মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পইতা পালমৰা নহয় বৰং পুষ্টিকৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পইতা পালমৰা নহয় বৰং পুষ্টিকৰ :

পইতা পালমৰা নহয় বৰং পুষ্টিকৰ, সেই বিষয়ে লিখা হৈছে ।



আমাৰ খাদ্যৰ তিনিটা প্ৰধান ভাগ আছে -

(১) সাত্বিক

(২) ৰাজসিক

(৩) তাম্ৰসিক। পইতা ভাত তাম্ৰসিক আহাৰৰ অন্তৰ্গত ধৰা হয়। তাৰোপৰি পইতা ভাত খালে সহজে হজম হয় বাবে খোৱাৰ এঘন্টামানৰ পিছতে ভোক লাগে । কৰ্মব্যস্ত মানুহে , বিশেষকৈ কৃষি কৰ্মত ব্যস্ত মানুহে সময় অভাৱৰ হেতু কৰ্কৰা ভাতকে খাই ততাতৈয়াকৈ খেতি পথাৰলৈ ঢাপলি মেলে। সেয়েহে অসমীয়াত এটা অৰ্থপূৰ্ণ ফকৰা যোজনা আছে। " পইতা পালমৰা , কৰ্কৰা লৰ মৰা তপত দিনটোলৈ শকত "।
গৰমৰ দিনত পইতা ভাত আৰু বেহুৱা অকনমান পালে বৰ তৃপ্তিৰে খাব পাৰি। বহুতে পইতা ভাত খাই ভাল পায় যদিও প্ৰকাশ্যে কবলৈ লাজ পায়। বহাগ বিহুত চেৰা বিহুৰ দিনা পইতা ভাত অলপ খোৱাৰ নিয়মটো আমাৰ সমাজত এতিয়াও বৰ্ত্তি আছে। পইতা ভাতৰো কিছুমান উপকাৰীতা আছে আৰু ইয়াক তলত উল্লেখ কৰা হল। অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে পইতা ভাতৰ ওপৰত চলোৱা পৰীক্ষাত পোৱা তথ্যসমূহ তলত অধিক বিশ্লেষণ কৰি দেখুওৱা হল।
(১) প্ৰতি ১০০ গ্ৰাম পইতা ভাতত ৩০৩ মিলিগ্ৰাম চদিয়াম থকাৰ বিপৰীতে ১০০ গ্ৰাম গৰম ভাতত থাকে ৪৭৫ মিলিগ্ৰাম। সেয়েহে চাবলৈ গলে উচ্চ ৰক্তচাপ থকা , ভৰিফুলা, হৃদৰোগীৰ বাবে পইতা ভাত উপকাৰী।
(২) প্ৰতি ১০০ গ্ৰাম পইতা ভাতত ৮৫০ মিলি গ্ৰাম কেলচিয়াম থকাৰ বিপৰীতে গৰম ভাতত থাকে ২১ মিলি গ্ৰাম‌। সেয়েহে কেলচিয়াম কম থকা ব্যক্তিৰ কাৰণে পইতা ভাত উপকাৰী।
(৩) প্ৰতি ১০০ গ্ৰাম পইতা ভাতত ৭৩'৯১ মিলি গ্ৰাম আইৰণ থকাৰ বিপৰীতে গৰম ভাতত থাকে ৩'৪ মিলি গ্ৰাম। সেয়েহে ৰক্তহীনতা ব্যক্তিৰ কাৰণে পইতা ভাত উপকাৰী।
(৪) প্ৰতি১০০ গ্ৰাম পইতা ভাতত পটেচিয়াম থাকে ৮৩৯ মিলি গ্ৰাম ।
(৫) সেইদৰে পইতা ভাতত ভিটামিন বি-৬ আৰু বি-১২ পোৱা যায়।
আমেৰিকান নিউট্ৰিচন এচোচিয়েচনৰ মতে পইতা ভাত খালে অগ্নাশয়ৰ পৰা এমাইলেছ, পেংক্ৰিয়েটিন ৰসৰ উপৰিও এনজাইম অধিক পৰিমাণে নিসৰণ হয় বাবে ভালদৰে পইতা ভাত হজম আৰু বিপাক হয়। গতিকে পইতা ভাত খোৱা ব্যক্তিৰ পেটৰ গণ্ডগোল কমকৈ হয়। তাৰোপৰি পইতা ভাত খোৱা ব্যক্তিৰ পেটত চৰ্বি সঞ্চিত নহয় বাবে পেটুৱা নহয়। পইতা ভাতত স্বাস্থ্যৰ কাৰণে উপকাৰী কিছুমান বেক্টেৰিয়া উৎপন্ন হয় বাবে কম পৰিমাণে ফাৰ্মেন্টেছন হয়। সেয়েহে পইতা ভাত খালে সামান্য টোপনি ভাৱ আহে আৰু শৰীৰটো ঠাণ্ডা হৈ থাকে।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.16666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top