অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পিয়াঁজৰ কথা

পিয়াঁজৰ উপকাৰিতা লিখা হৈছে

 

পিয়াঁজ এনে এবিধ পাচলি যি আপোনাক কন্দুৱাইহে এৰে। পিয়াঁজৰ মূৰটোৰ ফালৰ পৰা বাকলি এৰুৱাই চাওকচোন। কটাৰ সময়ত বঠিখনৰ মূৰত এটা সৰু পিয়াঁজ খুচি লওক। চকুৰ পানী নোলাবও পাৰে।

  • পিয়াঁজটো মাজেদি দুফাল কৰি ৫/৬ মিনিট ঠাণ্ডা পানীত ডুবাই ৰাখক। তাৰ পাছত কাটক। চাওকচোন চকুৰ পানী ওলায় নে নোলায়।
  • পিয়াঁজৰ বাকলি এৰুৱা মানে ঘৰ লেতেৰা হোৱা। গৰম দিনত ফেন চলালে কথাই নাই। এটা কাম কৰক। কটাৰ আগেয়ে পিয়াঁজ পানীত ডুবাই ৰাখিব। তাৰ পাছত বাকলি গুচালে উৰি ঘৰ লেতেৰা নকৰে। নহৰুৰ বাকলিও এই প্রক্ৰিয়াৰে এৰুৱাব পাৰে।
  • বিছাই ডাকিলে সতেজ পিয়াঁজৰ ৰস লগাই দিলে সোনকালে ভাল পাব।
  • চুলিবোৰ সৰিবলৈ ধৰিছে যদি পিয়াঁজ পিহনাৰে পিহি তাৰ ৰস চুলিত লগাই ৰাখি পাছত ধুই দিব। চুলি গজিবলৈ ধৰিব।
  • গৰম কালি নিয়মিত কেঁচা পিয়াঁজ খাব লাগে। পিয়াঁজৰ ৰক্তশোধন কৰাৰ গুণ আছে।
  • মাংস ৰান্ধোতে সৰু পিয়াজবিধ বাকলি গুচাই গোটাকৈ দিয়ক। খাই ভাল পাব।
  • পিয়াঁজ মিহিকৈ কাটি সামান্য নিমখ আৰু ভিনেগাৰ দি খাব। অলপ চাট মছলা ছটিয়াই ল’ব।
  • সৰহ পিয়াঁজ কটাৰ বাবে হাতৰ গোন্ধ নাযায়হে নাযায়। সৰিয়হৰ তেলেৰে মালিচ কৰি দিয়ক।

লেখিকা: মৰমী বৰুৱা, অসম বাণী।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top