অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুষ্টিঃ

মানুহকে আদি কৰি সকলো জীৱই- প্ৰাণীয়েই হওক বা উদ্ভিদেই হওক- নিয়মিতভাৱে আহাৰ পোৱাটো যে নিতান্ত দৰকাৰ সেইটো আমি

মানুহকে আদি কৰি সকলো জীৱই- প্ৰাণীয়েই হওক বা উদ্ভিদেই হওক- নিয়মিতভাৱে আহাৰ পোৱাটো যে নিতান্ত দৰকাৰ সেইটো আমি সকলোৱে জানোহঁক।

জীৱক আহাৰ দৰকাৰ হোৱাৰ কাৰণবোৰ হ’ল-

(ক) আহাৰে জীৱক শক্তি দিয়েঃ আহাৰ নাপালে জীৱৰ শৰীৰত শক্তি নোহোৱা হয়। একেৰাহে ভালেমান দিন আহাৰ নোপোৱাকৈ থাকিলে জীয়াই থকাৰ শক্তি নাইকিয়া হৈ মৃত্যু হ’ব পাৰে।

(খ) আহাৰে জীৱৰ শৰীৰ বৃদ্ধি কৰেঃ যিবোৰ দ্ৰব্যৰ দ্বাৰা জীৱৰ শৰীৰ গঠন হয়, খোৱা আহাৰতে সেই দ্ৰব্যবোৰ থাকে। আহাৰ খালে সেই দ্ৰব্যবোৰ শৰীৰত ক্ৰমান্বয়ে গোট খায়। সেয়ে শৰীৰৰ অংগ-প্ৰত্যংগবোৰ ডাঙৰ হ’বলৈ ধৰে।

(গ) আহাৰে জীৱন ক্ৰিয়া চলায়ঃ জীৱন ক্ৰিয়াত অৰ্থাত্ জীয়াই থকা কামটোত শৰীৰৰ কোষবোৰৰ ভিতৰত নানা জৈৱ ৰাসায়নিক বিক্ৰিয়া চলি থাকে। এই বিক্ৰিয়াবোৰ চলি থাকিবৰ কাৰণে কোষবোৰক কেতবোৰ বিশেষ ধৰণৰ দ্ৰব্যৰ দৰকাৰ হয়, যেনে- ছডিয়াম, পটেছিয়াম আদিৰ ধাতৱ লৱণ, বিভিন্ন প্ৰকাৰৰ ভিটামিন, পানী ইত্যাদি। জীৱই আহাৰতে এই দ্ৰব্যবোৰ পায়।

আহাৰত থকা শক্তিদায়ক, শৰীৰ গঠনকাৰী আৰু জীৱন ক্ৰিয়া চলোৱা দ্ৰব্যবোৰ শৰীৰৰ প্ৰত্যেকটো কোষতে সঞ্চিত হয়। এইদৰে আহাৰৰ যোগেদি শৰীৰৰ কাৰণে প্ৰয়োজনীয় দ্ৰব্যবোৰ কোষত সঞ্চিত হোৱা প্ৰক্ৰিয়াটোক পুষ্টি বোলে।

আহাৰৰ উপাদানঃ

আন সকলো পদাৰ্থৰ দৰে জীৱৰ আহাৰো কেতবোৰ ৰাসায়নিক দ্ৰব্যৰে গঠিত। আহাৰত থকা যিবোৰ দ্ৰব্যই জীৱৰ শৰীৰত পুষ্টি যোগায় সেইবোৰক পুষ্টিকাৰক বোলে। এই পুষ্টিকাৰক দ্ৰব্যবোৰ মুঠতে ছয় প্ৰকাৰৰ- (১) কাৰ্ব’হাইড্ৰেট, (২) প্ৰ’টিন, (৩) স্নেহ, (৪) খনিজ লৱণ, (৫) ভিটামিন আৰু (৬) পানী। আমি খোৱা সকলো খাদ্যতে এই কেইবিধ পুষ্টিকাৰক কম-বেছি পৰিমাণে থাকে। সেইকাৰণে এই কেইবিধ দ্ৰব্যক আহাৰৰ উপাদান বুলিও কোৱা হয়। এই উপাদানসমূহ প্ৰাণীয়ে খোৱা বিভিন্ন খাদ্যৰ পৰা পায়। স্বপোষী উদ্ভিদবোৰে বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড আৰু মাটিৰ পৰা পোৱা পানী আৰু খনিজ লৱণৰ পৰা ৰাসায়নিক বিক্ৰিয়াৰে এই উপাদানবোৰ গঠন কৰি লয়।

(১) কাৰ্ব’হাইড্ৰেটঃ কাৰ্ব’হাইড্ৰেট কাৰ্বন, হাইড্ৰ’জেন আৰু অক্সিজেনৰ যৌগ। চাউল, দাইল, আটা, আলু, কল, কুঁহিয়াৰ, গুড়, চেনি আদি মানুহৰ কাৰণে কাৰ্ব’হাইড্ৰেটৰ প্ৰধান উত্স। মাছ-মাংসতো সামান্য পৰিমাণে কাৰ্ব’হাইড্ৰেট থাকে। কাৰ্ব’হাইড্ৰেটৰ পৰা শৰীৰে শক্তি লাভ কৰে।

কাৰ্ব’হাইড্ৰেট কেইবা প্ৰকাৰৰো হ’ব পাৰে। ৰাসায়নিক গঠনৰ ফালৰপৰা কিছুমান কাৰ্ব’হাইড্ৰেট জটিল, যেনে- চাউল, ঘেঁহু আদি শস্য, আলু-কচু আদি পাচলিত থকা কাৰ্ব’হাইড্ৰেট। এনে কাৰ্ব’হাইড্ৰেটৰ মিঠা সোৱাদ নাথাকে। গুড়, গাখীৰ, চেনি, পকা কল, মৌজোল আদিৰ কাৰ্ব’হাইড্ৰেট সৰল কাৰ্ব’হাইড্ৰেট। সৰল কাৰ্ব’হাইড্ৰেটৰ কম-বেছি পৰিমাণে মিঠা সোৱাদ থাকে।

চাউল, ঘেঁহু, আলু আদিত থকা শ্বেতসাৰ আৰু শাক পাতত থকা চেলুল’জ জটিল কাৰ্ব’হাইড্ৰেট। গুড়, চেনি আদিৰ কাৰ্ব’হাইড্ৰেট চুক্ৰ’জ, সুমথিৰা, আঙুৰ, কঁঠাল আদি ফলত থকা ফ্ৰুক্ট’জ, গাখীৰত থকা গেলেক্ট’জ আদি সৰল কাৰ্ব’হাইড্ৰেট। সৰল কাৰ্ব’হাইড্ৰেট মিঠা হোৱা কাৰণে সেইবোৰক সাধাৰণতে শৰ্কৰা বোলে। গ্লুক’জও এবিধ শৰ্কৰা।

প্ৰাণীয়ে খোৱা খাদ্য যেতিয়া শৰীৰৰ ভিতৰত পাচন হয়, তেতিয়া খাদ্যত থকা জটিল কাৰ্ব’হাইড্ৰেট সৰল কাৰ্ব’হাইড্ৰেটলৈ পৰিণত হয়। জটিল কাৰ্ব’হাইড্ৰেট পানীত দ্ৰৱণীয় নহয়, কিন্তু সৰল কাৰ্ব’হাইড্ৰেট পানীত দ্ৰৱণীয়।

(২) স্নেহ (মেদ আৰু তেল)ঃ

সৰিয়হৰ তেল, তিলৰ তেল, নাৰিকল তেল আদি উদ্ভিদজ, পিছল তৰল আৰু ঘিউ, মাখন আদি প্ৰাণীজ তেলেতীয়া গোটা বস্তু দুয়োবিধকে বুজাবলৈ বিজ্ঞানত স্নেহ শব্দটো ব্যৱহাৰ কৰা হয়। ৰাসায়নিকভাৱে তেল আৰু মেদ (তেলেতীয়া গোটা বস্তু- যাক সাধাৰণতে চৰ্বী বোলা হয়) দুয়ো বিধেই একে। সাধাৰণ উষ্ণতাত যিবোৰ স্নেহ তৰল অৱস্থাত থাকে সেইবোৰকে আমি তেল বোলোঁ আৰু যিবোৰ গোটা অৱস্থাত থাকে সেইবোৰত আমি মেদ বোলো। (অসমীয়াত মেদকো তেল বোলে)।

কাৰ্ব’হাইড্ৰেটৰ দৰে স্নেহও কেৱল কাৰ্বন, হাইড্ৰ’জেন আৰু অক্সিজেন পৰমাণুৰে গঠিত। কিন্তু স্নেহ অণুৰ গঠন আৰু ৰাসায়নিক ধৰ্ম কাৰ্ব’হাইড্ৰেটৰ লগত নিমিলে। স্নেহৰ প্ৰধান ভৌতিক ধৰ্ম হ’ল যে ই পানীতকৈ পাতল আৰু অদ্ৰৱণীয়। কিন্তু ইথাইল এলক’হলত দ্ৰৱণীয়। স্নেহই কাগজ ঈষত্ স্বচ্ছ কৰে। পানীত তেল, ঘিউ বা মাখন পেলাই দিলে সি পানীৰ ওপৰত ওপঙি থাকে, পমি নাযায়। এটা পৰীক্ষানলীত অলপমান পানী আৰু অলপমান সৰিয়হৰ তেল বা আন তেল লৈ জোকাৰিলে তেল আৰু পানী মিহলি হৈ যায়। কিন্তু পৰীক্ষানলীটো থিৰ কৰি ধৰিলে ক্ষন্তেক পিছতেই তেল আৰু পানী পৃথক হৈ পৰে। গাখীৰত প্ৰায় ১০ শতাংশ স্নেহ থাকে। এই স্নেহ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ টোপাল হিচাপে গাখীৰৰ পনীয়া অংশত প্ৰলম্বিত অৱস্থাত থাকে। অণুবীক্ষণেৰে গাখীৰ পৰীক্ষা কৰিলে স্নেহৰ এই ক্ষুদ্ৰ টোপালবোৰ দেখা যায়। পৰীক্ষানলীত গাখীৰ লৈ ছেণ্ট্ৰিফিউজ যন্ত্ৰত ঘূৰালে বা ৪-৫ ঘণ্টা শীতক-যন্ত্ৰত (ৰেফ্ৰিজেৰেটৰ) স্থিৰভাৱে থ’লে স্নেহৰ টোপালবোৰ গাখীৰৰ পৰা পৃথক হৈ ওপৰত গোট খায়হি।

