মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ধনিয়া পাতৰ কিছু নজনা কথা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধনিয়া পাতৰ কিছু নজনা কথা :

ধনিয়া পাতৰ কিছু নজনা কথাৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ খাদ্য-সম্ভাৰত ধনিয়া পাতৰ ব্যৱহাৰ নিমখৰ পিছতেই বুলি ক’ব পাৰি। এইবিধ পাত মচলাযুক্ত শাক-পাচলিৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত। এইবিধৰ প্ৰয়োগে ৰুচিৰ লগতে স্বাদৰো পৰিৱৰ্ত ঘটায়। সেয়ে ইয়াৰ প্ৰয়োগ বহল ভিত্তিত চলি আছে। ধনিয়াৰ ঔষধি গুণৰ কথা প্ৰায়ে আলোচনা কৰি অহা হৈছে। ঔষধি গুণ নোহোৱাও নহয়। আজিৰ আলোচনাটোত ধনিয়া পাতৰ ব্যৱহাৰৰ পৰা ঘটিব পৰা কিছু নেতিবাচক দিশত আলোকপাত কৰিবলৈ চেষ্টা কৰা হ’ব। ধনিয়াৰ বৈজ্ঞানিক নাম হ’ল- ক’ৰিয়ান্দ্ৰাম ছেটিভাম Coriandrum sativumi। এই শাকবিধৰ আধুনিক ভাষা চিলেণ্ট্ৰো (Cilantro) বা চাইনীজ পাৰ্চলে (Chinese parsley) বুলিও কোৱা হয়। ইয়াৰ আদি বাসস্থান ইউৰোপৰ দক্ষিণাঞ্চল, আফিকাৰ উত্তৰাঞ্চল আৰু এছিয়া মহাদেশৰ দক্ষিণ পশ্চিমাঞ্চল। চৈধ্যশ শতিকাতহে এই শাকবিধৰ প্ৰচলন জনপ্ৰিয় হৈ উঠে।

ভাৰতবৰ্ষত এই শাকবিধক সংস্কৃতত ধনক্যকা, অসমীয়াত ধনিয়া, মেমেধু, বাংলা ভাষাত ধান পাতা, হিন্দীত ধনিয়া, মণিপুৰী ভাষাত ফদিগাম, তামিল ভাষাত কট্টুমল্লি আদি ভিন ভিন নামেৰে জনপ্ৰিয়। যদিও ইয়াৰ এটি নেতিবাচক দিশ আছে তথাপি ইয়াৰ পুষ্টিগুণৰ দিশটোক উলাই কৰিব নোৱাৰো। সেয়ে ইয়াৰ পৌষ্টিক তত্ত্বসমুহৰো বুজ লোৱাটো সমীচীন হ’ব।

প্ৰতি ১০০ গ্ৰাম কেঁচা ধনিয়া পাতত -

 

এনাৰ্জী(Enargy)

২,৩০০ কেলৰি

কাৰ্বোহাইড্ৰেট

৩.৬৭ গ্ৰাম

শৰ্কৰা্

০.৮৭

ডায়েটৰী ফাইবাৰ

২.৮ গ্ৰাম

চৰ্বি

০.৫২ গ্ৰাম

প্ৰ’টিন

২.১০ গ্ৰাম

 

খাদ্যপ্ৰাণ -

খাদ্যপ্ৰাণ-এ

৩৩৭ মাইক্ৰ’গ্ৰাম

 

বিটা কেৰ’টিন

৩,৯৩০ মাইক্ৰ’গ্ৰাম

 

লুটেইন জিয়াছান্থিন

৩৬৫ মাইক্ৰ’গ্ৰাম

থিয়ামিন

০.০৬৭ মি: গ্ৰাম

ৰাইব’ফ্লেভিন

০.১৬২ মি: গ্ৰাম

নিয়াচিন (vitB3)

১.১১৪ মি: গ্ৰাম

পেণ্ট’থেনিক এচিড

০.৫৭ মি: গ্ৰাম

ভিটামিন B6(vitB6)

০.১৪৯ মি: গ্ৰাম

ফলেট B9

৬২ মাইক্ৰ’গ্ৰাম

ভিটামিন-চি

২৭ মি: গ্ৰাম

ভিটামিন-ই

২.৫ মি:গ্ৰাম

 

ভিটামিন কে

৩১০ মাইক্ৰ’গ্ৰাম

 

 

 

 

খনিজ পদাৰ্থ (Minarales)-

কেলচিয়াম

৬৭ মি: গ্ৰাম

আইৰন

১.৭৭ মি: গ্ৰাম

মেগনেছিয়াম

২৬ মি: গ্ৰাম

মেংগানিজ

০.৪২৬ মি: গ্ৰাম

ফছফৰাছ

৪৮ মি: গ্ৰাম

পটাছিয়াম

৫২১ মি: গ্ৰাম

ছ’ডিয়াম

৪৬ মি: গ্ৰাম

জিংক

০.৫ মি: গ্ৰাম

পানী

৯২.২১ গ্ৰাম

 

