মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পানীয় পানৰে কৰক শৰীৰৰ মেদ হ্ৰাসঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পানীয় পানৰে কৰক শৰীৰৰ মেদ হ্ৰাসঃ

অতি কুশ্ৰীভাৱে পেটটো বাহিৰলৈ ওলাই আহিলে নিজেই অস্বস্তিত পৰিবলগীয়া হয়।

 

অতি কুশ্ৰীভাৱে পেটটো বাহিৰলৈ ওলাই আহিলে নিজেই অস্বস্তিত পৰিবলগীয়া হয়। পেটত জমা হোৱা অতিৰিক্ত চৰ্বি বা মেদৰ কাৰণে শৰীৰৰ শ্ৰীহানি হয়। মন কৰিবলগীয়া যে পেটৰ মেদ বৃদ্ধিৰ ক্ষেত্ৰত কেতবোৰ পানীয়ও দায়ী। এই পানীয়সমূহৰ ভিতৰত সবাতোকৈ ক্ষতিকাৰক হ’ল সুৰা। কিন্তু সুৰাপান নকৰাসকলকো বটলত প্ৰাপ্ত জ্যুইচ আৰু ছফ্‌টড্ৰিকছ্ বা কল্ডড্ৰিংকছ্ আদিয়ে পেটৰ মেদ বৃদ্ধি কৰি অস্বস্তিত পেলাব পাৰে। বটলজাত ফলৰ ৰসত থকা অতিৰিক্ত চেনি আৰু ছফ্‌টড্ৰিকছ্ বা শীতল পানীয়ত ব্যৱহৃত কেমিকেল দ্ৰুতগতিৰে মেদ বৃদ্ধি কৰে। বিশেষকৈ এইবোৰ তৰল পদাৰ্থ মাত্ৰাধিকভাৱে পান কৰিলে পেটৰ মেদ বাঢ়ে। গৰমৰ দিনত এইবোৰ তৰল বেছিকৈ গ্ৰহণ কৰা হয়। কিন্তু সামান্য আৰামৰ কাৰণে বাৰু ডাঙৰ যন্ত্ৰণাক আমন্ত্ৰণ কৰি অনাৰ অৰ্থ আছে জানো ? তাৰ বিপৰীতে এটা কাম কৰিব পাৰে- এনে কিছু স্বাস্থ্যকৰ পানীয় গ্ৰহণ কৰক, যি আপোনাক স্বস্তি প্ৰদানৰ লগতে পেটৰ মেদ বৃদ্ধিৰ বিপৰীতে দ্ৰুতগতিৰে মেদ হ্ৰাস কৰাতহে সহায় কৰিব।

তৰমুজৰ স্মুদিঃ

তৰমুজৰ এমিন এচিড মেদ হ্ৰাস কৰাত অত্যন্ত কাৰ্যকৰী উপাদান। অন্যান্য পানীয়ৰ পৰিৱৰ্তে ঘৰতে তৈয়াৰ কৰি পান কৰিবলৈ তৰমুজৰ স্মুদি বৰ সহজ। কেৱল তৰমুজ কাটি টুকুৰা কৰি ব্লেণ্ডাৰত সামান্য পানীৰ সতে ব্লেণ্ড কৰি লওক। তৰমুজত প্ৰাকৃতিক চেনি থাকে, সেয়ে সেই মিশ্ৰণত চেনি দিয়াৰ প্ৰয়োজন নাই। আপুনি যদি সামান্য মিঠা পছন্দ কৰে, তেন্তে অলপ মৌ মিহলাই ল’ব পাৰে। এই পানীয় পেটৰ মেদ দূৰ কৰাত অত্যন্ত কাৰ্যকৰী।

ডাৰ্ক চকোলেট শ্ব্যেকঃ

বহুতেই নাজানে যে ডাৰ্ক চকোলেটে শৰীৰৰ ওজন বৃদ্ধি নকৰে, বৰঞ্চ ওজন কমোৱাত সহায়হে কৰে। প্ৰতিদিনে এটুকুৰা ডাৰ্ক চকোলেট খোৱাটো মেদ হ্ৰাসৰ লগতে আন কেতবোৰ শাৰীৰিক সমস্যাও দূৰত ৰাখে। সেয়ে ডাৰ্ক চকোলেট শ্ব্যেক পান কৰিলে আপুনি যথেষ্ট লাভৱান হ’ব। কিদৰে তৈয়াৰ কৰিব ডাৰ্ক চকোলেট শ্ব্যেক! বৰফৰ টুকুৰা চাৰিটা, আধাকাপ গাখীৰ, পকা কল আধা টুকুৰা, দুচামুচ মিঠা নথকা কোক পাউদাৰ আৰু দুচামুচ মৌ একেলগে ভালদৰে ব্লেণ্ড কৰি লওক। আপোনাৰ ডাৰ্ক চকোলেট শ্ব্যেক তৈয়াৰ।

আইচড্ মিণ্ট টীঃ

পেটৰ মেদ হ্ৰাস কৰাৰ ক্ষেত্ৰত অন্যতম উপযোগী উপাদান হ’ল পদিনা। ইয়াৰ উপৰি পদিনাত থকা অণ্টি-অক্সিডেণ্টৰ বাবে বহু ধৰণৰ শাৰীৰিক সমস্যা দূৰ হয়। গৰমত পদিনাই আৰাম পাবলৈ আৰু তাৰ লগতে পেটৰ মেদ হ্ৰাস কৰিবলৈ আপুনি পান কৰিব পাৰে আইচড্ মিণ্ট টী, বা বৰফযুক্ত পদিনাৰ চাহ। তিনি-চাৰি কাপ পানীত কেইটামান চাহপাতৰ দানা, এমুঠি পদিনাৰ পাত আৰু এক ইঞ্চি আকাৰৰ এচকল আদা দি এটা জ্বলা মিশ্ৰণ কৰক। ভালদৰে গৰম হ’লে জুইৰ পৰা নমাই ঠাণ্ডা হ’বলৈ দিয়ক। ইচ্ছা কৰিলে সামান্য পানীয় দি বৰফ তৈয়াৰ কৰি ল’ব পাৰে। তাৰপাছত এটা গিলাচত পদিনাৰ চাহ ঢালি দি কিছু বৰফ দি পান কৰিব পাৰে। মিঠা বিচাৰিলে সামান্য মৌ মিহলাই ল’ব। লগতে মিহলাই ল’ব পাৰে কেইটোপালমান নেমুৰ ৰস।

(উৎসঃ সুস্বাস্থ্য, দৈনিক অগ্ৰদূতৰ পৰিপূৰিকা)।

2.96428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top