স্নেহৰ পাচন হ’লে তাৰ প্ৰত্যেকটো অণু তিনিটা স্নেহ এছিড (ফেটী এছিড) আৰু এটা গ্লিছাৰল অণুলৈ বিভক্ত হৈ পৰে। জীৱৰ শৰীৰত স্নেহ সঞ্চিত আহাৰ হিচাপে থাকে। প্ৰয়োজন হ’লে স্নেহৰ পৰাও জীৱই শক্তি আহৰণ কৰিব পাৰে।

(৩) প্ৰ’টিনঃ আমাৰ খাদ্যত থকা আন এবিধ দ্ৰব্য হ’ল প্ৰ’টিন। ঘিউ আৰু তেলৰ বাহিৰে আন সকলো খাদ্যতে (ক্ৰিম আৰু মাখনকো ধৰি) কম-বেছি পৰিমাণে প্ৰ’টিন থাকে। মাছ, মাংস, কণী, দাইল, মাহ, উৰহী আদিত ইয়াৰ পৰিমাণ বেছি। কাৰ্ব’হাইড্ৰেট আৰু স্নেহৰ দৰে প্ৰ’টিনো ঘাইকৈ কাৰ্বন, হাইড্ৰ’জেন আৰু অক্সিজেনেৰে গঠিত। কিন্তু ইয়াৰ লগত সদায় নাইট্ৰ’জেন থাকে। তাৰোপৰি অনেক সময়ত ছালফাৰ, ফছফৰাছ থাকে।

প্ৰ’টিনৰ অণু একোটাহঁতৰ আকাৰ বৰ ডাঙৰ। জীৱৰ শৰীৰত মূলতঃ দুই প্ৰকাৰৰ প্ৰ’টিন অণু পোৱা যায়। এবিধৰ আকৃতি দীঘল সূতাৰ আঁহ এডালৰ দৰে। এনে প্ৰ’টিনক তন্তু-প্ৰ’টিন বোলে। আন বিধৰ আকৃতি ক্ষুদ্ৰ গোলক একোটাৰ নিচিনা। এনে প্ৰ’টিনক গোলক-প্ৰ’টিন বোলে। তন্তু-প্ৰ’টিন পানীত দ্ৰৱণীয় নহয়, কিন্তু গোলক প্ৰ’টিন পানীত দ্ৰৱণীয়। প্ৰাণীৰ পেশী আদি প্ৰধানকৈ তন্তু প্ৰ’টিনেৰে গঠিত। কণীৰ স্বচ্ছ বিজলীয়া অংশ গোলক-প্ৰ’টিন। উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰটো ঘাইকৈ তন্তু প্ৰ’টিনেৰে গঠিত। প্ৰায়বোৰ গোলক প্ৰ’টিনে জীৱন ক্ৰিয়াত প্ৰয়োজন হোৱা এনযাইম বা উত্সেচক গঠন কৰে।

প্ৰ’টিনৰ পাচন হ’লে সি এমিন’ এছিড নামৰ কেতবোৰ অণুৰ এককলৈ পৰিণত হয়। এমিন’ এছিড পানীত দ্ৰৱণীয়।

ওপৰত উল্লেখ কৰি অহা কাৰ্ব’হাইড্ৰেট, স্নেহ আৰু প্ৰ’টিনেই আমাৰ দৈনন্দিন খাদ্যত অধিক পৰিমাণে থাকে। আমি এইটোও লক্ষ্য কৰা দৰকাৰ যে এই তিনিবিধ দ্ৰব্যৰ অণুবোৰৰ আকাৰ বৰ ডাঙৰ আৰু এই কেউবিধেই জৈৱ যৌগ। ইয়াৰ উপৰি আমাৰ খাদ্যত কম পৰিমাণে আন কেইবাবিধো জৈৱ যৌগ পোৱা যায়- যেনে, প্ৰায়বোৰ ফলত থকা চাইট্ৰিক এছিড, পামিটিক এছিড আদি জৈৱ এছিড, এলক’হল ইত্যাদি। কিন্তু জীৱ ৰসায়নবিদসকলে গৱেষণা কৰি দেখিছে এইবোৰ দ্ৰব্য শৰীৰক লাগে যদিও আহাৰৰ লগত দ্ৰব্যবোৰ নাথাকিলেও ক্ষতি নাই। কাৰণ এইবোৰ দ্ৰব্য শৰীৰৰ কোষবোৰে কাৰ্ব’হাইড্ৰেটৰ পৰাই সৃষ্টি কৰি ল’ব পাৰে।

(৪) ভিটামিনঃ আমাৰ দৈনন্দিন আহাৰত আন কেইবিধমান জৈৱ যৌগ সামান্য পৰিমাণে হ’লেও থকাটো নিতান্ত দৰকাৰ। এই জাতি দ্ৰব্যক ভিটামিন বোলা হয়। প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট আদিৰ অণুৰ তুলনাত ভিটামিনবোৰৰ অণু অনেক সৰু। কেতবোৰ ভিটামিন পানীত দ্ৰৱণীয়, কেতবোৰ আকৌ তেল বা মেদত দ্ৰৱণীয়। ভিটামিনবোৰৰ প্ৰত্যেকৰে ৰাসায়নিক গঠন বেলেগ বেলেগ। প্ৰথম অৱস্থাত সেইবোৰৰ ৰাসায়নিক গঠন নিৰ্ণয় কৰিব পৰা হোৱা নাছিল কাৰণে এ, বি, চি, ডি আদি আখৰেৰে নামকৰণ কৰা হৈছিল। পাছত সেইবিলাকৰ ৰাসায়নিক নাম দিয়া হৈছে যদিও পূৰ্বৰ এ, বি, চি, ডি নামবোৰ প্ৰচলিত হৈয়ে আছে।

ভিটামিনে শৰীৰত শক্তি নোযোগায় বা শৰীৰ গঠনতো ভাগ নলয়। তথাপি ভিটামিনৰ অভাৱ হ’লে শৰীৰৰ পুষ্টি সম্পূৰ্ণ নহয়। একোবিধ ভিটামিনৰ অভাৱ হ’লে একো একোটা ৰোগ বা ৰোগৰ উপসৰ্গই দেখা দিয়ে। এনে ৰোগক অভাৱ-জনিত ৰোগ বোলে।

মানুহ আৰু অন্যান্য প্ৰাণীসমূহে সাধাৰণতে খোৱা খাদ্যৰ পৰাই শৰীৰৰ প্ৰয়োজন অনুসৰি বিভিন্ন ভিটামিন পায়। উদ্ভিদে প্ৰয়োজনীয় ভিটামিন নিজে সংশ্লেষণ কৰি লয়। তলত বিভিন্ন ভিটামিনৰ উত্সৰ তালিকা এখন দিয়া হৈছে।

তালিকাঃ ভিটামিনৰ প্ৰধান উত্স-

ভিটামিন

উত্স

গাখীৰ, মাখন, ঘিউ, কণীৰ কুহুম, মাছৰ যকৃতৰ তেল, সেউজীয়া শাক, গাজৰ ইত্যাদি।

ডি

কণীৰ কুহুম, মাছৰ তেল আৰু মাছৰ যকৃত্।

শস্যজাত তেল, কণী, গাখীৰ আৰু মাংস।

কে

বন্ধাকবি, সেউজীয়া শাক, বিলাহী, ফুলকবি ইত্যাদি।

বি- যৌগ

গাখীৰ, মাখন, ঘিউ, অংকুৰিত বীজ, মাছ, মাংস, কণী, শাক-পাচলি, কল, ইষ্ট, গম, মাকৈ, যকৃত্, বৃক্ক ইত্যাদি।

চি

সুমথিৰা জাতীয় ফল, আম, মধুৰিআম, আমলখি, কেঁচা জলকীয়া, মালভোগ কল ইত্যাদি।

(৫) খনিজ দ্ৰব্যঃ আমি এতিয়ালৈকে যিবোৰ জৈৱ যৌগৰ কথা উল্লেখ কৰি আহিলোঁ, তাৰ উপৰিও অনেক ৰকমৰ অজৈৱ যৌগ, বিভিন্ন লৱণ হিচাপে আমাৰ খাদ্যত থাকে। এনে অজৈৱ যৌগবোৰৰ ভিতৰত প্ৰধান হৈছে- ছডিয়াম ক্ল’ৰাইড, পটেছিয়াম ক্ল’ৰাইড, কেলছিয়াম ফছফেট, কেলছিয়াম বাইকাৰ্বনেট, মেগনেছিয়াম ক্ল’ৰাইড আদি। ইয়াৰ উপৰিও আইৰন, কপাৰ, যিংক আদি ধাতুৰ লৱণো নিচেই কম পৰিমাণে আমাৰ আহাৰত থাকে। এনে ধাতৱ লৱণসমূহক সাধাৰণতে খনিজ লৱণ বোলা হয়। এইবোৰ কম-বেছি পৰিমাণে পানীত দ্ৰৱণীয়।

