মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পনৰু কথা নহৰু গাঁথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পনৰু কথা নহৰু গাঁথা

ইতিহাসৰ পাত লুটিয়ালে কিছুমান বৰ মজাৰ তথ্য পোৱা যায়। আজিৰপৰা সাত হাজাৰ বছৰ আগতেও আমাৰ মানৱ সমাজত পনৰু অৰ্থাৎ পিঁয়াজ আৰু নহৰুৰ

বিৱৰণ

ইতিহাসৰ পাত লুটিয়ালে কিছুমান বৰ মজাৰ তথ্য পোৱা যায়। আজিৰপৰা সাত হাজাৰ বছৰ আগতেও আমাৰ মানৱ সমাজত পনৰু অৰ্থাৎ পিঁয়াজ আৰু নহৰুৰ বহুল ব্যৱহাৰ আছিল। বিভিন্ন দেশৰ প্ৰত্নতাত্ত্বিক নিদৰ্শনত ডুমৰু আৰু খেজুৰৰ লগত পিঁয়াজো পোৱা গৈছে। অৱশ্যে তেতিয়াৰ দিনত ইয়াৰ খেতি কৰা হৈছিল নে নাই সেই কথা ঠাৱৰ কৰিব পৰা নাযায়। কাৰণ, নিদৰ্শনত পোৱা পিঁয়াজ কৃষিজাত নে বনজাত এই পৰ্যন্ত নিৰ্ণীত হোৱা নাই। মিছৰৰ পিৰামিডৰ কথা আমি সকলোৱে জানো। এই পিৰামিড সাজিছিল মিছৰৰ কিছুমান শ্ৰমিকে। এই শ্ৰমিকসকলে হেনো খাদ্যৰ সৈতে মূলা আৰু পিঁয়াজ ভক্ষণ কৰিছিল পৰ্যাপ্ত শক্তি আহৰণৰ বাবে মিছৰৰ সম্ৰাটক ফাৰাও বোলা হৈছিল। ফাৰাও খুফুৱে পিৰামিড নিৰ্মাণকাৰী শ্ৰমিকসকলক নহৰু খাবলৈ আদেশ দিছিল। আমাৰ ঋকবেদতো পিঁয়াজৰ কথা উল্লেখ আছে। ঋকবেদ ৰচনাৰ সময়সীমা হৈছে আজিৰ পৰা ৪০০০ৰ পৰা ৫০০০ বছৰৰ কোনোবা এটা ক্ষণত। এই ঋকবেদৰ উপৰিও অপসতাম্বা ধৰ্মসূত্ৰতো পিঁয়াজৰ কথা পোৱা যায়। ইয়াৰ ৰচনা কাল আজিৰ পৰা প্ৰায় ২৩০০ৰ পৰা ২৯০০ বছৰৰ মাজত। পতঞ্জলি(খ্ৰী:পূ: ২০০ চন), চৰক সংহিতা(খ্ৰী:পূ: ৬০০ চন), সুশ্ৰুত সংহিতা(খ্ৰী: ৩-৪ চন) আৰু কাশ্যপ সংহিতা(খ্ৰী:পূ: ৪০০ চন) আদি অলেখ পৌৰাণিক গ্ৰন্থত নহৰু আৰু নহৰুৰ সমাৰ্থক শব্দ ‘ৰসোনী’ৰ কথা উল্লেখ আছে। আমি বহুতেই পিঁয়াজ আৰু নহৰুক আমিষ খাদ্য হিচাপেই গ্ৰহণ কৰোঁ। মিছৰবাসীসকলে দুয়োবিধ পাচলিক অন্য ধৰণে জ্ঞান কৰিছিল। দেৱতাৰ ওচৰত শপত বাক্য পাঠ কৰাৰ সময়ত তেওঁলোকে এই দুয়োবিধ সামগ্ৰীকে সন্মুখত থৈ পূজা কৰিছিল। পেলুছিয়াম হৈছে মিছৰৰ এখন নগৰ। এই নগৰৰ অধিবাসীসকলে পিঁয়াজ আৰু নহৰুক খাদ্য দ্ৰব্য হিচাপে গ্ৰহণ কৰা নাছিল। পূজনীয় সামগ্ৰী বুলিয়ে সন্মান জনাই তেওঁলোকে এই দুয়োবিধক খাদ্য দ্ৰব্য হিচাপে বৰ্জন কৰিছিল। তদুপৰি পিঁয়াজৰ আকাৰ বৃত্তৰ দৰে, আৰু এটাৰ পিছত এটাকৈ কেবাটাও বৃত্ত লাগি থকাৰ নিচিনা আকৃতিটোক মিছৰবাসীয়ে বৰ পৱিত্ৰ বুলি গণ্য কৰিছিল। ই যেন অনন্ত জীৱনৰ প্ৰতীক। এনে এক প্ৰচলিত জনবিশ্বাসৰ বাবেই প্ৰিয়জনৰ মৃত্যুৰ পিছত সমাধিৰ অন্তৰ্ভাগত অন্যান্য বস্তুৰ লগতে পিঁয়াজো অৰ্পণ কৰা হৈছিল। লগতে তেওঁলোকে এনেকৈয়ো ভাবিছিল, পিঁয়াজৰ উগ্ৰ গন্ধই প্ৰিয়জনৰ চিৰনিদ্ৰা অচিৰেই