মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / নাৰিকলং ফলম্ অমৃতম্ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাৰিকলং ফলম্ অমৃতম্ :

নাৰিকলং ফলম্ অমৃতম্ বিষয়ে লিখা হৈছে ।



"নাৰিকলং ফলম্ অমৃতম্ ,দুগ্ধম্ অমৃতম, তৈলম্ অমৃতম্, জলমপি অমৃতম্ "
হয়, নাৰিকল আমাৰ দেহৰ বাবে সচাকৈ অমৃত তুল্য । কম বেচি পৰিমানে আমি সকলোৱে খাওঁ । পুজা ,উৎসৱে-পাৰ্ৱনে নাৰিকল নহলেই নহয় ।
মানুহৰ দেহৰ উপকাৰী / অপকাৰী সকলো আহাৰ প্ৰকৃতিৰ উদ্ভিদ জাত সামগ্ৰীৰ ওপৰতে নিৰ্ভৰশীল । ধৰ্মীয় বিশ্বাসমতে জীৱ জগত বা উদ্ভিদ জগতৰ সকলো ব্ৰহ্মাই সৃষ্টি কৰে ,বিষ্ণুৱে পালন আৰু মহেশ্বৰে সংহাৰ কৰে ।
পিছে.
নাৰিকল গছৰ সৃষ্টি ৰহস্য জানক:--
অনেক কঠোৰ সাধনাত সিদ্ধিলাভ কৰি ঋষি বিশ্বামিত্ৰই নিজকে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ সমান অসীম শক্তিশালী হোৱা বুলি ভাবি সৃষ্টিৰ দোষ-ত্ৰুটি সমুহ সংশোধন কৰাৰ কথা ভাৱিলে । তেওঁৰ মতে- "বিধাতাই মানৱৰ দেহৰ বাবে সৃষ্টি কৰা উপভোগ্য উদ্ভিদজাত খাদ্যসমুহ নিৰ্ভৰযোগ্য সুষম খাদ্য নহয় । যাৰ ফলত মানুহ আৰু জীৱ অল্পায়ু হয় ।" সেয়ে তেওঁ মানুহৰ দেহৰক্ষা আৰু দীৰ্ঘায়ু লাভৰ বাবে নতুন ফল-বৃক্ষ সৃষ্টি কৰাৰ আচনি ল'লে । সেইমতে নিজ তপোবলেৰে এজুপী ফলৰ গছ সৃষ্টি কৰিলে । এই কথা জানি বিষ্ণু আৰু মহেশ্বৰ সহ স্বয়ং ব্ৰহ্মা আহি বিশ্বামিত্ৰৰ ওচৰ চাপিলে আৰু
বিষ্ণুৱে ক'লে -জীৱৰ কল্যাণৰ হকে আপোনাৰ এনে আচনি অৱশ্যই প্ৰশংসনীয় যদিও সৃষ্টিৰ ভাৰসাম্য ৰক্ষাৰ হেতু পৰিকল্পিত আৰু যথোচিত আৰু নি্ৰ্ভুল ভাৱে ব্ৰহ্মাই জীৱ আৰু উদ্ভিদৰ সৃষ্টি কৰিছে,বিষ্ণুৱে পালন আৰু মহাদেৱে সংহাৰ কৰিছে । এনে নিয়মৰ ব্যতিক্ৰম বা জীৱসমুহৰ দীৰ্ঘায়ু বা অমৰত্ব লাভ কৰা মানে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল জীৱৰ সংখ্যাবৃদ্ধিৰ বাবে খাদ্যাভাৱ হব, কাজিয়া , মৰামৰি কটাকটি আদি অৰাজকতাৰ সৃষ্টি হব। গতিকে হে ঋষিবৰ আপোনাৰ ভ্ৰান্ত ধাৰনা পৰিহাৰ কৰক । আপোনাৰ তপোবলেৰে সৃষ্ট এই বৃক্ষজুপীৰ ফল জীৱৰ বাবে উৎকৃষ্ট সুষম ফল হিচাবে গন্য কৰা হব ,
পবিত্ৰ ধৰ্ম কাৰ্যত ব্যৱহৃত হব ,
ইয়াৰ পানী আৰু ৰসৰ পৰা ওলোৱা দুগ্ধ আৰু তেল পুষ্টিকৰ আৰু ৰোগ নাশক হব । যিয়ে এই ফল বাল্যৰ পৰা বৃদ্ধলৈ নিয়মিত সেৱন কৰিব মগজুৰ বিকাশ হৈ
ঋষি বিশ্বামিত্ৰৰ প্ৰতিভা লাভ কৰিব ।
তিনিদেৱৰ বুজনিত ঋষি সন্তষ্ট হল আৰু ত্ৰিদেৱৰ নামাকৰন মতে এই বৃক্ষজুপীৰ নাম নাৰিকল গছ হ'ল।

লেখক: যতীন দাস

উৎস: উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top