লৱণসমূহৰ মৌলবোৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া চলাত ব্যৱহৃত হয়। তাৰ উপৰি দুই এবিধ মৌলই যেনে- কেলছিয়াম, ছালফাৰ আদি শৰীৰৰ অংগ গঠনতো ব্যৱহাৰ হয়।

(৬) পানীঃ আমাৰ সকলো খাদ্যতে প্ৰচুৰ পৰিমাণে পানী থাকে। শাক-পাচলিত ৯০ শতাংশ কিম্বা অধিক পানী থাকে। মাছ-মঙহতো ৬০-৮০ শতাংশ পানী থাকে। ইয়াৰ উপৰি আমি বিশুদ্ধ পানী আৰু চাহ, গাখীৰ আদি পনীয়া বস্তু খাওঁহঁক। শৰীৰৰ কোষবোৰত চলা জীৱন কাৰ্যৰ বাবে পানী অতি আৱশ্যকীয় দ্ৰব্য।

আমাৰ বিভিন্ন খাদ্যৰ ৰাসায়নিক বিশ্লেষণ কৰি ওপৰত উল্লেখ কৰা দ্ৰব্যবোৰ যেনেকৈ পোৱা যায়, যেই কোনো প্ৰাণী বা উদ্ভিদৰ দেহৰ বিভিন্ন অংশৰ ৰাসায়নিক বিশ্লষণ কৰিলেও এই কেইবিধ দ্ৰব্যই পোৱা যায়। ইয়াৰপৰা সহজে বুজিব পাৰি যে আমি যিবোৰ খাদ্য আহাৰ হিচাপে খাওঁহঁক, সেইবোৰেই আমাৰ শৰীৰত সোমাই শৰীৰটো পুষ্ট কৰে আৰু গঠন কৰে। জীৱৰ দেহ গঠন কৰা দ্ৰব্যবোৰেই আমাৰ খাদ্যতো যে থাকে- সেইকথা আমি পোনপটীয়াভাৱেও জানিব পাৰো। মন কৰিলে আমি দেখো যে আমি যিবোৰ খাদ্য খাওঁ সেইবোৰৰ বেছিভাগেই কোনো নহয় কোনো উদ্ভিদ বা প্ৰাণীৰ দেহৰ অংশ। চাউল, দাইল, শাক-পাচলি, ফল আদি উদ্ভিদৰ অংশ। সেইদৰে মাছ আৰু মঙহ প্ৰাণীৰ দেহৰ অংশ। কণী আৰু গাখীৰ প্ৰাণীয়ে উত্পাদন কৰা বস্তু। ঘিউ, মাখন আকৌ প্ৰাণীয়ে উত্পাদন কৰা গাখীৰৰপৰা প্ৰস্তুত। এতেকে এইটো স্পষ্ট হৈ পৰে যে জীৱৰ দেহ যিবোৰ দ্ৰব্যৰে গঠিত আমাৰ আহাৰতো সেইবোৰ দ্ৰব্য থাকিব লাগে আৰু আমি খোৱা আহাৰখিনিয়েই আমাৰ শৰীৰ গঠন কৰে, শক্তি দিয়ে আৰু জীৱন ক্ৰিয়াৰ সকলো কাম চলাই থাকে।

আহাৰৰ উপাদান আৰু ক্ৰিয়াঃ

খাদ্যৰ বিশ্লেষণ কৰি ৰাসায়নিকভাৱে যি কেইপ্ৰকাৰৰ দ্ৰব্য পোৱা হ’ল সেই প্ৰকাৰকেইটা হ’ল- কাৰ্ব’হাইড্ৰেট, স্নেহ, প্ৰ’টিন, ভিটামিন, অজৈৱ-লৱণ আৰু পানী। এই দ্ৰব্য কেইবিধক আহাৰৰ মৌলিক উপাদান বোলা হয়। যি বস্তুত ইয়াৰ কোনো এটা উপাদানেই নাথাকে সি আমাৰ আহাৰ নহয়। কাৰণ সি শৰীৰৰ পুষ্টি সাধন কৰিব নোৱাৰে। আমি পাই আহিছোঁ যে আহাৰ খালে আহাৰত থকা এই উপাদানসমূহ শৰীৰৰ প্ৰত্যেকটো কোষত প্ৰৱেশ কৰেগৈ আৰু তাত সঞ্চিত হয়। এই ক্ৰিয়াকে আমি পুষ্টি বুলি কৈ আহিছোঁ। আহাৰৰ এই উপাদানবোৰ কেনেকৈ প্ৰতিটো কোষ পায়গৈ সেই বিষয়ে আমি অলপ পিছতে আলোচনা কৰিম।

শৰীৰৰ কোষবোৰে এই দ্ৰব্যবোৰ কি কামত লগায় তাৰ এটা আভাস আমি ইতিমধ্যে পাই আহিছোঁ। এই দ্ৰব্যবোৰৰ পৰা কোষে শক্তি আহৰণ কৰে, শৰীৰ গঠন কৰে আৰু জীৱন কাৰ্যৰ ৰাসায়নিক বিক্ৰিয়াবোৰ চলায়। আহাৰৰ উপাদানবোৰ যি যি কামত ব্যৱহৃত হয়, সেই অনুযায়ী উপাদানবোৰক তিনিটা শ্ৰেণীত বিভক্ত কৰা হয়- (ক) শক্তিদায়ক উপাদান, (খ) গঠনকাৰী উপাদান আৰু (গ) বিক্ৰিয়ক উপাদান।

(ক) শক্তিদায়ক উপাদানঃ কাৰ্ব’হাইড্ৰেট, স্নেহ আৰু প্ৰ’টিন কেউবিধ দ্ৰব্যৰপৰাই যদিও কোষে শক্তি আহৰণ কৰিব পাৰে, তথাপি সাধাৰণ অৱস্থাত কেৱল কাৰ্ব’হাইড্ৰেটৰপৰাহে শক্তি আহৰণ কৰে। সেইকাৰণে কাৰ্ব’হাইড্ৰেটক মৌলিক শক্তিদায়ক উপাদান বুলি গণ্য কৰা হয়। উশাহত লোৱা অক্সিজেনে কোষৰ ভিতৰত থকা গ্লুক’জৰ (এবিধ সৰল কাৰ্ব’হাইড্ৰেট) জাৰণ ঘটায়। ইয়াৰ ফলত গ্লুক’জ অণুটো ভাঙি কাৰ্বন-ডাই-অক্সাইড আৰু পানী উত্পন্ন কৰে আৰু লগতে ৰাসায়নিক স্থিতিশক্তি মুকলি হৈ পৰে। মুকলি হোৱা শক্তিখিনি কোষত থকা এ.টি.পি. নামৰ এবিধ দ্ৰব্যত সঞ্চিত হৈ থাকে। কোষত চলা বিভিন্ন ভৌতিক আৰু ৰাসায়নিক ক্ৰিয়াৰ কাৰণে যেতিয়াই প্ৰয়োজন হয় তেতিয়াই এ.টি.পি.-ত থকা শক্তি কোষে ব্যৱহাৰ কৰিব পাৰে।

আহাৰত থকা স্নেহ অংশ শৰীৰৰ বিভিন্ন স্থানত শক্তিৰ ভৱিষ্যনিধি হিচাপে সঞ্চিত হৈ থাকে। কাৰ্ব’হাইড্ৰেটৰ নাটনি হ’লে এই সঞ্চিত স্নেহৰপৰা কোষবোৰে শক্তি আহৰণ কৰে। এই কাৰ্যত, স্নেহ দ্ৰব্যখিনিৰপৰা প্ৰথমে সৰল কাৰ্ব’হাইড্ৰেট উত্পন্ন হয়। সেই কাৰ্ব’হাইড্ৰেটৰ জাৰণৰ দ্বাৰা কোষে শক্তি লাভ কৰে। উল্লেখযোগ্য যে শৰীৰৰ প্ৰয়োজনতকৈ অধিক কাৰ্ব’হাইড্ৰেট আহাৰত থাকিলে, উপৰুৱা কাৰ্ব’হাইড্ৰেটখিনি শৰীৰে স্নেহলৈ পৰিণত কৰি ভৱিষ্যতৰ কাৰণে সাঁচি থয়।

এতেকে দেখা যায় যে আহাৰৰ কাৰ্ব’হাইড্ৰেট আৰু স্নেহ দুইবিধ উপাদানেই শক্তিদায়ক উপাদান।

