মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / নিমখ আৰু স্বাস্থ্যঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিমখ আৰু স্বাস্থ্যঃ

নিমখ আৰু স্বাস্থ্যত ইয়াৰ প্ৰ্ভাব লিখা হৈছে

নিমখৰ বিষয়ে-

আমাৰ চিৰ চেনেহী ভাষা জননীৰ এষাৰ আপ্তবাক্য হৈছে- ‘শাকত নাখায় লোণ, পিটিকাত দিয়ে তিনিগুণ’। খাদ্যাভ্যাসৰ ওপৰত আধাৰিত উক্ত আপ্তবাক্যৰ বাদেও অন্য কেতবোৰ শব্দৰ সৈতে অংগাংগীভাৱে জড়িত হৈ আছে নিমখ। উদাহৰণস্বৰূপে খাই পাত ফলাৰ সমতুল্য বা সমাৰ্থক হৈছে ‘নিমখ হাৰাম’।

অসমীয়া তথা ভাৰতীয় মানুহৰ আহাৰৰ এক অন্যতম উপকৰণ হৈছে লোণ বা নিমখ। যিসকল ব্যক্তিৰ খাদ্যৰ জুতি-বুধি সম্বন্ধে সচেতনতা বেছি তেওঁলোকৰ বাবে খাদ্যত উপযুক্ত মাত্ৰাত লোণৰ উপস্থিতি একান্তই বাঞ্ছনীয়। বুৰঞ্জীৰ পাত লুটিয়ালে দেখা যায় যে তাহানিখনৰে পৰাই আহাৰৰ প্ৰস্তুতি তথা সংৰক্ষণ প্ৰক্ৰিয়াত নিমখৰ ব্যৱহাৰ কৰি আহিছে। ৰসায়ন বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা লোণ বা নিমখ হৈছে ছ’ডিয়াম ক্ল’ৰাইড। আমাৰ শৰীৰৰ এক অন্যতম উল্লেখনীয় উপাদান হৈছে ছ’ডিয়াম। দেহত ইয়াৰ মাত্ৰাৰ স্বাভাৱিকতাৰ তাৰতম্য ঘটিলে নানা ধৰণৰ অসুস্থতাই দেখা দিয়ে। জীৱন ধাৰণৰ বাবে ক্ল’ৰাইডৰ ভূমিকাও অপৰিহাৰ্য। মানৱ স্বাস্থ্যৰ ওপৰত নিমখৰ প্ৰভাৱ সম্বন্ধে দুআষাৰ লিখাৰ পূৰ্বে ছ’ডিয়ামৰ কাম-কাজৰ বিষয়ে পঢ়ুৱৈসকলক অৱগত কৰাটো সমীচীন হ’ব বুলি মই বিবেচনা কৰিছো। শৰীৰৰ তৰল দ্ৰব্যবোৰৰ ভাৰসাম্য অটুট ৰখাত ছ’ডিয়ামৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। লোণকে ধৰি বিভিন্ন তৰহৰ আহাৰৰ জৰিয়তে আহৰণ কৰা ছ’ডিয়ামৰ শোষণ পাচনতন্ত্ৰত অতি দ্ৰুতগতিত হয় আৰু ই শৰীৰত ধনাত্মক ধৰণৰ ভাৰসাম্য স্থাপন কৰে যদিহে এক ন্যূনতম প্ৰয়োজনীয় সীমা শৰীৰত থকা ছ’ডিয়ামে অতিক্ৰম কৰে। মানৱ দেহৰ বাবে প্ৰয়োজনীয় ছ’ডিয়ামৰ দৈনন্দিন মাত্ৰা নিৰ্ভৰ কৰে এইবিধ মৌলৰ এনেবোৰ মাধ্যমেদি ঘটি বহিৰ্গমনৰ মাত্ৰাৰ ওপৰত- ঘাম, প্ৰস্ৰাৱ আৰু শৌচ। অৱশ্যে এষাৰ কথা অনস্বীকাৰ্য যে জলবায়ু আৰু বতৰৰ ভিন্নতা অনুযায়ী ঘামৰ নিৰ্গমনৰ মাত্ৰাৰ তাৰতম্য থাকিব পাৰে।

