মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পুষ্টি বিজ্ঞানৰ দৃষ্টিত মধুপৰ্ক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুষ্টি বিজ্ঞানৰ দৃষ্টিত মধুপৰ্ক

পুষ্টি বিজ্ঞানৰ দৃষ্টিত মধুপৰ্কৰ বিষয়ে লিখা হৈছে ।

মধুপৰ্ক সম্পৰ্কে যদিও বৈজ্ঞানিক বিশ্লেষণ সাধাৰণতে দেখা নাযায়, তথাপি মধুপৰ্ক আমি প্ৰায়বোৰ মানুহে চিনি পাওঁ । মধুপৰ্ক মূলত: পাঁচবিধ খাদ্য সামগ্ৰীৰ সংমিশ্ৰণ । দৈ, এৱা গাখীৰ, ঘি, মৌ আৰু গুড় বা চেনি । এই পাঁচবিধৰ সৈতে ঠাই বা অঞ্চল ভেদে আৰু ওপৰঞ্চি দুই-এবিধ সামগ্ৰী মিহলোৱা দেখা যায় । তাৰ ভিতৰত তুলসী পাত অন্যতম ।

মধুপৰ্ক সম্পৰ্কে বিভিন্ন মতবাদ আছে । এইবোৰ আমি পুৰাণসমূহত বিশেষকৈ শ্ৰীশ্ৰীমৎ বৰাহ পুৰাণত পাওঁ । প্ৰাপ্ত তথ্য অনুসৰি মধুপৰ্ক কাঠৰ পাত্ৰ তৈয়াৰ কৰিব লাগে আৰু পৰিৱেশনো কৰিব লাগে । ভাৰতবৰ্ষৰ ঠাইভেদে মধুপৰ্ক নিম্নোল্লেখিত অনুপাতত তৈয়াৰ কৰাৰ নিৰ্দেশনা দিয়া আছে ।

অনুকৰণ

দৈ :- ৫০০ গ্ৰাম

এৱা গাখীৰ :- ১ ডাঙৰ চামুচ

ঘি :- ১ ডাঙৰ চামুচ

মৌ :- ১ ডাঙৰ চামুচ

গুড় বা চেনি :- ৫০ গ্ৰাম আৰু

তুলসী পাত :- ১০ খিলা

মধুপৰ্ক পান কৰিলে অকাল মৃত্যুৰ পৰা পৰিত্ৰাণ পব পাৰি , ই সৰ্বৰোগ বিনাশকাৰী । আয়ুৰ্বেদৰ মতে মধুপৰ্ক সপ্তধাতু দোষনাশক । আয়ুৰ্বেদ শাস্ত্ৰত সপ্তধাতুৰ মৌলিক সিদ্ধান্তক গুৰুত্ব দিয়া হয় । এই সপ্তধাতুবোৰ একাদিক্ৰমে হ’ল এনেধৰণৰ-

  • ৰস ধাতু
  • ৰক্ত ধাতু
  • মাংস ধাতু
  • মেদ ধাতু
  • অস্থি ধাতু
  • মজ্জা ধাতু
  • শুক্ৰ ধাতু

এই সাতটা ধাতু বাত, পিত্ত আৰু কফ নামে ত্ৰিদশাৰ দ্বাৰা কুপিত হৈ বিভিন্ন ৰোগৰ সৃষ্টি কৰে । যিটো ধাতু যিবিধ দশাৰ দ্বাৰা কুপিত হয় সেই ধৰণৰ ৰোগৰেই সৃষ্টি হয় । এই মধুপৰ্ক আয়ুৰ্বেদৰ মতে ধাতু দোষ বিনাশক হেতুকে ইয়াৰ ঔষধি আৰু পৌষ্টিক তত্ত্বসমূহতো বিচাৰ কৰি চোৱা প্ৰয়োজন ।

হিন্দু ধৰ্মৰ মতে দৈ খালে দৈৰ নিচিনা শান্ত গুণী হয় । দৈ খালে আমাক সৰ্বতোপ্ৰকাৰে মংগল হয় । দৈৰ বিষয়ে পৃথিৱীত বহু গৱেষণা হৈছে । কেম্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষত ড: নীতা ফাৰাহিৰ মতে দৈত প্ৰচুৰ পৰিমাণৰ উপকাৰী বেক্টেৰিয়া, খাদ্যপ্ৰাণ, কেলচিয়াম , সুস্থ চৰ্বিজাত উপাদান নিহিত হৈ থকাৰ হেতুকে দৈ মধুমেহ, অস্থিৰ ৰোগী, চৰ্ম ৰোগী আদিৰ বাবে অতি উপযোগী ।

এৱা গৰুৰ গাখীৰত প্ৰচুৰ মাত্ৰাত কেলচিয়াম প্ৰ’টিন, আয়োডিন, পটেচিয়াম, সুস্থ চৰ্বি, ভিটামিন ঘ গ, ক খনিজ পদাৰ্থ আদি পোৱা যায় । খনিজ পদাৰ্থৰ ভিতৰত তাম, লৌহ, কেলচিয়াম, আয়োডিন, ফ্ল’ৰিন, চিলিকন আদি উচিত মাত্ৰাত পোৱা যায় । এৱা গাখীৰত ৮ বিধ উপকাৰী প্ৰ’টিন, ৬ বিধ খাদ্যপ্ৰাণ, ২১ বিধ এমাইন এচিড, ১১ বিধ ফেটি এচিড, ২৫ বিধ খনিজ পদাৰ্থ , ১৬ বিধ নাইট্ৰজেন আৰু ৪ বিধ ফছফৰাছ পোৱা যায় । সেয়ে এৱা গাখীৰ হৃদয় ৰোগৰ ৰোগী, মধুমেহ ৰোগী, মানসিক অৱসাদত ভোগা ব্যক্তিকে ধৰি বহুতো ৰোগত উপকাৰী ।

