*প্ৰোটিন, খনিজ লৱণ, ভিটামিন আৰু পানীয়ে শৰীৰৰ আকাৰ ৰক্ষা কৰে তথা শৰীৰৰ শ্ৰীবৃদ্ধিত অংশগ্ৰহণ কৰে।
*ভিটমিন, খনিজ লৱণ, প্ৰোটিন, পানীয়ে শৰীৰৰ ভিতৰত চলি থকা বিভিন্ন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে আৰু সেইবিলাকৰ মাজত সমন্বয় ৰক্ষা কৰাত সহায় কৰে।
*চৰ্বি, কাৰ্বোহাইড্ৰেট আৰু প্ৰোটিনে বিভিন্ন ক্ৰিয়া সুকলমে চলাবৰ বাবে প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে আৰু শৰীৰৰ উষ্ণতা ৰক্ষা কৰাৰ কাৰণে তাপৰ যোগান ধৰে।
খুব জটিল প্ৰক্ৰিয়াৰ মাজেৰেহে শৰীৰৰ পুষ্টি সাধন হয় আৰু বিভিন্ন শ্ৰেণীৰ পুষ্টিদ্ৰব্যই অকলে অথবা লগলাগি এই কাম সম্পন্ন কৰে।
শৰীৰত পুষ্টিদ্ৰব্য কিদৰে ব্যৱহৃত হয় -
তালিকা:
জাৰণৰ মাধ্যমেৰে শক্তি উৎপন্ন হয়
আন কাম
সঞ্চিত হয়
অতিৰিক্তখিনি ৰূপান্তৰিত হৈ উৎপন্ন হয়
কাৰ্বোহাইড্ৰেট
জাৰণৰ মাধ্যমেৰে শক্তি উৎপন্ন হয়
-
গ্লাইকোজেন
চৰ্বি
চৰ্বি
জাৰণৰ মাধ্যমেৰে শক্তি উৎপন্ন হয়
চৰ্বি উৎপন্ন হয়
চৰ্বি
কিছুমান কাৰ্বোহাইড্ৰেট
প্ৰোটিন
জাৰণৰ মাধ্যমেৰে শক্তি উৎপন্ন হয়(নাইট্ৰজেন বাদ দিয়াৰ পিছত)
কলা গঠন কৰে, মেৰামতি কৰে, এনজাইম গঠন কৰে, দুই-এবিধ হৰমোন গঠনতো ভাগ লয়
প্ৰোটিন(নতুন কলাত)
চৰ্বি কাৰ্বোহাইড্ৰেট
শৰীৰৰ পৰিপুষ্টিৰ বাবে এবিধ অত্যাৱশ্যকীয় উপাদান হ’ল ‘প্ৰোটিন’। প্ৰোটিন শব্দটো এটা গ্ৰীক শব্দৰ পৰা সৃষ্টি কৰা হৈছে, সেই গ্ৰীক শব্দটোৰ অৰ্থ হ’ল প্ৰথম। দেহত প্ৰোটিনৰ প্ৰয়োজনলৈ লক্ষ্য কৰিলে এই অৰ্থ অতি সুন্দৰভাৱে খাপ খায় বুলি ক’ব পাৰি। প্ৰাণী আৰু উদ্ভিদৰ সকলো জীৱিত কোষতেই প্ৰোটিন থাকে। কিছুমান প্ৰোটিনে কোষ গঠনত পোনপটীয়াভাৱে ভাগ লয় আৰু আন কিছুমানে এনজাইম হিচাপে থাকি দেহৰ অত্যাৱশ্যকীয় ৰাসায়নিক প্ৰক্ৰিয়াবোৰ(ডাঙৰ অণু সংশ্লেষণ কৰা আৰু ডাঙৰ অণু ভাঙি শক্তি উৎপন্ন কৰা কাৰ্য) সুকলমে চলাত সহায় কৰে। শৰীৰৰ বৃদ্ধি মানে হৈছে কোষৰ উৎপাদন আৰু বিকাশ। গতিকে কোষ গঠনকাৰী অনু অনবৰত দেহে পাই নাথাকিলে দেহৰ শ্ৰীবৃদ্ধি হ’ব নোৱাৰে। প্ৰোটিনে দেহৰ শ্ৰীবৃদ্ধিত সহায় কৰে। সেইবুলি প্ৰোটিনৰ প্ৰয়োজন নাইকিয়া হৈ নাযায়, কাৰণ শৰীৰত প্ৰতি মুহূৰ্তত চলি থকা অসংখ্য ৰাসায়নিক প্ৰক্ৰিয়া সুচাৰুৰূপে চলাবলৈ এনজাইমৰ(প্ৰোটিন) প্ৰয়োজন হয়।