নিমখৰ বাদেও সৰহীয়া মাত্ৰাত ছ’ডিয়াম থকা খাদ্য-

এতিয়া প্ৰশ্ন উঠিব পাৰে যে নিমখৰ বাদেও এনে কি ধৰণৰ খাদ্য আছে যিবোৰত সৰহীয়া মাত্ৰাত ছ’ডিয়াম থাকে ? সাগৰীয় মাছ, জন্তুজাত মাংস (পক্ষী মাংস নহয়) হৈছে ছ’ডিয়ামৰ গুৰুত্বপূৰ্ণ উৎস। তুলনামূলকভাৱে যিকোনো ধৰণৰ ভাৰতীয় শৈলীৰ আহাৰত থকা ছ’ডিয়ামৰ মাত্ৰা অন্য দেশ বা সমাজৰ পৰম্পৰাগত আহাৰতকৈ বেছি। ভাৰতীয় মানুহবোৰে গড় হিচাপে নিতৌ ৫-৩০ গ্ৰামলৈকে নিমখ খায়। নক’লেও হ’ব যে এই নিমখৰ এক উল্লেখনীয় অংশ হৈছে ছ’ডিয়াম। সমীক্ষাত প্ৰাপ্ত তথ্য অনুযায়ী প্ৰায় ৪০ শতাংশ ভাৰতীয় লোকে নিতৌ ৩০ গ্ৰাম নিমখ খায়। প্ৰকৃততে স্বাস্থ্যসন্মত বিধিটো হৈছে যে আহাৰৰ জৰিয়তে আমি গ্ৰহণ কৰা নিমখৰ মাত্ৰা নিচেই যৎসামান্য হ’ব লাগে। এইটো আকৌ সংশ্লিষ্ট ব্যক্তিগৰাকীৰ ইচ্ছা শক্তিৰ ওপৰত বাৰুকৈয়েই নিৰ্ভৰশীল।

নিম্নোক্ত উপায়বোৰৰ জৰিয়তে আমাৰ শৰীৰত নিতৌ প্ৰৱেশ কৰা নিমখৰ পৰিমাণ হ্ৰাস কৰিব পাৰে-

 

(১) বাল্যাৱস্থাৰ পৰাই তাকৰীয়া মাত্ৰাত নিমখ খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে আৰু এইক্ষেত্ৰত পিতৃ-মাতৃ আৰু অভিভাৱকৰ ভূমিকা অপৰিসীম।

(২) ভাতৰ কাঁহীখনৰ এটা চুকত কাহানিও কেঁচা নিমখ লৈ খোৱাৰ অভ্যাস কৰিব নালাগে।

(৩) এনে কেতবোৰ খাদ্য গ্ৰহণ কৰা অনুচিত যিবোৰৰ জৰিয়তে উল্লেখনীয় মাত্ৰাত নিমখ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে। এনেবোৰ খাদ্য হৈছে- পাপৰ, আচাৰ, নিমখীয়া বিস্কুট, চিপ্‌ছ আদি।

(৪) নিমখৰ বিকল্প হিচাপে ল’না (Lona- ল’ ছ’ডিয়াম) লৱণ বজাৰত পোৱা যায়। ইয়াৰ সোৱাদ নিমখীয়া যদিও ছ’ডিয়ামৰ মাত্ৰা তাকৰীয়া হোৱা হেতুকে শৰীৰৰ বাবে ই তুলনামূলকভাৱে কম অপকাৰী।

(৫) সৰহীয়া মাত্ৰাত শাক-পাচলি আৰু ফলমূল খাব লাগে। ইয়াৰে ভিতৰত শাক-পাচলি সিজাই আৰু ফলমূল কেঁচাই খাব লাগে। প্ৰাসংগিকভাৱে উল্লিখিব পাৰি DASH (Diet Aiming to Stop Hypertension) নামৰ খাদ্য তালিকাখনৰ বিষয়ে। ইয়াত শাক-পাচলি আৰু ফলমূলৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়।

মাত্ৰাধিক পৰিমাণত গ্ৰহণ কৰা নিমখে আমাৰ শৰীৰৰ পৰা কেলছিয়ামৰ বহিৰ্গমনত অৰিহণা যোগায়। শৰীৰত কেলছিয়ামৰ মাত্ৰা টুটিলে হাড়ৰ ঘনত্ব (বি.এম.ডি.) কমে আৰু ফলত হাড়বোৰ লেহুকা হৈ পৰে। অৱধাৰিতভাৱেই প্ৰশ্ন উঠিব পাৰে যে মাত্ৰাধিক বুলিলে কিমান পৰিমাণৰ নিমখ ভক্ষণ কৰা বুজায়। নিতৌ ৮ গ্ৰামতকৈ বেছি নিমখ ভক্ষণ কৰাটো স্বাস্থ্যৰ বাবে সমীচীন নহয় বুলি বিবেচিত হৈছে।