(খ) গঠনকাৰী উপাদানঃ আহাৰৰ প্ৰ’টিন অংশ শৰীৰ গঠনৰ কামত ব্যৱহাৰ হয়। জীৱৰ শৰীৰৰ কোষবোৰ প্ৰধানকৈ প্ৰ’টিনেৰে গঠিত। কোষ গঠনৰ লগতে কোষত থকা আৰু সাধাৰণভাৱে শৰীৰৰ দেহৰসত থকা কেইবা প্ৰকাৰৰ দ্ৰব্যও প্ৰ’টিনৰদ্বাৰা গঠিত হয়। কোষৰ ভিতৰত চলা ৰাসায়নিক বিক্ৰিয়াবোৰ আৰম্ভ কৰিবলৈ আৰু খৰতকীয়াকৈ চলাবলৈ উত্সেচক বা এনযাইম নামৰ এজাতি দ্ৰব্যৰ প্ৰয়োজন হয়। নানা ধৰণৰ বিক্ৰিয়া- যেনে, দ্ৰব্যৰ জাৰণ, বিজাৰণ ইত্যাদি চলাবলৈ নানা প্ৰকাৰৰ উত্সেচক দৰকাৰ হয়। এই সকলোবোৰ উত্সেচকেই প্ৰ’টিন। আন একপ্ৰকাৰ প্ৰ’টিন দ্ৰব্য হ’ল প্ৰতিদেহ। এইবিধ দ্ৰব্যই শৰীৰৰ কোষত বা দেহৰসত প্ৰৱেশ কৰা অণুজীৱ বা যেই কোনা বিজতৰীয়া পদাৰ্থক আৱৰি ধৰে আৰু তাক নিষ্ক্ৰিয় কৰি পেলায় যাতে শৰীৰৰ কোনো কোষত প্ৰৱেশ কৰিব নোৱাৰে। এতেকে আমি দেখোঁ যে আহাৰৰ প্ৰ’টিনভাগ দেহ গঠনৰ কামতে ব্যৱহাৰ হয়। সেইবাবে প্ৰ’টিনক আহাৰৰ দেহ গঠনকাৰী উপাদান বোলা হয়।

(গ) বিক্ৰিয়ক উপাদানঃ ভিটামিন, খনিজ অজৈৱ লৱণ আৰু পানী এই তিনিবিধ উপাদান প্ৰধানকৈ কোষৰ ভিতৰত হোৱা জৈৱ ৰাসায়নিক বিক্ৰিয়াসমূহত ব্যৱহাৰ হয়। কেইবাবিধো ভিটামিনে এনে বিক্ৰিয়াসমূহত সহ-উত্সেচক হিচাপে ক্ৰিয়া কৰে। সহ-উত্সেচক হৈছে উত্সেচকৰ অণুৰ লগত সংযুক্ত হৈ থকা একোটা অ-প্ৰ’টিন অণু (যি অংশ প্ৰ’টিন নহয়)। এই সহ-উত্সেচক অংশ থাকিলেহে উত্সেচকটোৱে বিক্ৰিয়াটো চলাব পাৰে। আন কেতবোৰ ভিটামিনে কোনো কোনোবিধ খনিজ লৱণ শৰীৰত সঠিকভাৱে ব্যৱহাৰ হোৱাত সহায় কৰে। যেনে, ভিটামিন ডিৰ অভাৱ হ’লে কেলছিয়াম আৰু ফছফৰাছ শৰীৰে যথাযথভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। ফলত হাড় আৰু দাঁতৰ গঠন দুৰ্বল হয়।

আনহাতে বিভিন্ন খনিজ লৱণসমূহে জীৱন ক্ৰিয়াৰ বিভিন্ন বিক্ৰিয়াত অংশ গ্ৰহণ কৰে। অনেক ক্ষেত্ৰত যেনে, স্নায়ুৰ মাজেদি প্ৰেৰণা কঢ়িয়াই নিয়া কাৰ্য্য, আত্মৰক্ষাৰ বাবে বৈদ্যুতিক শ্বক সৃষ্টি কৰিবৰ কাৰণে বা কোষাবৰণৰ মাজেদি দ্ৰব্য কোষৰ ভিতৰলৈ অনা-নিয়া কৰিবৰ কাৰণে যি বিদ্যুত্ বিভৱৰ প্ৰয়োজন হয় তেনে বিদ্যুত্ বিভৱ সৃষ্টি কৰিবৰ কাৰণেও খনিজ দ্ৰব্য ব্যৱহাৰ হয়। এইবিলাকো একো একো ধৰণৰ ৰাসায়নিক প্ৰক্ৰিয়া। এই ৰাসায়নিক প্ৰক্ৰিয়াবোৰৰ অধিকাংশতে আৰু শ্বসনৰ বিক্ৰিয়াসমূহত বহুলভাৱে পানীয়েও অংশগ্ৰহণ কৰে। তাৰোপৰি পানী সাধাৰণ দ্ৰাৱক হিচাপে শৰীৰত ব্যৱহাৰ হয়।

ভিটামিন, খনিজ লৱণ আৰু পানী, এই কেইবিধ উপাদানক আহাৰৰ বিক্ৰিয়ক উপাদান বুলি কোৱা হয়।

স্বাভাৱিক অৱস্থাত সকলো প্ৰাণীয়ে দৈনন্দিন আহাৰত এই আটাই কেইপ্ৰকাৰৰ উপাদান শৰীৰৰ প্ৰয়োজন অনুসৰি পায়। সেই কাৰণে জীৱৰ স্বাভাৱিকভাৱেই পুষ্টি আৰু বৰ্ধন হয়। এতিয়া আমি চাব পাৰোঁ কেনেকৈ আমি খোৱা আহাৰ শৰীৰৰ বিভিন্ন অংশৰ কোষবোৰত প্ৰৱেশ কৰে আৰু পুষ্টিসাধন কৰে।

পুষ্টিৰ কাৰণে খাদ্যৰ পাচন হোৱা দৰকাৰঃ

শৰীৰৰ পুষ্টিৰ কাৰণে প্ৰয়োজনীয় যিবোৰ দ্ৰব্য আমাৰ আহাৰত থাকে, সেইবোৰৱ শৰীৰৰ প্ৰত্যেকটো কোষত সোমাই পৰিলেহে শৰীৰৰ পুষ্টি হ’ব পাৰে। আহাৰৰ শ্বেতসাৰ, স্নেহ আৰু প্ৰ’টিন উপাদানকেইটাৰ অণুৰ আকাৰ বৰ ডাঙৰ আৰু সেইবোৰ পানীত অদ্ৰৱণীয়। গতিকে পুষ্টিৰ কাৰণে প্ৰয়োজনীয় হ’লেও এই দ্ৰব্যকেইটা কোষাবৰণৰ মাজেদি সৰকি কোষৰ ভিতৰলৈ সোমাব নোৱাৰে। কিন্তু এই দ্ৰব্যকেইটাৰ বৃহত্ অণুবোৰ আচলতে কেতবোৰ সৰু সৰু অণুৰে গঠিত একোডাল শৃংখল বা শিকলিৰ দৰে। কাৰ্ব’হাইড্ৰেট হ’ল কিছুমান গ্লুক’জৰ অণুৰ শৃংখল, চেনি, গুড় আদি এটা গ্লুক’জ অণু আৰু এটা ফ্ৰুক্ট’জ অণুৰ সংঘ। সেইদৰে স্নেহ কেতবোৰ গ্লিছাৰল আৰু স্নেহ এছিডৰ অণুৰ শৃখল, প্ৰ’টিন কেতবোৰ এমিন’ এছিডৰ শৃংখল। এইবোৰ শৃংখলৰপৰা গ্লুক’জ, গ্লিছাৰল, স্নেহ এছিড, এমাইন’ এছিড আদি গোটবোৰ সোলোকাই এটা এটা কৰি পেলালে সেইবোৰ পানীত দ্ৰৱণীয়ও হয় আৰু কোষাবৰণৰ মাজেদি কোষৰ ভিতৰলৈ সোমাবও পৰা হয়। শৰীৰৰ ভিতৰত কিছুমান বিশেষ ধৰণৰ বিক্ৰিয়াই এই কাম কৰে। কিন্তু যিহেতু আমি আৰু অনেক প্ৰাণীয়েই বিভিন্ন গোটা খাদ্য খাওঁ, সেইবোৰক মিহি গুড়ি কৰি ললেহে সেইবিলাকৰ ওপৰত সহজে ৰাসায়নিক ক্ৰিয়া হ’ব পাৰে। যিবোৰ প্ৰক্ৰিয়াৰদ্বাৰা আমি খোৱা আহাৰৰ বিভিন্ন উপাদানসমূহ কোষলৈ সোমাব পৰাকৈ সৰল দ্ৰৱণীয় অৱস্থালৈ আহে সেই প্ৰক্ৰিয়াবোৰক পাচন বোলে। শৰীৰৰ পুষ্টিৰ কাৰণে খাদ্যৰ পাচন হোৱাটো নিতান্ত প্ৰয়োজনীয়। আকৌ সম্পূৰ্ণ শৰীৰটোৰ পুষ্টিৰ কাৰণে পাচন হোৱা আহাৰ যাতে শৰীৰৰ প্ৰত্যেকটো কোষলৈকে যাব পাৰে তাৰ ব্যৱস্থাও থাকে। এই আটাইবোৰ কামৰ কাৰণে সকলো প্ৰাণীৰে শৰীৰত কেতবোৰ অংগ থাকে। এই আটাইবোৰ অংগকে একেলগে পাচনতন্ত্ৰ বোলা হয়। এককোষী প্ৰাণী আৰু নিতান্ত সৰল বহুকোষী প্ৰাণীৰ (যেনে- স্পঞ্জ) বাহিৰে সকলো প্ৰাণীৰে পাচনতন্ত্ৰ একে আৰ্হিৰে গঠিত হয়। কেৱল কেনে খাদ্য খায়, সেই অনুযায়ী পাচনতন্ত্ৰৰ বিভিন্ন অংগৰ গঠনৰ কিছু পাৰ্থক্য থাকে।

