মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পিত্তনাশক ভোট জলকীয়া :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পিত্তনাশক ভোট জলকীয়া :

পিত্তনাশক ভোট জলকীয়াৰ বিষয়ে লিখা হৈছে ।

 

ভোট জলকীয়াৰ ইংৰাজী নাম Belpepper। ইয়াক বিহ জলকীয়া নামেৰে জনা যায় । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ অঞ্চলত ইয়াৰ খেতি হয় । ই অতি লাভজনক খেতি ।

ভোট জলকীয়াৰ গুণাগুণ –

পকা ভোট জলকীয়াই পেটৰ ঘা (Stomach ulcher) আৰু পিত্ত নাশ কৰিব পাৰে । ইয়াক বীজাণুনাশক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰিব পাৰি । ভোট জলকীয়াই মুখৰ ঘা, জিভাৰ ঘা শুকুৱাব পাৰে । তদুপৰি খাদ্য হজম কৰাত ই বৰ ভাল কাম কৰে ।

স্নায়ু দুৰ্বলতাত ভোগা মানুহে পকা ভোট জলকীয়াৰ পাঁচ গ্ৰাম পৰিমাণে প্ৰধান আহাৰৰ লগত নিয়মিত খাই থাকিলে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে । প্ৰতিদিনে ৩-৪ গ্ৰাম পকা ভোট জলকীয়া ভাতৰ লগত খালে এমাহমান ভিতৰতে ৭০% ভাগ পৰ্যন্ত স্নায়ৱিক দুৰ্বলতা কমি যায় । শৰীৰৰ বিভিন্ন ঠাইত বিশেষকৈ গাৰ বিষ, আঁঠুৰ বিষ, কলাফুলৰ বিষত ভোট জলকীয়াৰ ৰস পাঁচ গ্ৰাম বা এচামুচ আধাচামুচ মৌ জোল মিহলাই দিনে এবাৰকৈ খাব পাৰিলে ১৫-২০ দিনৰ ভিতৰত বিষ নাইকিয়া হয় । শিঙী, মাগুৰ, শিঙৰা আদি মাছে বিন্ধিলে ভোট জলকীয়া পিহি লগালে বিষ কমি যায় । স্মৃতিশক্তি বৰ্ধনৰ বাবে ভোট জলকীয়াৰ পাঁচ গ্ৰাম ৰসত পাঁচ গ্ৰাম ব্ৰাহ্মী শাকৰ ৰস মিহলাই তাত এচামুচ টেঙেচীৰ ৰস মিহলাই খালে স্মৃতিশক্তি বাঢ়ে । দিনে এবাৰকৈ ১৫ দিন খাব লাগে ।

উৎস – আমাৰ অসম পূৰ্বাঞ্চল

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top