বিগত কেইটামান দশকজুৰি আয়োডিনযুক্ত নিমখ ভক্ষণৰ বাবে চিকিৎসকসকলৰ পিনৰ পৰা আৰু চৰকাৰৰ সংশ্লিষ্ট বিভাগবোৰৰ তৰফৰ পৰা অতিশয় গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰকৃততে আয়োডিন হৈছে মানৱ দেহৰ বাবে এক অতিকৈ প্ৰয়োজনীয় উপাদান যিটো নেকি নিতৌ অতি তাকৰীয়া পৰিমাণত শৰীৰৰ নানা কাম-কাজৰ বাবে ব্যৱহৃত হয়। মানৱ শৰীৰৰ বৃদ্ধি, বিকাশ তথা অন্যান্য কাম-কাজৰ বাবে অতিকৈ প্ৰয়োজনীয় থাইৰয়েড হৰম’নৰ গঠনৰ বাবে আয়োডিন হৈছে অপৰিহাৰ্য উপাদান। শিশুকে ধৰি বিভিন্ন বয়সৰ তথা উভয় লিংগৰে ব্যক্তি আয়োডিনৰ অভাৱজনিত অৱস্থাত আক্ৰান্ত হৈ দৈহিকভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে। যিহেতুকে ভাৰতীয় মানুহে কম-বেছি মাত্ৰাত সাৰ্বজনীনভাৱে নিমখ গ্ৰহণ কৰে। গতিকে সমৃদ্ধিকৃত খাদ্যৰূপে ইয়াৰ সৈতে আয়োডিন মিহলোৱা হয়। (আয়োডাইজড ছ’ল্ট)। আজিকালি এনেধৰণৰ নিমখ নিয়মীয়াভাৱে গ্ৰহণ কৰা হেতুকে গৰলকে ধৰি থাইৰয়েড গ্ৰন্থিৰ নানা ৰোগৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে কমি গৈছে।

নিমখত ছ’ডিয়ামৰ উপৰি থকা ক্ল’ৰাইড নামৰ অংশটি হৈছে পাকস্থলীৰ পৰা নিঃসৰিত বিভিন্ন ৰসৰ এক অপৰিহাৰ্য অংগ। বিভিন্ন ধৰণৰ দৈহিক তৰলৰ মাজত ই ভাৰসাম্য বজাই ৰাখে। ইতিমধ্যে উল্লিখিত ল’না হৈছে পটাছিয়াম ক্ল’ৰাইড। বিভিন্ন ধৰণৰ আহাৰত এইবিধ যৌগ থাকে। আমাৰ শৰীৰত থকা তৰল দ্ৰব্যবোৰৰ বহিৰ্গমন ঘটিলে ক্ল’ৰাইডৰ মাত্ৰা বাৰুকৈয়ে টুটি যায়। তদুপৰি কিডনীৰ ৰোগত থকা তথা উচ্চ ৰক্তচাপ হ্ৰাসকৰূপে ব্যৱহাৰ কৰা ডাই ইউৰেটিক (মূত্ৰবৰ্ধক) শ্ৰেণীভুক্ত দৰবৰ ব্যৱহাৰৰ হেতুকে শৰীৰত ক্ল’ৰাইডৰ মাত্ৰা টুটে। নিমখ বা ছ’ডিয়াম ক্ল’ৰাইডৰ অবিচ্ছেদ্য অংশস্বৰূপ এই ক্ল’ৰাইডে আকৌ ৰক্তচাপ বঢ়াব পাৰে। তদুপৰি কিডনী বা লিভাৰ বা কলিজাৰ ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ ক্ষেত্ৰত এইবিধ উপাদানৰ ব্যৱহাৰৰ হেতুকে দৈহিক তৰলৰ মাত্ৰা বাঢ়ি নানা সমস্যাৰ সৃষ্টি কৰে।

নিবন্ধটি সামৰিব খুজিছো নিমখ বা ছ’ডিয়াম ক্ল’ৰাইডৰ চিকিৎসাৰ ক্ষেত্ৰখনত হোৱা কেতবোৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰি। সিৰাইদি প্ৰয়োগ কৰা কেতবোৰ ছেলাইনত (সকলোবোৰ নহয়) এইবিধ দ্ৰব্য থাকে আৰু নিৰ্জলীভৱনৰ (ডিহাইড্ৰেচন) লেখীয়া অৱস্থাৰ প্ৰতিকাৰৰ বাবে এনে ছেলাইন ব্যৱহাৰ কৰা হয়। কেথেটাৰ বা ৰাইল্ছ টিউবৰ লেখীয়া কেতবোৰ মাধ্যমৰ জৰিয়তে ছ’ডিয়াম ক্ল’ৰাইডযুক্ত তৰল দ্ৰব্য শৰীৰৰ কেতবোৰ অংশত সুমুৱাই পৰিষ্কাৰ কৰা হয় বা নমুনা সংগ্ৰহ কৰা হয়। ছালৰ ঘাৰ চৌদিশ পৰিষ্কাৰ কৰিবলৈ একে ধৰণৰ দ্ৰৱণ ব্যৱহাৰ কৰিব পাৰি। চকুৰ শুষ্কাৱস্থা, ৰঙচুৱা অৱস্থা আৰু মাত্ৰাধিক অশ্ৰু নিৰ্গমন ঘটিলে ছ’ডিয়াম ক্ল’ৰাইডযুক্ত দ্ৰৱণৰ ব্যৱহাৰৰ ফলত সুফল প্ৰাপ্তি হয়। আনহাতে একেধৰণৰ তপত দ্ৰৱণৰ ভাপ নাকেদি শুঙিলে কাঁহ বা শ্বাসতন্ত্ৰৰ অন্যান্য উপসৰ্গৰ প্ৰশমনত অৰিহণা যোগায়।

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

3.10344827586
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top