মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পদুম ফুলৰ ঔষধি গুণঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পদুম ফুলৰ ঔষধি গুণঃ

পদুম ফুলৰ ঔষধি গুণৰ বিষয়ে আলোচনা কৰা হৈছে

পদুম ফুল কি-

পদুম এবিধ বৰ্ষজীৱী উদ্ভিদ। ই পানীত হয়। পদুম এবিধ বনজাতীয় উদ্ভিদ। ইয়াৰ ৰাইজ’ম বোকাত ওপঙি থাকে। ইয়াৰ পাত ঘূৰণীয়া আৰু পাতৰ ঠাৰি অলপমান দীঘল। ফুল এটাকৈ হয়। বগা , গোলপীয়া ৰঙা দুয়োবিধ ফুলে দেখিবলৈ পোৱা যায়। ইয়াৰ ইংৰাজী নাম Sacred Lotus আৰু বৈজ্ঞানিক নাম Nelumbo nucifera gartn।

পদুম ফুলৰ ঔষধি গুণ -

 

-  কফ আৰু পিত্ত ৰোগীৰ বাবে পদুম ফুলৰ সুবাস উপকাৰী।

- বগা পদুম ফুলে প্ৰস্ৰাৱ আৰু মূত্ৰাশয়ৰ দোষ নোহোৱা কৰে।

- বিভিন্ন বিষক্ৰিয়া নোহোৱা কৰিবলৈও পদুম ফুল উপকাৰী।

- গৰ্ভৱতী মহিলাৰ বাবে পদুম ফুল উপকাৰী। পদুমৰ চকা ৰান্ধি খালে বা গুটি খালেও উপকাৰ পোৱা যায়।

- পূৰঠ পদুম ফুলৰ চকাৰ গুটি ৰ’দত শুকুৱাই মিহিকৈ বটি সৰু সৰু পিলৰ আকৃতি কৰি নিয়মিতৰূপে এসপ্তাহমান খালে অৰ্শ ৰোগত উপকাৰ পোৱা যায়।

- পদুম ফুলৰ ঠাৰি ৰ’দত শুকুৱাই গুড়ি কৰি খালে শৰীৰত হোৱা জ্বলা-পোৰা কমে।

- অৰ্শ ৰোগত বেছিকৈ তেজ পৰিলে পদুমৰ ঠাৰি শুকুৱাই গুড়ি কৰি চেনি আৰু মাখনৰ লগত মিহলাই খালে তেজ পৰা কমে।

- হিন্দুসকলে পূজাত পদুম ফুল ব্যৱহাৰ কৰে। পৱিত্ৰতাৰ প্ৰতীক পদুম ফুলে বায়ু পৰিষ্কাৰ কৰে বুলি বিশ্বাস কৰে।

 

(উৎসঃ অসম বাণী, ললিতা শৰ্মা লহকৰ)।

2.94285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top