মানুহৰ পাচনতন্ত্ৰঃ

মানুহৰ দেহৰ ভিতৰত মুখৰ পৰা পায়ুলৈকে প্ৰায় ১০ মিটাৰ দীঘল এটা খাদ্যনলী থাকে। মুখেৰে যেই কোনো এটা বস্তু খালে সি এটা খাদ্যনলীয়েদি গৈ গৈ শেষত পায়ুৱেদি ওলাই যাবগৈ পাৰে। নলীটোৰ যি অংশ পেট অঞ্চলৰ ভিতৰত থাকে, সেই অংশ পেটৰ ভিতৰত নানাভাৱে ভাঁজ খাই থাকে কাৰণে ইমান দীঘল নলীটো পেটৰ ভিতৰত আঁতে। নলীটোৰ বিভিন্ন অংশৰ ক্ৰিয়া হিচাপে অংশবোৰ বিভিন্ন আকৃতিৰ হয়। সেইবাবে একো একো অংশক পৃথক পৃথককৈ চিনিব পাৰি। এই অংশবোৰক একোটা বিভিন্ন অংগ হিচাপে নাম দিয়া হৈছে। মুখৰপৰা পায়ুলৈকে একাদিক্ৰমে এই অংশবোৰ হ’ল- মুখ- মুখগহ্বৰ- ফেৰিংছ- ইছ’ফেগাছ- পাকস্থলী- ক্ষুদ্ৰান্ত- বৃহদন্ত্ৰ- মলভাণ্ড- পায়ু।

পাচন ক্ৰিয়াৰ কাৰণে খাদ্যনলীৰ লগতে কেতবোৰ পাচন গ্ৰন্থি থাকে। এই গ্ৰন্থিবোৰৰ পৰা ওলোৱা ৰসে খাদ্য পাচনত সহায় কৰে। এই গ্ৰন্থিবোৰৰ কিছুমান খাদ্যনলীৰ বেৰৰ কোষবোৰৰ মাজত থাকে। আৰু কিছুমান খাদ্যনলীটোৰ বাহিৰত থাকে। খাদ্যনলীৰ বেৰত থকা গ্ৰন্থিবোৰৰ পৰা ওলোৱা ৰস পোনে পোনে খাদ্যনলীৰ গহ্বৰত পৰি খাদ্যৰ লগত মিহলি হয়। খাদ্যনলীৰ বাহিৰত থকা গ্ৰন্থিৰপৰা যি ৰস ওলায়, সি একোডাল ৰসবাহী নলীয়েদি আহি খাদ্যনলীৰ বিভিন্ন অংশত সোমায়। বিভিন্ন পাচক ৰসত খাদ্যৰ বিভিন্ন উপাদান পাচন কৰিব পৰা উত্সেচক থাকে।

খাদ্যনলীৰ বিভিন্ন অংশৰ গঠন আৰু ক্ৰিয়াৰ বিষয়ে জানিবলৈ আমি খোৱা এসাজ ভাত বা জলপানৰ কি পৰিণতি হয় সেইটো বিচাৰ কৰিব পাৰো।

ভক্ষণঃ যি কোনো খাদ্য সহজে ওলাই আহিব নোৱাৰাকৈ খাদ্যনলীৰ ভিতৰত সুমুৱাই লোৱাকে ভক্ষণ কৰা বোলে। সাধাৰণ কথাত ইয়াকে আমি খোৱা বোলো। মুখখন হ’ল খাদ্যনলীলৈ আহাৰ সোমোৱা প্ৰৱেশ পথ। এই পথটো অগা-পিছাকৈ থকা দুখন দুৱাৰে নিয়ন্ত্ৰণ কৰে। সমুখত ওপৰ আৰু তলৰ ওঁঠে মুখৰ বিন্ধাটো বন্ধ কৰিব বা মেলিব পাৰে। ওঁঠৰ ঠিক পিছতে ওপৰ আৰু তলৰ কোৱাৰিয়েও বিন্ধাটো জপাব বা মেলিব পাৰে। এই দুখন দুৱাৰ পাৰ হ’লেহে খাদ্যবস্তু খাদ্যনলীৰ প্ৰথম অংশত- অৰ্থাত্ মুখগহ্বৰত সোমাব পাৰে। মুখৰ ভিতৰখনকে মুখগহ্বৰ বোলে। মুখগহ্বৰৰ মজিয়াৰ পিছফাললৈ জিভাখন লাগি থাকে। মুখগহ্বৰৰ পিছফাললৈ খাদ্যনলীৰ পিছৰ অংশলৈ আহাৰ যাব পৰাকৈ বাটটো থাকে। তাৰ সন্মুখত কোমল তালুত নাকৰ ভিতৰৰ বিন্ধা থাকে। মুখগহ্বৰৰ কাম কেইবাটাও। খাদ্য মুখগহ্বৰত পৰিলে প্ৰাণীয়ে প্ৰথমেই খাদ্যখিনি মুখত থকাটো অনুভৱ কৰে সেয়া গোটা নে জুলীয়া, বা কিমান টান বা কোমল সেইটো অনুমান কৰে। জিভাখনে খোৱাবস্তুৰ সোৱাদ কেনেকুৱা চাই লয় আৰু খাদ্যৰ গোন্ধটো নাকলৈ যায়। খোৱা বস্তুখিনি গোন্ধে, সোৱাদে যদি ভাল নহয় তেতিয়া সেই খাদ্য ভক্ষণ নকৰি মুখেদি উলিয়াই দিব পাৰি। সোৱাদ লোৱাৰ পাছৰ কাম হ’ল গোটা আহাৰ সৰুকৈ টুকুৰা কৰা আৰু খুন্দি গুড়ি কৰা। এই কাম দাঁতেৰে চোবাই কৰা হয়। আহাৰ চোবোৱাত জিভাখনেও সহায় কৰে।

মুখগহ্বৰত পাচনঃ

মুখগহ্বৰত আহাৰখিনি চোবোৱাৰ লগতে আহাৰখিনি মুখৰ লালটিৰ লগত মিহলি হৈ পৰে। মুখৰ ৰস বা লালটি (যাক সাধাৰণ কথাত 'থু' বোলে) হৈছে এবিধ পাচক ৰস। জিভাৰ তলত, কাণৰ সন্মুখত আৰু তলৰ কোৱাৰিৰ চুকত থকা তিনিযোৰ লালটি গ্ৰন্থিত প্ৰস্তুত হয় আৰু তাৰপৰা নলিকাৰে আহি সেই ৰস মুখগহ্বৰত পৰেহি। লালটিৰ ঘাই কাম দুটা। প্ৰথমে লালটিত থকা পানীয়ে খাদ্যৰ দ্ৰৱণীয় অংশ দ্ৰৱিত কৰে আৰু লালটিত থকা শ্লেষ্মাই (বিজলীয়া দ্ৰব্যখিনিয়ে) খাদ্যখিনি পিছল কৰি তোলে যাতে ই সহজে খাদ্যনলীয়েদি পাৰ হৈ যাব পাৰে। দ্বিতীয়তে, লালটিত টায়েলিন বা ছেলাইভাৰী এমাইলেজ নামৰ এবিধ উত্সেচকে আহাৰৰ শ্বেতসাৰ অংশক মল্ট'জ নামৰ শৰ্কৰালৈ পৰিণত কৰে। এই বিক্ৰিয়া হ’ল শ্বেতসাৰ পাচনৰ প্ৰথম ঢাপ।

মুখগহ্বৰত খাদ্যখিনি চোবোৱা আৰু পিছল কৰি লোৱাৰ পিছত সেইখিনি গিলা হয়, অৰ্থাত্ খাদ্যখিনি জিভাৰ গুৰি আৰু তালুৰে ঠেলি গ্ৰসনী বা ইছ'ফেগাছলৈ পাৰ কৰি দিয়া হয়। খাদ্য গ্ৰাস কৰাৰ লগে লগে ভক্ষণ কাৰ্য্য সমাপ্ত হয়। গ্ৰাস কৰা খাদ্যভাগ এটা লাডুৰ আকাৰে ইছ'ফেগাছ অংশ বেগাই পাৰ হৈ পাকস্থলীত সোমায়গৈ।

পাকস্থলীত পাচনঃ

খাদ্যনলীৰ পাকস্থলী অংশটো এটা আহল-বহল মোনাৰ নিচিনা অংগ। শৰীৰৰ পেট অংশৰ ওপৰভাগত ই অৱস্থিত। ইয়াৰ এটা মূৰত এছ'ফেগাছটো সোমাইছেহি আৰু আনটো মূৰৰ পৰা ক্ষুদ্ৰান্ত আৰম্ভ হৈছে। পাকস্থলীৰ প্ৰধান কাম দুটা-

(১) একেবাৰতে সৰহীয়াকৈ খোৱা আহাৰৰ ভঁড়াল হিচাপে কাম কৰা আৰু (২) খাদ্য পাচন কৰা।

পাকস্থলীত আহাৰৰ প্ৰ'টিনভাগৰ আংশিকভাৱে পাচন হয়। আহাৰ খালে পাকস্থলীৰ বেৰৰ ভিতৰকাষত থকা কিছুমান কোষে এবিধ পাচক ৰস ক্ষৰণ কৰে। এই কোষবোৰ একোটা এককোষীয় পাচন গ্ৰন্থি। ইহঁতে ক্ষৰণ কৰা ৰসক পাকস্থলী ৰস বোলা হয়। পাকস্থলী ৰসত পেপছিন নামৰ এবিধ পাচন-উত্সেচক আৰু হাইড্ৰ'ক্লৰিক এছিড থাকে। পেপছিনে এছিড মাধ্যমতহে প্ৰ'টিন পাচন কৰিব পাৰে। আহাৰ পেটত (পাকস্থলীত) পৰাৰ লগে লগে পাকস্থলীটোৰ সংকোচন আৰু সম্প্ৰসাৰণ হৈ আহাৰখিনি পাকস্থলী ৰসৰ লগত ভালকৈ সান-মিহলি হৈ পৰে। এনে অৱস্থাত খাদ্যৰ বৃহত্ প্ৰ'টিন অণুসমূহ পেপছিনৰ প্ৰভাৱত ঠায়ে ঠায়ে ছিগি কেতবোৰ সৰু সৰু খণ্ডলৈ বিভক্ত হয়। প্ৰ'টিনৰ আংশিক পাচন হৈ সৃষ্টি হোৱা এনে খণ্ডবোৰক বহুপেপটাইড বোলা হয়। পাকস্থলী ৰসত ৰেনিন নামৰ আন এবিধ উত্সেচকো থাকে। ৰেনিনে গাখীৰৰপৰা ছানা উলিয়ায়।

