মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / পুষ্টিকৰ ফল লেতেকুৰ বিষয়ে কিছু কথা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুষ্টিকৰ ফল লেতেকুৰ বিষয়ে কিছু কথা :

পুষ্টিকৰ ফল লেতেকুৰ বিষয়ে কিছু কথাৰ বিষয়ে লিখা হৈছে ।

 

আঙুৰৰ থোপাৰ দৰে ডাল ভৰি লগা টেঙা মিঠা সোৱাদৰ লেতেকুৰ নাম শুনি হয়তো আপোনালোকৰ বহুতৰে নিজৰ শৈশৱলৈ মনত পৰিছে। কিন্তু দুখৰ বিষয় যে আজিৰ প্ৰজন্মৰ বাবে ই এবিধ অচিনাকি ফল।

লেতেকু, পনিয়ল আদি এইবোৰ আমাৰ অসমৰ থলুৱা ফল। বৈজ্ঞানিক নাম Baccaurea ramiflora। ইংৰাজীত ইয়াক বার্মীজ গ্ৰেপছ (Burmese grapes) বুলিও কোৱা হয়।

গৰমত লেতেকুৰ চৰবত গিলাছে গা শাত পেলাই দিয়ে আৰু শৰীৰত তৎক্ষণাত শক্তি যোগায়। সৰুতে লেতেকুৰ ফুটাবোৰ কেতিয়াবা আমি গিলি দিছিলো যাৰ বাবে বয়োজ্যেষ্ঠ সকলৰ টান মাত শুনিবলৈ পাইছিলো। তেওঁলোকে লেতেকু বেছি খাবলৈও মানা কৰিছিল।

লেতেকুৰ বাসস্থান বুলি কবলৈ গ'লে-

*ভাৰত (বিশেষকৈ অসম),

*নেপাল,

*ম্যানমাৰ,

*দক্ষিণ চিনদেশ,

*ইণ্ডোনেছিয়া,

*থাইলেণ্ড,

*ভিয়েটনাম,

*মালয়ছিয়া আদি দেশৰ কথাই কব লাগিব কাৰণ এইবোৰ দেশৰ জলবায়ু লেতেকুৰ বাবে উপযোগী।

মালয়ছিয়া আদি দেশত লেতেকুৰ পৰা বিশেষ প্ৰকাৰৰ সুৰা (wine) ও বনোৱা হয় যি বহু ঔষধি গুণসম্পন্ন। অসমতো লেতেকু স্কোৱাছ (squash) বা চৰবত হিচাবে সংৰক্ষণ কৰা হয়। কিন্তু অসমত আজিৰ দিনত ইয়াৰ উৎপাদন আৰু চাহিদা বহুত কম। স্বাস্থ্যবৰ্ধক আৰু ঔষধি গুণসম্পন্ন লেতেকুৰ দৰে থলুৱা ফলসমূহ কোনো বিশেষ যত্ন নোলোৱাকৈ হয়। বজাৰৰ কীটনাশক দিয়া আমদানিকৃত আপেল, আঙুৰতকৈ ই বহুগুণে ওপৰত।

*ভিটামিন C,

*এঞ্জাইম,

*প্ৰটিন,

*কেলচিয়াম,

*আইৰণ,

*পটাছিয়াম,

*মেগনেছিয়াম,

*চডিয়াম আদি অত্যাৱশ্যকীয় উপদানেৰে ভৰপূৰ লেতেকু গুণাগুণো বহুত।

চাওঁচোন আহক আমাৰ বাবে লেতেকু কিদৰে উপকাৰী ফল-

*ভিটামিন C থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু জ্বৰ, কাহ, চৰ্দি আদিৰ পৰা আমাক বচাই ৰাখে।

*ভিটামিন C, এন্টিঅক্সিডেন্ট থকাৰ বাবে ছালৰ সৌন্দৰ্য্য বৰ্ধনতো সহায় কৰে।

*দাঁতৰ আলুৰ গুৰিৰ পৰা তেজ ওলোৱা (gum bleeding) সমস্যাতো উপকাৰী কাৰণ ইয়াত ভিটামিন C আছে।

*লেতেকুয়ে হজমী শক্তি বৃদ্ধি কৰে (promotes digestion) আৰু পেট খোলোচা কৰে।

*পটাছিয়াম থকা বাবে উচ্চ ৰক্তচাপত উপকাৰী। উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে লেতেকুৰ চৰবত সেৱন কৰিব পাৰে।

*কেলচিয়াম থকা বাবে হাড়ৰ গঠন মজবুত কৰে। অষ্টিওপৰ'ছিছ (osteoporosis) সমস্যাত ভোগা লোকে লেতেকু সেৱন কৰিলে উপকৃত হ'ব।

*ৰক্তহীনতা বা এনিমিয়া সমস্যাতো লেতেকু উপকাৰী।

*আঁহ(dietary fiber) থকা বাবে ওজন কম কৰাতো উপকাৰী। মেদবহুল লোকে লেতেকুৰ সেৱন কৰিব পাৰে।

*প্ৰসাবৰ বিভিন্ন সমস্যাত লেতেকুৰ চৰবত উপকাৰী।

*আজিৰ প্ৰজন্মই আমাৰ থলুৱা ফলমূল বোৰ চিনি নাপায়, আপেল আঙুৰহে চিনি পায়। ইংৰাজী মাধ্যমৰ স্কুলৰ কিতাপতো থলুৱা ফলৰ কথা পঢ়িবলৈ হয়তো নাপায়। এনেকৈ লাহে লাহে এদিন হয়তো এই থলুৱা ফলমূলবোৰ হেৰাই যাব। সেয়েহে আমাৰ দায়িত্ব গধুৰ। আজিৰ প্ৰজন্মক এই থলুৱা ফলমূল বোৰৰ লগত পৰিচয় কৰাই দিয়া উচিত। আমাৰ থলুৱা ফলমূল বোৰৰ উৎপাদন আৰু চাহিদা বৃদ্ধিৰ বাবে আমি সকলোৱে একগোট হৈ কাম কৰিব লাগিব।

বি:দ্ৰ:- অত্যধিক পৰিমানে সেৱন কৰিলে পেটৰ বিষ, গেছ, এচিডিটি হব পাৰে। যিকোনো খাদ্যৰ অত্যাধিক পৰিমাণ সদায়ে হানিকাৰক।

লেখিকা: ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 7399114617

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top