যদিও বাহ্যিকভাৱে শৰীৰৰ শ্ৰীবৃদ্ধি নহয় তথাপি দেহৰ কোষ গঠন কৰা ৰাসায়নিক পদাৰ্থবোৰ ভাগি যায় আৰু নতুন পদাৰ্থই তাৰ ঠাই লয়। এনেদৰে বিভিন্ন অংগ-প্ৰত্যংগৰ কোষবোৰ নতুন হৈ থাকে। কিছুমান অংগ-প্ৰত্যংগৰ এনে নৱীকৰণ প্ৰক্ৰিয়া খুব দ্ৰুত গতিত উদাহৰণস্বৰূপে হৃদযন্ত্ৰ, যকৃত আৰু বৃক্কৰ আধামান কোষ নতুন হ’বলৈ মাথোন দহ দিন সময়হে লাগে গতিকে, প্ৰায় দহ সপ্তাহৰ মূৰে মূৰে হৃদযন্ত্ৰ, যকৃত আৰু বৃক্ক প্ৰায় ‘নতুন’ হৈ পৰে। এই নৱীকৰণ প্ৰক্ৰিয়াত প্ৰোটিনৰ দৰকাৰ হয়। মাংসপেশী আৰু হাড়ৰ নৱীকৰণ প্ৰক্ৰিয়া খুব মন্থৰ।
শৰীৰৰ ভিতৰত ভাগি যোৱা প্ৰোটিনৰ কিছু অংশ নতুন প্ৰোটিনৰ কিছু অংশ নতুন প্ৰোটিনলৈ ৰূপান্তৰিত হয়। কিছু অংশ ইউৰিয়া হিচাপে প্ৰস্ৰাৱৰ লগত দেহৰ বাহিৰ হৈ যায় আৰু আন কিছুমান প্ৰোটিনৰ নিয়মীয়া যোগান নহ’লে দেহ বিকল হৈ যাব পাৰে।
*প্ৰোটিনে দেহ গঠনত অংশগ্ৰহণ কৰে। প্ৰোটিনেই পেশী, টেগুন, তেজ, ছাল, হাড়, নখ, চুলি আদি গঠন কৰে। গতিকে শৈশৱত, নতুন কলা গঠনৰ সময়ত অথবা গৰ্ভধাৰণৰ পিছত পৰ্যাপ্ত পৰিমাণে প্ৰোটিন লাগে।
*দেহত প্ৰোটিনৰ ভঙা-গঢ়া চলি থাকে। গতিকে দেহৰ বিভিন্ন অংগ-প্ৰত্যংগৰ আকাৰ সুস্থিৰভাৱে ৰাখিবলৈ প্ৰোটিনৰ প্ৰয়োজন হয়। কাৰণ ভাগি যোৱা প্ৰোটিনৰ স্থান আন প্ৰোটিনে লয়।
*প্ৰোটিনে দেহৰ অসংখ্য ৰাসায়নিক প্ৰক্ৰিয়া নিয়ন্ত্ৰণত অংশগ্ৰহণ কৰে। এইবোৰ প্ৰোটিনক ‘এনজাইম’ বুলি কোৱা হয়। বহুতো হৰমোন প্ৰকৃততে প্ৰোটিন, তেজৰ হিমোগ্ল’বিনো প্ৰধানকৈ প্ৰধানকৈ প্ৰোটিনেৰে গঠিত হয়। ইয়াৰ সামান্য অংশ হ’ল ‘লো’।
*দেহৰ বিভিন্ন অংশৰ মাজত হোৱা ৰসৰ (পানী আৰু আন পদাৰ্থ) চলাচল নিয়ন্ত্ৰণৰ লগতো প্ৰোটিন জড়িত।
*শৰীৰত তেজ প্ৰসম(Neutral) অৱস্থাত থকা দৰকাৰ। নহ’লে কোষৰ স্বাভাৱিক কামত বাধা পৰে। প্ৰোটিনে তেজ প্ৰসম কৰি ৰখাত সহায় কৰে।
