মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / নাৰিকল তেলৰ নানান কথা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাৰিকল তেলৰ নানান কথা :

নাৰিকল তেলৰ নানান কথাৰ বিষয়ে লিখা হৈছে ।

 

প্ৰাচীন কালৰে পৰা পৃথিৱীৰ বিভিন্ন প্ৰান্তত বহুতো প্ৰাকৃতিক আৰু ঔষধীয় গুণাগুণেৰে ভৰপূৰ নাৰিকল তেলৰ ব্যৱহাৰ হৈ আহিছে । নাৰিকল তেলত চৰ্বিযুক্ত এচিডৰ এক সুন্দৰ মিশ্ৰণ দেখিবলৈ পোৱা যায় । তদুপৰি ইয়াত বহু প্ৰকাৰৰ ভিটামিন পোৱা যায় যি শৰীৰৰ বাবে উপযোগী । এই তেলৰ দৈনিক প্ৰয়োগেৰে আপুনিও নিজৰ স্বাস্থ্য অটুট ৰাখিব পাৰে ।

নাৰিকল তেলৰ কেইটামান বিশেষ গুণাগুণ তথা প্ৰয়োগ -

১) নাৰিকল তেলত ৪০ শতাংশ লৰিক এচিড পোৱা যায়, যি আমাৰ শৰীৰত দেখা দিয়া বিভিন্ন সংক্ৰমণৰ লগত যুজিবলৈ সহায় কৰে । উল্লেখযোগ্য যে মাতৃদুগ্ধতো লৰিক এচিড পোৱা যায় ।

২) বিভিন্ন গম্ভীৰ ৰোগ, যেনেঃ আলঝেইমাৰ, মৃগী,
হৃদয়াঘাত তথা শৰীৰৰ কোনো অংশত আঘাত লাগিলে মৃত হৈ পৰা কোষিকাবোৰ নাৰিকল তেলে পুনৰ জীৱিত কৰি তোলে ।

৩) নাৰিকল তেলত কেলচিয়াম আৰু মেগনেচিয়াম থকাৰ বাবে ই শৰীৰৰ হাড়বিলাক মজবুত কৰি ৰাখে ।

৪) নাৰিকল তেলে শৰীৰৰ ছাল কোমল অাৰু মিহি কৰি ৰখাত সহায় কৰে । সেয়ে শুকান, নিৰ্জীৱ অাৰু সোনকালে বয়সৰ অাচোৰ পৰা ছালসমূহত এই তেল লগালে নিশ্চিত ৰুপত সুফল পোৱা যায় ।

৫) নাৰিকল তেলেৰে নিয়মিত ৰুপত মূৰৰ মালিচ কৰিলে মগজু শীতল হৈ থকাৰ উপৰিও চুলি সৰা, চুলি পকা, উফি হোৱা ইত্যাদি সমস্যাৰ পৰা হাত হাৰিব পাৰি ।

৬) যদি বিচাৰে অাপোনালোকে শিশুবিলাকৰ মালিচ কৰিবলৈ ঠাণ্ডা নাৰিকল তেলৰ ব্যৱহাৰ কৰিব পাৰে ।

৭) সাধাৰণতে নাৰিকল তেল অসমৰ ৰন্ধনশালসমূহত প্ৰয়োগ হোৱা দেখা নাযায় । দক্ষিণ ভাৰততহে ইয়াৰ বহুলভাৱে প্ৰয়োগ হয় । কোৱা হয় যে নাৰিকল তেলেৰে ভোজন কৰিলে তৎকালে শক্তি পোৱা যায় অাৰু অন্যান্য শৰ্কৰাসমূহৰ তুলনাত ই সোনকালে হজম হয় ।

৮) বৈজ্ঞানিক গৱেষণাৰ পৰা গম পোৱা গৈছে যে নাৰিকল তেলে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে । এই তেল টাইপ টু ডায়বেটিছৰ ক্ষেত্ৰত অধিক উপযোগী । এনেক্ষেত্ৰত ৰোগীসকলক এই তেলেৰে ভোজন বনাই খোৱাৰ পৰামৰ্শ দিয়া হয় ।

লেখক: ৰিদিপ ৰঞ্জন চেতিয়া

উৎস:  স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top