ইতিমধ্যে গোটেই খাদ্যখিনি পাতল লুথুৰীৰ নিচিনা হৈ পৰে আৰু তেতিয়া ই লাহে লাহে ক্ষুদ্ৰান্তলৈ ওলাই যায়। পৰিপূৰ্ণ পাকস্থলীৰপৰা গোটেইখিনি আহাৰ ওলাই যাবলৈ প্ৰায় ছঘণ্টা সময় লাগে। মানুহৰ আৰু বেছিভাগ স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত খোৱাবস্তু পাকস্থলীত সোমোৱাৰ পিছত স্বাভাৱিকতে পুনৰ মুখলৈ ওলাই আহিব নোৱাৰে। গৰু, ম'হ আদি ৰোমন্থক জন্তুবোৰে (ঘাঁহ পাগুলি খোৱা জন্তু) ঘাঁহ-বন আদি নোচোবোৱাকৈ ততাতৈয়াকৈ গিলি পাকস্থলীত ভৰাই লয়। পাছত সেইবোৰ আকৌ মুখলৈ উলিয়াই আনি চোবাই ঘাঁহ-বনবোৰ ভালকৈ পিহি দ্বিতীয়বাৰ গিলে। এনে জন্তুৰ পাকস্থলীত চাৰিটা কোঠালি থাকে।

পাকস্থলীৰপৰা ক্ষুদ্ৰান্তলৈ ওলাই যোৱা অৱস্থাত আহাৰখিনিৰ পাচন অসম্পূৰ্ণ হৈ থাকে।

ক্ষুদ্ৰান্তত পাচনঃ

মানুহৰ ক্ষুদ্ৰান্তটো প্ৰায় ৯ মিটাৰ দীঘল যদিও ইয়াৰ পেশীসমূহ সংকুচিত হৈ থকা অৱস্থাত প্ৰায় ছয় মিটাৰ মানহে হৈ থাকে। ক্ষুদ্ৰান্তৰ বেৰৰ ভিতৰফালটো পথালিকৈ কিছুমান উঠা-নমা সিৰলুৰ নিচিনা হৈ থাকে। ইয়াৰ উপৰি ইয়াৰপৰা আঙুলিৰ নিচিনা অসংখ্য প্ৰৱৰ্ধ অন্ত্ৰৰ গহ্বৰলৈ ওলাই থাকে। এইবিলাকক ‘ভিলাছ’ বোলে। প্ৰতি বৰ্গমিলিমিটাৰত এনে ভিলাছ ২০ ৰ পৰা ৪০ টালৈকে থাকে। প্ৰত্যেকটো ভিলাছেই আকৌ অনবৰত চুটি-দীঘল হৈ থাকে। নতুনকৈ বধ কৰা ছাগলীৰ ক্ষুদ্ৰান্তৰ একাংশ ফালি বিবৰ্ধক কাঁচেৰে পৰীক্ষা কৰিলে ভিলাছবোৰৰ এনে সঞ্চালন দেখিবলৈ পোৱা যায়। ক্ষুদ্ৰান্তৰ ভিতৰবেৰত এনে সিৰলু আৰু ভিলাছসমূহ থকাৰ কাৰণে বেৰখনৰ পৃষ্ঠতলৰ কালি অনেক গুণে বাঢ়ি যায়।

ক্ষুদ্ৰান্তৰ প্ৰথম অংশক ডুৱডেনাম বোলে। এই অংশত দুবিধ প্ৰধান পাচক ৰস আহাৰখিনিৰ লগত মিহলি হয়। এই দুবিধ পাচক ৰস হৈছে অগ্ন্যাশয় ৰস আৰু পিত্ত ৰস।

অগ্ন্যাশয় ৰস অগ্ন্যাশয় নামৰ এটা ডাঙৰ গ্ৰন্থিত সৃষ্টি হয়। অগ্ন্যাশয় গ্ৰন্থিটো পাকস্থলী আৰু ডুৱডেনামৰ মাজৰ ফাঁকত অৱস্থিত। ইয়াৰপৰা ওলোৱা ৰস এডাল নলিকাইদি আহি ডুৱডেনামত পৰেহি। অগ্ন্যাশয় ৰসত তিনি প্ৰকাৰৰ পাচন উত্সেচক থাকে। অগ্ন্যাশয় এমাইলেইজ নামৰ উত্সেচকে শ্বেতসাৰ পাচন কৰি মল্ট'জলৈ পৰিণত কৰে। অগ্ন্যাশয় ৰসত থকা দ্বিতীয় প্ৰকাৰৰ উত্সেচক হ’ল- লাইপেইজ। লাইপেইজে স্নেহ দ্ৰব্য অৰ্থাত্ তেল বা মেদজাতীয় আহাৰ পাচন কৰি স্নেহ এছিড আৰু গ্লিছাৰললৈ পৰিণত কৰে। স্নেহ এছিড আৰু গ্লিছাৰলেই হ’ল স্নেহ পাচনৰ অন্তিম দ্ৰব্য।

অগ্ন্যাশয় ৰসত প্ৰ’টিন বিশ্লেষী উত্সেচকো দুই প্ৰকাৰৰ থাকে। এইবোৰে পাকস্থলীত আংশিকভাৱে পাচন হৈ অহা প্ৰ’টিন অংশসমূহ (পলিপেপ্টাইডসমূহ) পুনৰ কেতবোৰ নিৰ্দিষ্ট স্থানত ছিঙি সেইবোৰক ত্ৰি-পেপ্টাইড আৰু দ্বি-পেপ্টাইড (তিনিটা আৰু দুটা এমিন' এছিড গোট সম্পন্ন প্ৰটিন) অণুলৈ পৰিণত কৰে। এনে প্ৰ’টিন বিশ্লেষী উত্সেচক হ’ল ত্ৰিপছিন, কাইম'ট্ৰিপছিন আৰু কাৰ্বক্সিপেপ্টিডেইজ। ইয়াৰ উপৰি নিউক্লিয়েইজ নামৰ উত্সেচকে আৰ এন এ আৰু ডি এন এ নামৰ দুবিধ বিশেষ ধৰণৰ প্ৰ’টিন পাচন কৰে।

পিত্তৰস যকৃতত প্ৰস্তুত হয় আৰু পিত্তস্থলীত সঞ্চিত হৈ থাকে। তাৰপৰা পিত্তবাহী নলীয়েদি আহি ডুৱডেনাম অংশত সোমাই আহাৰৰ লগত মিহলি হয়। পিত্তৰসত কোনো পাচন উত্সেচক নাথাকে। কিন্তু পিত্তৰস ক্ষাৰকীয় হোৱা কাৰণে ই পাকস্থলীৰপৰা অহা এছিড গুণসম্পন্ন আহাৰখিনি প্ৰশমিত কৰি পেলায়। এই ক্ৰিয়া পাচনৰ কাৰণে নিতান্ত প্ৰয়োজনীয়, কাৰণ অগ্ন্যাশয় ৰসত থকা উত্সেচকসমূহে আৰু পিছত ক্ষুদ্ৰান্তৰ পৰা ওলোৱা আন্ত্ৰৰসে প্ৰশমিত বা দুৰ্বল ক্ষাৰ মাধ্যমতহে পাচন ক্ৰিয়া সম্পন্ন কৰিব পাৰে। ইয়াৰ উপৰি পিত্তৰসত পিত্তলৱণ নামৰ কেতবোৰ বিশেষ ধৰণৰ লৱণ থাকে। এই পিত্তলৱণে আহাৰৰ স্নেহদ্ৰব্যসমূহক নিচেই ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকালৈ ভাঙি পেলায়। সেই অৱস্থাতহে অগ্ন্যাশয় ৰসত থকা লাইপেইজে স্নেহদ্ৰব্যবোৰ পাচন কৰিব লাগে। পিত্তৰসত থকা পিত্তীয় ৰঞ্জকৰ কাৰণে মলৰ বৈশিষ্ট্যপূৰ্ণ তামবৰণীয়া ৰং হয়।

ক্ষুদ্ৰান্তৰ ডুৱডেনামৰ পিছৰ অংশৰ বেৰত অসংখ্য এককোষী পাচন গ্ৰন্থি থাকে। এইবোৰে ক্ষৰণ কৰা পাচক ৰসক আন্ত্ৰিক ৰস বোলে। আন্ত্ৰিক ৰসত তলত দিয়া পাচন উত্সেচকসমূহ থাকে। ইতিমধ্যে আংশিকভাৱে পাচন হৈ অহা আহাৰৰ বিভিন্ন উপাদানসমূহ এইবোৰ উত্সেচকৰ ক্ৰিয়াত সম্পূৰ্ণৰূপে পাচন হৈ অন্তিম দ্ৰব্যলৈ পৰিণত হয়। এনে উত্সেচকবোৰ দুই প্ৰকাৰৰ- কাৰ্ব’হাইড্ৰেট বিশ্লেষী আৰু প্ৰ’টিন বিশ্লেষী।

আন্ত্ৰিক ৰসত থকা উত্সেচকসমূহ হ’ল- পেপ্টিডেইজ, লাইপেইজ, চুক্ৰেইজ, লেক্টেইজ আৰু মচল্টইজ।