ভাঙিব। প্ৰাচীন গ্ৰীচত বহুতো শাৰীৰিক অনুশীলনকাৰী ব্যক্তি আছিল। তেওঁলোকে যথেষ্ট পৰিমাণে পিঁয়াজ সেৱন কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে পিঁয়াজ ভক্ষণ কৰিলে শৰীৰত সঠিক মাত্ৰাত তেজ চলাচল কৰে। আনহাতে ৰোমৰ গ্লেডিয়েটৰসকলে শক্তি বৃদ্ধি কৰিবলৈ পেশীৰ ওপৰত পিঁয়াজ থৈছিল। দ্বাদশ শতাব্দীৰ ইংৰাজ লেখক আলেকজেণ্ডাৰ নেকামৰ মতে সেই সময়ত গ্ৰীক আৰু ৰোমান সৈনিক, নাৱিক আৰু সাধাৰণ গঞা, লগতে আফ্ৰিকাৰ কৃষিজীৱীসকলে সকলো ৰোগৰ মহৌষধ হিচাপে যথেষ্ট পৰিমাণে নহৰু খাইছিল। ভাৰতত পিঁয়াজৰ আৱিৰ্ভাৱ হয় গুপ্ত যুগতেই। অৰ্থাৎ খ্ৰী: ৬০৬ৰ পৰা ৬৪৮ চনৰ ভিতৰত। সেয়াও আগমন ঘটিছিল মধ্য এছিয়াৰ পৰা। হিউৱেন চাং যেতিয়া ভাৰতলৈ আহিছিল, তেতিয়া খাদ্য হিচাপে ভাৰতত পিঁয়াজ বেছ জনপ্ৰিয়। কিন্তু তাতোকৈ বেছি জনপ্ৰিয় হৈ পৰিল ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পাছত। সম্ৰাট আকবৰক লৈ লিখা বহুমূলীয়া গ্ৰন্থ ‘আইন-ই-আকবৰী’ত পিঁয়াজেৰে ৰন্ধা বিভিন্নধৰণৰ ৰন্ধন প্ৰকৰণৰ বিষয়ে উল্লেখ আছে। ছাহজাহানৰ পুত্ৰ দাৰাছিকোৱে লিখা কৃষি সম্পৰ্কীয় পুথি ‘নুছথাদাৰ-ফান্নি-ফালাহাট’ত পিঁয়াজৰ খেতি সম্পৰ্কে বহুতো তথ্য পোৱা যায়। মধ্যযুগত পিঁয়াজে খাদ্য হিচাপে যথেষ্ট মৰ্যাদা লাভ কৰিছিল। সেই সময়ত পিঁয়াজ ইমানেই গুৰুত্বপূৰ্ণ হৈ পৰিছিল যে বহু সময়ত মুদ্ৰাৰ সলনি পিঁয়াজেৰেহে খাজনা দিয়াৰ নজিৰ আছে। ২৩ৰ পৰা ৭৯ খ্ৰী:ৰ ভিতৰত ‘প্লিনি’ নামৰ জনৈক দাৰ্শনিক খুবেই জনপ্ৰিয় হৈ পৰিছিল। এই দাৰ্শনিক গৰাকীৰ এখন গ্ৰন্থ ‘নেচুৰালিছ হিষ্ট’ৰিয়া’ত নহৰুৰ গুণাগুণৰ অলেখ তথ্য সন্নিৱিষ্ট কৰা হৈছে। ১৪৯২ খ্ৰী:ত ক্ৰিষ্ট’ফাৰ কলম্বাছে হাইটি অভিযানৰ সময়ত উত্তৰ আমেৰিকাত প্ৰথমবাৰৰ বাবে পিঁয়াজ ব্যৱহাৰ কৰিছিল। খ্ৰী: ধৰ্মমতে চয়তানে যেতিয়া দেৱতা বা ঈশ্বৰৰ বাগিচা এৰি আহিছিল, তেতিয়া তাৰ বাওঁ ভৰিৰ চিহ্নৰ পৰা জন্ম হৈছিল নহৰুৰ আৰু সোঁ ভৰিৰ চিহ্নৰ পৰা জন্ম হৈছিল পিঁয়াজৰ। এনে ধৰ্মীয় প্ৰতিবন্ধকতাৰ পিছতো পিঁয়াজ-নহৰুৰ জয়যাত্ৰা অব্যাহত আছিল। আদিম কালৰে পৰা মানুহে শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ পিঁয়াজ-নহৰুক খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে। কেৱল ভাৰতবৰ্ষতেই নহয়, গ্ৰীচ, মিছৰ, চীন, ইটালী আদি পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে খাদ্য, ঔষধি আৰু পথ্য হিচাপে পিঁয়াজ-নহৰুক আঁকোৱালি লৈছে। চৰক, সুশ্ৰুত, হিপোক্ৰিটাছ, লুই পাস্তুৰ আদিৰ দৰে বৰেণ্য ব্যক্তিসকলেও পিঁয়াজ আৰু নহৰুৰ গুণৰ কথা অকপটে স্বীকাৰ কৰিছে।

