মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পিয়াঁজৰ ৰোগ নিৰাময় গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পিয়াঁজৰ ৰোগ নিৰাময় গুণ :

পিয়াঁজৰ ৰোগ নিৰাময় গুণৰ বিষয়ে লিখা হৈছে ।

 

‘পিয়াঁজ’ক ইংৰাজীত ‘অনিয়ন’ আৰু উদ্ভিদ বিজ্ঞানত “এলিয়াম চেপা” বোলা হয়।

এইবিধ মছলাজাতীয় পাছলিৰ ৰোগ নিৰাময়ৰ ক্ষমতা জনাটো অতি আৱশ্যক।

পানী লগা -

শিশুৰ পৰা বৃদ্ধলৈ পানী লগা অসুখে যথেষ্ট অসুবিধাৰ  সৃষ্টি কৰে। নাকেৰে সুৰসুৰকৈ পানী নিৰ্গত হোৱাৰ লগতে কাঁহে বুজাব নোৱাৰা অশান্তিৰ সৃষ্টি কৰে।

পানী লাগিলে ডাঙৰে দুচামুচ আৰু শিশুৱে এচামুচ পিয়াঁজৰ ৰস সামান্য পৰিমাণৰ পানীৰ সৈতে মিহলাই সেৱন কৰিলে অতি কম সময়ৰ ভিতৰতে ৰোগ নিৰাময় হয়।

কোনো ফাৰ্মাচীৰ ঔষধ আৰু ডাক্তৰৰ পৰামৰ্শ নোহোৱাকৈ।

অৰ্শ ৰোগ -

প্ৰথমে শৌচ খোলোচা নোহোৱা, শৌচ কৰিলে তেজ নিৰ্গত হোৱা অৰ্শ ৰোগৰ প্ৰথম লক্ষণ।

এনে অৱস্থাত এচামুচ পিয়াঁজৰ ৰস সম পৰিমাণৰ পানী মিহলাই মাথোঁ সাত দিন শুদা পেটে পুৱা খালে অৰ্শ ৰোগ নিৰাময় হ’বই।

কোষ্ঠকাঠিন্য -

শৌচ খোলোচা নোহোৱা ৰোগকে কোষ্ঠকাঠিন্য বোলা হয়।

এনে ৰোগ হ’লে ৰাতি শোৱাৰ আগেয়ে দুচামুচ পিয়াঁজৰ ৰস দুচামুচ পানী মিহলাই খালে এনে ৰোগ সম্পূৰ্ণ নিৰাময় হয়।

বমি:

বমি হ’লে ৪/৫ টোপাল পিয়াঁজৰ ৰস সম পৰিমাণৰ পানী মিহলাই সেৱন কৰিলে বমি বন্ধ হ’বই।

বমিৰ বাবে পিয়াঁজৰ ৰস মহৌষধ স্বৰূপ। যাত্ৰাপথতো এনে ব্যৱস্থা গ্ৰহণযোগ্য।

অসহ্য গৰমত:

প্ৰত্যেক দিনাই এটাকৈ পিয়াঁজ খোৱাৰ অভ্যাস কৰিলে তৃষ্ণাৰ প্ৰৱণতা কমে, গৰম সহ্য কৰাৰ ক্ষমতা বৃদ্ধি পায়।

বিহাৰ, ওড়িশা, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, পঞ্জাব আদি প্ৰদেশত ‘লু’ নামৰ গৰম বতাহ সহ্য কৰাৰ শক্তি আহৰণ কৰিবৰ বাবে তাৰ বাসিন্দাসকলে আহাৰৰ স’তে কেঁচা পিয়াঁজ খোৱাটো চিৰ প্ৰচলিত কথা।

প্ৰস্ৰাৱৰ বেগ ধাৰণৰ অক্ষমতা -

এনে ৰোগত কাপোৰে-কানিয়ে প্ৰস্ৰাৱ নিঃসৰণ কৰি সমাজত লাজ পোৱা বহু ৰোগী আছে।

এনে ৰোগীয়ে এচামুচকৈ পিয়াঁজৰ ৰস মাথোঁ সাত দিন খালেই ৰোগ নিৰাময় হ’ব।

নাকেৰে তেজ ওলোৱা ৰোগ:

সাধাৰণভাৱে এনে ৰোগত পাঁচ টোপালমান পিয়াঁজৰ ৰস নাকেৰে উজাই দিলে তেজ নিৰ্গত হোৱা বন্ধ হ’ব।

অস্ত্ৰোপচাৰ কৰিব লগা ৰোগতো এনে ব্যৱস্থাই বহু উপসম ঘটায়।

কাণৰ পূঁজ হোৱা ৰোগ:

এনে ৰোগত এফোটা নহৰুৰ ৰস সামান্য এছিটা পিয়াঁজৰ ৰস সংমিশ্ৰণ কৰি কুহুমীয়াকৈ গৰম কাণত দিলে ৩/৪ দিনৰ ভিতৰতে এনে ৰোগ নিৰাময় হয়।

হিকটি:

ই সাধাৰণ ৰোগ যেন ভাব হ’লেও অনৰ্গল হিকটি মৃত্যুৰ কাৰণ হ’ব পাৰে।

দুচামুচ পিয়াঁজৰ ৰস চাৰি চামুচ পানীৰে খুৱাই দিলে হিকটি বন্ধ হ’বই।

নিয়মিত কেঁচা পিয়াঁজ খালে হৃদৰোগ হ’ব নোৱাৰো, তদুপৰি ই ‘শক্তিবৰ্ধক’ টনিক স্বৰূপ।

লেখক: ডাঃ কৃপাসিন্ধু অধিকাৰী(অসম বাণী)

 

 

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top