মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পদিনাৰ উপকাৰিতাৰ বিষয়ে নজনা বহু কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পদিনাৰ উপকাৰিতাৰ বিষয়ে নজনা বহু কথা

পদিনাৰ উপকাৰিতাৰ বিষয়ে বিষয়ে লিখা হৈছে ।

  • পদিনাৰ ৰস মৌজোলৰ সৈতে মিহলাই খালে অনিদ্ৰা আতৰ হয় ৷
  • দুচামুচ পদিনাৰ ৰস আধা কাপ কুহুমীয়া গৰমপানীৰ সৈতে মিহলাই খালে বাৰে বাৰে পিয়াহ লগা আতৰ হয় ৷
  • পদিনাৰ চাহ নিমখীয়া কৰি খালে কাহ, মূৰৰ বিষ আৰু জ্বৰ আতৰ হয় ৷
  • চকুৰ চৌদিশে হোৱা ক'লা দাগ আতৰাবলৈ হলে কিছুদিনলৈ দৈনিক আধা ঘন্টা সময় পদিনা পিচা প্ৰলেপ লগাওঁক ৷ পিছত সাবধানে ঠাণ্ডা পানীৰে ধুই দিয়ক ৷ চাব, চকুৰ ভিতৰলৈ পদিনা পিচা নাযায় যেন ৷
  • খহু আৰু খুন্দা খাই হোৱা বিষত পদিনাৰ প্ৰলেপ উপযোগী ৷
  • মাহেকীয়াৰ সময়ত হোৱা বিষ আৰু অনিয়মীয়া ঋতুস্ৰাৱৰ চিকিৎসাত উপযোগী ৷
  • নাকৰ ৰক্তক্ষৰণ ৰোধ কৰিবলৈ পদিনাৰ ৰস ২/৩ টোপাল দিলেই হয় ৷
  • কাণৰ সংক্ৰমণত পদিনাৰ ৰস উপযোগী ৷
  • পদিনাৰ প্ৰলেপ শালমনৰ চিকিৎসাত ফলপ্ৰসু ৷
  • বৃশ্চিক বা আন কীট-পতংগই দংশন কৰিলে পদিনাৰ প্ৰলেপ দিলে উপশম হয় ৷
  • আয়ুৰ্বেদিক চিকিৎসকে মেলেৰিয়াৰ চিকিৎসাত পদিনা আৰু তুলসীৰ পাতৰ সিদ্ধ মিশ্ৰণ ব্যৱহাৰ কৰে ৷
  • হিষ্টেৰিয়াত দৈনিক ৪চামুচকৈ পদিনাৰ ৰস খাবলৈ দি চিকিৎসা কৰা হয় ৷
  • দৈনিক দুচামুচকৈ পদিনাৰ ৰস সেৱন কৰিলে উচ্চৰক্ত চাপ নিয়ন্ত্ৰণত থাকে ৷
  • মুখৰ ভিতৰত বা জিভাত ঘা হলে পদিনা পিচা লগালে উপকৃত হব ৷
  • পদিনাৰ ৰস আধা পিয়লা পানীত মিহলাই দিনে ২৷৩বাৰ খোৱালে ওকালি আৰু বমিৰ উপশম ঘটে ৷
  • পদিনা হ'ল মাতৃ দুগ্ধ বৃদ্ধিকাৰক ৷ স্তনাগ্ৰ ফাটিলে পদিনাৰ প্ৰলেপ লগালে উপশম হয় ৷
  • পদিনাৰ ৰস,পিঁয়াজৰ ৰস আৰু নেমুৰ ৰস সম পৰিমানত মিহলাই খোৱালে গ্ৰহণী, ডায়েৰিয়াৰ প্ৰকোপ কমে ৷
  • হিকটি আহিলে তাক ৰোধ কৰিবলৈ চেনিৰ সৈতে কেইখিলামান পদিনাৰ পাত চোবাওঁক ৷
  • দাঁত আৰু দাঁতৰ আলু মজবুত কৰিবলৈ হলে দৈনিক কেইখিলামান পদিনাৰ পাত চোবাওঁক ৷
  • মুখৰ দূৰ্গন্ধ আতৰ কৰিবলৈ হলে পদিনাৰ পাত উতলাই ঠাণ্ডা হবলৈ দিয়ক ৷ যেতিয়া পানী কুহুমীয়া গৰম হব সেই পানীৰে ভালদৰো কুলকুলি কৰক ৷ দিনে দুবাৰকৈ ৫৷৭দিন এনে কৰক ৷
  • পুৰুষ আৰু মহিলা উভয়ৰে সন্তানহীনতাৰ আয়ুৰ্বদিক চিকিৎসাত পদিনাৰ ভূমিকা আছে বুলি জনা যায় ৷
  • আকস্মিকভাবে সংজ্ঞা হেৰোৱা লোকক কেইখিলামান পদিনাৰ পাত মোহাৰি ঘ্ৰাণ লবলৈ দিলে চেতনা ঘূৰাই পায় ৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top