আধুনিক বিজ্ঞানৰ দৃষ্টিত পিঁয়াজ আৰু নহৰু

পিঁয়াজৰ বিজ্ঞানসন্মত নাম হৈছে ‘এলিয়াম চেপা’ (Allium Cepa)। পিঁয়াজত যথেষ্ট পৰিমাণে উপকাৰী তেল আৰু ছালফাইড যৌগ থাকে। পিঁয়াজত থকা প্ৰধান ৰাসায়নিক যৌগবিধ হৈছে ছালফাৰযুক্ত উদ্বায়ী তেল। এই তেলবিধৰ নাম হৈছে ‘এলিল প্ৰ’পাইল ডাইছালফাইড’(allyl propyl disulphide)। এইবিধ ৰাসায়নিক পদাৰ্থৰ বাবেই পিঁয়াজত একপ্ৰকাৰ উগ্ৰ গোন্ধ পোৱা যায়। পিঁয়াজ কাটিলে তাৰ কোষৰপৰা ‘এলিনেছ’(allinase) নামৰ এবিধ উৎসেচক নি:সৰণ হয়। এই উৎসেচকবিধে পিঁয়াজত থকা এমাইন’ এচিড ছালফ’ক্সাইডক ভাঙি ছালফেনিক এচিডলৈ ৰূপান্তৰিত কৰে। এই ছালফেনিক এচিডৰ পৰা আন এবিধ উদ্বায়ী গেছ তৈয়াৰ হয়। এই গেছবিধ বায়ু মাধ্যমেৰে আহি আমাৰ চকুত আঘাত কৰে। গেছবিধ ছালফাৰযুক্ত হোৱা হেতুকে আমাৰ চকু জলে আৰু চকুৰপৰা পানী ওলায়। তদুপৰি সতেজ পিঁয়াজৰ কন্দত শতকৰা ৮৬/৬ অংশ পানী, ১১/৬ অংশ কাৰ্ব’হাইড্ৰেট, ১/২ অংশ ফছফৰাছ, অতি কম পৰিমাণে খাদ্যপ্ৰাণ বি আৰু চি, লগতে খনিজ লৱণ আদি থাকে। আকৌ কাৰ্ব’হাইড্ৰেটৰ ভিতৰতে ৬ৰ পৰা ৯ অংশ থাকে গ্লুক’জ, ফ্ৰুক্ট’জ, ফ্ৰুকট’ন আদি চেনিৰ উপাদান থাকে।

পিঁয়াজৰ কেইবিধমান সাধাৰণ গুণ হৈছে-

  • পিঁয়াজে তেজৰ চাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
  • মধুমেহ আৰু হাড় ভংগুৰশীল(অস্থিঅ’পৰ’ছিছ) হোৱা ৰোগ জন্মাত প্ৰতিৰোধ কৰে।
  • পিঁয়াজত যি ছালফাৰযুক্ত ৰাসায়নিক পদাৰ্থ থাকে, সেই পদাৰ্থই কৰ্কট ৰোগৰ কোষ বৃদ্ধিত বাধা জন্মায়।
  • শৰীৰত তেজৰ পৰিমাণ কমি গ’লে পিঁয়াজে সেই তেজৰ অভাৱ পূৰ কৰিব পাৰে। কাৰণ পিঁয়াজত খাদ্যপ্ৰাণ ‘চি’ থাকে। এই খাদ্যপ্ৰাণ চিয়ে লৌহজাতীয় পদাৰ্থ তেজলৈ শোষণ কৰাত সহায় কৰে।

পিঁয়াজৰ আন এটা গুণ হৈছে- এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰা। এণ্টি অক্সিডেণ্ট হৈছে এনে এবিধ পদাৰ্থ যিয়ে শৰীৰক বিভিন্ন কলা-কোষৰ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰে। লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। এনে কিছুমান ফ্ৰি ৰেডিকেল আছে যি আমাৰ শৰীৰক লাহে লাহে আক্ৰমণ কৰে আৰু হৃদযন্ত্ৰণা, মধুমেহ আদিৰ দৰে কেতবোৰ শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে। সেইবাবে দৈনিক খাদ্য তালিকাত পিঁয়াজৰ দৰে এণ্টি-অক্সিডেণ্ট জাতীয় খাদ্য সম্ভাৰক স্থান দিয়া উচিত যাতে এনে সমস্যাসমূহৰ সম্ভাৱনাক নিৰ্মূল কৰিব পাৰি।

