অংশিদাৰী

নেমুৰ ঔষধি গুণ

নেমুৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে।

নেমু এনে এবিধ ফল, যাৰ গোন্ধ পোৱা মাত্ৰকে মনলৈ সতেজতাৰ অনুভূতি আহে। ভাত-দাইল, ৰুটি-পাচলি আদি যিকোনো খাদ্য দ্ৰব্যতে নেমু চেপি দিলে, সেইবোৰ ৰুচিকৰ হৈ পৰে। এইবিধ ফল, টেঙা হোৱাৰ লগতে ইয়াত আছে ভালেমান ঔষধি গুণ।

অসমত ভালেকেইবিধ নেমু পোৱা যায়। ইয়াৰ ভিতৰত আটাইতকৈ বেছি জনপ্ৰিয় দুবিধ নেমু হৈছে- গোলনেমু আৰু কাজি নেমু। গোল নেমু সাধাৰণতে মে’-জুন মাহৰ পৰা আগষ্ট-ছেপ্টেম্বৰ মাহলৈকে পোৱা যায়। কিন্তু কাজি নেমু গোটেই বছৰ ধৰি পোৱা যায়। অৱশ্যে ডিচেম্বৰ মাহৰ পৰা এপ্ৰিল-মে’ মাহলৈ কাজি নেমু বজাৰত পোৱা গ’লেও এই সময়ছোৱাত নেমুবিলাকত ৰসৰ পৰিমাণ কম হয়। সি যি কি নহওক- অসমত এই দুবিধ নেমুৰ প্ৰচলনেই সৰ্বাধিক। এই দুবিধ নেমুৰ বাহিৰেও আন এবিধ সৰু আকাৰৰ গোল নেমুৰো অসমত প্ৰৱেশ ঘটিছে। মূলতঃ অসমৰ বাহিৰৰ পৰা অহা এইবিধ গোল নেমু ৰসাল যদিও ইয়াৰ গোন্ধটো কিন্তু অসমীয়া গোল নেমু আৰু কাজি নেমুতকৈ সুকীয়া। সি যি কি নহওক, সকলো প্ৰকাৰৰ নেমুৰে কিছুমান ঔষধি গুণ আছে আৰু সেইবিলাক তলত উল্লেখ কৰা হ’ল। নেমু ফলৰ উপৰি ইয়াৰ পূৰঠ পাত আৰু শিপাৰো ভালেমান ঔষধি গুণ আছে।

নেমুৰ ঔষধি গুণ:

 

কৃমি নাশক:

নেমুৰ পূৰঠ পাত এমুঠি ছিঙি আনি ভালদৰে ধুই লৈ পটা আৰু মিক্সিত বটি লৈ তাৰ পৰা দহ গ্ৰাম(দুচামুচ) পৰিমাণত ৰস উলিয়াই লওক। ইয়াৰ লগত দুচামুচ মৌ মিহলাই খুৱালে ১০ বছৰৰ ওপৰ বয়সৰ যিকোনো ল’ৰা-ছোৱালী অথবা ডাঙৰৰো পেটৰ কৃমি নাশ হয়। সৰু ল’ৰা-ছোৱালীক এই পৰিমাণৰ আধা মাত্ৰাত খুৱাব। এবাৰত কৃমিৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ নেপালে একেৰাহে প্ৰতিদিনে এবাৰকৈ দহ দিনলৈকে খাব লাগে। নেমুৰ গুটি বটি লৈ এচামুচ পানীত গুলি খুৱালেও কৃমি মৰে।

মূৰৰ বিষ:

নেমুৰ পাতৰ ৰস উলিয়াই সেই ৰস শুঙি থাকিলে মূৰৰ বিষ উপশম হয়। যিসকল লোকৰ সদায় মূৰৰ বিষ হৈ থাকে, তেনে লোকে হাতেৰে নেমুৰ পাত মোহাৰি নাকৰ আগত লৈ শুঙি থাকিলে মূৰৰ বিষ নাইকিয়া হয়।

মুখৰ সৌন্দৰ্য বৰ্ধনত:

 