ইমান পুষ্টি গুণসম্পন্ন হোৱা সত্ত্বেও ধনিয়া পাতৰ কিৱহু বিৰুপ পাৰ্শ্বক্ৰিয়া আছে। এই পাৰ্শ্বপ্ৰতিক্ৰিয়াসমুহৰ সৈতে জনসমাজ অজ্ঞ। ফলত হকে-বিহকে পাতৰ ব্যৱহাৰ মাত্ৰাধিক পৰিমাণে হৈ আহিছে। আজি আমি আলোচনা কৰো মাত্ৰাধিক্য পৰিমাণে আৰু দৈনন্দিন এই ধনিয়া পাত ব্যৱহাৰ কৰিলে কি কি হ’ব পাৰে।

লিভাৰৰ ক্ষতিসাধন  -

অত্যধিক মাত্ৰাত ধনিয়া পাতৰ ব্যৱহাৰে লিভাৰৰ কাৰ্যক্ষমতৰ ওপৰত বিৰুপ প্ৰভাৱ পেলায়। বিভিন্ন গৱেষণামুলক বিশ্লেষনত এই কথা প্ৰতীয়মান হৈছে। ধনিয়া পাতত এবিধ উগ্ৰবীৰ্য উদ্ভিদ তেলৰ বাবে শৰীৰৰ বহুতো অংগ-প্ৰত্যংগ প্ৰভাৱান্বিত হ’ব পাৰে। অকল এয়ে নহয়, ধনিয়া পাতত এটি অতি শক্তিশালী এণ্টি-অক্সিডেণ্ট নিহিত হৈ আছে, যিটো আমাৰ লিভাৰৰ বিভিন্ন সমস্যা দুৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু এই এণ্টি-অক্সিডেণ্টবিধৰ আধিক্য ঘটিলে আমাৰ লিভাৰটোৰ ক্ষতিসাধন হ’ব পাৰে।

সেয়ে ধনিয়া পাতৰ ব্যৱহাৰত অলপ সাৱধানতা অৱলম্বন কৰা উচিত। ‘অতিমাত্ৰা সকলোৰেই বেয়া’।

নিম্ন ৰক্তচাপ -

অতিৰিক্ত মাত্ৰাৰ ধনিয়া পাতৰ ব্যৱহাৰে হৃৎপিণ্ডৰ ওপৰত বিৰুপ প্ৰতিক্ৰিয়া সাধন কৰি নিম্ন ৰক্তচাপৰ সৃষ্টি কৰিব পাৰে বুলি পুষ্টি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। ইয়াৰ বিপৰীতে উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে আকৌ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লগা থাকে। ধনিয়া পাতৰ ৰস বা চাটনি আদি ব্যৱহাৰ কৰোতাই এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিলে ভাল হয়, ব্যৱহাৰ কৰি উঠাৰ লগে লগে সাধাৰণ মুৰৰ বিষ বা টিংটিঙালেই সাৱধান হ’ব লাগে।

পেটৰ সমস্যা -

ধনিয়া পাতৰ ব্যৱহাৰে গেষ্ট্ৰ’ইণ্টেষ্টিনেল বিষয়ক সমস্যাসমুহক সুফল প্ৰদান কৰে যদিও মাত্ৰাধিক্য ব্যৱহাৰে আকৌ হিতে বিপৰীত পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা যায়। মাত্ৰাধিক্য ব্যৱহাৰে হজমক্ৰিয়াত ব্যাঘাত জন্মায়। এটি গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি সপ্তাহত ২০০ মিলিলিটাৰ ধনিয়া পাতৰ ৰস পান কৰিলে অম্লপিত্তাধিক্য, পেটৰ বিষ, পেট ফুলা, বমি হোৱা আদি সমস্যাই দেখা দিব পাৰে।

ডায়েৰীয়া -

ধনিয়া পাত কম পৰিমাণে ব্যৱহাৰ কৰিলে যেনেকৈ পেটৰ সমস্যা দুৰ হয়, ঠিক তেনেদৰে মাত্ৰাধিক্য ব্যৱহাৰে আকৌ ডায়েৰীয়া আদিৰ সৃষ্টি কৰে। ইয়াৰ ফলত ডিহাইড্ৰেচনে দেখা দিব পাৰে। ফলত ডায়েৰীয়াৰ সমস্যাই কালৰুপ ধাৰণ কৰিব পাৰে। সেয়ে ৰন্ধন প্ৰকৰণত ধনিয়া পাতৰ ব্যৱহাৰ সদায় অল্পমাত্ৰাত কৰা উচিত।

বুকুৰ বিষ -

অতিৰিক্ত মাত্ৰাৰ ধনিয়া পাতৰ ব্যৱহাৰে বুকুৰ বিষৰ দৰে জটিল সমস্যাই দেখা দিব পাৰে। এই বিষ কেৱল অস্বস্তিকৰেই নহয়, ই দীৰ্ঘস্থায়ীও হ’ব পাৰে। সেয়ে ধনিয়া পাতৰ ব্যৱহাৰত কিছু সাৱধানতা অৱলম্বন কৰা উচিত।

