চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে কিন্তু দেখা গৈছে মানুহৰ ন-ন বেমাৰ-আজাৰো বৃদ্ধি পাইছে। মন কৰিব আজিকালি প্ৰত্যেক মানুহৰ কিবা নহয় কিবা বেমাৰ আছেই। অসুখ-বিসুখ নথকা মানুহ কমহে দেখিবলৈ পোৱা যায়।
কিন্তু আমি এই কথাকে ভাবি চোৱা উচিত- জন্মগত বা বংশগত কিছুমান অসুখৰ বাহিৰে আমাৰ অধিকাংশ ৰোগ সৃষ্টিৰ বাবে আমি নিজেই দোষী। বিশেষকৈ খোৱা-বোৱাৰ ক্ষেত্ৰত আমাৰ অজ্ঞতা-অসাৱধানতা আদিয়ে আমাৰ শৰীৰত অসুখ-বিসুখৰ অনুকূল অৱস্থা ঠেফকেই সৃষ্টি কৰি লয়, অথচ প্ৰথম অৱস্থাৰে পৰা সাৱধান হ’লে হৃদৰোগ, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, পেটৰ নানা অসুখ, শৰীৰৰ নান বিষ-কোপ, বাত বিষ, আৰ্থাৰাইটিছ আনকি কেন্সাৰৰ দৰে ৰোগো প্ৰতিহত কৰি ৰাখিব পাৰি। ক’বলৈ গ’লে খোৱা-বোৱাৰ ক্ষেত্ৰত আমাৰ প্ৰায় মানুহৰ ধাৰণা স্বচ্ছ নহয়।
সমীক্ষাৰ পৰা দেখা যায়- বেছিভাগ অসুখৰ কাৰণ হকে-বিহকে খোৱা-বোৱা। প্ৰকৃততে শৰীৰৰ পুষ্টি যোগান আৰু ক্ষয় পূৰণৰ বাবেহে খোৱাটো প্ৰয়োজন। কিন্তু বেছিভাগ মানুহেই যেন জীয়াই থাকিবৰ বাবে নাখায়। খবলৈহে জীয়াই থাকে।
জিভাৰ তৃপিৰ বাবে অত্যধিক তেল-মছলাযুক্ত খাদ্যই যে আমাৰ শৰীৰৰ কিমান ক্ষতি কৰে সেই কথা কিমানে অনুভৱ কৰে। শৰীৰৰ সুস্থতাৰ বাবে যিসকলে চিন্তা কৰে, সেইসকলৰ বাবে এই কথাখিনি আগবঢ়ালো।
আমাৰ সমাজত গাখীৰ খোৱাৰ প্ৰতি এটা দুৰ্বলতা থকা দেখা যায়। সৰু ল’ৰা-ছোৱালীৰ প্ৰধান খাদ্যই গাখীৰ হৈ পৰে। বহুতক গাখীৰ খুওৱাৰ ক্ষেত্ৰত যেনেদৰে ব্যস্ত হোৱা দেখা যায়, আন খাদ্য খুওৱাত তেনেদৰে চিন্তাশীল হোৱা দেখা নাযায়। গাখীৰকণ খাইছে যেতিয়া হৈ যাব এনে মনোভাব।
তেনে ক্ষেত্ৰত কেৱল গাখীৰ খাই থকা শিশুৰ এনিমিয়াসহ অপুষ্টিজনিত অসুখ হোৱা পৰিলক্ষিত হয়। ডেৰ-দুবছৰ বয়সৰ পৰা শিশুক অন্য শাক-পাচলিৰ সৈতে স্বাভাৱিক আহাৰ খুওৱা উচিত। আমাৰ দেশত বহুতৰে ‘মিল্ক এলাৰ্জী’ থাকে। সেয়েহে গাখীৰৰ সলনি ছানা আৰু দৈও খুওৱা উচিত।