এটা নেমু কাটি লৈ চেপি ১০ গ্ৰাম(দুচামুচ) ৰস উলিয়াই লওক। এই ৰসৰ লগত ১০ টোপাল গ্লিচাৰিণ আৰু ১০ গ্ৰাম গোলাপজল মিহলাই এটা বটলত ভৰাই ৰাখি থওক। এই মিশ্ৰণটো প্ৰতিদিনে পুৱা গা-ধোৱাৰ পিছত আৰু ৰাতি শোৱাৰ আগতে মুখত সানি আঙুলিৰে লাহে লাহে মালিচ কৰি থাকিলে মুখৰ ছালখন মিহি, উজ্জ্বল আৰু কোমল হৈ পৰিব।

ব্ৰণ নিৰাময় কৰাত:

নেমুৰ ৰস দুচামুচৰ লগত সম পৰিমাণত গোলাপজল মিহলাই বটলত ভৰাই ৰাখি থওক। এই মিশ্ৰণৰ অলপমান লৈ পুৱা আৰু ৰাতি শোৱাৰ আগতে মুখত সানি থওক। এই মিশ্ৰণন প্ৰতিদিনে এবাৰকৈ সানি আধা ঘন্টাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাওক। এনেদৰে এই মিশ্ৰণ সানি থাকিলে মুখত শালমইনাৰ সমস্যা দূৰ হ’ব। সম্পূৰ্ণকৈ শালমইনা নাইকিয়া কৰিবলৈ একেৰাহে ১০-১৫ দিন সানিব লাগিব।

নাকেৰে তেজ ওলালে:

দুচামুচ নেমুৰ ৰসত এচামুচ পানী মিহলাই এটা ড্ৰপাৰৰ সহায়ত নাকৰ ভিতৰলৈ পিচকাৰি মাৰি থাকিলে নাকেৰে তেজ পৰা বন্ধ হয়।

বেছিকৈ পিয়াহ লগা:

যিকোনো কাৰণত বেছিকৈ বাৰে বাৰে পিয়াহ লাগিলে নেমু এটা কাটি সামান্য নিমখ লগাই চুহি থাকিলে পিয়াহ লগা নাইকিয়া হয়। নেমুৰ ৰসেৰে বনোৱা চৰবৎ খালেও বাৰে বাৰে পিয়াহ লগাৰ ভাব নাইকিয়া হয়। বেছিকৈ জ্বৰ উঠি থাকিলে নেমু চুপিবলৈ বা চৰবৎ খাবলৈ দিব পাৰে।

চুলি সৰা আৰু উফিৰ সমস্যা হ’লে:

 

এচামুচ নেমুৰ ৰবৰ লগত দুচামুচ নাৰিকল তেল ভালদৰে মিহলাই লৈ চুলিৰ গুৰিত সানি হাতেৰে লাহে লাহে ঘঁহি মালিচ কৰি থাকিলে চুলি সৰা বন্ধ হ’ব আৰু চুলিবোৰ কোমল হৈ পৰিব। লগতে মূৰত উফি হ’লেও এই ব্যৱস্থা ল’লে উফিও দূৰ হ’ব।

*নেমুৰ ৰসৰ লগত নাৰিকল তেল মিহলাই মূৰত হাতেৰে লাহে লাহে মালিচ কৰি ৰাতি শোৱাৰ আগতে ঘঁহি হৈ পুৱা কুহুমীয়া গৰম পানী আৰু মণিচালৰ ফেনেৰে মূৰটো ধুই পেলালে উফিৰ সমস্যা নাইকিয়া হয়। তেতিয়াও যদি উফি একেবাৰে শেষ নহয়, তেনেহ’লে দুদিনৰ মূৰে মূৰে এসপ্তাহ এই মিশ্ৰণ সানি ধুই থাকিলে উফিৰ সমস্যা একেবাৰে শেষ হয়।

মৃগী ৰোগত:

এটা নেমু দুফাল কৰি তাৰে এফালৰ লগত এচিকুট হিং লগাই চুহি খাই থাকিলে মৃগী ৰোগৰ প্ৰকোপ হ্ৰাস পায়। কিছুদিন কেই ব্যৱস্থা ল’লে এই ৰোগৰ আক্ৰমণ নিয়ন্ত্ৰণ হয়।

পায়োৰিয়া:

 