*প্ৰোটিনৰ পৰা শক্তিৰো উৎপন্ন হয়।
*প্ৰোটিনে বেমাৰৰ বীজাণুৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ প্ৰয়োজনীয় এন্টিবডি তৈয়াৰ হোৱাৰ সহায় কৰে।
আমি প্ৰোটিন ক’ৰপৰা পাওঁ -
আমি খোৱা নিৰামিষ বা আমিষ সকলোধৰণৰ আহাৰতেই প্ৰোটিন থাকে। কিন্তু খাদ্যবস্তু ভেদে প্ৰোটিনৰ পৰিমাণ আৰু গুণৰ তাৰতম্য হয়। প্ৰোটিনৰ গুণ নিৰ্ধাৰণ কৰা হয় তাত থকা এমিনো এচিডৰ প্ৰকাৰ আৰু পৰিমাণ অনুসৰি।
প্ৰোটিন হ’ল এটা ডাঙৰ অণু আৰু এই ডাঙৰ অণু গঠন হয় কিছুমান সৰু সৰু অণু লগলাগি। অৱশ্যে এই সৰু অণুবোৰৰ সমষ্টিয়েই হ’ল ‘এমিনো এচিড’। অৰ্থাৎ এমিনো এচিডৰ কিছুমান অণু জোৰা লাগি প্ৰোটিন গঠন হয়। প্ৰোটিন গঠনত ভাগ লয় ২২ বিধ এমিনো এচিডে। সকলো প্ৰোটিন অণুৱেই আকৌ একেধৰণৰ নহয়। প্ৰোটিনৰ প্ৰকাৰভেদে তাক গঠন কৰা এমিনো এচিডৰ প্ৰকাৰ আৰু সংখ্যাও বেলেগ বেলেগ। বেলেগ বেলেগ জীৱৰ দেহত বেলেগ বেলেগ ধৰনৰ আৰু সংখ্যাৰ প্ৰোটিন থাকে। গতিকে মাংসত থকা প্ৰোটিন আৰু চয়াবিন বা উৰহীৰ গুটিত থকা প্ৰোটিনৰ গঠন বেলেগ। উদ্ভিদৰ প্ৰোটিন বা পঠা ছাগলীৰ মাংসৰ প্ৰোটিন মানুহে খালে সেই প্ৰোটিন পোনে পোনেই মানুহৰ দেহ গঠনত নালাগে। প্ৰথমে দেহৰ ভিতৰত প্ৰোটিন অণুবোৰ ভাগি এমিনো এচিডলৈ পৰিৱৰ্তিত হয় আৰু সেই এমিনো এচিডবোৰ বেলেগ বেলেগ ক্ৰমত লগ লাগি মানুহৰ শৰীৰত প্ৰোটিন তৈয়াৰ হয়। গতিকে দেখা গ’ল যে প্ৰোটিনৰ গুণ বুলি ক’লে আমি এমিনো এচিডৰ গুণহে বুজো।
২২ বিধ এমিনো এচিডৰ ১৪ বিধহে মানুহৰ শৰীৰত সংশ্লেষিত হ’ব পাৰে, বাকী থকা আঠ বিধ নোৱাৰে। গতিকে এই ৮ বিধ এমিনো এচিড খাদ্যৰ লগত মানুহে গ্ৰহণ কৰা উচিত। সেয়েহে এই ৮ বিধক ‘অপৰিহাৰ্য এমিনো এচিড’ বুলি কোৱা হয়। সেইকেইবিধ হ’ল-
*লাইছিন
*ট্ৰাইপ্টোফেন
*ফেনাইল এলাইন
*মিথিঅ’নাইন
*থিঅ’নাইন
*লিউছিন
*আইছোলিউছিন
*ভেলিন