নহৰুৰ বিজ্ঞানসন্মত নাম হৈছে ‘এলিয়াম চেটাইভাম’ (Allium sativum)। নহৰুত এলিচিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। এই পদাৰ্থবিধৰ বাবেই ইয়াৰ গোন্ধ অতি উগ্ৰ আৰু কটু। ইয়াৰ

নহৰুৰ কেইবিধমান সাধাৰণ গুণ হ’ল-

  • নহৰুত থকা এলিচিন ৰাসায়নিক পদাৰ্থবিধৰ বাবেই সাধাৰণ ভাইৰাছ আৰু বেক্টেৰিয়াৰ দৰে ৰোগৰ বীজানুক কিছু পৰিমাণে প্ৰতিহত কৰিব পাৰি।
  • নহৰুত থকা তেলজাতীয় পদাৰ্থবিধত থকা দুবিধ সক্ৰিয় উপাদান হৈছে প্ৰপাইল ডাইছালফাইড আৰু ডায়ালাইল ডাইছালফাইড। এই উপাদান দুবিধে শৰীৰত হোৱা অতিৰিক্ত স্নেহ পদাৰ্থ বৃদ্ধিত বাধা প্ৰদান কৰে। ফলত হৃদৰোগৰ সম্ভাৱনা বহুগুণে কমি যায়।
  • আমাৰ শৰীৰত লিপিড আৰু কলেষ্ট’ৰেল প্ৰস্তুতৰ বাবে কিছুমান উৎসেচকৰ উপস্থিতিত জাৰণ ক্ৰিয়া ঘটে। নহৰু আৰু পিঁয়াজৰ তেলত যি যৌগ থাকে, সেই যৌগসমূহে এনে জাৰণ ক্ৰিয়াত বাধা জন্মায়।
  • নহৰু আৰু পিঁয়াজে আমাৰ তেজত হাইডেনচিটি লাইপ’প্ৰটিন (HDL)ৰ পৰিমাণ বৃদ্ধি কৰে। ফলত ধমনীৰ কলাৰ পৰা কলেষ্ট’ৰেল কমি যায়।
  • আধুনিক পুষ্টি বিজ্ঞানত নহৰু আৰু পিঁয়াজক এণ্টি-অক্সিডেণ্ট হিচাপে বিভূষিত কৰা হৈছে।
  • ইয়াত থকা গন্ধকজাতীয় উদ্বায়ী তেলৰ বাহিৰেও ক্লেভ’নল আৰু ক্লেভ’ন নামৰ আন দুবিধ যৌগ থাকে যিয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।
  • ইয়াৰ মাজত এনে কেতবোৰ যৌগ থাকে যিয়ে কৰ্কট ৰোগ সৃষ্টিকাৰী পদাৰ্থসমূহক সক্ৰিয় হ’বলৈ নিদিয়ে। উদাহৰণস্বৰূপে ‘পি ৪৫০’ নামৰ যৌগবিধে উৎসেচকৰ কাম কৰি ‘মেজিন’লাইন’ নামৰ এবিধ যৌগ প্ৰস্তুত কৰে যাৰ বাবে কৰ্কট হোৱাৰ প্ৰৱণতা হ্ৰাস পায়।
  • নহৰুৱে মানুহৰ শৰীৰত ইণ্টাৰ্লুকেন-২, টিউমাৰ নেক্স’ছিছ ফেক্টৰ আৰু গামা ইণ্টাৰ ফেৰণ প্ৰস্তুত কৰাত সহায় কৰে। এই ৰাসায়নিক পদাৰ্থসমূহে নানান জীৱাণুৰ সংক্ৰমণ প্ৰতিৰোধত সহায় কৰে।

 