শ্বাস-প্ৰশ্বাসৰ সমস্যা -

শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি থকা কোনো ৰোগীয়ে কেঁচা ধনিয়া পাত ব্যৱহাৰ কৰা উচিত নহয়। কেতিয়াবা এনে হ’ব পাৰে যে শ্বাস- প্ৰশ্বাসত ভয়ংকৰ সমস্যাই দেখা দিব পাৰে।

এলাৰ্জীৰ সমস্যা -

ধনিয়া পাতত থকা প্ৰ’টিন উপাদানে শৰীৰস্থ lgE  নামৰ এণ্টিব’ডী তৈয়াৰ কৰে। এই lgE য়ে শৰীৰৰ বিভিন্ন ৰাসায়নিক উপাদানবোৰ সমবিতৰণ কৰে। কিন্তু এই ৰ আধিক্যই ৰাসায়নিক উপাদানসমুহৰ ভাৰসাম্য নষ্ট কৰে। ফলত এলাৰ্জীয়ে দেখা দিয়ে। ইয়াৰ ফলত অতিমাত্ৰা খজুৱতি, ফুলি যোৱা, জ্বলা-পোৰা কৰা আদি বিভিন্ন সমস্যাই দেখা দি বিমোৰত পেলাব পাৰে।

ছালৰ সংবেদনশীলতা -

সেউজীয়া ধনিয়া পাতৰ ব্যৱহাৰে আমাৰ শৰীৰৰ ছালখনক সুৰ্যৰ ৰশ্মিৰ পৰা ৰক্ষা কৰি সংবেদনশীল কৰি ৰাখে। কিন্তু গৱেষণাত প্ৰাপ্ত তথ্য মতে ধনিয়া পাতৰ মাত্ৰাধিক্য ব্যৱহাৰে ভিটামিন-কেৰ উপাদানত ব্যাঘাত জন্মাই বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। আনকি ধনিয়া পাতৰ উচ্ছৃংখল ব্যৱহাৰৰ ফলত চৰ্মৰ কৰ্কট ৰোগেও দেখা দিয়ে বুলি একাংশ গৱেষকে ক’ব খুজিছে।

ভ্ৰুণৰ ক্ষতি -

গৰ্ভকালীন সময়ছোৱাত অতিমাত্ৰা ধনিয়া পাতৰ ব্যৱহাৰে ভ্ৰুণ অথবা গৰ্ভস্থ শিশুটোৰ ক্ষতি হ’ব পাৰে। ধনিয়া পাতত নিহিত হৈ থকা কিছুমান উগ্ৰ কাৰ্যক্ষমতাসম্পন্ন উপাদানে প্ৰজনন গ্ৰন্থিৰ কাৰ্যক্ষমতাক বেমেজালিৰ সৃষ্টি কৰে। ইয়াৰ ফলত গৰ্ভৱতী হ’লেও গৰ্ভস্থ শিশুটিৰ প্ৰভুত ক্ষতিসাধন হ’ব পাৰে বুলি গৱেষণাত প্ৰকাশ।

প্ৰদাহ -

অতিৰিক্ত ধনিয়া পাতৰ ব্যৱহাৰে মুখগহ্বৰৰ প্ৰদাহ সৃষ্টি কৰিব পাৰে। ইয়াত থকা কিছুমান এচিডৰ ফলত এনে পৰিঘটনাৰ সৃষ্টি হয়। লগতে ওঁঠ ফাটি তাৰ প্ৰদাহ, দাঁতৰ মাৰিৰ প্ৰদাহ, গলগহ্বৰৰ বিষ আৰু প্ৰদাহ সৃষ্টি হ’ব পাৰে। মাত্ৰাধিক্য সেৱনৰ ফলত মুখমণ্ডল ৰক্তাভ দেখাব পাৰে আৰু জ্বলন-পোৰণ অনুভৱ কৰিব পাৰে।

এই প্ৰৱন্ধটো পঢ়ি উঠি হয়তো পাঠক সমাজত কিছুমান প্ৰশ্নই তোলপাৰ লগাব। আমি কেঁচা ধনিয়া পাত ব্যৱহাৰ কৰিম নে নকৰিম? কৰিম। কিন্তু সদায় নহয়। সাপ্তাহিক ব্যৱহাৰ কৰা উচিত। কৰিলেও উচিত পৰিমাণে কৰিব লাগে। গৰ্ভৱতী মহিলা আৰু শিশুক মাতৃদুগ্ধ পান কৰাই থকা সময়ছোৱাত কেঁচা ধনিয়াৰ পাত ব্যৱহাৰ নকৰাই ভাল। ঋতুকালীন সময়ছোৱাতো ইয়াক ব্যৱহাৰ নকৰাই মংগল।

লেখক: ডা: হীৰেন্দ্ৰ কুমাৰ ভাগৱতী (জি এনআৰচি স্বাস্থ্য)

2.91304347826
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top