মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পুষ্টিকৰ খাদ্য আৰু সুস্থ শৰীৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুষ্টিকৰ খাদ্য আৰু সুস্থ শৰীৰ

পুষ্টিকৰ খাদ্য আৰু সুস্থ শৰীৰৰ বিষয়ে লিখা হৈছে ।

মানৱ শৰীৰৰ সুস্থ বিকাশত পুষ্টিকৰ খাদ্য বা নিউট্ৰিচনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সহজভাৱে ক’বলৈ গ’লে আমাৰ শৰীৰ সুস্থ কৰি ৰাখিবলৈ আমাক চাৰিবিধ মুখ্য বস্তুৰ প্ৰয়োজন হয়-

  • আহাৰ,
  • নিদ্ৰা,
  • ব্যায়াম আৰু
  • সুস্থ বা ইতিবাচক চিন্তা।

ইয়াৰ ভিতৰত সৰ্বাধিক গুৰুত্বপূৰ্ণ বস্তুবিধ হ’ল আহাৰ। আহাৰ অবিহনে আমি জীয়াই থকা সম্ভৱ নহয়।শৰীৰৰ বিকাশত আহাৰ কিমান প্ৰয়োজনীয় সেই বিষয়ে কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু পেট ভৰাই আহাৰ খালেই যে আমাৰ শৰীৰ সুস্থ থাকিব আৰু বিকশিত হ’ব সেয়া নিশ্চিত নহয়।

কিয়নো আমি খোৱা আহাৰত যদি সঠিক মাত্ৰাত পুষ্টিকৰ উপাদান(Nutrition) নাথাকে সেই আহাৰ আমাৰ শৰীৰৰ বিকাশত বাধা দিব পাৰে।

তদুপৰি এনে পুষ্টিহীন খাদ্য দীৰ্ঘদিনৰ বাবে ভক্ষণ কৰিলে আমাৰ শৰীৰত বিভিন্ন বেমাৰ-আজাৰে হোৱাৰ আশংকা অধিক হয়। ভাৰতবৰ্ষৰ দৰে দেশত পুষ্টিকৰ খাদ্যৰ অভাৱত অসুস্থতাত ভোগা শিশুসকলৰ কল্যাণৰ অৰ্থে চৰকাৰে কেতবোৰ বিশেষ আঁচনি ল’বলৈ বাধ্য হয়।

তদুপৰি পুষ্টিকৰ খাদ্য সম্পৰ্কে জনগণক সজাগ কৰিবলৈ চৰকাৰে বিভিন্ন প্ৰচাৰ মাধ্যম যোগে নিয়মীয়াকৈ সজাগতা অভিযান চলাই আছে।

কিন্তু সমস্যা হ’ল পুষ্টিকৰ খাদ্য সম্পৰ্কে বিভিন্ন মাধ্যমত উপলব্ধ জ্ঞানবোৰ সৰল আৰু পোনপটীয়া নহয়। এজন সাধাৰণভাৱে শিক্ষিত লোকৰ বাবেও সেইবোৰ পঢ়ি-শুনি সঠিক জ্ঞান আহৰণ কৰাটো বৰ কঠিন হৈ পৰে।

বিগত সময়ছোৱাত পুষ্টি সম্পৰ্কে বিজ্ঞ একাধিক ব্যক্তিৰ সান্নিধ্যলৈ অহাৰ সৌভাগ্য আমাৰ হৈছিল।

তেওঁলোকৰপৰা আহৰণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য ইয়াৰ উল্লেখ কৰিলো-