শিশুৰ বাবে আন এবিধ এমিনো এচিডো অপৰিহাৰ্য, সেইবিধ হ’ল ‘হিষ্টিডিন’। যদিও এইকেইবিধকহে অপৰিহাৰ্য বুলি কোৱা হৈছে তথাপি ইয়াৰ অৰ্থ এইটো নহয় যে খাদ্যত আনবোৰ ইয়াৰ অৰ্থ এইটো নহয় যে খাদ্যত আনবোৰ এমিনো এচিড নাথাকিলেও মানুহৰ পুষ্টিত ব্যাঘাত নজন্মে। আনবোৰ এমিনো এচিডো মানুহক লাগে, কিন্তু যিহেতু আন কেইবিধ এমিনো এচিড শৰীৰত তৈয়াৰ হয়, সেয়েহে খাদ্যৰ ইহঁতৰ পৰিমাণ কম হ’লেও হয়। গতিকে উৎকৃষ্ট আহাৰত বেছি পৰিমাণে প্ৰোটিন থাকিব লাগে যাতে এইবোৰৰ অতিৰিক্তখিনিৰ পৰা দেহে আনবোৰ এমিনো এচিডো তৈয়াৰ কৰি ল’ব পাৰে। যিবোৰ প্ৰোটিনে এই দুয়োটা প্ৰয়োজন ভালদৰে পূৰায় সেইবিলাককে ‘সুষম প্ৰোটিন’ বোলা হয়।
সাধাৰণতে দেখা যায় যে প্ৰাণীৰ পৰা পোৱা প্ৰোটিনবোৰ সুষম আৰু উদ্ভিদজাত প্ৰোটিন(ছয়াবিন প্ৰোটিনৰ বাহিৰে) সুষম নহয়। মাছ, মাংস, কণী, গাখীৰ আদিৰ প্ৰোটিনৰ এমিনো এচিড মানুহৰ দেহৰ এমিনো এচিডৰ লগত মিলে। এইবোৰ আহাৰক সেয়েহে ‘সম্পূৰ্ণ প্ৰোটিন আহাৰ’ বোলা হয়। আনহাতে উদ্ভিদজাত প্ৰোটিন আহাৰ যেনে- দাইল, শাক-পাচলি, উৰহী আদিক ‘অসম্পূৰ্ণ প্ৰোটিন আহাৰ’ বোলে, কিয়নো এইবিলাকৰ পৰা দেহৰ এমিনো এচিডৰ প্ৰয়োজন আংশিকভাৱেহে পূৰণ হয়। আনহাতে প্ৰাণীজাত প্ৰোটিন সহজে হজম হয়, কিন্তু উদ্ভিদজাত প্ৰোটিন হজম হ’বলৈ বহু বেছি সময় লাগে।
মানুহৰ খাদ্যত থকা প্ৰোটিনৰ পৰিমাণ আৰু গুণ দুয়োটাই পৰিপুষ্টিত প্ৰধান ভূমিকা লয়। কণীত প্ৰোটিন থাকে ১২ শতাংশ আৰু বাদামত থাকে ২৫ শতাংশ। কিন্তু প্ৰোটিন আহাৰ হিচাবে কণীৰ স্থান বাদামতকৈ ওপৰত। কাৰণ কণীত থকা প্ৰোটিনত প্ৰয়োজনীয় সকলোবোৰ এমিনো এচিড সুষম হিচাবে থাকে। কেৱল বাদামৰ প্ৰোটিন খাই থাকিলে অলপ দিনৰ ভিতৰতে শৰীৰত কিছুমান এমিনো এচিডৰ অভাৱে দেখা দিব পাৰে আৰু স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।
গতিকে মানুহে উপযুক্ত পুষ্টিসাধনৰ বাবে বিভিন্ন ধৰণৰ প্ৰোটিন (অৰ্থাৎ প্ৰোটিন থকা খাদ্য) খোৱা দৰকাৰ। তেনে কৰিলে এবিধ খাদ্যত নথকা প্ৰোটিন আন এবিধৰ পৰা পাব পাৰি। এইফালৰ পৰা চাবলৈ গ’লে ভাৰতীয় আহাৰৰ পৰা (বিশেষকৈ আমিষ আহাৰতেই ভাত, দাইল, শাক-পাচলি, দুই-এবিধ মছলা (আৰু গাখীৰ, মাছ, মাংস বা কণী মাজেসময়ে) খোৱাৰ বাবে প্ৰোটিনৰ চাহিদা পূৰণ হয়।