আয়ুৰ্বেদ আৰু ঘৰুৱা যতনত পিঁয়াজ-

আয়ুৰ্বেদত পিঁয়াজক মূলকাদি বৰ্গত স্থান দিয়া হৈছে। আয়ুৰ্বেদত ইয়াৰ অলেখ নাম উল্লেখ কৰা হৈছে। যেনে- পলাণ্ডু, তীক্ষকন্দ, মুখগন্ধক আদি। পলাণ্ডু বা পিঁয়াজ বিভিন্ন প্ৰকাৰৰ আছে। শ্বেতকন্দ পলাণ্ডু সৰু আৰু ডাঙৰ দুয়োবিধ আকাৰৰ হয়। শ্বেত অৰ্থাৎ বগা কন্দৰ সৰু জাতৰ পিঁয়াজক ‘বৰ পিঁয়াজ’ বোলা হয়। ডাঙৰ বগা কন্দৰ পিঁয়াজ ‘পাটনাই’ পিঁয়াজ বোলা হয়। ৰঙা কন্দৰো পিঁয়াজ আছে। ৰঙা কন্দৰ পিঁয়াজক ‘সৰু পিঁয়াজ’ বোলা হয়। আয়ুৰ্বেদত সৰু পিঁয়াজক ‘ৰাজপলাণ্ডু’ অৰু পাটনাই পিঁয়াজক ‘ক্ষীৰ পলাণ্ডু’ বোলা হয়। পিঁয়াজৰ ৰস কটু বা জলা। ই বলকাৰক, কফ আৰু পিত্তনাশক। ৰাজপলাণ্ডু শীতবীৰ্য্য, পিত্তনাশক, কফনাশক, অগ্নি-উদ্দীপক, অতিনিদ্ৰাকাৰক, বায়ুনাশক, আহাৰৰ সহযোগী, বলকাৰক। ইয়াৰ কোষ আৰু বীজপত্ৰ উভয়ে ব্যৱহাৰ কৰা হয়। সতেজ পিঁয়াজ কেঁচা অৱস্থাতে খোৱা ভাল; ৰান্ধিলে বহু পৰিমাণে খাদ্যগুণ নষ্ট হয়।