ঘিত কিউটিৰিক এচিড, ভিটামিন-এ, ডি, ই আৰু কে, উপযুক্ত পৰিমাণৰ ফেটি এচিড আদি পোৱা যায় । সেই হেতুকে ঘি আমি খোৱা উচিত । বিশুদ্ধ ঘিৰ উপকাৰিতা নাই ।

আমি প্ৰত্যেক জানো মৌ জাল কিমান উপকাৰী । মৌ মধুমেহ ৰোগীকে ধৰি প্ৰতিজন ব্যক্তিয়ে খাব পাৰে । মৌত বুজন পৰিমাণৰ পৌষ্টিক তত্ত্ব থাকে । আনকি ইয়াত উচ্চ ক্ষমতাসম্পন্ন এণ্টি অক্সিডেণ্ট আছে । ফলস্বৰুপে ই ৰক্তচাপ হ্ৰাস কৰোৱাত, কলেষ্টৰেল হ্ৰাস কৰোৱাত, ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰোৱাত প্ৰভূত উপকাৰ সাধন ঘটায় । হয়তো সেই হেতুকে মৌ পৃথিৱীৰ প্ৰতিটো ধৰ্মকৰ্মত ব্যৱহৃত হৈ আহিছে । মৌ খনিজ তত্ত্ব আৰু প্ৰচুৰ খাদ্যপ্ৰাণৰ মেটমৰা উৎস ।

বৈদিক কৰ্মত শৰ্কৰা মানে গুড়হে । মেচিনত তৈয়াৰী চেনি হয় । গুড়ে আমাৰ হজম শক্তি বৃদ্ধি কৰে । ই কোষ্ঠকাঠিন্য, লাঘৱ কৰোৱায় । গুৰে আমাৰ শৰীৰৰ পৰা দূষিত পদাৰ্থসমূহ নিষ্কাষণ কৰে । যিহেতু গুড়ত জিংক আৰু চিলেনিয়াম থাকে সেই হেতুকে পেটৰ বহুতো সমস্যা দূৰ হোৱাত সহায়ক হয় । গুৰে ফ্ৰি-ৰেডিকেলসমূহক নাশ কৰি অকাল বাৰ্ধক্য ৰোধ কৰোৱায় । ই মহিলাৰ মাহেকীয়া ঋতুৰ সময়ত দেখা দিয়া বিষ যাক পি এম এছ বুলিও জনা যায় তাকো প্ৰশমন কৰায় ।

দেখা গ’ল মধুপৰ্কত ব্যৱহৃত খাদ্য সামগ্ৰীখিনি অতি উচ্চ পৌষ্টিক আহাৰ হিচাপে পৰিগণিত হ’ব পাৰ বিধৰ । মধুপৰ্ক নিত্য ভক্ষণে সপ্তধাতু দোষ নাশ হৈ শৰীৰ স্পিগধ হৈ পৰে । মধুপৰ্ক যথাসম্ভৱ উচিত অনুপাততহে তৈয়াৰ কৰিব লাগে । ইতিপূৰ্বে উনুকিয়াই আহিছো মধুপৰ্কৰ অনুপাত কেনে হোৱা উচিত । ভক্ষণকাৰীৰ প্ৰতি লক্ষ্য ৰাখি সেই জোখৰ আনুপাতিক সালসলনি ঘটাব পাৰি । এনে কৰা উচিত নহয়, যাৰ যি মন যায় সেই অনুপাতে দ্ৰব্যখিনি মিহলোৱা হওক । আন এটা কথা আকৌ এবাৰ উনুকিয়াই থওঁ যে, মধুপৰ্ক ধাতুৰ পাত্ৰত কেতিয়াও তৈয়াৰ কৰিব নাপায় । ইয়াৰ বাবে শিলৰ পাত্ৰ, কাঠৰ পাত্ৰ বা চিনামাটি , কাছৰ পাত্ৰহে ব্যৱহাৰ কৰা উচিত । অন্যথাই বিষক্ৰিয়াই দেখা দিব পাৰে ।

  • সঠিক অনুপাতৰ মধুপৰ্ক নিয়মিত ৰুপে ব্যৱহাৰ কৰিলে চৰ্মৰোগৰ পৰা মুক্তি পাব পাৰি ।
  • চুলিৰ বাবে প্ৰভূত উপকাৰী ।
  • ই ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে ।
  • বল-বুদ্ধি বৃদ্ধি কৰে ।
  • দীৰ্ঘকালীন ব্যৱহাৰে আলঝেইমাৰ বা তেনে ৰোগৰ পৰা হাত সাৰিব পাৰে ।
  • পিত্ত দোষ নাশক
  • পুৰুষৰ শুক্ৰানু বৃদ্ধিত সহায়ক
  • গৰ্ভকালীন সময়ছোৱাত ইয়াৰ সেৱনে গৰ্ভস্থ সন্তান আৰু প্ৰসূতিক সুস্থ-সবল কৰি ৰাখে ।
লেখক :- ডা: হীৰেন্দ্ৰ কুমাৰ ভাগৱতী
উৎস :- জি এনআৰচি স্বাস্থ্য
3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top