কিছুমান নিৰামিষভোজীয়ে কোনো ধৰণৰ প্ৰাণীজাত আহাৰ নাখায়, আন কিছুমানে মাছ-মাংস নাখালেও গাখীৰ আৰু কণী খায়। গাখীৰ প্ৰোটিনৰ এটা অতি ভাল উৎস। কিন্তু কিছুমান মানুহে গাখীৰত থকা লেক্টোজ নামৰ শৰ্কৰা হজম কৰিব নোৱাৰে, কিন্তু দৈত থকা লেক্টোজ হজম কৰিব পাৰে। সেইবাবে এৱাঁ গাখীৰ খাব নোৱাৰাসকলেও দৈ খাই প্ৰোটিনৰ অভাৱ পূৰাব পাৰে। পৰিপুষ্টিৰ বাদে দৈ খোৱা উপকাৰী বুলি প্ৰায় ২৫০০ বছৰ আগতে চৰক সংহিতাত লিখি থৈ গৈছে।
আমিষ আৰু নিৰামিষ দুয়োধৰণৰ আহাৰৰ পৰাই উপযুক্ত পুষ্টি পাব পাৰো। কিন্তু পুষ্টিকৰ নিৰামিষ আহাৰ বাছনি কৰাটো অতিশয় কষ্টসাধ্য আৰু কোনো কোনো ক্ষেত্ৰত (বস্তুৰ দুষ্প্ৰাপ্যতা বা অধিক মূল্যৰ বাবে) অসম্ভৱো হৈ উঠে।
আহাৰত যথেষ্ট পৰিমাণে প্ৰোটিন নাথাকিলে বা খোৱা প্ৰোটিন সুষম নহ’লে মানুহ পুষ্টিহীনতাত ভুগিব পাৰে। কিছুমান দেশৰ দুখীয়া জনসাধাৰণে কেৱল এবিধ মাথোন শস্যৰ ওপৰত প্ৰধানকৈ নিৰ্ভৰ কৰে বাবেও প্ৰোটিনৰ অভাৱত ভোগে। উদাহৰণস্বৰূপে, আফ্ৰিকাৰ কোনো কোনো অঞ্চলত শিমলু আলুক (কাছাভা বা টপিওকা) বহুলভাৱে খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ ফলত হোৱা পুষ্টিৰ অভাৱৰ কথা ক’ব পাৰি। গতিকে নিৰামিষভোজীয়েই হওক বা আমিষভোজীয়েই হওক শৰীৰত প্ৰোটিনৰ অভাৱ নোহোৱাকৈ ৰাখিবলৈ হ’লে নানা প্ৰকাৰৰ শাক-পাচলি, দাইল, ফল-মূল, গাখীৰ আদি খোৱা প্ৰয়োজন।
প্ৰোটিনৰ অভাৱ হ’লে শৰীৰৰ শ্ৰীবৃদ্ধিত ব্যাঘাত জন্মে, সোনকালে ভাগৰ লাগে, শৰীৰত অস্থিৰতা আহে আৰু বেমাৰ সোনকালে আক্ৰমণ কৰে।
অসমীয়া মানুহৰ খাদ্যৰ তালিকালৈ চালে দেখা যায় যে তাত প্ৰোটিনৰ অভাৱ নাই, কিন্তু প্ৰোটিন থকা খাদ্য কিনিব নোৱাৰা বাবে বহুতৰে শৰীৰত প্ৰোটিনৰ অভাৱজনিত বেমাৰ-আজাৰে দেখা দিয়ে। উৰহীজাতীয় পাচলি বেছি পৰিমাণে খাই বহুখিনি প্ৰোটিন সহজে পাব পাৰি। আমাৰ ইয়াত কেবাজাতৰ উৰহী পোৱা যায় আৰু উৰহীৰ গুটি প্ৰোটিনৰ অতি চহকী উৎস। ইয়াৰ লগতে সময়ে সময়ে মাছ-পুঠি খাই থাকিলে প্ৰয়োজনীয় প্ৰোটিন পোৱাত অসুবিধা নহয়।
