মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / নহৰুৰ স্বাস্থ্য উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নহৰুৰ স্বাস্থ্য উপকাৰিতা :

নহৰুৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

ভাৰতবৰ্ষত সংস্কৃতত ৰচনা কৰা বিভিন্ন গ্ৰন্থত আজিৰ পৰা প্ৰায় ৫০০০ বছৰ আগৰ পৰাই নহৰুৰ ঔষধি গুণৰ চৰ্চা আছিল বুলি জনা যায়৷

প্ৰাচীন ইজিপ্তত পিৰামিডৰ ভিতৰত স্থাপিত কৰা মমিৰ সৈতে বীজানুনাশক হিচাবে নহৰু ব্যৱহাৰ কৰা হৈছিল৷

দ্বিতীয় মহাযুদ্ধৰ সময়ত মহামাৰীৰ ৰূপ ধাৰণ কৰা কলেৰা আৰু যক্ষ্মা ৰোগ প্ৰতিৰোধৰ বাবে নহৰু ব্যৱহৃত হৈছিল৷ ইউৰোপত প্লেগ মহামাৰীৰ সময়ত নহৰুক প্ৰতিষেধক হিচাবে ব্যৱহাৰ কৰা হৈছিল৷

নহৰু কেনেকৈ সেৱন কৰিব ?

ডাঙৰ আকৃতিৰ কেঁচা নহৰু নিতৌ এফুটা বা দুফুটা নিতৌ খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী৷ চিকিৎসকে পৰামৰ্শ নিদিয়ালৈকে কোনেও দিনটোত ডাঙৰ আকৃতিৰ নহৰু তিনিফুটাতকৈ বেচি নাখায় যেন৷ মছলা হিচাবে নহৰুৰ আদাৰ সৈতে অতি সুন্দৰ সংমিশ্ৰণ; যাক মাংস, মাছ, কণী বা আন তৰকাৰীৰ সৈতে মিহলাই ৰন্ধা হয়৷

নহৰুৰ আচাৰ, চুপ আদিও বনোৱা হয় আৰু পিজ্জাৰ টপিং দিবৰ বাবে ব্যৱহাৰ কৰা হয়৷ আকৌ বহুতে নহৰু সৰু সৰুকৈ কূটি কম তেলত ৰঙচুৱাকৈ ভাজি জুতি লগাই খায়৷ স্বাস্থ্যৰ দিশত কেঁচা নহৰু বেচি উপযোগী৷

ৰাতিপুৱা খালি পেটত নহৰু খাব পাৰে৷ কিবা অসুবিধা পালে দিনটোৰ যি কোনো সময়তে নহৰু খাব পাৰে। বজাৰত নহৰুৰ কেপচুল আৰু নহৰুৰ তেল উপলব্ধ৷

কি কি লাগতিয়াল তত্ব নহৰুত থাকে?

নহৰুত থকা আটাইতকৈ লাগতিয়াল তত্ববিধ হ'ল চালফাৰযুক্ত এলিচিন (Allicin – diallyl disulphide oxide) - যাৰ অতুলনীয় এন্টিঅক্সিডেন্ট গুণৰ বাবে আমাৰ শৰীৰ নানা ধৰণে উপকৃত হয়৷ নহৰুৰ বিশিষ্ট গোন্ধটোৰ কাৰণ এই চালফাৰ পদাৰ্থবিধ৷

নহৰুত থকা খনিজসমূহ হ'ল- আইৰণ, ক'পাৰ, মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, ফচফৰাচ, কেলচিয়াম৷

ভিটামিন হ'ল- ভিটামিন-চি আৰু ভিটামিন-বি গোট (বি-১,বি-২,বি-৩,বি-৬, ফলেট); ইলেকট্ৰলাইট থাকে- চ'ডিয়াম আৰু প'টেচিয়াম৷ ১০০গ্ৰাম নহৰুত শক্তি থাকে-

*১৫০ কেলৰি,

*কাৰ্বোহাইড্ৰেট ৩৩ গ্ৰাম,

*প্ৰটিন ৬.৩৬ গ্ৰাম,

*ফেট ৫০০মিলিগ্ৰাম আৰু

*ফাইবাৰ থাকে ২.১ গ্ৰাম৷

নহৰুৰ উপকাৰিতাসমূহৰ সৈতে অৱগত হওঁক -

*হৃদৰোগৰ পৰা সুৰক্ষা- নহৰুৱে অপকাৰী ক'লেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে৷ তেজৰ নলীত চৰ্বি (Atheroma) জমা হব নিদিয়ে৷ নহৰুক এচপ্ৰিনৰ দৰে কাম কৰা দেখা যায়৷ গতিকে নহৰুৱে ষ্ট্ৰকৰ সম্ভাৱনা হ্ৰাস কৰে৷

*উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক সিদ্ধ হৈছে৷

*তেজ পৰিষোধক হিচাবে নহৰুৱে কাম কৰে৷ দুফুটা নহৰু আৰু অকণমান নেমুৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আতৰ হয়, শালমন আৰোগ্য হয়, মেদবহুলতা কমোৱাত সহায়ক হয়৷

*কৰ্কট ৰোগ প্ৰতিৰোধ - বক্ষ আৰু হাওঁফাওঁৰ কেন্সাৰ, প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক'লনৰ কেন্সাৰ, মাল্টিপ'ল মায়েলমা আদিৰ প্ৰতিৰোধত সহায়ক হয় নিয়মীয়া নহৰুৰ ভক্ষনৰ স্বভাৱ৷

*ইমিউনিটি বঢ়োৱাত সহায়ক- নহৰু চাহ বনাই লগত সামান্য আদা বা মৌজোল মিহলাই খাবলৈ পৰামৰ্শ দিয়া হয়৷

*পানী লগা, চৰ্দিৰ নহৰুৱে নিৰাময় কৰে৷ তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয় বুলি অভিজ্ঞলোকে কয়৷

*নহৰুৰ এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ফাংগেল গুণ প্ৰমাণিত হৈছে৷

*ৰজোনিবৃত্তি হোৱা মহিলাৰ ইষ্ট্ৰোজেন হৰমোনত ক্ৰিয়া কৰি হাঁড়ক সুৰক্ষা দিয়ে৷

*ডায়েবেটিচ ৰোগীৰ বাবে নহৰু উপকাৰী৷

*হাঁড়ৰ বিষ (Osteoatrhritis) থকা ৰোগীৰ বাবে নহৰু উপকাৰী৷

*চৰ্মৰোগ যেনে স্কেৰ’ডাৰ্মা আদিৰ চিকিৎসাত সহায়ক৷

*লিভাৰৰ নানান অসুখত মৌজোলৰ সৈতে নহৰু ব্যৱহৃত হয়৷

অসমৰ গ্ৰাম্য চিকিৎসাত নহৰুৰ ভূমিকা:

কেইটিমান থলুৱা অসমীয়া চিকিৎসাৰ কথা নিলিখিলে নহৰুৰ ৰচনাখন অপূৰ্ণ হৈ ৰব৷ তাৰে কেইটিমান উল্লেখনীয় হ'ল :-

*মিঠাতেলত নহৰু কেইফুটামান দি জুইত ভালদৰে তপতাব লাগে৷ সেই তেল ('চেঙা তেল') নুশুকোৱা ঘাঁত লগাব লাগে৷

*একেই চেঙা তেল নখচুকীয়াত দি চিকিৎসা কৰা হয়৷ নহৰুৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ ইয়াৰ দ্বাৰা সিদ্ধ হয়৷

*গাৰ বিষ,কঁকালৰ বিষ, খুন্দা খাই পোৱা বিষৰ উপশম ঘটাবলৈ গৰম নহৰু-মিঠাতলৰ মালিশ কৰিব লাগে৷

*পানী লগা, চৰ্দিত গৰম নহৰু-মিঠাতলৰ মালিশ বুকু, নাক আৰু ডিঙিত কৰিব লাগে৷

*নহৰু আৰু পদিনাৰ চাটনিয়ে আভোক আতৰ কৰে৷

নহৰুৰ ব্যৱহাৰত লবলগীয়া সতৰ্কতা -

*নহৰু গৰ্ভৱতীৰ মহিলাৰ বাবেও উপকাৰী৷ কিন্তু প্ৰসৱৰ সময়ৰ দুসপ্তাহমানৰ আগৰ পৰা নহৰু খোৱা বন্ধ ৰাখিব লাগে৷ মেৰিলেণ্ড ইউনিভাৰ্চিটিৰ এটি সতৰ্কবাণীত কোৱা হৈছে যাতে প্ৰসৱ কালত বা যি কোনো অপাৰেচনৰ সময়ত অতিৰিক্ত ৰক্তক্ষৰণ নহয়৷

*আন আন লোকেও অপাৰেচনৰ সময়চোৱাত নহৰু খোৱা একে কাৰণত বন্ধ ৰাখিব৷

*কোনো কোনো হাপানি ৰোগীৰ অসুখ বেচি হোৱা দেখিলে নহৰু খোৱা বন্ধ কৰিব৷

*কেঁচা নহৰু চোবাই খোৱাৰ পিছত মুখৰ গোন্ধ বেচ কিছুপৰ থাকিব পাৰে৷ তেনেস্থলত নহৰু দিনৰ পৰিবৰ্তে ৰাতি খাব৷

*কাচিৎ কোনো কোনো জনৰ নহৰুৰ পাৰ্শ্বক্ৰিয়া হিচাবে বমি, ওকালি বা ডায়েৰিয়া হব পাৰে৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

 

2.64285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top