আন্ত্ৰিক ৰসত থকা আটাইবোৰ উত্সেচকৰ ক্ৰিয়া অন্ত্ৰৰ প্ৰথম ভাগতে সম্পূৰ্ণ হৈ উঠে।

আমি লক্ষ্য কৰিব পাৰো যে খোৱা আহাৰখিনি মুখৰপৰা আহি ক্ষুদ্ৰান্তৰ প্ৰথমাৰ্দ্ধ পায় মানে কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন আৰু স্নেহৰ বৃহত্ অণুবোৰ বিভিন্ন পাচন উত্সেচকৰ প্ৰভাৱত ক্ৰমে ক্ষুদ্ৰতৰ অণুলৈ বিভক্ত হৈ সিহঁতৰ অন্তিম দ্ৰব্যবোৰলৈ অৰ্থাত্ কাৰ্ব’হাইড্ৰেটসমূহ বিভিন্ন সৰল শৰ্কৰালৈ (গ্লুক’জ, ফ্ৰুক্ট’জ, গেলেক্ট’জ), প্ৰ’টিনসমূহে বিভিন্ন এমিন’ এছিডলৈ আৰু স্নেহ দ্ৰব্যসমূহ বিভিন্ন স্নেহ এছিড আৰু গ্লিছাৰললৈ পৰিণত হয়। আহাৰখিনি এই অৱস্থালৈ অহাকে আহাৰৰ পাচন হোৱা বোলা হয়। পাচন হোৱা আহাৰখিনি এতিয়া ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়।

তলৰ সাৰণিত (চাৰ্ট) খাদ্যনলীৰ বিভিন্ন অংশত বিভিন্ন পাচন গ্ৰন্থিৰপৰা ওলোৱা পাচক ৰস, তাত থকা বিভিন্ন পাচন উত্সেচক আৰু সেইবিলাকৰ ক্ৰিয়াৰ ফলত খাদ্যৰ পাচন কিমান দূৰ আগবাঢ়ে তালিকা কৰি দেখুওৱা হৈছে।

সাৰণিঃ মানুহৰ পাচন ক্ৰিয়াৰ সাৰাংশ-

পাচন গ্ৰন্থি আৰু স্থান

পাচক ৰসৰ নাম

উত্সেচক

আন দ্ৰব্য

উত্সেচকৰ ক্ৰিয়া যি দ্ৰব্যৰ ক্ৰিয়া কৰে

উত্পাদিত দ্ৰব্য

অন্যান্য ক্ৰিয়া

লালটি গ্ৰন্থি

(মুখগহ্বৰ)

লালটি

এমাইলেজ শ্লেষ্মা (মিউছিন)

শ্বেতসাৰ

মল্ট’জ

-

পিচ্ছিলকাৰক

পাকস্থলী গ্ৰন্থি

(পাকস্থলী)

পাকস্থলী ৰস

পেপছিন ৰেনিন (শিশুৰ) হাইড্ৰ’ক্লৰিক এছিড

 

 

 

শ্লেষ্মা

প্ৰ’টিন

গাখীৰ গোট মাৰে

-

 

 

 

 

-

পলিপেপ্টাইড

-

 

-

 

 

 

 

অম্লতা যোগায় বেক্টেৰিয়া মাৰে

 

 

পিচ্ছিলকাৰক

অগ্ন্যাশয়

(ডুৱডেনাম)

অগ্ন্যাশয় ৰস

ট্ৰিপছিন,

কাইম’পট্ৰিপছিন ইত্যাদি

লাইপেইজ-

 

এনইলেইজ-

প্ৰ’টিন

বহুপেপ্টাইড

 

স্নেহ

 

শ্বেতসাৰ

দ্বিপেপ্টাইড

এমিন’ এছিড

 

স্নেহ এছিড আৰু গ্লিছাৰল

মল্ট’জ

 

যকৃত

পিত্তৰস

উত্সেচক নাই, পিত্তলৱণ

-

-

স্নেহ দ্ৰব্য ক্ষুদ্ৰ টোপাললৈ পৰিণত কৰে।

আন্ত্ৰিক গ্ৰন্থি

(ক্ষুদ্ৰান্তৰ বেৰ)

আন্ত্ৰৰস

পেপ্টিডেইজ

 

লাইপেইজ

 

চুক্ৰেইজ

 

লেক্টেইজ

 

মল্টেইজ

 

মিউছিন

বহু আৰু দ্বিপেপ্টাইড

স্নেহ

 

চুক্ৰ’জ

 

লেক্ট’জ

 

মল্ট’জ

এমিন’ এছিড

 

স্নেহ এছিড আৰু গ্লিছাৰল

গ্লুক’জ আৰু ফ্ৰুক্ট’জ

গ্লুক’জ আৰু গেলেক্ট’জ

গ্লুক’জ

 

-

 

-

 

 

-

 

-

 

-

পিচ্ছিলকাৰক

 

অৱশোষণঃ

ক্ষুদ্ৰান্তৰ পৰিসংকোচনৰ কাৰণে পাচন হোৱা আহাৰখিনি আগবাঢ়ি গৈ থকা অৱস্থাত আহাৰৰ পাচন হোৱা অংশ ক্ষুদ্ৰান্তৰ বেৰৰ ভিতৰফালে থকা ভিলাছসমূহে শোষণ কৰি লয়। প্ৰত্যেকটো ভিলাছৰ মাজত প্ৰচুৰ পৰিমাণে ৰক্তকেশিকা অৰ্থাত্ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তবাহী নলিকাৰ জাল কিছুমান থাকে। সেই নলিকাইদি তেজ চলাচল কৰি থাকে। ইয়াৰ উপৰি প্ৰত্যেক ভিলাছত কিছুমান লসিকা নলীও থাকে। পাচন হোৱা আহাৰ যেতিয়া ভিলাছবিলাকৰ সংস্পৰ্শলৈ আহে তেতিয়া আহাৰত থকা শৰ্কৰা, এমিন’ এছিড, ভিটামিন, খনিজ লৱণ আৰু পানী ভিলাছৰ কোষস্তৰ পাৰ হৈ তেজলৈ সোমাই আহে। কিন্তু আহাৰৰ যি অংশ পাচন নহয়, সেইখিনি ভিলাছৰ কোষৰ মাজেদি সৰকিব নোৱাৰি অন্ত্ৰৰ গহ্বৰতে থাকি যায়। স্নেহ এছিড আৰু গ্লিছাৰলো ভিলাছৰ কোষস্তৰ পাৰ হৈ আহে। কিন্তু সেইবোৰ পুনৰ স্নেহ হিচাপে সংশ্লেষণ হৈ লসিকা নলীতহে প্ৰৱেশ কৰে, তেজলৈ নোসোমায়।

ৰক্তকেশিকাত সোমোৱা দ্ৰব্যসমূহ তেজৰ সোঁতত গৈ প্ৰথমে যকৃতত সোমায়গৈ। তাৰপৰা শৰীৰৰ প্ৰয়োজন অনুসাৰে এটা নিয়ন্ত্ৰিত হাৰত দ্ৰব্যখিনি তেজৰ সোঁতত শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগলৈ যায়গৈ। লসিকা নলীত সোমোৱা স্নেহও অৱশেষত তেজৰ সোঁততেই প্ৰৱেশ কৰে। উল্লেখযোগ্য যে লসিকাতন্ত্ৰ তেজৰ দৰেই এটা অতিৰিক্ত পৰিবহণ তন্ত্ৰ। লসিকাত লোহিত ৰক্তকণা নাথাকে কাৰণে ই ৰঙা নহয়।

তেজৰ সোঁতত আহাৰৰ পুষ্টিকৰ উপাদানসমূহ যেতিয়া শৰীৰৰ বিভিন্ন অংগ পায়গৈ তেতিয়া সেইবোৰ পুনৰ তেজৰপৰা একোটা অংগৰ, যেনে এটা পেশীৰ কোষমধ্যৱৰ্তী স্থানত থকা দেহৰসলৈ ওলাই যায়। দেহৰসৰপৰা পুষ্টিকৰ উপাদানসমূহ অংগটোৰ কোষবোৰে লাভ কৰে।

স্বাংগীকৰণঃ

আহাৰৰ পুষ্টিকৰ উপাদানসমূহ অৰ্থাত্ গ্লুক’জ, এমিন’ এছিড, স্নেহ, ভিটামিন, লৱণ আদি দ্ৰব্যবোৰ কোষৰ ভিতৰলৈ সোমোৱাৰ পিছত সেইবোৰে কোষৰ বিপাক ক্ৰিয়াত ভাগ ল’ব পৰা হয়। শ্বাস ক্ৰিয়াত গ্লুক’জ অণুবোৰৰ জাৰণ হৈ শক্তি উত্পন্ন হয়। এমিন’ এছিডসমূহৰপৰা কোষে নিজস্ব বৈশিষ্ট্যপূৰ্ণ প্ৰ’টিন উত্পন্ন কৰে। সেইদৰে ভিটামিন, লৱণ আৰু পানী কোষৰ বিভিন্ন বিক্ৰিয়াত ব্যৱহাৰ হয়। মুঠতে আহাৰৰ সকলোখিনি পুষ্টিকৰ উপাদান কোষটোৰ নিজস্ব কোষদ্ৰব্যলৈ পৰিণত হয় আৰু কোষটো পৰিপুষ্ট হয়। এনে হোৱাকে আহাৰৰ স্বাংগীকৰণ বোলে।

