মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পালেংশাক কিয় আমাৰ দৈনন্দিত খাদ্য তালিকাত অন্তৰ্ভুক্ত হোৱা উচিত?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পালেংশাক কিয় আমাৰ দৈনন্দিত খাদ্য তালিকাত অন্তৰ্ভুক্ত হোৱা উচিত?

পালেংশাক কিয় আমাৰ দৈনন্দিত খাদ্য তালিকাত অন্তৰ্ভুক্ত হোৱা উচিত? সেই বিষয়ে লিখা হৈছে ।

যি নামেৰেই মাতিলেও পালেং-পনীৰ এবিধ সমগ্ৰ বিশ্বৰে জনপ্ৰিয় ব্যঞ্জন৷ পালেংশাকৰ জুতি নোলোৱা মানুহ হয়তো বিশ্বতে বিৰল৷ বিবাহ বা আন যি কোনো অভ্যৰ্থনাৰ অনুষ্ঠানত পালেং পুৰি, পালেং পকৰী, পালেং পৰঠা, পালেং শাকৰ চাটনি বা মাছৰ সৈতে পালেং শাকৰ আঞ্জাৰ যোগাৰ থকাটো তেনেই সাধাৰণ কথা৷ এই পালেংশাক কিয় আমাৰ দৈনন্দিত খাদ্য তালিকাত অন্তৰ্ভুক্ত হোৱা উচিত আজি তাৰে বাখ্যা আগবঢ়াবৰ প্ৰয়াস এই নিবন্ধৰ যোগেদি কৰিম৷

বৰ্ষজীৱী সপুষ্পক উদ্ভিদ পালেংশাকৰ বৈজ্ঞানিক নাম হ'ল Spinacia oleracea আৰু ইয়াৰ বংশাৱলী হ'ল Amaranthace৷ ইয়াৰ প্ৰাথমিক বসতিস্থল হ'ল মধ্য আৰু দক্ষিণ-পশ্চিম এছিয়া৷ পালেংশাকৰ বিষয়ে প্ৰাচীনতম লিখিত বিৱৰণ চীনদেশত পোৱা গৈছে৷ অনুমানিক ৬৪৭খৃষ্টাব্দত নেপালৰ পৰা পালেংশাকৰ সঁচ চীনদেশলৈ অনা হৈছিল৷ এচামৰ মতে ইয়াৰ আগতে ইৰাণৰ পৰা নেপাল আৰু ভাৰতবৰ্ষলৈ পালেংশাক আহিছিল৷ ৮২৭খৃষ্টাব্দত ভূমধ্যসাগৰৰ চিচিলি(Sicily) দ্বীপলৈ পালেংশাকৰ আগমণ ঘটে৷ কালক্ৰমত ১২ শতিকাত স্পেইনত, ১৩ শতিকাত জাৰ্মানীত, ১৪ শতিকাত ফ্ৰান্স আৰু ইংলণ্ডলৈ পালেং শাকৰ সঁচ যায়৷ বেহা-ব্যাপাৰ আৰু পৰিভ্ৰমণ-পৰিব্ৰজনৰ মাধ্যমেৰে ইউৰোপৰ পৰা আমেৰিকালৈ পালেংশাকৰ সঁচ যায় আৰু আজি আমেৰিকা যুক্তৰাষ্ট্ৰ হ'ল বিশ্বৰ ১০খন সৰ্বোচ্চ পালেং উৎপাদনকাৰীৰ এখন অন্যতম দেশ৷ পালেংশাকৰ সৰ্বোচ্চ উৎপাদন হয় চীনদেশত৷ ভাৰত, তুৰস্ক, জাপান, ইণ্ডোনেচিয়া, ফ্ৰান্স, পাকিস্তান হ'ল আন কেইখনমান উচ্চ পালেং উৎপাদনকাৰী দেশ৷ প্ৰথম বিশ্বযুদ্ধত ৰক্তক্ষৰণ হোৱা আৰু আঘাত প্ৰাপ্ত হোৱা ফৰাচী সৈনিকক পালেংশাকৰ ৰস বা চুপ খাবলৈ দিয়া হৈছিল৷

