অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পালেং শাক

পালেং শাকৰ বিষয়ে লিখা হৈছে

পালেং শাক কি-

 

পালেং শাক বৰ্ষাজীৱী শাক-বনজাতীয় উদ্ভিদ। পাতৰ ৰং ডাঠ সেউজীয়া।পাত বহল,কোমল আৰু ডাঠ।পাতৰ ঠাৰি দীঘ্ল।পাত সামান্যভাৱে টেঙাইয়াৰ গছৰ পৰা গুটি ধৰে আৰু সেই গুটিৰ জৰিয়তেই বংশ বিস্তাৰ হয়।প্ৰকৃততে ই শীতকালীন পাচলি যদিও বিশেষ উপায় অৱলম্বনেৰে বছৰৰ সকলো সময়তে ঘাইকৈ ব্যৱসায়িক দৃষ্টিকোণেৰে বহুত ইয়াৰ খেতি কৰে।

পালেং শাকক ইংৰাজীত spinach আৰু বৈজ্ঞানিক নাম spinacia aleracia হিচাপে জনা যায়।ইয়াক চাটনি,ভাজি অথবা জোলৰ ৰুপত খোৱা হয়।ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য সাধাৰনতে তৃপ্তিদায়ক হয়।

উপকাৰিতা-

 

অসমত দীৰ্ঘকাল জুৰি পালেং শাক খাদ্যৰ ৰুপত ব্যৱহৃত হৈ আহিছে যদিও পূৰ্বতে ইয়াক তৃপ্তিৰ বাবেই খোৱা হৈছিল।কিন্তু পৰৱৰ্তী সময়ত হোৱা ইয়াৰ ৰাসায়নিক বিশ্লেষণৰ পিছত জানিব পৰা গৈছে যে ই এবিধ অতি পুষ্টিকৰ শাক।ইয়াৰ 100 গ্ৰাম পাতত পোৱা পুষ্টি উপাদানবোৰ এনে ধৰনৰ-জলকণা 85 গ্ৰাম,কাৰ্বোহাইড্ৰেট 5 গ্ৰাম,প্ৰটিন 5 গ্ৰাম,চৰ্বি 0.7 গ্ৰাম,ফাইবাৰ 1.5 গ্ৰাম,কেলছিয়াম 250 মি: গ্ৰাম,আইৰণ 10.9 মি: গ্ৰাম,ভিটামিন এ 3000 আই ইউ,বি2 0.3 মি: গ্ৰাম,বি3 1.5 মি: গ্ৰাম আৰু ই 100 মি: গ্ৰাম।তেনেকৈ ইয়াৰ 100 গ্ৰাম দ্ৰব্যই যোগাব পাৰে 48 কেলৰি শক্তি।এতিয়া এই তথ্যৰপৰা অনুধাৱন কৰিব পাৰি কেলছিয়াম আৰু আইৰণৰ এক উৎকৃষ্ট উৎস হৈছে পালেং।এই দুবিধ উপাদানে ক্ৰমে ৰক্ত বৃদ্ধি আৰু গঠনত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব পাৰে।এনে কাৰণতে প্ৰধানকৈ গৰ্ভৱতী মহিলা,জীয়াৰী-বোৱাৰী আৰু শিশুসকলে পালেং শাক খোৱাত গুৰুত্ব দিয়াত প্ৰয়োজন আছে।তেনেকৈ উচ্চ হাৰত থকা ভিটামিন এই ঘাইকৈ দৃষ্টিশক্তি অটূট ৰখা,বি3ৰ প্ৰাধান্যই পৌষ্টিক তন্ত্ৰ তথা নিদ্ৰা সমস্যা দূৰীকৰণত ইতিবাচক ভূমিকা গ্ৰহণ কৰাৰ অবকাশ থাকে।আনহাতে,ভিটামিন ‘চি’ৰ উপস্থিতিয়ে দেহক ৰোগ প্ৰতিৰোধী ক্ষমতা প্ৰদান আৰু বিটাকেৰটিনৰ উপস্থিতিয়ে দেহক কৰ্কট ৰোধী ক্ষমতা প্ৰদানত কৰাৰ স্থল থাকে।লক্ষনীয়,পালেং শাকে ৰক্তত ছুগাৰৰ অপ্ৰয়োজনীয় বৃদ্ধি প্ৰতিহত কৰাৰ ক্ষমতা থাকে বুলি উপযোগী আহাৰৰুপেও বিবেচিত হব ধৰিছে। গতিকে এনে দিশসমুহে প্ৰতিপন্ন কৰে যে পালেং শাকৰ অন্তৰ্নিহিত তৃপ্তিৰ লগতে পুষ্টি আৰু ঔষধি গুণো উল্লেখনীয়ভাৱে থাকে।সেয়ে ইয়াক গ্ৰহণৰ প্ৰতি আমি যত্নপৰ হোৱাৰ প্ৰয়োজনীয়তা আছে।অৱশ্যে থায়ৰয়দ আৰু ইউৰিক এচিডৰ সমস্যাত ভোগাসকলে ইয়াক গ্ৰহণত সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে।

উৎস:-দৈনিক অসম

2.97222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top