ঘৰুৱা যতনত পিঁয়াজ-

  • নাকৰপৰা তেজ ওলালে পিঁয়াজৰ ৰস নাকেৰে টানিব লাগে। এনে কৰিলে নাকেৰে তেজ ওলোৱা বন্ধ হয়।
  • অৰ্শ ৰোগত তেজ পৰিলে নিয়মীয়াকৈ পিঁয়াজ খাব লাগে।
  • হিকটি আৰু শ্বাস ৰোগত নাকেৰে পিঁয়াজৰ ৰস টানিব লাগে।
  • বৰলে কামুৰিলে কামোৰা ঠাইত পিঁয়াজৰ ৰস ঘঁহি দিলে যন্ত্ৰণা কমে।
  • টোপনি কমি গ’লে বা নিদ্ৰাহীনতাত ভুগিলে শুকান পিঁয়াজৰ গুড়ি চাহৰ লগত খালে উপকাৰ পোৱা যায়।
  • ডিঙিৰ ভিতৰভাগত ঘা হ’লে পিঁয়াজৰ ৰস ভিনেগাৰৰ সৈতে মিলাই খালে ঘা শুকাই যায়।
  • কুকুৰীকণা বা ৰাতি নেদেখা ৰোগত পিঁয়াজৰ সৈতে নিমখ মিহলাই খালে উপকাৰ পোৱা যায়।
  • জ্বৰ, শোথ, পেটৰ বিষ, ৰক্তহীনতা, পানীলগা আদিত পিঁয়াজ উপকাৰী।
  • কাণত বিষ হ’লে পিঁয়াজৰ ৰস কৰি কাণত দিলে বিষ উপশম হয়।
  • চৰ্দিত পিঁয়াজৰ ক্কাথ অৰ্থাৎ পিঁয়াজ উতলাই তাৰ পানীভাগ সেৱন কৰিলে উপকাৰ পোৱা যায়।
  • বাতৰ বিষত সৰিয়হৰ তেলৰ সৈতে পিঁয়াজৰ ৰস উতলাই মালিচ কৰিলে বিষ উপশম হয়।
  • মধুমেহত কেঁচা বা ৰন্ধা পিঁয়াজ-নহৰু খালে শৰ্কৰাৰ ভাৰসাম্য ৰক্ষা পৰে । কাৰণ পিঁয়াজ আৰু নহৰুৱে যকৃতত চেনিক গ্লাইক’জেনলৈ ৰূপান্তৰিত কৰাত সহায় কৰে। ফলত শৰীৰৰ প্ৰান্তিক কোষসমূহত সঠিকভাৱে গ্লুক’জৰ ব্যৱহাৰ হয়। যাৰ বাবে তেজত চেনিৰ পৰিমাণ স্বাভাৱিক হৈ থাকে।
  • গৰমৰ পৰা ৰক্ষা পাবলৈ কেঁচা পিঁয়াজ আৰু কেঁচা আম চকলিয়াই চালাড কৰি খাব লাগে। এনেকৈ খাই প্ৰখৰ ৰ’দত ঘূৰিলেও শৰীৰ অসুস্থ নহয়। প্ৰায়ে ৰ’দত ঘূৰি ফুৰা মানুহবোৰে এনেদৰে খোৱা উচিত।
  • গ্ৰীষ্মকালত বহুতৰে হজমৰ অসুবিধা হয়। ফলত প্ৰায়ে পেটৰ অসুখ হৈয়ে থাকে। এনেক্ষেত্ৰত পিঁয়াজৰ ৰস দৈ গাখীৰৰ সৈতে মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়।
  • দুৰ্বলতাৰ কাৰণে মূৰ ঘূৰণি হ’লে পিঁয়াজৰ খালে ভাল হয়।
  • ফোঁহোৰা, ফুস্কুৰি, ব্ৰ’ণ, গলগণ্ড, পিঠাখোৱা আদি ৰোগত ঘিউৰে পিঁয়াজ ভাজি লেপ দিলে বা তাৰ ৰস লগালে উপকাৰ পোৱা যায়।
  • মুখৰ ৰুচি আৰু ক্ষুধা বঢ়াবলৈ আদা, নেমু আৰু জালুকৰ গুড়িৰ সৈতে পিঁয়াজৰ আচাৰ কৰি খাব পাৰে। এনেকৈ খালে ভোক বাঢ়ে, হজম শক্তিও বৃদ্ধি হয়। টোপনি গভীৰ হয় আৰু ক্লান্তি দূৰ হয়।
  • অৱশ বা ক্লান্তি দূৰ কৰিবলৈ হ’লে পিঁয়াজ মিহি কৰি বটি টেঙা দৈৰে চেনি মিহলাই খাব লাগে।
  • অজীৰ্ণ হ’লে পিঁয়াজৰ ৰসৰ সৈতে আধাকাপ তিতা কেৰেলাৰ ৰস মিহলাই খালে উপকাৰ পোৱা যায়।
  • বদ হজম বা অজীৰ্ণ হ’লে এচামুচ আদাৰ ৰস, সামান্য হিং আৰু এচামুচ পিঁয়াজৰ ৰস নিমখ মিহলাই খাব লাগে।
  • পেটত বায়ু জমা হ’লে পিঁয়াজৰ ৰসত সামান্য হিং সেক দি খালে বায়ু দূৰ হয়।
  • প্লীহাৰ ৰোগ হ’লে গুড় আৰু হালধি মিহলাই পিঁয়াজ খাব লাগে।
  • চুলিৰ বৃদ্ধি কমি গ’লে বা চুলি সৰিলে বা কম বয়সতে চুলি পকিলে পিঁয়াজৰ ৰস মৌৰ সৈতে মিহলাই মূৰত সানিলে উপকাৰ পোৱা যায়।
  • ছাইনাছ হ’লে অৰ্থাৎ ছাইনাছাইটিছ ৰোগত ৰঙা পিঁয়াজৰ ৰস দিনে দুবাৰকৈ ২-৩ টোপাল নাকত দিলে আৰাম পোৱা যায়।
  • মূৰৰ চুলি টকৌৱে খালে অৰ্থাৎ মূৰৰ কোনো অংশৰ চুলি একেবাৰে উঠি গ’লে সেই ঠাইত পিঁয়াজ ঘঁহি দিব লাগে।
  • স্পণ্ডিলাইটিছ হ’লে অৰ্থাৎ ডিঙিৰ পিছফালৰ তলভাগত বিষ হ’লে মচুৰ দাইল বটি তাত তিলৰ তেল, নিমখ আৰু কেঁচা পিঁয়াজ মিহলাই কিছু দিন খালে উপকাৰ পোৱা যায়।
  • মেলেৰিয়া জ্বৰ হ’লে দুটা জালুকৰ সৈতে পিঁয়াজৰ ৰস দিনে দুবাৰকৈ খাব লাগে।
  • বাঢ়ি অহা শিশুৰ উপযুক্ত পুষ্টিৰ বাবে গুড়ৰ সৈতে পিঁয়াজ মিহলাই প্ৰতিদিনেখুৱাব লাগে।
  • জণ্ডিচ হ’লে আৰু অভোক-অৰুচিত ভিনেগাৰৰ সৈতে পিঁয়াজ সিজাই খালে উপকাৰ পোৱা যায়।
  • স্কাৰ্ভি আৰু পেটৰ বিষত নিমখৰ সৈতে পিঁয়াজ খুৱাব লাগে।
  • পুৰণি ব্ৰংকাইটিছ, জ্বৰ আৰু পানীলগাত পিঁয়াজ উপকাৰী।
  • তেজত ইউৰিক এচিড বাঢ়ি গ’লে অথবা আলস্যজনিত বাত ৰোগত নিয়মিত পিঁয়াজ খালে উপকাৰ পোৱা যায়।
  • মূত্ৰ গ্ৰন্থিৰ বিকাৰ আৰু মস্তিষ্কৰ দুৰ্বলতাত পিঁয়াজ বৰ উপকাৰী।

 

