মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / নেমুৰ ৰসেৰে চাহ বনোৱাৰ পদ্ধতি আৰু ইয়াৰ স্বাস্থ্যবৰ্ধক গুণাগুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নেমুৰ ৰসেৰে চাহ বনোৱাৰ পদ্ধতি আৰু ইয়াৰ স্বাস্থ্যবৰ্ধক গুণাগুণ

নেমুৰ ৰসেৰে চাহ বনোৱাৰ পদ্ধতি আৰু ইয়াৰ স্বাস্থ্যবৰ্ধক গুণাগুণ

 

স্বাস্থ্যৰ বাবে বহু উপকাৰী ফলৰ ভিতৰত অন্যতম নেমুৰ ব্যৱহাৰ দৈনন্দিন খাদ্যপ্ৰণালীৰ গুণাগুণ বৃদ্ধি কৰিবলৈ কৰা হয় । নেমুৰ ৰসেৰে সাধাৰণতে চৰবত বনাই খোৱা হয়, যদিও আপোনালোকে ইয়াৰ ৰসেৰে বনোৱা চাহৰ সোৱাদ লব পাৰে, যি আপোনাৰ ভাগৰুৱা শৰীৰটোক কিছু পৰিমাণে অৱসাদমুক্ত কৰে ।

আপোনালোকে ঘৰত সহজতে উপলব্ধ সামগ্ৰীসমূহৰ দ্বাৰা যেতিয়াই মন যায় তেতিয়াই নেমুৰ চাহ বনাব পাৰে । এটা পাত্ৰত দুকাপ পানী লৈ তাত সৰু চামুচেৰে এচামুচ চাহপাত মিহলাই গেছ জ্বলাই উতলিবলৈ দিয়ক । পানীখিনি উতলিলে গেছ বন্ধ কৰক । এতিয়া পানীখিনি চেকি তাত চেনি এচামুচৰ সৈতে কেইটোপালমান নেমুৰ ৰস মিহলাই তাতে অকণমান কলা নিমখ ঢালি তৈয়াৰ হোৱা চাহৰ আনন্দ লওক । নেমুৰ চাহ সেৱন কৰাৰ বহুকেইটা স্বাস্থ্যবৰ্ধক গুণাগুণ আছে । নেমুৰ চাহ সেৱন কৰিলে শৰীৰৰ ভাগৰ দূৰ হয় । ই  আমাৰ পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখে। নেমুৰ ৰসত থকা ভিটামিন চিয়ে আমাৰ ছাল উজ্জল কৰি তোলে । দিনটোৰ যিকোনো সময়ত অতি কমেও এবাৰ আপোনালোকে এই চাহ সেৱন কৰিব পাৰে । নেমুৰ ৰসে শ্বাস-প্ৰশ্বাসৰ প্ৰক্ৰিয়া সুচল কৰি ৰখাৰ উপৰিও মুখৰ বেক্তেৰিয়াবোৰ ধ্বংস কৰে । সেইকাৰণে সদায় ৰাতিপুৱা গাখীৰ চাহ খোৱাৰ সলনি নেমুৰ চাহ খোৱাটো অধিক লাভজনক বুলি কোৱা হয় ।

লেখক – ৰিদিপ ৰঞ্জন চেতীয়া

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top