মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / নাৰিকলৰ স্বাস্থ্যজনীত লাভ ক্ষতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাৰিকলৰ স্বাস্থ্যজনীত লাভ ক্ষতি :

নাৰিকলৰ স্বাস্থ্যজনীত লাভ ক্ষতিৰ বিষয়ে লিখা হৈছে ।



আগৰ ৩টা অধ্যায়ত আমাৰ দেহৰ বাবে নাৰিকলৰ বহুতো লাভকাৰী পৌষ্টিক গুণাগুণৰ বিষয়ে আলোচনা কৰা হৈছে ।
সেই বোৰৰ পুনৰ আলোচনাৰ লগতে নাৰিকলৰ ক্ষতিকাৰক গুণৰ বিষয়ে কিছু জনাতো ভাল ।
এটা কথা ঠিক - নাৰিকলত শৰীৰৰ বাবে উপযোগী সকলো পৌষ্টিক উপাদানেই আছে ।সেয়ে ধৰ্মীয় দিশত ইয়াক আগস্থান দিয়া হৈছে । নাৰিকল গছক কল্পবৃক্ষ আখ্যা দিয়াৰ লগতে এই ফলক অমৃত তুল্য ফল বুলিও কোৱা হয় । পিচে মাত্ৰাধিক অমৃত গলাধকৰন কৰি ইপুৰীত অমৰ হোৱাৰ বিপৰীতে সিপুৰীতহে হবগৈ পাৰে । অৰ্থাত নাৰিকলক স্বাস্থ্যবৰ্ধক, ৰোগনাশক বা ৰোগ প্ৰতিৰোধক ঔষধী খাদ্য হিচাবে ব্যৱহাৰ কৰিলে সথিক মাত্ৰা আৰু উচিত সেৱন বিধি অনুসৰিহে ফল প্ৰাপ্তি হব।
সচৰাচৰ নাৰিকল বিহু , উৎসৱ পাৰ্ৱন উপলক্ষ্যে খোৱাৰ বাহিৰে নিয়মিত নাৰিকল খোৱা ব্যক্তি কমেই দেখা যায়।
🎈অন্যহাতে ধৰ্মীয় প্ৰসাদত বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ ,উচ্চ মান বিশিস্থ আৰু স্বাস্থ্য সন্মত বুলি আমি গৌৰৱ কৰিব পৰা মহাপুৰুষ শঙ্কৰদেৱ গুৰুজনাৰ আৱিস্কৃত মাহ প্ৰসাদত সংযোজন কৰা নাৰিকলৰ ব্যৱহাৰ অতি প্ৰসংশনীয় ।
ইয়াৰ বাহিৰে অসমত সীমিত উৎপাদনৰ বাবে নাৰিকলক ঘৰে ঘৰে নিত্য ব্যৱহাৰ্য সামগ্ৰী হিচাবে লব নোৱাৰি ।


নাৰিকলৰ ক্ষতিকাৰক গুণ -


নাৰিকলত স্বাস্থৰ বাবে লাভজনক গুন যিমান আছে তাৰ তুলনাত নগন্য মাত্ৰহে ক্ষতিগুন আছে। সঠিক মাত্ৰাত এজন সুস্থ লোকে নিয়মিত নাৰিকল ,ডাবৰ পানী বা নাৰিকলৰ পৰা তৈয়াৰী যিকোনো খাদ্য খোৱাতো দেহৰ বাবে অত্যন্ত লাভজনক তথা বিভিন্ন ৰোগ প্ৰতিৰোধক । তথাপি বিশেষ কিছু ৰোগত নাৰিকল সেৱনত ক্ষতি গুন পৰিলক্ষিত হোৱা দেখা যায়
১।অনভ্যাসৰ বাবেই হওক বা আন কোনো ৰোগৰ কাৰনতেই হওক নাৰিকল হঠাতে বেচিকৈ খালে বহুতৰে ক্ষেত্ৰত পেটৰ ৰোগ ,বদহজম, ডায়েৰিয়া নাইবা আন পাৰ্শ্বক্ৰিয়াও হব পাৰে ।
২। জৰ,সৰ্দি,কাহ,হাপানি বা ঠান্ডা লাগি হোৱা কোনো ৰোগত নাৰিকল বা ডাৱৰ পানী ক্ষতিকাৰক ।
৩। ওজন বা চৰ্বি কমোৱাৰ বাবে ,কলেস্ট্ৰল নিয়ন্ত্ৰন, প্ৰস্ৰাৱৰ ৰোগ, উচ্চ ৰক্তচ্চাপ , হৃদযন্তৃ ৰোগ কৰ্কত ,বাতজনীত বিষ আদিত নাৰিকল/দাৱৰপানী/না :গাখীৰ আদি খোৱা খুবেই হিতকাৰী যদিও বেচিকৈ খালে হিতে বিপৰীত হব পাৰে ।
৪।ডায়েবেটিচ বা বহুমুত্ৰ ৰোগত কিছু লাভজনক দিশ থাকিলেও চিকিৎসকক নজনোৱাকৈ কেতিয়াও নাখাব ।
৫। নিম্ন ৰক্তচ্চাপ ৰোগীয়ে কেচা নাৰিকল,পানী বা দুগ্ধ নাখাব ।
৬।পেটৰ ৰোগ, এলাৰ্জী সমস্যা থকা লোক বা অইন কোনো লোকে নাৰিকল খাই পাৰ্শক্ৰিয়া অনুভৱ কৰিলে নাৰিকল নাখাব
৬। কিছুমান ৰোগত দেহত থকা পৌষ্টিক উপাদানৰ আধিক্যতাৰ বাদে নাৰিকল ক্ষতিকাৰক হব পাৰে । তেনে ক্ষেত্ৰত চিকিত্সকৰ পৰামৰ্শ লব ।
বজাৰত পোৱা শুকান নাৰিকল বা পানী শুকাই যোৱা সম্পুৰ্ন পুৰঠ নাৰিকল অতি সোৱাদৰ লগতে অত্যন্ত গুনকাৰী । এনে নাৰিকলে ৰুগীয়া দুৰ্বল লোক লৰাছোৱালী ,গৰ্ভৱতী মহিলা তথা ভাবী সন্তান , বা যিকোনো লোকৰ বাবে মগজু আৰু সুস্বাস্থ্যগঠনত যথেষ্থ হিতকাৰী ।
সেয়ে নিজৰ তথা পৰিয়ালৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে নাৰিকল নিত্য আহাৰ্য ফল হিচাবে ব্যৱহাৰ কৰক ।
সকলো সুখে থাকক' নিৰাময় হওঁক
সুস্বাস্থৱান হওঁক ।
সুবিধা থাকিলে (সন্তানৰ নামত) নাৰিকল এজুপী নিশ্চয় ৰোপন কৰিব

লেখক: যতীন দাস

উৎস: উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top