আয়ুৰ্বেদ আৰু ঘৰুৱা যতনত নহৰু-

নহৰু হৈছে মৰ্ত্যৰ অমৃত। আয়ুৰ্বেদত নহৰুৰ স্থান অতি উচ্চত। ইয়াৰ নামো অলেখ। যেনে- ৰসোন, ৰশুন, লশুন, ম্লেছ কন্দ, মহৌষধ ইত্যাদি। আয়ুৰ্বেদ মতে ‘ৰসোন’ শব্দটো উৎপত্তি হৈছে এনেদৰে- ৰস+উন। অৰ্থাৎ ছয় ৰসৰ ভিতৰত নহৰুত এটা ৰস নাই। এই নথকা ৰসটো হৈছে অম্লৰস। নহৰু হৈছে অম্লৰস, কফ আৰু বায়ুনাশক। অৰুচি, কৃমি, হৃদৰোগ আৰু শোথ- নহৰুৱে দূৰ কৰে। ‘ৰশুন’ আকৌ দুই প্ৰকাৰৰ। ৰশুন আৰু মহাৰশুন। ৰশুন গছৰ মূল বা শিপাৰ ৰস কটু, পাতৰ ৰস তিক্ত, নলৰ ৰস কেঁহা, নলৰ আগভাগ লুণীয়া আৰু বীজৰ ৰস মধুৰ বা মিঠা। লগতে এয়াও উল্লেখ আছে যে নহৰু অতি পুষ্টিকৰ, শুক্ৰবৰ্ধক, স্নিগ্ধ, বাতঘ্ন, উষ্ণ বীৰ্য্য, পাচক, সাৰক, কণ্ঠসশোধক, পিত্ত আৰু ৰক্তবৰ্ধক, বৰ্ণকাৰক, মেধাজনক, চকুৰ হিতকাৰক আৰু ৰসায়ন। নহৰু বেছি পৰিমাণে খালে পেটফুলা, পেট গধুৰ গধুৰ লগা, মূৰৰ বিষ আৰু যন্ত্ৰণা, বমি আৰু পনীয়া শৌচ আদি ৰোগ বা ৰোগৰ লক্ষণ আৱিৰ্ভাৱ হয়। ঔষধ হিচাপে নহৰুৰ কন্দ ব্যৱহাৰ কৰা হয়।

