মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / নাৰিকল তেলৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাৰিকল তেলৰ উপকাৰিতা :

নাৰিকল তেলৰ উপকাৰিতাৰ নাৰিকল তেলৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

নাৰিকল তেল সাধাৰণতে চুলিৰ পৰিচৰ্যাৰ বাবেহে ব্যৱহাৰ কৰোঁ যদিও ভাৰতবৰ্ষত বহু অঞ্চলত ৰন্ধন কাৰ্যতো এই তেলৰ ব্যৱহাৰ হয়। নাৰিকল তেলৰ উপকাৰিতা সম্বন্ধে আমাৰ বহুতেই অৱগত নহয় যদিও চিকিৎসা বিজ্ঞানীসকলৰ মতে এই তেলে শৰীৰৰ বহু ধৰণৰ উপকাৰ কৰে। গৱেষকসকলৰ মতে অন্যান্য তেলৰ দৰে নাৰিকল তেলে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ শেহতীয়া এটি সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। ৫০ বছৰৰ পৰা ৭৫ বছৰৰ মানুহৰ মাজত চলোৱা হৈছিল উক্ত সমীক্ষা। হৃদৰোগ আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলৰ মাজত চাৰি সপ্তাহ ধৰি প্ৰত্যেকদিনে বিভিন্ন ধৰণৰ তেল খাবলৈ দিয়া হৈছিল। গৱেষকসকলে এই সমীক্ষাৰ অন্তত ধৰা পেলাইছিল যে বিভিন্ন ধৰণৰ তেল খোৱাৰ ফলত লোকসকলৰ শৰীৰত কলেষ্টেৰলৰ মাত্ৰাৰ তফাৎ ভিন্ন ৰকমৰ হৈছে। যিসকল লোকে বাটাৰ খাইছিল তেওঁলোকৰ এল ডি এল কলেষ্টেৰল বা বেয়া কলেষ্টেৰলৰ মাত্ৰা ১০ শতাংশ বৃদ্ধি পাইছিল। যিসকলে অলিভ অইল খাইছিল তেওঁলোকৰ এল ডি এল কলেষ্টেৰল বা বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পাই এইচ ডি এল বা ভাল কলেষ্টেৰলৰ মাত্ৰা ৫ শতাংশ বৃদ্ধি পাইছিল। আশ্চৰ্যৰ বিষয় যে যিসকলে চাৰি সপ্তাহ ধৰি ৰন্ধন কাৰ্যত নাৰিকল তেল ব্যৱহাৰ কৰিছিল, তেওঁলোকৰ শৰীৰত এইচ ডি এল বা ভাল কলেষ্টেৰলৰ মাত্ৰা ১৫ শতাংশ বৃধি পাইছিল। সমীক্ষাৰ অন্তত গৱেষকসকলে সেয়ে মত পোষণ কৰে যে হৃদৰোগৰ শংকা হ্ৰাস কৰিবলৈ নাৰিকলৰ তেল খোৱাটো সুফলদায়ক।

উৎস: নিয়মীয়া বাৰ্তা

2.75
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top