  • সঠিক পৰিমাণৰ পুষ্টিকৰ খাদ্য আৰু পানীয়ে শৰীৰটো সুস্থ, সবল আৰু সুন্দৰ কৰি ৰাখিব পাৰে। তদুপৰি ই ৰোগমুক্ত কৰি ৰাখিব পাৰে।
  • বৰ্তমান সময়ত আমাৰ বাবে সৰ্বাধিক প্ৰয়োজন হৈছে আহযুক্ত(fibrous) আমাৰ শৰীৰত জমা হোৱা বিষাক্ত দ্ৰব্যবোৰ(toxin) বাহিৰ কৰাত বিশেষভাৱে সহায় কৰে।
  • আমাৰ শৰীৰত জমা হোৱা টক্সিনবোৰ প্ৰাকৃতিকভাৱে বাহিৰ কৰিব নোৱাৰিলে আমি কিছুমান বিশেষ ব্যৱস্থা অথবা সম্পূৰক(ফুড ছাপ্লিমেন্ট)ৰ সহায় ল’ব পাৰো। বজাৰত এনে বহুতো উৎকৃষ্ট মানৰ সম্পূৰক আহাৰ পোৱা যায়।
  • ভাৰতবৰ্ষত পৰম্পৰাগতভাৱে কেতবোৰ খাদ্য একেলগে গ্ৰহণত বাধা-নিষেধ মানি চলি অহা হৈছে। ডাকৰ বচনতো তেনে বহুতো খাদ্য ভক্ষণৰ নিষেধৰ সূচী পোৱা যায়।
  • অত্যধিক গুৰুপাকী খাদ্য নিয়মীফ্যাকৈ গ্ৰহণ কৰাটো আমাৰ শৰীৰৰ বাবে বিপদজনক হ’ব পাৰে। ইয়াৰ বিপৰীতে আমি সময়ে সময়ে উপবাস থাকি(fasting) আমাৰ শৰীৰটো অধিক সুস্থ আৰু কাৰ্যক্ষম কৰিব পাৰো।
  • শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পালে বেমাৰ-আজাৰ হয়। সেয়েহে ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধিৰ বাবে খাদ্যৰ দিশত অধিক যত্ন ল’ব লাগে।
  • বিষাক্ত খাদ্য তথা কীটনাশক দ্ৰব্য মিশ্ৰিত খাদ্য কমাই খোৱাৰ লগতে ফল-মূলৰ মাত্ৰা আমাৰ খাদ্য তালিকাত অধিকভাৱে সংযোজন কৰা উচিত।
  • বৰ্তমান সকলো লোকৰে ঔষধ ব্যৱহাৰৰ প্ৰৱণতা বৃদ্ধি পাইছে। বহুতো ৰোগত ঔষধ প্ৰয়োগৰ পৰিৱৰ্তে আমি নিজে নিজেই ঠিক হ’বলৈ দিলে আমাৰ বেছি উপকাৰ হ’ব। ঔষধ প্ৰয়োগৰ ভয়াৱহতা সম্পৰ্কে আমি সজাগ হোৱা উচিত।
  • আমাৰ মাজৰে বহুতে সুষম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণৰ পৰিৱৰ্তে সহজে ঔষধ খাই ৰোগ নিৰাময় কৰিব বিচাৰে। এনে ভয়ংকৰ প্ৰৱণতা ৰোধ কৰাৰ ক্ষেত্ৰত আমি সজাগতা আনিব লাগিব।
  • সংসাধিত খাদ্য(processed food) পাৰ্যমানে বৰ্জন কৰক। ফাষ্ট ফুড বা জাংক ফুড কমাই খাওক।
  • নিমখ আৰু চেনি- এই দুবিধ দ্ৰব্যৰ সেৱন সীমিত মাত্ৰাত কৰক।
  • অতি সম্প্ৰতি শৰীৰত থকা দূষিত পদাৰ্থবোৰ বাহিৰকৰণ বা ডিটক্সিফিকেচন(detoxification) সম্পৰ্কে বহুলভাৱে চৰ্চিত হৈছে। এনে ব্যৱস্থাৰদ্বাৰা শৰীৰটো সুস্থ ৰখাৰ লগতে যৌৱন অটুট ৰাখিব পাৰি।

লেখক: ধনজিৎ মেধি(দৈনিক অসম)

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top