ঘৰুৱা যতনত নহৰু-

  • খোৱা-বোৱা ঠিকে কৰে কিন্তু শৰীৰটোৰ কোনো বৃদ্ধি নহয়। এনে ক্ষেত্ৰত দুই কোঁহ নহৰু বটি গাখীৰৰ সৈতে উতলাই খালে উপকাৰ হয়।
  • নাৰী-পুৰুষৰ যৌৱন ধৰি ৰাখিবলৈ আৰু মহিলাৰ শৰীৰ তন্বী কৰি ৰাখিবলৈ আমলখিৰ ৰস এচামুচৰ সৈতে নহৰু বটা এচমুচ খাব লাগে।
  • বাত বিষত গব্যঘৃতৰ সৈতে পুৱা ১.৫ গ্ৰাম নহৰু বটা পানীৰে খালে উপকাৰ পোৱা যায়।
  • ৫-৬ কোঁহ নহৰু এক চামুচ গব্যঘৃত বা গৰুৰ ঘিউৰ সৈতে মিহলাই দিনত দুবাৰকৈ খালে অতি পুৰণি মেলেৰিয়া জ্বৰো ৩-৪ দিনৰ ভিতৰতে ভাল হৈ যায়।
  • শ্বাস ৰোগীসকলৰ যদি নিশ্বাস এৰি দিয়াত কষ্ট হয়, তেন্তে ৫-৬ কোঁহ নহৰুৰ ৰস ছাগলীৰ গাখীৰৰ সৈতে দিনত ২-৩ বাৰকৈ খাব লাগে।
  • আমাশয় হ’লে বা বিজলুৱা শৌচ হ’লে এক কোঁহ নহৰু ২-৩ চামুচ মিঠাতেল গৰম ভাতৰ সৈতে সানি খালে উপকাৰ পোৱা যায়। অৱশ্যে এনেদৰে কেবাদিনো খাব লাগে।
  • পুৰণি ঘা শুকাবলৈ নহৰু বটাৰে লেপ দিব পাৰি।
  • চুলি পকা প্ৰতিৰোধ কৰিবলৈ নিয়মিত নহৰুৰ ৰস মূৰত সানিব লাগে।
  • খৰ হ’লে খৰত নহৰু ঘঁহি লেপ দিব লাগে।
  • অতিপাত ভাগৰুৱা বা ক্লান্ত বোধ হ’লে নহৰুৰ ফুল লাহে লাহে চোবাই খাব লাগে।
  • সকলো ধৰণৰ বাত ৰোগত নহৰু উপকাৰী। নহৰু ভালদৰে বাকলি গুচাই ৰ’দত শুকুৱাই ৫০০ গ্ৰাম এটা মাটিৰ পাত্ৰত দুই লিটাৰ পানী লৈ শুকান নহৰুখিনি তাতে দি ১০০ গ্ৰাম গৰুৰ গাখীৰ মিহলাব লাগে। তাৰ পাছত গোটেই মিশ্ৰণটো কম জুইত উতলাব লাগে। এনেদৰে উতলাই উতলাই ২০০ গ্ৰাম অৱশিষ্ট থাকিলে নমাব লাগে। নহৰুৰ সাৰ অংশখিনি পেলাই দি কেৱল গাখীৰৰ অংশ ৰোগীক খুৱাব লাগে।
  • চৰ্দি-কাহ হ’লে নহৰু আৰু তুলসীপাত সমপৰিমাণে লৈ তাত শুকান আদাৰ গুড়ি বা জালুকৰ গুড়ি মিহলাই একাপ গাখীৰৰ সৈতে পুৱা আৰু সন্ধিয়া খালে যথেষ্ট উপকাৰ পোৱা যায়।
  • উচ্চ ৰক্তচাপত নহৰু বটি গাখীৰৰ সৈতে মিহলাই খালে ৰক্তচাপ উপশম হয়।
  • অৰ্শৰ কষ্টত ঘিউ আৰু গাখীৰৰ সৈতে নহৰু মিহলাই খাব লাগে।
  • অৰুচি হ’লে নহৰু, ধনীয়া পাত, আদা, বগা আঙুৰ আৰু সৈন্ধৱ লৱণ একেলগে মিহলাই চাটনি কৰি বা বটি খালে অৰুচি দূৰ হয়।
  • শৌচ টান হ’লে নহৰু খাব লাগে। অন্ত্ৰৰ ঝিল্লিকোষত নহৰু অতি ক্ৰিয়াশীল। কিছুদিন নহৰু খোৱাৰ পিছত নিজে নিজেই কোষ্ঠ শুদ্ধি হ’বলৈ ধৰে।
  • প্ৰস্ৰাৱ কৰোঁতে কষ্ট হ’লে, তলপেটত নহৰু বটি লেপ দিলে উপকাৰ পোৱা যায়।
  • ছালৰ উজ্জ্বলতা ঘূৰাই আনিবলৈ বা বঢ়াবলৈ এক কোঁহ নহৰু বটি এচামুচ কেঁ আমলখিৰ ৰসৰ সৈতে মিহলাই প্ৰতিদিনে এবাৰকৈ খাব লাগে।
  • অম্ল ৰোগত সদায় ভাতৰ সৈতে এক কোঁহকৈ নহৰু খাব লাগে।
  • গলগণ্ড ৰোগত পুৱা আৰু গধূলি দুই কোঁহ নহৰু ঘিউত ভাজি খাব লাগে।
  • নহৰু খুব মিহিকৈ বটি মাখন বা ভেছলিনৰ সৈতে সানি লেপ দিলে ফোঁহা পকি বা বহি যায়।
  • কোনো আঘাতৰ বাবে পোৱা বিষত বা বাত ৰোগত নহৰু বটি সৰিয়হৰ তেলত পুৰি যোৱাকৈ ভাজি তেলখিনি চেকি লৈ সেই তেলেৰে মালিচ কৰিলে উপকাৰ পোৱা যায়।
  • ভাতৰ লগত নিয়মিতভাৱে ১-২ কোঁহ নহৰু দুপৰীয়া আৰু ৰাতি খালে হৃদৰোগ, বাতৰোগ, পেটফুলা, অজীৰ্ণ, অৰুচি, পেটৰ বিষ, উচ্চ ৰক্তচাপ আদি নিৰাময় হোৱাৰ লগতে শৰীৰৰ বল, বীৰ্য্য আৰু শক্তি বৃদ্ধি হয়।
  • বিষাক্ত পৰুৱাই কামুৰিলে নহৰু থেতেলিয়াই ঘঁহি দিলে জলা-যন্ত্ৰণা কমে।
  • যাৰ সঘনাই মাত ভাঙে, ষষ্ঠিমধুৰ সৈতে নহৰু খালে উপকাৰ পাব।
  • চুলি সৰা ৰোধ কৰিবলৈ হ’লে এক কোঁহ নহৰু একাপ গাখীৰ আৰু একাপ পানীত উতলাই খাব লাগে।
  • মুখৰ ব্ৰ’ণ প্ৰতিৰোধ কৰিবলৈ হ’লে নহৰু বটি ব্ৰ’ণৰ ওপৰত লেপ দিব লাগে।
  • হাঁপানী প্ৰতিৰোধ কৰিবলৈ হ’লে এক কোঁহ নহৰু, ৪টা পিপ্পল, আধা চামুচ শুকান আদাৰ গুড়ি একেলগে ভালকৈ পিহি একাপ গাখীৰৰ সৈতে খাব লাগে।
  • শীতকালত শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ আৰু কাণৰ কেতবোৰ ৰোগৰ পৰা ৰক্ষা পাবলৈ কেঁচা নহৰু আৰু গুড় একেলগে খাব লাগে।
  • ক’ৰবাত মোচোকা খালে নহৰুৰ কোঁহ নিমখৰ সৈতে বটি প্ৰলেপ দিলে উপকাৰ পোৱা যায়।

লেখক: ড° ৰফিক আলী

উৎস: বিস্ময়।

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top