এচামুচ নেমুৰ ৰসৰ লগত এচামুচ মৌ মিহলাই সেই ৰসেৰে দাঁত মাজি থাকিলে দাঁতৰ আলুৰ ৰোগ পায়োৰিয়া নিৰাময় হয়। দাঁতৰ পৰা তেজ আৰু পুঁজ ওলোৱা বন্ধ হয়। মুখৰ পৰা দুৰ্গন্ধ ওলোৱাও বন্ধ হয়।

দাঁত আৰু আলুৰ বিষ:

এটা নেমু চাৰিফাল কৰি কাটি লওক। ইয়াৰ প্ৰতি টুকুৰাতে নিমখ সানি শুকান তাৱা এখনত গৰম কৰক। গৰম ক্লৰা টুকুৰা একোটা বিষাই থকা দাঁতৰ গুৰিত লগাই হেঁচি থাকক আৰু নেমুৰ ৰসখিনি চুহি থাকক। এনে কৰিলে দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পাব।

দাঁতৰ আলু ফুলিলে নেমুৰ ৰস পানীত চেপি লৈ সেই পানীৰে কুলকুলি কৰিলে সোনকালে নিৰাময় হয়।

দাঁতৰ উজ্জ্বলতা বৃদ্ধি:

নেমুৰ ৰসৰ লগত সৰিয়হৰ তেল মিহলাই সেই মিশ্ৰণেৰে দাঁত ব্ৰাছ কৰিলে দাঁতৰ ওপৰত পৰা দাগ নিৰ্মূল হয় আৰু দাঁতৰ উজ্জ্বলতা বাঢ়ে।

হিকটি অহা:

এচামুচ নেমুৰ ৰসৰ লগত এচামুচ মৌ মিহলাই সেই মিশ্ৰণেৰে দাঁত ব্ৰাছ ওপৰত পৰা দাগ নিৰ্মূল হয় আৰু দাঁতৰ উজ্জ্বলতা বাঢ়ে।

হিকটি অহা:

এচামুচ নেমুৰ ৰসৰ লগত এচামুচ মৌ মিহলাই খুৱালে সোনকালে হিকটৈ অহা বন্ধ হয়। এই মিশ্ৰণৰ লগত সোৱাদৰ কাৰণে অকণমান ক’লা নিমখো মিহলাই ল’ব পাৰে।

খজুৱতি:

নেমুৰ ৰসৰ লগত ফিটকিৰিৰ গুড়ি মিহলাই লৈ খজুৱতি হোৱা ঠাইত ঘঁহি থাকক। খজুৱতি নিৰাময় হ’ব।

হাড়ৰ গাঁঠিত বিষ:

শৰীৰৰ যিকোনো ঠাইত হাড়ৰ গাঁঠিত বিষ হ’ব পাৰে। বিষ হৈ থকা গাঁঠি ফুলিও উঠিব পাৰে। এনে ধৰণৰ লক্ষণ থাকিলে এচামুচ নেমুৰ ৰস সামান্য গৰম কৰি বিষ থকা গাঁঠিৰ ওপৰত সানি পাতলকৈ মালিচ কৰি থাকিলে গাঁঠিৰ বিষ আৰু উখহা নাইকিয়া হয়।

যন্ত্ৰণাবিহীন প্ৰস্ৰাৱ:

গৰ্ভধাৰণৰ চতুৰ্থ মাহৰ পৰা প্ৰসৱকাললৈকে সন্তানসম্ভৱা মাতৃগৰাকীয়ে এটাকৈ গোলনেমুৰ ৰসেৰে বনোৱা চৰবৎ প্ৰতিদিনে খাই থাকিলে বিনা কষ্টে প্ৰসৱ হয়।

প্ৰস্ৰাৱত বাধা হ’লে:

নেমুৰ গুটি মিহিকৈ বটি নাভিৰ ওপৰত থৈ তাত লাহে লাহে ঠাণ্ডা পানী ঢালি থাকক। অৱৰোধ হৈ থকা প্ৰস্ৰাৱ খোলোচা হৈ নিৰ্গত হ’ব।

হৃদৰোগ:

২৫ গ্ৰাম নেমুৰ ৰসত ১১ টা তুলসীৰ পাত আৰু জিৰা, হিং সামান্য পৰিমাণে মিহলাই তাৰ লগত গৰম পানী মিহলাই খাই থাকিলে ক্ষয় বা যক্ষ্মা ৰোগৰ প্ৰকোপ নিৰাময় হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top