মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পুষ্টিকৰ খাদ্য পালেং শাক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুষ্টিকৰ খাদ্য পালেং শাক :

পুষ্টিকৰ খাদ্য পালেং শাকৰ বিষয়ে লিখা হৈছে ।

 

পালেং শাকৰ জুতি নোলোৱা মানুহ ভাৰবৰ্ষহে নালাগে বিদেশতো নাই। পালেং শাকৰ লগত মাছ ৰান্ধিলে খাবলৈ বৰ জুতি লাগে। মুৰ্গীৰ মাংস পালেং শাকেৰে ৰান্ধিলে অতি সুস্বাদু হৈ পৰে। পালেং শাক ভাজিও খাব পাৰি।

আজিকালি ৰান্ধনিয়ে পালেং শাকৰ লগত পনীৰৰ তৰকাৰি ৰান্ধে আৰু ব্যঞ্জনক কোৱা হয় ‘পালেং পনীৰ’। তদুপৰি পালেং পৰঠা, পালেং পুৰি, পালেং পকোৰা খাই বৰ সোৱাদ লাগে।

ৰাসায়নিক বিশ্লেষণত দেখা যায় যে পালেং শাকত পানী থকাৰ উপৰি কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, আঁহযুক্ত পদাৰ্থ, কেলছিয়াম, মেগনেছিয়াম, আয়ৰণ, ফলিক এছিড, কোবাল্ট, ভিটামিন এ, ভিটামিন বি১, ভিটামিন বি২ আৰু ভিটামিন বি৩ উপলব্ধ। এই ভিটামিনসমূহে দেহৰ স্নায়ু আৰু মাংসপেশীসমূহ মজবুত কৰাত মুখ্য ভূমিকা লয়। দেহৰ ৰক্ত সঞ্চালনতো ই যথেষ্ট সহায় কৰে। তদুপৰি উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে এই পালেং শাক খালে কিছু সকাহ পায়।

পালেং শাক খালে দেহে ফলিক এছিড লাভ কৰে। গৰ্ভৱতী মহিলাৰ গৰ্ভপাত নহয় আৰু শ্বাস-প্ৰশ্বাসৰ কষ্ট, দেহৰ ওজন হ্ৰাস, ডায়েৰিয়া আদি ৰোগক বাধা দিয়ে। পালেং শাকত থকা আয়ৰণে দেহক আয়ৰণ যোগান ধৰি দেহৰ শক্তি বৃদ্ধি কৰে।

গৱেষকৰ মতে, পালেং শাকত থকা দ্ৰব্যসমূহে কৰ্কট ৰোগ প্ৰতিহত কৰাৰ উপৰি পাকস্থলীৰ ঘা নিৰ্মূলকৰণত সহায় কৰে। পালেঙত থকা বিটা কেৰ’টিনে এনে প্ৰতিৰোধী কাৰ্যত সহায়ক হয় বুলি গৱেষকে ভাৱে। ৰক্তহীনতা আৰু পুষ্টিহীনতাত ভুগিলে চিকিৎসকে ৰোগীক পালেং শাক খাবলৈ পৰামৰ্শ দিয়ে।

মনত ৰাখিব, পালেং শাক পুষ্টিকৰ প্ৰয়োজনীয় খাদ্য। এই শাকে ৰক্তস্ৰাব, বন্ধ্যাত্ব, কুকুৰিকণা, মূৰ আৰু মুখমণ্ডলৰ স্নায়ুসমূহাত পোৱা আঘাত, কষ্ট আৰু দেহৰ স্নায়ৱিক দুৰ্বলতা আদি ৰোগত ভাল কাম দিয়ে। সেইদৰে প্ৰস্ৰাৱৰ ৰোগতো পালেং শাকৰ সতেজ পাতৰ ৰস ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। পালেং শাকৰ ৰস আৰু গাজৰৰ ৰস একেলগে খালে দাঁত আৰু দাঁতৰ আলু মজবুত হয়।

লিভাৰৰ জ্বলা-পোৰা, জণ্ডিছ আৰু শ্বাস-প্ৰশ্বাসত পোৱা কষ্ট আদি পালেং শাকৰ গুটিয়ে নিৰাময় কৰিব পাৰে বুলি গৱেষকে কয়।

কংক্ৰীটৰ মহানগৰীত বাস কৰা লোকসকলে কৰা ফুলৰ বাগিচাৰ দাঁতিতে কেইজোপামান পালেং শাক ৰুব পাৰে অথবা ঘৰৰ ছাদতো কেইবাটাও টাবত পালেং শাকৰ খেতি কৰিব পাৰে। এনেদৰে ঘৰতে উৎপাদন কৰা পালেং শাকৰ অধিক ব্যঞ্জন খাব নোৱাৰিলেও অন্ততঃ পালেং-পনীৰ, পালেং-পৰঠা, পালেং-পকোৰা আদি নিয়মিতভাৱে খাব পাৰিব। চালাড, ছাটনি আদি নোখোৱাৰ মানেই নাই।

পালেং শাকৰ ঔষধি গুণৰ কথা চিন্তা কৰি পালেং শাক নোখোৱাকৈ নাথাকিব।

লেখক: ডঃ পবিত্ৰ কুমাৰ পাটোৱাৰী(অসম বাণী)

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top