পালেং শাক ঘাইকৈ শীতকালৰ শাক হলেও বিশ্বৰ নানান ঠাইত ইয়াক গোটেই বছৰ জুৰি উৎপাদন কৰা হয়৷ কংক্ৰিটৰ বাসভৱনত মাটিৰ নাটনি থকা লোকে পালেং শাকৰ খেতি টাবটো অনায়াসে কৰিব পাৰে৷ ১৯৪১ চনত পালেংশাকত ভিটামিন-বি৯(ফলিক এচিড) আবিষ্কৃত হৈছিল৷
ভিন্ন ভিন্ন ভাষাত ইয়াৰ নামাৱলী : ইংৰাজীত - Spinach, জাৰ্মান, স্বেডিছ, নৰৱেত - Spinat, স্পেইনৰ কেটলেনিয়াত – Espinac, ৰচিয়াত - Shpinat, গ্ৰীকত - Spanaki, ফিলিপিনোত – Spinach, ইটালিত - Spinaci, জৰ্জিয়াত - Spinach , ভিয়েটনামত – Rav Bim, টাৰ্কিত –Ispanak, ইণ্ডোনেচিয়াত – Bayam, টাই ভাষাত - ফাক্-মে-ছি ও আৰু আৰবীত - Sabanikh বুলে৷ ভাৰতীয় ভাষাত হ'ল : পালক (হিন্দী,পঞ্জাবী,ওৰিয়া,কানাড়া,তেলেগু, মাৰাঠী), পালেং শাক (বাংলা), পচলা কৰাই (তামিল), ভাজি (কোংকনি), পালক চেৰা (মলয়ালম), ফালে বিলাই (বড়ো), ফালেং (ডিমাছা)৷

পালেংশাকৰ গছৰ বৰ্ণনা -

এজোপা পালেংশাকৰ উচ্চতা ৩০ চেন্টিমিটাৰ পৰ্য্যন্ত হব পাৰে৷ পালেংশাকৰ কেইবাটাও জাত আছে৷ জাতভেদে আকাৰ আৰু ৰঙৰ কিছু তাৰতম্য দেখা যায়৷ গা-গছজোপা লেহুকা আৰু গছৰ গুৰিৰ ফালৰ পাতবোৰ ডাঙৰ আৰু ওপৰৰ পাতবোৰ ক্ৰমে সৰু হয়৷ পাতৰ বৰণ উজ্বল সেউজীয়া৷ ত্ৰিভূজ বা ডিম্বৰ আকাৰৰ পাত দীঘে ২.৫চেন্টিমিটাৰৰ আৰু পথালিয়ে ১.৫চেন্টিমিটাৰৰ হব পাৰে৷ ফুলৰ বৰণ সেউজীয়া-বগা-হালধীয়া মিশ্ৰিত৷ পালেংশাকত থোপাথুপিকৈ সৰু সৰু ফল লাগে য'ত বহু বীজ থাকে৷

পালেং শাকত কি কি লাগতিয়াল তত্ব থাকে?

পালেং শাকত পানীৰ পৰিমাণ হ'ল ৯১ শতাংশ৷ কাৰ্বোহাইড্ৰেট ৪ শতাংশ, প্ৰটিন ৩ শতাংশ, ফেট প্ৰায় নথকাৰ দৰে (৩০০মিলিগ্ৰাম)৷ ১০০গ্ৰাম পালেং শাকত ২৩ কেলৰি শক্তি থাকে৷ ডায়েটেৰি ফাইবাৰ থাকে ২.২ গ্ৰাম৷ ভিটামিনসমূ হ'ল ভিটামিন-কে, ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ডি, ভিটামিন-বি৬, ভিটামিন-বি৯, ভিটামিন-বি১২ আৰু ভিটামিন-ই৷ খনিজসমূহ হ'ল আইৰণ, কেলচিয়াম, মেগনেচিয়াম, প'টেচিয়াম, চ'ডিয়াম, মেংগানিজ,ক'পাৰ,জিংক আৰু ফচফ'ৰাচ৷ ফাইটোনিউট্ৰিয়েন্ট থাকে - বিটা কেৰটিন, বিটা ক্ৰিপ্তঝেনথিন, লিউটিন-জিয়াঝেনথিন৷ যথেষ্ট পৰিমাণত থাকে ক্ল'ৰফিল৷ ১০০ গ্ৰাম পালেং শাকত চ'ডিয়াম ৭৯ মিলিগ্ৰামৰ বিপৰীতে ৫৫৮ মিলিগ্ৰাম প'টেচিয়াম থাকে৷ এই প'টেচিয়াম শৰীৰৰ ৰক্তপ্ৰণালীৰ বাবে অনেক লাভদায়ক৷ পালেং শাকত থকাৰ সমান ভিটামিন-কে আন কোনো পাচলিত পোৱা নাযায়৷ ১০০ গ্ৰাম পালেং শাকত ৪৮৩ মাইক্ৰগ্ৰাম ভিটামিন-কে থাকে৷

