৰীৰত অতি বিপজ্জনক বিক্ৰিয়া ঘটাব পাৰে বাবে এইবোৰ সদায় চিকিৎসকৰ নিৰীক্ষণতহে প্ৰয়োগ কৰিব লাগে । এইবোৰ প্ৰয়োগত অসুবিধা থাকিলে, পেনিচিলিন বা ইৰিথ্ৰমাইচিন এণ্টিবায়’টিকৰ দ্বাৰাও ধণুষ্টংকাৰ প্ৰতিৰোধাৰ চেষ্টা কৰা যাব পাৰে, কিন্তু চৰ্ত হ’ল ঘাটো ৬ ঘণ্টাতকৈ পুৰণি হ’ব নালাগিব আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হ’ব লাগিব ।
ক) ফাৰ্মাচীৰ উপলব্ধ টি টি বেজী সংৰক্ষণত ত্ৰুটি থকা বাবে নিৰ্ভৰযোগ্য নহয় ।(পূৰ্বৱৰ্তী পোষ্টত বিত্ং আলোচিত হৈছে)
খ) সক্ৰিয় আৰু নিষ্ক্ৰিয় অনাক্ৰম্যকৰণ কৰা সত্বেও কোনো ক্ষেত্ৰত ধণুষ্টংকাৰ হৈ যাব পাৰে । কিন্তু, এয়া বাস্তৱ সত্য যে অনাক্ৰম্যকৰণ কৰা আৰম্ভ কৰাৰ পাছত সেই অঞ্চলত ধণুষ্টংকাৰৰ মাত্ৰা ইমানেই নাটকীয় হাৰত হ্ৰাস পায় যে ধণুষ্টংকাৰৰ ঘটনা প্ৰায় নঘটে বুলিয়েই ক’ব পাৰি ।গতিকে, উদ্দেশ্য হৈছে- বৰ্তমানৰ বিজ্ঞানৰ পোহৰত যিমানদূৰ সম্ভৱ ধণুষ্টংকাৰৰ পৰা প্ৰতিৰক্ষা দিয়া ।

লেখক :- আমিৰুল ইছলাম খান

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top