বৃহদন্ত্ৰ আৰু তাৰ ক্ৰিয়াঃ

আহাৰৰ পাচন নোহোৱা অংশ আৰু যথেষ্ট পৰিমাণৰ পানী ক্ষুদ্ৰান্তৰ পৰা গৈ বৃহদন্ত্ৰত প্ৰৱেশ কৰে। তলপেটৰ সোঁ-কাষে ক্ষুদ্ৰান্ত শেষ হৈ বৃহদন্ত্ৰৰ আৰম্ভ হয়। বৃহদন্ত্ৰটো ক্ষুদ্ৰান্তৰ তুলনাত যথেষ্ট বহল। যি ঠাইত বৃহদন্ত্ৰ আৰম্ভ হৈছে তাতে সি এটা মোনাৰ আকাৰত কিছু তললৈ ওলমি থাকে। ইয়াৰপৰা এটা ঠেক আৰু চুটি আঙুলিৰ নিচিনা প্ৰৱৰ্দ্ধ দেহগহ্বৰলৈ ওলাই থাকে। এই প্ৰৱৰ্দ্ধটোক এপেণ্ডিক্স বোলে। কোনো কোনো লোকৰ কেতিয়াবা এপেণ্ডিক্সটো পকি উখহি পৰে আৰু বিষ হয়। পকনি বেছি হ’লে সি ফাটি যাব পাৰে। তেতিয়া তাত থিতাপি লোৱা বীজাণুবোৰ দেহগহ্বৰলৈ ওলাই আহি গোটেই দেহতে বিস্তৃত হ’ব পাৰে আৰু ফলত ৰোগীৰ মৃত্যুও হ’ব পাৰে। সেইবাবে তলপেটৰ সোঁহাতে বিষ হ’লে চিকিত্সকৰ পৰামৰ্শ লোৱা উচিত।

আহাৰৰ পাচন আৰু অৱশোষণ হোৱাৰ পিছত ৰৈ যোৱা যি অংশ বৃহদন্ত্ৰত সোমায়হি তাত প্ৰধানকৈ শাক-পাচলিৰ চেলুল’জ নামৰ এবিধ কাৰ্ব’হাইড্ৰেট থাকে। ইয়াৰ লগতে অৱশ্যে সামান্য পৰিমাণৰ এমিন’ এছিড আৰু শৰ্কৰাও থাকি যায়। পাচক ৰসত বহু পৰিমাণে পানী থকাৰ কাৰণেও গোটেই বস্তুখিনি প্ৰায় পনীয়া হৈ থাকে। বৃহদন্ত্ৰত বিভিন্ন ধৰণৰ অসংখ্য বেক্টেৰিয়া বাস কৰে। এই বেক্টেৰিয়াবোৰে আহাৰৰ অৱশিষ্ট অংশৰপৰা পুষ্টি আহৰণ কৰে। এইবোৰ বেক্টেৰিয়াই মানুহৰ শৰীৰত কোনো ৰোগৰ সৃষ্টি নকৰে। বৰং কেতবোৰ বেক্টেৰিয়াই উত্পন্ন কৰা ভিটামিন আমাৰ শৰীৰৰ কামত লাগে। ভিটামিন বি১২ এনে বেক্টেৰিয়াই উত্পন্ন কৰি শৰীৰক যোগান ধৰে। কোনো কোনো অৱস্থাত অৱশ্যে ডিছেণ্টেৰী, টাইফয়ড, কলেৰা আদি ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াই বৃহদন্ত্ৰত থিতাপি ল’লে ৰোগ হয়। এইবোৰ ৰোগৰ বীজাণু বৃহদন্ত্ৰৰ স্বাভাৱিক বাসিন্দা নহয়।

বৃহদন্ত্ৰত প্ৰৱেশ কৰা আহাৰখিনিত থকা পানীৰ অধিকাংশ বৃহদন্ত্ৰই পুনৰ শোষণ কৰি লয়। ইয়াৰ ফলতে শৰীৰৰ প্ৰয়োজনীয় পানী শৰীৰে লাভ কৰে। আনহাতে অৱশিষ্ট আহাৰখিনি যথেষ্ট কঠিন হৈ পৰে। এই অৱশিষ্টখিনি বৃহদন্ত্ৰৰ শেষ অংশত অৰ্থাত্ মলভাণ্ডত গোট খাই থাকে। তাৰপৰা সময়ে সময়ে ই মল আকাৰে পায়ুৱেদি শৰীৰৰ বাহিৰলৈ ওলাই যায়। এই মলত্যাগ বা নিষ্কাশন ক্ৰিয়া মলভাণ্ডৰ প্ৰৱল পৰিসংকোচনৰ ফলত হয়।

প্ৰজননঃ

বংশ বৃদ্ধি জীৱৰ অন্যতম প্ৰধান বৈশিষ্ট্য। নিজৰ অনুৰূপ জীৱৰ সৃষ্টি কৰাকে প্ৰজনন বোলে। প্ৰজননে-

(ক) জীৱৰ অস্তিত্ব ৰক্ষা কৰে।

(খ) নিজৰ প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰে

(গ) জীৱ জগতৰ ভাৰসাম্য ৰক্ষা কৰে।

প্ৰজনন অযৌন আৰু যৌন প্ৰথাৰে হয়।

(১) অযৌন প্ৰজননঃ নিম্নশ্ৰেণীৰ জীৱৰ প্ৰজনন অযৌনভাৱে সমাপন হয়। দেহকোষৰপৰা অপত্য জীৱৰ সৃষ্টি হোৱাকে অযৌন প্ৰজনন বোলে। যেনে- বেক্টেৰিয়া, পেৰামেছিয়াম, ক্লেমাইড’ম’নাছ ইত্যাদি।

(২) যৌন প্ৰজননঃ দুটা জননকো,- শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হৈ অপত্য জীৱৰ সৃষ্টি হোৱাকে যৌন প্ৰজনন বোলে। জননকোষ দুটাৰ মিলনৰ ফলত উত্পন্ন হোৱা কোষটোক ভ্ৰূণাণু বোলে ভ্ৰূণাণুৰ বৃদ্ধি আৰু বিকাশৰ ফলত পূৰ্ণ জীৱ এটাৰ সৃষ্টি হয়।

মানুহ উচ্চস্তৰৰ জীৱ। মানুহে যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বংশ বৃদ্ধি কৰে। যৌন প্ৰজননৰ কাৰণে পুৰুষ আৰু স্ত্ৰী উভয়ৰে প্ৰয়োজন। কাৰণ শুক্ৰাণু পুৰুষ আৰু ডিম্বাণু স্ত্ৰীৰ দেহত উত্পন্ন হয়। শুক্ৰাণুৱে স্ত্ৰীদেহৰ ওপৰত ডিম্বাণুক নিষিক্ত কৰাৰ ফলত ডিম্বাণু ভ্ৰূণাণুত পৰিণত হয়।

অনতি পলমে ভ্ৰূণাণুটো মাকৰ জৰায়ুত (গৰ্ভত) প্ৰতিষ্ঠিত হয়। ইয়াকে গৰ্ভধাৰণ হোৱা বোলে। পাছৰ ২৮০ দিনলৈকে ভ্ৰূণাণুটো মাতৃ গৰ্ভত থাকে আৰু তাতে তাৰ বৃদ্ধি আৰু বিকাশ হৈ সম্পূৰ্ণ মানুহৰ আকৃতি ধাৰণ কৰে। মাতৃ গৰ্ভত বিকাশ হৈ থকা অৱস্থাক সন্তানটোৰ ভ্ৰূণ অৱস্থা বোলা হয়। সেই সময়ত ভ্ৰূণটো জননফুল বা অমৰাৰ সহায়ত মাতৃৰ জৰায়ুত লাগি থাকে আৰু তাৰ সহায়েৰেই মাতৃদেহৰ পৰা পুষ্টি লাভ কৰে। মাতৃগৰ্ভত ২৮০ থকাৰ পিছত প্ৰসৱ প্ৰক্ৰিয়াৰ দ্বাৰা সন্তানটোৰ জন্ম হয়।

যৌৱনাৰম্ভঃ

ল’ৰা-ছোৱালী সুনিৰ্দিষ্ট বয়সত যৌৱন প্ৰাপ্ত হয়। যৌৱন আৰম্ভণীৰ লগে লগে ল’ৰা আৰু ছোৱালীৰ কেতবোৰ দৈহিক পৰিৱৰ্তন পৰিলক্ষিত হয়। এই সময়ছোৱাক যৌৱনাৰম্ভ বোলে। এই সময়ছোৱাত গৌণ যৌন চৰিত্ৰবোৰ অৰ্থাত্ পুৰুষ আৰু স্ত্ৰীৰ দৈহিক লক্ষণবোৰ প্ৰকাশ হ’বলৈ আৰম্ভ কৰে। যেনে- ল’ৰাৰ ক্ষেত্ৰত দাড়ি-গোফ, বুকুৰ নোম, বহল কান্ধ, গলগলীয়া মাত আদি পুৰুষসুলভ চৰিত্ৰবোৰৰ প্ৰকাশ হয়। আনহাতে ছোৱালীৰ ক্ষেত্ৰত স্তনৰ বিকাশ, বহল তপিনা আদি নাৰীসুলভ দৈহিক পৰিৱৰ্তন ঘটে। ছোৱালীৰ লগে লগে মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হয়। সাধাৰণতে ল’ৰাৰ ১৪-১৬ বছৰ বয়সত আৰু ছোৱালীৰ ১১-১৩ বছৰৰ ভিতৰত যৌৱনাৰম্ভ হয়। যৌৱন সম্পূৰ্ণ হ’লে অৰ্থাত্ ছোৱালীৰ ১৮ বছৰ আৰু ল’ৰাৰ ২১ বছৰ বয়স হ’লে তেওঁলোক প্ৰজনন ক্ষমতাৰ সম্পূৰ্ণ অধিকাৰী হয়।

উৎসঃ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেড, গুৱাহাটী

3.06451612903
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top