ডাঙৰৰ ক্ষেত্ৰত যিসকলে গাখীৰ খাব পাৰে কোনো অসুবিধা নহয়। সেইসকলে প্ৰতি ৰাতি শুবলৈ যোৱাৰ আগেয়ে একাপ বা এগিলাছ কুহুমীয়া গাখীৰ খাই শুব পাৰে। বিশেষতঃ এটা বয়সৰ পাছত আমাৰ শৰীৰৰ কেলছিয়াম ক্ষয় হয়। তেতিয়া হাড়ৰ নানা অসুখে(বাত, অষ্টিঅ’পৰোছিছ) দেখা দিব পাৰে। চল্লিশ বছৰৰ ওপৰ হ’লে নিয়মিত এগিলাছ গাখীৰ খালে এনে সমস্যা হোৱাৰ আশংকা খুব কম।
তাৰ উপৰি শৰীৰৰ ওজন নাবাঢ়িবলৈ খোৱা-বোৱাৰ প্ৰতি হ’ব লাগিব অতি সংযত। মাছ-মাংস, কণী খোৱাৰ প্ৰতিও আছে আমাৰ ভুল ধাৰণা। আমাৰ শৰীৰৰ বাবে প্ৰ’টিনৰ প্ৰয়োজন আছে সঁচা, কিন্তু ইউৰিক মাছ-মাংসজাত প্ৰ’টিনৰ দ্বাৰা শৰীৰত ইউৰিক এচিড বৃদ্ধি পাই নানা দুৰ্ভোগ ভোগাব পাৰি। সমীক্ষাৰ পৰা দেখা গৈছে আমেৰিকানসকলে অতিৰিক্ত মাংস খোৱাৰ ফলত তেওঁলোকৰ পেটৰ কেন্সাৰত আক্ৰান্তৰ সংখ্যা বহু বেছি।
মাংসৰ অজীৰ্ণ অংশবোৰ পাকস্থলীত জমা হৈ থাকি সেইবোৰেই কেন্সাৰ ৰোগৰ সৃষ্টি কৰে। মাছ-মাংস, কণীৰ প্ৰতি দুৰ্বলতা মানুহৰ থাকে, কিন্তু মাত্ৰাৰ প্ৰতিহে লক্ষ্য ৰাখিব লাগে। মনত ৰখা উচিত মাছ-মাংসৰ লগত আমাৰ শৰীৰলৈ বিস্তৰ মা-মছলা যায়। কিয়নো মাছ-মাংস, কণীৰ ৰন্ধন প্ৰণালীটোৱেই হৈছে মা-মছলাৰ যোগাৰ।
অতিৰিক্ত তেলৰ কাৰবাৰ। যিবোৰ শৰীৰৰ বাবে মুঠেও উপকাৰী নহয়, বৰঞ্চ মহা শত্ৰু। বাহিৰৰ জগতৰ শত্ৰুক আমি এৰাই চলো। কিন্তু শৰীৰৰ ভিতৰলৈ আমি কত শত্ৰু চালান দি থাকো, অথচ এই শৰীৰ আমাৰ কত মৰমৰ হোৱা উচিত। পিছে মানুহৰ খোৱা-বোৱাৰ অত্যাচাৰলৈ চাই আজি সন্দেহ হয় এই শৰীৰ আমাৰ মৰমৰ নে বিকৰ্ষণৰ! মাছ-মাংস-কণী আমি কেনেদৰে খোৱা উচিত, কিমান বয়সত কি পৰিমাণে গ্ৰহণ কৰা উচিত চিকিৎসকৰ সৈতে আলোচনা কৰিহে লোভ পূৰণ কৰা উচিত্য। আজিকালি খাদ্যতালিকা ঠিক কৰি দিবলৈ ডায়েটিচিয়ানৰো পয়ভোৰ। তেন্তে সেই সুবিধা গ্ৰহণ নকৰে কিয়! শৰীৰটোক মূল্য দিলে শৰীৰটোৱেও আমাক সকাহ দিব পাৰে। শৰীৰটোক শ্ৰদ্ধা কৰিব লাগে। নহ’লে শৰীৰটোৱেও আমাক পদে পদে অশান্তি দিব।
আমি কি অসুখ-বিসুখত ভুগিবলগীয়া আছে সেয়া ভাগ্যৰ ওপৰত। কিন্তু নিজৰ শৰীৰটোৰ প্ৰতি যত্নৱান হৈ খোৱা-বোৱাৰ প্ৰতি সচেতন হ’লে যথেষ্টখিনি সুস্থভাৱে থাকিব পৰিম বুলি আমি বিশ্বাস ৰখা উচিত।
লেখিকা: অঞ্জুৰাণী দেৱী(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 1/17/2023