উপকাৰিতাৰ তালিকা -

*মেদবহুলতা আৰু দেহৰ ওজন হ্ৰাস কৰাত লাগতিয়াল ভূমিকা - কম কেলৰি আৰু কম ফেটযুক্ত অথচ ঘুলনশীল ডায়েটেৰি ফাইবাৰ থকা খাদ্য৷ শৌচ-কচা হবলৈ নিদিয়ে, তেজত চুগাৰো নিয়ন্ত্ৰিত ৰাখে।

*কেন্সাৰ প্ৰতিৰোধক- ইয়াত থকা এন্টিঅক্সিডেন্টৰ বাবে৷ প্ৰষ্টেটৰ কেন্সাৰ বৃদ্ধি হবলৈ নিদিয়ে৷ জাপানৰ গৱেষকসকলৰ মতে পালেংশাকত থকা ফ্লেভনয়েডৰ বাবে নাৰীৰ গৰ্ভাশয়ৰ কৰ্কটৰোগ ৪০শতাংশলৈ হ্ৰাস পায়৷

*চকুৰ সুৰক্ষা- ভিটমিন-এ আৰু এন্টিঅক্সিডেন্টসমূহৰ বাবে কেটেৰেক্ট, মেকুলাৰ ডিজেনেৰেচন ৰোধ কৰে৷ কুকুৰীকণা ৰোগ নিৰাময় কৰে৷

*হাঁড়ৰ সুৰক্ষা - ভিটামিন -কে থকাৰ বাবে হাঁড় শক্তিশালী হয় আৰু হাঁড়ৰ ক্ষয় যোৱা ৰোগ (Osteoporosis) নহয়৷ হাঁড়ৰ বিষ (Osteoarthritis) কমায়৷

*উচ্চ ৰক্তচাপ কমায় - ভিটামিন-চি আৰু প'টেচিয়ামৰ ভূমিকাৰ বাবে উচ্চ ৰক্তচাপ কমে-কিডনি সুৰক্ষিত থাকে৷ হৃদৰোগৰ পৰাও সুৰক্ষা পায়৷

*হৃদৰোগৰ পৰা সুৰক্ষা - তেজৰ নলীত চৰ্বি জমা হবলৈ নিদিয়ে৷ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে৷ ষ্ট্ৰ'ক প্ৰতিৰোধ কৰে৷

*দেহ-মনৰ চাপ (ষ্ট্ৰেচ) কমায় - জিংক আৰু মেগনেচিয়ামে শৰীৰক ততালিকে শক্তি দিয়ে আৰু সুনিদ্ৰাত সহায়ক হয়৷

*মগজু আৰু স্নায়ুতন্ত্ৰৰ বাবে উপকাৰী- ভিটামিনবিগোট, ভিটামিন- চি, ভিটামিন-কে উপস্থিতিৰ বাবে৷

*পাকস্থলীৰ ঘাঁ (Gastric ulcer) নিৰ্মূল কৰাত পালেংশাক সহায়ক সিদ্ধ হৈছে৷

*পাক প্ৰণালীৰ বাবে উপযোগী - শৌচ খোলোচা কৰাত সহায়ক৷ তদুপৰি ফলিক এচিডে কলোনৰ ডি এন এ বিসংসতি হবলৈ নিদি ক'লোনৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে৷

*পালেংশাকে শৰীৰৰ ইমিউনিটি বঢ়ায় - ভিটমিন-এ আৰু এন্টিঅক্সিডেন্টৰ গুণৰ হেতুকে৷
*এনিমিয়া প্ৰতিৰোধক- আইৰণ, ক'পাৰ, ভিটামিন-চিৰ বাবে৷