উদ্ভিদৰপৰা প্ৰোটিন আহৰণ কৰি বিশুদ্ধ প্ৰোটিনৰ টুকুৰা তৈয়াৰ কৰিব পৰা পদ্ধতি উদ্ভাৱনৰ পিছৰে পৰ বজাৰত তেনেধৰণৰ প্ৰোটিন খাদ্য, যেনে- চয়াবিনৰ ‘মাংস’ সহজে কিনিবলৈ পোৱা যায় আৰু তুলনামূলকভাৱে এইবিলাকৰ দামো অন্য প্ৰোটিনজাত খাদ্যতকৈ কম। তদুপৰি গছৰ পাত, ঘাঁহ, ঊল, কপাহৰ গুটি আদিৰ পৰাও প্ৰোটিন প্ৰস্তুত কৰিবলগা পদ্ধতি ওলাইছে। আলফালফা (ঘাঁহজাতীয় উদ্ভিদ) আৰু ধঁপাতৰ ঘন আৰক (ক্কাথ) আহৰণ কৰি খাদ্য হিচাপে ব্যৱহাৰ কৰিবৰ বাবে কেবাখনো দেশত পৰীক্ষা চলি আছে। ইয়াত প্ৰোটিনৰ উপৰি চৰ্বিও থাকে। নাইজেৰিয়াত প্ৰোটিনৰ অভাৱত ‘কোৱাশ্বিৱৰ্কৰ’ (Kwashiorkor) ৰোগত ভোগা শিশুক এনে পাতৰ ক্কাথ খাবলৈ দি ৰোগ নিৰাময় কৰিব পৰা গৈছে।
এইবোৰৰ উপৰিও কিছুমান অতি সৰু এককোষী শেলাই, ইষ্ট, ভেঁকুৰ আদিৰ পৰাও খুব বেছি পৰিমাণে প্ৰোটিন আহৰণ কৰিবপৰা গৈছে। তদুপৰি, কৃত্ৰিম উপায়েৰে উদ্ভিদৰ কোষৰ খেতি কৰিও প্ৰোটিন উৎপাদন কৰিব পৰা যায়। এই আটাইবোৰ পদ্ধতিৰ ব্যৱসায়িক প্ৰয়োগ হ’লে প্ৰোটিনৰ অভাৱ বহু পৰিমাণে কমি আহিব। ভাৰতত ভুতো আমিষভোজীয়েও ধৰ্মৰ বাধা থকা কাৰণে কিছুমান মাংস নাখায়। কিন্তু প্ৰোটিনৰ ভঁৰাল হিচাবে কিছুমান সামুদ্ৰিক মাছ বা কাঠফুলা খোৱাত নিশ্চয় বাধা নাই।
প্ৰোটিনৰ উত্তৰ উৎস -
*মাংস, মাছ
*উৰহী, মটৰ, বুট, মগু, মচুৰ দাইল
*পনিৰ, গাখীৰ, কণী
*চাউল, ঘেঁহু, ৰুটি
পৰিপুষ্টিত প্ৰোটিনৰ ভূমিকা:
*উপযুক্ত পৰিমাণে প্ৰোটিন পালে দেহৰ শ্ৰীবৃদ্ধি নিয়মীয়া হয়, মাংসপেশী সুদৃঢ় হয়।
*কাম কৰিবৰ বাবে উদ্যম থাকে, শাৰীৰিকভাৱে সক্ষম যেন অনুভৱ হয়।
*কোনো কোনো বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ, ৰোগৰ পৰা নিৰাময় পাবলৈ, আঘাত শুকাবলৈ আৰু অস্ত্ৰোপচাৰৰ পিছত সোনকালে সুস্বাস্থ্য ঘূৰাই পাবলৈ হ’লে বেছি পৰিমাণে প্ৰোটিনৰ প্ৰয়োজন হয়।
লেখিকা: সুমিত্ৰা শইকীয়া(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)
শেহতীয়া উন্নীতকৰণ: : 2/6/2023