মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পশু-পক্ষী আৰু মাছ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পশু-পক্ষী আৰু মাছ:

পশু-পক্ষী আৰু মাছৰ বিষয়ে লিখা হৈছে

 

মানুহৰ মৌলিক প্ৰয়োজনসমূহৰ প্ৰধান হ’ল আহাৰ। আদিম যুগৰে পৰা মানুহে য’তেই খাদ্য উৎপাদন কৰিব পৰা যায় তাতেই বাস কৰিবলৈ লৈছিল। মানুহে খাদ্য উৎপাদনৰ কাৰণে নিতে নিতে ন ন কৌশল প্ৰয়োগ কৰি খাদ্য উৎপাদন কৰিছে। আমাৰ আহাৰত চাউল, গোম, জোৱাৰ আদি মূল শস্যৰ পৰা আৰম্ভ কৰি মাহ, তেল, চেনি, গুড়, শাক-পাচলি, ফল-মূল, গাখীৰ, মাছ-মাংস, কণী আদিৰ প্ৰয়োজন হয়। এইবোৰ শৰীৰৰ পৰিপুষ্টিৰ কাৰণে লাগতিয়াল খাদ্য-সামগ্ৰী। যিবোৰ প্ৰয়োজনীয় খাদ্য-সামগ্ৰী ঘৰতে উৎপাদন কৰিব পৰা যায়। সেইখিনি ঘৰতে উৎপাদন কৰি লোৱাটো অতি প্ৰয়োজনীয় কাম।

পশু-পক্ষী খাদ্য উৎপাদনৰ এটা গুৰুত্বপূৰ্ণ উৎস। ইহঁতৰ পৰা পোৱা খাদ্য-সামগ্ৰী হ’ল- গাখীৰ, কণী, মাংস। এইবোৰ খাদ্যই আমাৰ শৰীৰত প্ৰ’টিনৰ যোগান ধৰে। বিভিন্ন খাদ্য যোগান ধৰিব পৰা প্ৰাণীবোৰ হ’ল- গৰু, ম’হ, হাঁহ, কুকুৰা, পাৰ, ছাগলী আৰু আন সৰু-সুৰা জন্তু। এইবোৰ জন্তু ঘৰতে পুহি প্ৰয়োজনীয় খাদ্য উৎপাদন কৰিব পৰা যায়। গৰু আৰু ম’হৰ পৰা উৎপাদিত গাখীৰ শিশু আৰু বৃদ্ধৰ কাৰণে প্ৰধান আহাৰ। ঘৰতে গৰু, ম’হ পুহি গাখীৰ উৎপদন কৰিব পাৰিলে গাখীৰৰ চাহিদাও পূৰণ হ’ব আৰু লগতে কিছু উপাৰ্জনো হ’ব।

হাঁহ, পাৰ, কুকুৰা, ছাগলী আদি ঘৰতে পুহিলে ই আমাৰ শৰীৰৰ অতি প্ৰয়োজনীয় খাদ্য বস্তু মাংস, কণীৰ যোগান ধৰিব।

পানীৰ পৰা পাব পৰা মাছ মানুহৰ প্ৰধান খাদ্য। ঘৰৰ বাৰীতে এটা পুখুৰী খান্দি তাত মাছ পুহি প্ৰয়োজনীয় মাছৰ চাহিদা পূৰণ কৰিব পাৰি। মাছ প্ৰ’টিনৰ এটা প্ৰধান উৎস। বাৰীৰ পুখুৰীটোত সৰু-বৰ মাছ জীয়াই থৈ ডাঙৰ হ’লে তাক ধৰি আনি খাদ্য হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। এনেধৰণে ঘৰতে মাছ উৎপাদন কৰি কম খৰচতে সময়মতে মাছৰ চাহিদা পূৰণ কৰিব পৰা যাব।

তদুপৰি বাসস্থান পিছফালে নানা তৰফৰ ফল-মূলৰ গছ, যেনে আম, কঁঠাল, জামু, নাৰিকল, কল, মধুৰিআম, বগৰী, আমলখি আদি গছ ৰূই ঘৰতে অতি প্ৰয়োজনীয় আহাৰ উৎপাদন কৰিব পৰা যায়। ফল-মূল আমাৰ শৰীৰৰ কাৰণে অতি লাগতীয়াল খাদ্য-সামগ্ৰী। শাক-পাচলি যেনে অমিতা, চজিনা, জলফাই, নেমু, বেঙেনা, জলকীয়া, আদা, হালধি আদি বতৰৰ পাচলি আৰু ৰুই ঘৰতে বিভিন্ন খাদ্য উৎপাদন কৰিব পাৰি। ই পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে অতিৰিক্ত হ’লে বজাৰত বেচিলে ধন উপাৰ্জনৰ বাটো মুকলি হ’ব। ফলে-ফুলে জাতিষ্কাৰ এখন ঘৰে পৰিয়ালৰ লোকসকলক আনন্দ দিয়াৰ লগতে ঘৰৰ চৌদিশে এটা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যোগান ধৰে। ঘৰত উৎপাদন কৰা খাদ্য-সামগ্ৰীয়ে পৰিয়ালটোক ব্যয় কমাই দুপইচা ৰাহি কৰাতো সহায় কৰে।

উৎস: জিএনআৰচি স্বাস্থ্য

 

2.79166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top