*ছালৰ উজ্বলতা,কমনীয়তা বঢ়ায় আৰু মুখমণ্ডলত বয়সৰ আঁচোৰ পৰিব নিদিয়াকৈ ৰাখে৷

*চানবাৰ্ণৰ পৰা সুৰক্ষা দিয়ে৷ আলট্ৰাভায়লেট ৰশ্মিৰ অপকাৰৰ পৰা বচায়৷

*শালমন আতৰাবলৈ পালেং শাক পিচা প্ৰলেপ ব্যৱহাৰ কৰিব লাগে৷

*চুলিক কমনীয়তা পালেং শাকে বঢ়ায়৷ চুলিসৰা ৰোধ কৰে৷

*কাহ-কফ,হাপানি আৰু শ্বাসজনিত ৰোগ জালুক,কলা নিমখ মিহলাই পালেংশাকৰ জোল খালে উপশম হয়৷
*শিশুৰ শৰীৰৰ আপুষ্টি, ৰক্তহীনতা আতৰাবলৈ পালেংশাক উপযোগী৷

*পালেং শাকৰ ৰস গাজৰৰ সৈতে খালে দাঁত আৰু দাঁতৰ আলু মজবুট হয়৷

*গৰ্ভৱতী মাতৃৰ বাবে অতি উপযোগী খাদ্য৷ এনিমিয়া ৰোধ কৰাৰ ওপৰিও গৰ্ভস্থ সন্তানৰ স্বাস্থ্যৰ উন্নতি হয়৷ ফলিক এচিডে গৰ্ভস্থ সন্তানৰ Spina bifida জাতীয় বিসংগতি ৰোধ কৰে৷

*স্তনপান কৰোৱা মাতৃদুগ্ধ বঢ়োৱাত পালেংশাক সহায়ক৷

*মাংসপেশী সবল কৰাত সহায়ক- পালেংশাকত থকা এটি CO-Q10 নামৰ এন্টিঅক্সিডেন্টৰ বাবে (Journel of Cardiovascular Nursing, Australia)৷

*Insulin sensitivity বঢ়োৱাৰ যোগেদি পালেংশাকে ডায়েবেটিজৰ ৰোগীৰ উপকাৰ সাধন কৰে৷

সতৰ্কবাণী :-

১)কেঁচা পালেংশাক চালাড কৰি খাওঁতে অতি সতৰ্ক হোৱা উচিত৷ ভালকৈ পৰিষ্কাক নকৰিলে ই-কলাই বেক্টেৰিয়াই আপোনাৰ পেটত প্ৰবেশ কৰি ফুড পইজনিং কৰিব পাৰে৷

২)পালেংশাকত থকা অক্সেলিক এচিডে শৰীৰৰ কেলচিয়ামৰ লগত ক্ৰিয়া কৰাৰ সম্ভাৱনা থাকে৷ যি সকলোকৰ কিডনিত বা পিত্তত পাথৰ থাকে তেনেলোকে পালেংশাক (বিশেষকৈ কেঁচাকৈ) নাখাব৷ সিজোৱা পালেংশাকত অক্সেলিক এচিডৰ সক্ৰিয়তা কিছু হ্ৰাস পায়৷

৩)তেজত ইউৰিক এচিড বেচি থকা লোকেও পালেংশাক কমকৈ খাব৷

৪)পালেংশাকে থাইৰয়েডৰ ক্ৰিয়া কিছু পৰিমাণে প্ৰভাৱিত কৰিব পাৰে সেয়ে হাইপ'থাইৰইডিজম আৰু হাইপাৰথাইৰয়ডিজম থকা ৰোগীয়ে কম পৰিমাণতহে পালেং খাব লাগে৷

৫)কিডনিৰ অসুখত ভূগা ৰোগীয়ে, বিশেষকৈ ডায়েলাইচিচৰ সন্মুখীন হবলগীয়া ৰোগীয়ে উচ্চ প'টেচিয়াম থকা হেতুকে পালেংশাক বৰ্জন কৰা বাঞ্চনীয়৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top